Class 8 Science niketan Seba Board Chapter 19th বায়ু আৰু পানীৰ প্ৰদুষণ অধ্য়ায়-১৯

 



 

১. খালী ঠাই পূৰণ কৰাঃ-

ক) বায়ু, পানী আৰু মাটিৰ গুণ নষ্ট কৰা পদাৰ্থক------ বোলে।

উত্তৰঃ- প্ৰদুষক।

খ) বিশুদ্ধ বায়ুত অম্লজানৰ পৰিমাণ শতকৰা------ ভাগ থাকিব লাগে।

উত্তৰঃ- ২০.১২% ।

গ) শতকৰা----- ভাগ বায়ু প্ৰদূষিত কৰে গাড়ী-মটৰবোৰে।

উত্তৰঃ- ৬০ ।

ঘ) ------ নামৰ গেছ বিধে ´অজ´ন ছিদ্ৰ´ৰ সৃষ্টি কৰিৰ ধৰিছে।

উত্তৰঃ- ক্ল´ৰ´ফ্লুৰ´কাৰ্বন (CFC)।

ঙ) প্ৰত্য়েক বছৰে জুন মাহৰ পাঁচ তাৰিখটো------ হিচাপে পালন কৰা হয়।

উত্তৰঃ- বিশ্ব পৰিৱেশ দিৱস ।

২. চমু উত্তৰ দিয়াঃ-

ক) প্ৰদূষণ বুলিলে কি বুজা?

উত্তৰঃ- জীৱকুল জীয়াই থাকিবলৈ বায়ু, পানী আৰু মাটিত নিৰ্দিষ্ট অনুপাতত ৰাষায়নিক, জৈৱিক আৰু অজৈৱিক পদাৰ্থ মিহলি হৈ থাকে। নানা কাৰণত এই পদাৰ্থবিলাক কম-বেছি হৈ বা কিছুমান ক্ষতিকাৰক পদাৰ্থ বায়ু, পানী আৰু মাটিত লগ লাগি জীৱকুলৰ বাসৰ অনুপযোগী হৈ পৰে। এয়াই প্ৰদুষণ।

খ) প্ৰদূষক কাক বোলে?

উত্তৰঃ- যিবোৰ পদাৰ্থ মিহলি হৈ বায়ু পানী আৰু মাটিৰ গুণাগুণ নষ্ট কৰে তাক প্ৰদূষক বুলি কোৱা হয়।

গ) বায়ুমণ্ডলত থকা অ´জন স্তৰটোৱে আমাক কি ধৰণে উপকাৰ কৰি আহিছে?

উত্তৰঃ- সূৰ্যৰ পৰা অহা পোহৰত ৭ বিধ ৰঙৰ ৰশ্মি থাকে যাক একেলগে বৰ্ণালী বুলি কোৱা তাৰে, অতিবেঙুনীয়া ৰশ্মিবিধ আমাৰ জীৱ/প্ৰাণী কুলৰ বাবে যথেষ্ট ক্ষতিকাৰক যাৰ প্ৰভাৱত ছালত কৰ্কট(কেন্সাৰ)ৰ দৰে জটিল বেমাৰ হয়। সেয়ে এই ৰশ্মিক বাধা দিয়াটো অতিশয় প্ৰয়োজনীয়। বায়ুমণ্ডলৰ ষ্টেট´স্ফিয়াৰ নামৰ স্তৰটোত অ´জন গেছৰ এটা পাতল স্তৰ আছে যাক অ´জন স্তৰ বোলা হয়। এই স্তৰে এই বিষাক্ত ৰশ্মিটোক আমাৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাত বাধা দিয়ে, যাৰ ফলত পৃথিৱীত জীৱই জীয়াই থাকিব পাৰিছে।

ঘ) ´সেউজ গৃহ´ পৰিণতি বুলিলে কি বুজা ?

