স্তন্য়পায়ী প্ৰাণীৰ শ্বাসতন্ত্ৰ
(Respiratory system of Mammals)
শ্বসন কি?
যি প্ৰক্ৰিয়াত কোষত থকা খাদ্য জাৰিত হৈ খাদ্যত থকা
স্থৈতিক শক্তি তাপ শক্তিলৈ ৰূপান্তৰিত হৈ মুক্ত হয় তাক শ্বসন বোলে।
খাদ্যবস্তুৰ জাৰণত অক্সিজেনৰ প্ৰয়োজনীয়তা ব অপ্ৰয়োজনীয়তাৰ
ওপৰত নিৰ্ভৰ কৰি শ্বসনক- সবাত শ্বসন আৰু অবাত শ্বসন এই দুটা ভাগত ভোগোৱা হৈছে।
সবাত শ্বসন কি?
যি শ্বসন পদ্ধতিত জীৱকোষে জৈৱখাদ্য দ্ৰৱ্য (গ্লুক´জ) মুক্ত
অক্সিজেনৰদ্বাৰা সম্পূৰ্ণৰূপে জাৰিত কৰি CO2,
H2O আৰু শক্তি নিৰ্গত কৰে তাক সবাত শ্বসন বোলে।
অবাত শ্বসন কি?
যি শ্বসন পদ্ধতিত জীৱকোষে জৈৱখাদ্য দ্ৰৱ্য (গ্লুক´জ) মুক্ত অক্সিজেনৰ
উপস্থিতিত আংশিকভাৱে জাৰিত কৰি কিছুমান
যৌগৰ ওপৰিও অলপ শক্তি নিৰ্গত কৰে তাক সবাত শ্বসন বোলে।
এই শ্বসনত ইথাইল এলকহল, লেকটিক এছিড, CO2 আদি উপজাত দ্ৰব্য়ৰ উৎপন্ন হয়।
এই শ্বসনত অক্সিজেন অন্য় অক্সিজেনযুক্ত দ্ৰৱ্য়ৰ পৰা সংগ্ৰহ হয় নাইবা
অক্সিজেনৰ একেবাৰে অনুপস্থিতিত জাৰন কাৰ্য সম্পন্ন হয়।
অবাত শ্বসন প্ৰক্ৰিয়া তলত দিয়া তিনি ধৰণে সম্পন্ন হব পাৰে-
প্ৰাণীৰ সবাত শ্বসনৰ স্তৰ কেইটা আৰু কি কি?
প্ৰাণীৰ সবাত শ্বসন দুটা স্তৰত সম্পন্ন হয়-
1) বাহ্য়িক শ্বসন আৰু 2) অন্তঃ শ্বসন
বাহ্য়িক শ্বসন কি?
যি ভৌতিক প্ৰক্ৰিয়া পৰিবেশৰ পৰা গৃহীত বায়ুৰ অক্সিজেন
আৰু জীৱদেহত বিপাকজনিত কাৰণত সৃষ্টি হোৱা CO2 গেছৰ জলীয় মাধ্য়ম দেহৰস (তেজ) ত সৰল ব্য়াপন
প্ৰক্ৰিয়াৰ দ্বাৰা বিনিময় হয় তাক বাহ্য়িক
শ্বসন বোলে। এই প্ৰক্ৰিয়াত জীৱদেহে পাৰিপাৰ্শ্বিকৰ পৰা অক্সিজেন পায় আৰু দেহত
সৃষ্টি হোৱা বিষাক্ত CO2 পৰিৱেশলৈ এৰি দিয়ে।
অন্তঃ শ্বসন কি?
কোষীয় মাধ্য়মত দেহৰস বা তেজে কঢ়িয়াই লৈ যোৱা অক্সিজেন
আৰু বিপাকীয় ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা CO2ৰ মাজত হোৱা বিনিময়ক অন্তঃ শ্বসন বোলে।
এই প্ৰক্ৰিয়াত দেহকোষে গ্ৰহণ কৰা অক্সিজেনৰদ্বাৰ
খাদ্যবস্তু জাৰিত কৰি CO2, H2O আৰু শক্তি
নিৰ্গত হয়।
কোষত খাদ্য়বস্তুৰ জাৰণ কিদৰে সংঘটিত হয়?