উত্তৰঃ- জীৱকুল জীয়াই থাকিবলৈ বায়ুত নিৰ্দিষ্ট অনুপাতত ৰাসায়নিক, জৈৱিক আৰু অজৈৱিক পদাৰ্থ মিহলি হৈ থাকে। সেই অনুপাতে নিৰ্মল বায়ুত কাৰ্বনৰ অৱদান ০.০৩% থাকিব লাগে। কিন্তু আজিৰ দিনত মানৱ সমাজৰ উন্নতিৰ লগে লগে নতুন আৱিস্কাৰ হৈছে আৰু বিভিন্ন যন্ত্ৰৰ ওপৰত আমি নিৰ্ভৰশীল হৈ পৰিছো। যাৰ বাবে প্ৰচুৰ পৰিমানে ইন্ধ্ৰনৰ ও ব্য়াৱহাৰ হ´বলৈ ধৰিছে। যিহেতু ইন্ধ্ৰনসমুহ কাৰ্বনযুক্ত সেয়ে দহনৰ ফলত প্ৰচুৰ পৰিমাণে কাৰ্বন বায়ুমণ্ডললৈ নিষ্কাষিত হয়। ইয়াক যদিও গছ-গছনীয়ে শোষণ কৰে, আজিকালি নগৰ-চহৰ, নতুন বাসস্থান, অট্টালিকা, আচবাব-পত্ৰ নিৰ্মানৰ্থে প্ৰতিদিনে আমি নিৰ্বননিকৰণৰ যোগেদি অবাধ বনানি ধ্বংসত অৰিহণা যোগাই নিত্য়প্ৰয়োজনসমুহ পূৰণ কৰি আছো। এইদৰে এঙাৰ গেছ ওপৰঞ্চিখিনি জমা হৈ গৈ আছে আৰু পৃথিৱীৰ বায়ুমণ্ডলত উষ্ণতাৰ মান বৃদ্ধি হৈ গৈ আছে ফলত সাধাৰণ জীৱন-জাপনত যি অসুবিধাৰ সন্মুখীন হ´বলগীয়া হৈছে বা শৈলীৰ পৰিৱৰ্তন হৈছে তাকেই ´সেউজ গৃহ´ পৰিণতি বুলি কোৱা হয়।

ঙ) ´সেউজ গৃহ´ গেছ দুটাৰ উদাহৰণ দিয়া ।

উত্তৰঃ- ´সেউজ গৃহ´ গেছ দুটাৰ উদাহৰণ হ´ল- কাৰ্বন-ডাই-অক্সাইড আৰু মিথেন।

৩. গোলকীয় উষ্ণতাৰ ফলত হ´ব পৰা বিপদৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ-

উত্তাপ(temperature)ৰ বৃদ্ধিঃ-

অধিক উষ্ণতাই তাপজনিত ৰোগ বৃদ্ধি কৰে আৰু নিয়মীয়া কাম-কাজ আৰু ঘূৰি ফুৰাত অসুবিধা হয়। বনজুই সচৰাচৰ লাগি থাকে গৰমৰ মাত্ৰা বেছি হলে এয়া দ্ৰুতগতিত বিয়পি পৰে আৰু বন্য়প্ৰাণীৰ লগতে বিস্তীৰ্ণ অঞ্চলৰ বিৰাট ক্ষতিসাধন কৰিব পাৰে।

ধুমুহা(Storms) উৎপত্তিঃ-

উষ্ণতাৰ পৰিৱৰ্তনৰ ফলত বৰষুণৰ মাত্ৰা আৰু সময়ৰ সাল-সলনি হোৱাত ভয়াৱহ আৰু সঘনাই ধুমুহাৰ সন্মুখীন হবলগীয়া হৈ আছে। যাৰ ফলত ভূমিস্খলন, ঘৰ-দুৱাৰ আৰু সম্প্ৰদায়ৰ ধ্বংস হয় লগতে চৰকাৰী ক্ষতি আৰু কোটি কোটি টকা খৰচ হয়।

ৰাং(Increased drought) বৃদ্ধিঃ-

গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বেছিৰভাগ অঞ্চলত পানীৰ অভাৱ দেখা যায়। যাৰ ফলত মাটি শুকান হৈ পৰে আৰু ধুমুহাৰ সময়ত সেই শুকান মাটি বা মৰুভূমি অঞ্চলৰ মাটি বতাহত বিয়পি পৰি বালিময় বা মৰু অঞ্চল বৃদ্ধি কৰে। ফলস্বৰূপে খেতিৰ মাটিৰ বাবে অঞ্চল নিয়মীয়াকৈ হ্ৰাস পাবলৈ ধৰিছে। তাৰওপৰিও নিয়মীয়াকৈ খোৱা পানীৰ বাবে হাহাকাৰ পৰিৱেশ সন্মুখীন হবলগীয়া হৈছে।

সাগৰপৃষ্ঠ(Rising Oceans)ৰ উচ্চতা বৃদ্ধিঃ-

গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বৰ্ধিত তাপৰ অধিকাংশ যিহেতু সাগৰে শোষণ কৰে সেয়ে বৰফৰ তৰপ(মেৰু অঞ্চলৰ) গলি সাগৰপৃষ্ঠৰ উচচতা বৃদ্ধি হয় যাৰ বাবে উপকুলীয় অঞ্চলত বসবাস কৰা জীৱকুলৰ প্ৰতি এক ভাবুকীৰ সৃষ্টি হৈ আহিছে। ইফালে মহাসাগৰে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড শোষণ কৰাত সাগৰখন অম্লীয় হৈ পৰে আৰু সাগৰীয় জীৱ জন্তুৰ বাবে বিপদসম্পন্ন হৈ পৰে।

প্ৰজাতি(Loss of Species)ৰ লুপ্ততাঃ-

গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত সেই অঞ্চলৰ জলবায়ুৰ পৰিৱৰ্তন হয় যাৰ বাবে স্থল আৰু সাগৰত বসবাস কৰা প্ৰজাতিৰ বাবে এয়া বিপদসংকুল হৈ পৰিছে। কিছু প্ৰজাতি যিবোৰে পৰিৱেশৰ পৰিৱৰ্তনৰ লগত খাপ খাৱলৈ অক্ষম হৈছে সেইবোৰ বিলুপ্ত হৈ পৰিছে। বাকী কিছুমানে স্থান পৰিৱৰ্তন বা উক্ত পৰিৱেশৰ লগত খাপ খুৱাই জীয়াই আছে। সেয়ে আমি বনানিকৰণত গুৰুত্ব প্ৰদান কৰিব লাগে।

৪. স্থাপত্য়ৰ ওপৰত প্ৰদুষণে কেনেদৰে প্ৰভাৱ পেলায় ব্য়াখ্য়া কৰা।

উত্তৰঃ- প্ৰদুষণে কেৱল উদ্ভিদ আৰু প্ৰাণী জগতক যে প্ৰভাবিত কৰে সেয়াই নহয় ই স্থাপত্য়ৰ ওপৰত ও যথেষ্ট প্ৰভাৱ পেলায়। আমাৰ দৈনন্দিন প্ৰয়োজনৰ বাবে লাগতিয়াল সামগ্ৰীসমুহ আমি যান্ত্ৰিক ব্য়াৱহাৰৰ দ্বাৰা বা কল-কাৰখানা, গাড়ী-মটৰ আদিৰ ব্য়াৱহাৰ কৰি পুৰণ কৰো। ইন্ধ্ৰন পুৰি যি কাৰ্বনযুক্ত যৌগৰ উপন্ন হয় সেয়া বায়ুমণ্ডলত থকা জলীয় বাষ্প,গেছসমুহৰ লগত মিহলি হৈ এছিড বৰষুণলৈ ৰূপান্তৰিত হয়। এই কাৰ্বনযুক্ত যৌগবোৰৰ ভিতৰত ছালফাৰ-ডাই-অক্সাইড, নাইট্ৰজেন-ডাই-অক্সাইড আৰু কাৰ্বনৰ অক্সাইডবোৰৰ অৱদান অন্য়তম।