কোষত খাদ্য়বস্তুৰ জাৰণ প্ৰক্ৰিয়া এক জটিল প্ৰক্ৰিয়া। এই
কাৰ্য দুটা স্তৰত সংঘটিত হয়- 1) গ্লাইক´লাইছিছ আৰু 2) ক্ৰেবচক্ৰ
1) গ্লাইক´লাইছিছ- এই
প্ৰক্ৰিয়া কোষৰ চাইট´প্লাজমত সম্পন্ন
হয়। এই জটিল ৰাষায়নিক প্ৰক্ৰিয়াত চাৰিটা ATP ৰ সৃষ্টি হয় যদিও দুটা ATP খৰচ হয়।
2) ক্ৰেবচক্ৰ- এই প্ৰক্ৰিয়া মাইট´কণ্ডিয়াৰ অন্তঃ
প্ৰকোষ্টত সম্পন্ন হয়। যিহেতু অন্তঃ শ্বসন প্ৰক্ৰিয়াত দুটা ATP খৰচ হয় সেয়েহে এই প্ৰক্ৰিয়াক সক্ৰিয় প্ৰক্ৰিয়া বোলে।
শ্বাসতন্ত্ৰ কি?
উশাহ লোৱা প্ৰক্ৰিয়াটোত প্ৰাণীৰ যিবোৰ অংগই কাম কৰে
সেইবোৰ অংগক শ্বাস অংগ বোলে। এই শ্বাস প্ৰশ্বাস লোৱা প্ৰক্ৰিয়াটো চলোৱাৰ বাবে সকলো
শ্বাস অংগৰ সমন্বত যি অংগতন্ত্ৰ গঠিত হয় তাক শ্বাসতন্ত্ৰ বোলা হয়।
শ্বসনক কি কি ভাগত ভগাব পাৰি?
বিভিন্ন প্ৰাণীৰ শ্বসন অংগসমুহ বিভিন্ন হোৱা দেখা যায়।
কাৰণ শ্বাস অংগ থকা নথকাৰ ওপৰত ভিত্তি কৰি শ্বসনক দুটা ভাগত ভোগোৱা হৈছে –
1) প্ৰত্য়েক্ষ শ্বসন আৰু 2) পৰোক্ষ শ্বসন।
প্ৰত্য়েক্ষ শ্বসন কি?
এই ধৰণৰ শ্বসন নিম্নখাপৰ প্ৰাণী যেনে- বেক্টেৰিয়া,
এমিবা, স্পঞ্জ, চিলেনটেৰেটা আদিৰ ক্ষেত্ৰত দেখা যায়। এই ধৰণৰ শ্বাস প্ৰক্ৰিয়া দেহত
সৃষ্টি হোৱা CO2
ব্য়াপন প্ৰক্ৰিয়াৰে প্ৰত্য়েক্ষভাবে দেহৰ পৰা পৰিবেশ (পানী) লৈ ওলাই যায় আৰু
অক্সিজেন সেই একে প্ৰক্ৰিয়াৰে পৰিবেশৰ পৰা দেহকোষৰ ভিতৰলৈ প্ৰৱেশ কৰে। এইবোৰ
প্ৰাণীৰ দেহৰ প্ৰতিটো কোষ প্ৰত্য়েক্ষভাৱে পানীৰ লগত লাগি থাকে।
পৰোক্ষ শ্বসন কি?