এই এছিড বৰষুণৰ বাবে তাজমহলৰ বগা বৰণ লাহে লাহে হালধীয়ালৈ পৰিবৱৰ্তিত হৈছে। ইয়াৰ প্ৰধান কাৰণ মাৰ্বল কৰ্কট (Marble Cancer) বুলি একাংশ অভিজ্ঞজনে মত পোষণ কৰিছে, য´ত মাৰ্বল পাথৰবোৰ ক্ষয় হোৱা আৰু এছিড বৰষুণ আৰু ধুলি-মাকতিসমুহক ইয়াৰ কাৰণ বুলি কোৱা হৈছে। যাৰ বাবে চৰকাৰে তাজমহলৰ চাৰিওপিনে ১০,০০০ বৰ্গ কিমি পৰ্যন্ত তাজ ট্ৰেপেজিয়াম জোন ঘোষণা কৰি নতুন কল-কাৰখানাৰ উৎত্তিত ন্য়ায়িক বাধা আৰোপ কৰিছে। বাকী যিবোৰ আগৰে পৰা সেই ঠাইত আছে তেনে কল-কাৰখানাক বিষাক্ত গেছ নিৰ্গমনত নিয়ন্ত্ৰন কৰিবলৈ ন্য়াযিকভাৱে নিৰ্দেশনা প্ৰদান কৰিছে। সেয়ে ইন্ধ্ৰন হিচাপে সেইবোৰক LPG, CNG আৰু লিড নথকা পেট্ৰল ব্যাৱহাৰৰ নিৰ্দেশনা দিয়া হৈছে। লগতে মুলতানী মাটিৰে তাজৰ চমক অক্ষুন্ন কৰি তোলাৰ ব্য়াৱস্থা চৰকাৰে গ্ৰহণ কৰিছে।

৫. পানী প্ৰদূষণ হোৱাৰ কেইটামান কাৰণ উল্লেখ কৰা ।

উত্তৰঃ- পানী বিভিন্ন কাৰকৰ দ্বাৰা প্ৰদুষিত হয় যেনে ৰাসায়নিক পদাৰ্থ, আৱৰ্জনা, বেক্টেৰিয়া, পৰজীৱী আদি অন্তৰ্ভুক্ত। সকলো প্ৰকাৰৰ প্ৰদুষণ শেষত গৈ পানী প্ৰদুষণৰ কেন্দ্ৰবিন্দু হৈ পৰে।

1) জনবসতিযুক্ত অঞ্চলত ঘৰুৱা আৱৰ্জনা, প্লাষ্টিক ৰবৰ, মল-মূত্ৰ, বাচন-বৰ্তন ধুৱা আদি সকলোবোৰ জান-জুৰি, নদ-নদী, পুখুৰী আদিত পেলোৱাৰ ফলত পানী প্ৰদুষণ হয়।

2) কল-কাৰখানা বোৰৰ পৰা নিৰ্গত পেলনীয়া বিষাক্ত আৱৰ্জনাবোৰ জলাশয়ত নিক্ষেপ কৰাত সীহ, আৰ্ছেনিক, ফ্লুৰাইড আদিৰ দ্বাৰা পানীৰ প্ৰদুষণ হয়।

3) আধুনিক কৃষি-পদ্ধতিত ব্যাৱহাৰ হোৱা ইউৰিয়া, প´টাছ, নাইট্ৰাছ আদিৰ দৰে বিষাক্ত সাৰ বিভিন্ন কীট-নাশকবোৰ বৰষুণৰ পানীৰ লগত মিলি বৈ গৈ নিকটৱৰ্তী জলাশয়ত পৰেগৈ, যাৰ বাবে উক্ত জলাশয়ৰ পানী প্ৰদুষিত হয়।

4) সাগৰ বা নৈ-পথত সাগৰীয় জাহাজসমুহে কৰা ইন্ধ্ৰন পৰিবহণ জৰিয়তে জাহাজৰ ইন্ধ্ৰনৰ টেংকিৰ ফুটা হোৱাত বা জাহজ পানীত ডুব গৈ পানী প্ৰদুষণ কৰে।

5) নেৰানেপেৰা বৰষুণৰ ফলত কৃত্তিম বান হৈ সেই অঞ্চলৰ লেতেৰা আৱৰ্জনাবোৰ পানীয়ে বোৱাই লৈ নিকটবৰ্তী জলাশয়ত পেলাই দিয়ে যাৰ ফলত পানী প্ৰদুষণ হয়।

৬. বায়ু আৰু পানী প্ৰদুষণ ৰোধ কৰিবলৈ তোমালোকে কি কি পদক্ষেপ ল´বা বহলাই বৰ্ণনা কৰা ।

উত্তৰঃ-

বায়ু প্ৰদুষণ ৰোধৰ উপায়সমূহঃ-

1) নিজৰ মটৰগাড়ীখনৰ ব্য়াৱহাৰ কম কৰি তাৰ ইন্ধ্ৰন দহনৰ ফলত নিৰ্গত হোৱা বিষাক্ত গেছৰ পৰিমাণ কমোৱা। লগতে সাৰ্বজনিক বাছ, চাইকেল,ৰিক্সাত যাত্ৰা কৰিবলৈ যতন কৰা।

2) কাঠৰ খৰিৰ সলনি ৰন্ধনগেছৰ ব্যাৱহাৰ কৰিবলৈ যতন কৰিব লাগে। কাৰণ কাঠৰ পৰা উপাদিত ধোঁৱাৰ পৰিমাণ যথেষ্ট বেছি।

3) কল-কাৰখানা, উদ্যোগসমুহত যাতে ধোঁৱা বেছি উচ্চতাত এৰি দিব পাৰি তাৰ বাবে যতন কৰিব লাগে।

4) গাড়ী-মটৰ, কল-কাৰখানা আদিত জৈৱ ইন্ধ্ৰনৰ সলনি LPG, CNG আৰু লিড নথকা পেট্ৰল ব্যাৱহাৰৰ যতন কৰিব লাগে।

5) বেটাৰী চালিত গাড়ীৰ ব্য়াৱহাৰৰ দ্বাৰা যান-বাহনৰ পৰা হোৱা প্ৰদুষণ কমাব পাৰি।

6) তেজষ্ক্ৰিয় আৱৰ্জনাবোৰ নিৰ্দিষ্ট ঠাইত পুতি পেলোৱাৰ যতন কৰিব লাগে।

7) আমি বিয়া-বাৰু আদিত আতচবাজিসমূহ জ্বলোৱা বন্ধ কৰিব লাগে।

8) বায়ু প্ৰদুষণ কম কৰাৰ বাবে নিজৰ বসবাস কৰা ঠাইখিনি সেউজীয়া কৰি ৰখাটো যথেষ্ট প্ৰয়োজনীয়। সেয়ে আমি বসবাস কৰা ঠাই খন বা সদায় চলাচল কৰা আলিবাটখনৰ চাৰিওফালে যথেষ্ট পৰিমাণৰ গছ বা বৃক্ষৰোপন কৰিব লাগে।

পানী প্ৰদুষণ ৰোধৰ উপায়সমূহঃ-

1)কল-কাৰখানা, উদ্য়োগসমূহৰ পৰা বৰ্জিত আৱৰ্জনাসমূহৰ পৰা উন্নত বৈজ্ঞানিক পদ্ধতিৰে বিষাক্ত পদাৰ্থসমূহ আঁতৰ কৰিহে পানীত পেলাব লাগে।