মানুহ তথা অন্য়ান্য় উচ্চস্তৰৰ প্ৰাণীবোৰৰ দেহত পৰোক্ষ
শ্বসন ঘটে। এই প্ৰাণীবোৰৰ দেহত দেহ আৱৰণ ডাঠ আৰু দেহকোষবোৰ প্ৰত্য়ক্ষভাৱে পানী
নাইবা পৰিৱেশৰ বায়ুমণ্ডলৰ লগত সংযুক্ত নহয়, ফলত এইবোৰ প্ৰাণীৰ ক্ষেত্ৰত দেহকোষ আৰু
পৰিৱেশত থকা বায়ুৰ মাজত প্ৰত্য়ক্ষভাৱে গেছৰ বিনিময় নঘটে।
এই প্ৰাণীবোৰৰ দেহত গেছৰ বিনিময়ৰ বাবে কিছুমান বিশেষ
ধৰণৰ অংগ- দেহত্বক, ফুল, হাওঁফাওঁ আদি থাকে। এইবোৰক শ্বাস অংগ বোলে। এই অংগবোৰৰ
সহায়ত পৰিবাহীৰ ৰস তেজে অক্সিজেন গ্ৰহণ কৰি দেহৰ বিভিন্ন কলাসমুহলৈ পৰিবহণ কৰে আৰু
কলাসমুহত সৃষ্টি হোৱা CO2 অংগসমুহলৈ কঢ়িয়াই আনে। এই ধৰণৰ শ্বসনক পৰোক্ষ শ্বসন বোলে।
পৰোক্ষ বা প্ৰত্য়েক্ষ শ্বসন কি ধৰণে সংঘটিত হয়?
পৰোক্ষ বা প্ৰত্য়েক্ষ শ্বসন তলত দিয়া ধৰণে সংঘটিত হোৱা
দেখা যায়-
1) প্ৰত্য়েক্ষ ব্য়াপন প্ৰক্ৰিয়া- আদ্য়প্ৰাণী,
চিলেনটেৰেটা, ৰন্ধ্ৰীপ্ৰাণী আদি প্ৰাণীবোৰৰ দেহত কোনো ধৰণৰ শ্বাস অংগ নাথাকে।
এইবোৰ প্ৰাণীয়ে দেহত্বক বা কোষাবৰণৰ মাজেৰে সৰল ব্য়াপন প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱেশ
(পানী)ৰ অক্সিজেন গ্ৰহণ কৰে আৰু দেহত সৃষ্টি হোৱা CO2 পৰিৱেশলৈ এৰি দিয়ে।
2) চৰ্মীয় শ্বসন- চেপেটা কৃমি আৰু বলয়ী প্ৰাণীবোৰে সেমেকা ছাল আৰু
ৰক্তজালিকাৰে পূৰ্ণ দেহত্বকৰ দ্বাৰা শ্বাস প্ৰশ্বাস কাৰ্য সম্পন্ন কৰে। পৰিৱেশৰ
পৰা অক্সিজেন দেহৰসলৈ আৰু দেহৰসে কঢ়িয়াই অনা CO2 পৰিৱেশলৈ ছালৰদ্বাৰাই আদান-প্ৰদান কৰে। এই ধৰণৰ শ্বসনক চৰ্মীয় শ্বসন
বোলে।
3) ট্ৰেকীয় শ্বসন- পতংগৰ দেহত শ্বসকাৰ্য সম্পন্ন
কৰাৰ কাৰণে কিছুমান বিশেষ ধৰণৰ নলীকা থাকে। এই নলীকাবোৰক শ্বাসনলী বোলে।
শ্বাসনলীবোৰ শ্বাসৰন্ধ্ৰৰ দ্বাৰা দেহবেৰৰ লগত সংযুক্ত। দেহগহবৰৰ ভিতৰত শ্বাসনলীবোৰ
ক্ষুদ্ৰ ক্ষুদ্ৰ নলীত বিভক্ত হৈ এখন জালিকাৰ সৃষ্টি কৰে। শ্বাসৰন্ধ্ৰৰে শ্বাসনলীত
বায়ু সোমায় আৰু সুক্ষ্ম নলীকাবোৰৰ মাজেৰে প্ৰবাহিত হৈ দেহৰ প্ৰতিটো কোষলৈ
অক্সিজেনৰ যোগান ধৰে আৰু CO2 দেহৰ পৰা উলিয়াই দিয়ে।
4) জলক্লোম বা ক্লোমীয় শ্বসন – মৎস বা ভেকুলীৰ লালুকী আদিয়ে ফুল বা জলক্লোমৰ দ্বাৰা শ্বসন
কাৰ্য সম্পন্ন কৰে জলক্লোমবোৰ কৌশিক নলীকাৰে পূৰ্ণ আৰু এইবোৰ পাতল বেৰৰ।
জলক্লোমবোৰত স্থিত কৌশিক নলীকাত থকা তেজে ব্য়াপন প্ৰক্ৰিয়াৰে পৰিৱেশ (পানী)ৰ পৰা O2 গ্ৰহণ কৰে আৰু CO2 পৰিৱেশলৈ এৰি দিয়ে।
5) হাওঁফাওঁ বা পালমেনৰী শ্বসন- উভয়চৰ, সৰীসৃপ,
পক্ষী আৰু স্তন্য়পায়ী প্ৰাণীবোৰে হাওঁফাওঁৰ দ্বাৰা শ্বাসকাৰ্য সম্পন্ন কৰে।
হাওঁফাওঁ বক্ষগহবৰত অৱস্থিত। প্ৰাণীভেদে হাওঁফাওঁৰ আকৃতি আৰু জটিলতা বেলেগ বেলেগ।
হাওঁফাওঁৰ দ্বাৰা হোৱা শ্বসনক পালমেনৰী শ্বসন বোলা হয়।
স্তন্য়পায়ী প্ৰাণী (মানুহ)ৰ শ্বাসতন্ত্ৰৰ ভাগবোৰ কি কি?