2) জনবসতিযুক্ত অঞ্চলত ঘৰুৱা আৱৰ্জনা, প্লাষ্টিক ৰবৰ, মল-মূত্ৰ, বাচন-বৰ্তন ধুৱা আদি সকলোবোৰ জান-জুৰি, নদ-নদী, পুখুৰী আদিত নেপেলোৱাৰ যতন কৰিব লাগে।

3) আধুনিক কৃষি-পদ্ধতিত ব্যাৱহাৰ হোৱা ইউৰিয়া, প´টাছ, নাইট্ৰাছ আদিৰ দৰে বিষাক্ত সাৰ ব্য়াৱহাৰৰ পৰিৱৰ্তে জৈৱিক সাৰৰ ব্যাবহাৰ কৰাৰ যতন কৰিব লাগে, যাতে বৰষুণৰ পানীৰ লগত বৈ গৈ নিকটৱৰ্তী জলাশয় বিষাক্ত নহয়।

4) গছ-গছনিৰ ৰোপন কৰি এছিড বৰষুণৰ পৰা ৰক্ষা পাব পাৰি ফলত বহুত স্থাপত্য়ৰ ৰক্ষণাবেক্ষণ হব আৰু পানী প্ৰদুষণৰ পৰা ৰক্ষা পৰিব।

5) সাগৰ বা নৈ-পথত সাগৰীয় জাহাজসমুহে কৰা ইন্ধ্ৰন পৰিবহণ জৰিয়তে জাহাজৰ ইন্ধ্ৰনৰ টেংকিৰ ফুটা হোৱাত বা জাহজ পানীত ডুব গৈ পানী প্ৰদুষণ হয়, সেয়ে এনে হ´লে উক্ত ইন্ধ্ৰন খিনি জ্বলাই দি পানী প্ৰদুষণ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। এই ধৰণৰ প্ৰদুষণ আগলৈ নহৱলৈ সাগৰ-মহাসাগৰৰ তলেৰে উন্নত প্ৰযুক্তিযুক্ত পাইপলাইন সংযোগ কৰি গন্তব্য়স্থলিলৈ তেলৰ পৰিবহণ কৰিব পাৰি।

৭. পানী বিশুদ্ধ কৰাৰ কৌশল কেইটামান আলোচনা কৰা ।

উত্তৰঃ- পানী আমাৰ জীৱকুলৰ বাবে নিত্য়ান্ত প্ৰয়োজনীয়। সেয়ে পানী সদায় আমি সেৱনৰ আগতে সেয়া পৰিস্কাৰ আৰু বিশুদ্ধ হয়নে তাক সুনিশ্চিত কৰাটো প্ৰয়োজনীয়।

আমাৰ শৰীৰক প্ৰভাৱিত কৰিব পৰা প্ৰায়বোৰ বেমাৰেই পানীৰ পৰা উপন্ন হয়। সেয়ে পানী সদায় উতলাই বিশুদ্ধ কৰি সেৱন কৰিব লাগে। কাৰণ পানী উতলালে ই ১০০ডিগ্ৰী ছেলছিয়াছ হলে, পানীত থকা বেমাৰ উ পন্নকাৰী জীৱানু, ভাইৰাছ, বেক্টেৰিয়া আৰু পৰজীৱিসমূহৰ মৃত্য়ু হৈ যায়। সেয়ে এয়া সহজ আৰু প্ৰভাৱী প্ৰক্ৰিয়া।

তাৰওপৰিও আজিকালি উন্নত প্ৰযুক্তিযুক্ত ফিল্টাৰ বজাৰত উপলব্ধ আছে। সেইবোৰক ব্য়াৱহাৰ কৰিও আমি পানী বিশুদ্ধ কৰিব পাৰি।

পানীত নিৰ্দিষ্ট পৰিমাণৰ ক্ল´ৰিণ টেবলেট বা ব্লিছিং পাউডাৰ মিহলাই ৰাসায়নিক পদ্ধতিৰেও পানী বিশুদ্ধ কৰিব পাৰি।








সূচীপত্ৰ