মানুহৰ বিভন্ন শ্বাস অংগ সমুহক মুখ্য় আৰু গৌণ এই দুই
ভাগত ভগাব পাৰি-
1) মুখ্য় শ্বাস অংগ- মানুহৰ মুখ্য় শ্বাস অংগ সমূহ
হ´ল- এযোৰ হাওঁফাওঁ, এডাল দীঘল শ্বাসনলী, শ্বাসনলৰ পৰা
ওলোৱা শাখা শ্বাসনল, শ্বাসনলীকা আৰু অসংখ্য় বায়ুথলী বা বায়ুকোষ।
2) গৌণ শ্বাস অংগ- মানুহৰ গৌণ শ্বাস অংগ সমূহ হ´ল-
নাসাৰন্ধ্ৰ, ফেৰিংছ, শ্বাসৰন্ধ্ৰ, স্বৰযন্ত্ৰ, ইন্টাৰকষ্টেল পেশী, বক্ষপিঞ্জ আৰু
মধ্য়চ্ছদা।
শ্বাসতন্ত্ৰৰ গঠন আৰু ক্ৰিয়া-
ওপৰত উল্লেখ কৰা মানুহৰ শ্বাসতন্ত্ৰত থকা অংশসমুহক
তিনিটা ভাগত ভগাব পাৰি-
শ্বসন পথ, শ্বাস অংগ আৰু সহযোগী শ্বাস অংগ
শ্বসন পথ- যি পথেৰে অক্সিজেনযুক্ত বায়ু পৰিবেশৰ পৰা প্ৰাণীৰ হাওঁফাওঁলৈ আৰু
প্ৰাণীকোষত উৎপন্ন হোৱা CO2 যুক্ত বায়ু হাওঁফাওঁৰ পৰা
পৰিবেশলৈ অহা যোৱা কৰে তাক শ্বসন পথ বোলে। শ্বসন পথ তলৰ অংশসমুহলৈ গঠিত।
ⓐ বহিঃ নসাৰন্ধ্ৰ – মুখৰ ওপৰফালে নাকৰ সন্মুখফালে এযোৰ সৰু ঘুৰণীয়া বহিঃ নসাৰন্ধ্ৰযোৰক যি চ্ছদাই দুভাগ
কৰিছে তাক যেছেথমইট বোলে। এই ৰন্ধ্ৰৰে বায়ু নাসাগহবৰত প্ৰৱেশ কৰে।
ⓑ নাসাগহবৰ – নাসাৰন্ধ্ৰৰ পশ্চা ৎ দিশত এযোৰ বহল নাসাগহবৰ থাকে।
নাসাগহবৰ দুটা নাসাপট্টকৰ দ্বাৰা এটা
আনটোৰ পৰা পৃথক হৈ থাকে।
নাসাগহবৰ তিনিটা অংশত বিভক্ত- ভেষ্টিবুলাৰ অংশ, শ্বাস
অংশ আৰু ঘ্ৰান অংশ।
⒜ ভেষ্টিবুলাৰ অংশ – নাসাগহবৰৰ সন্মুখ প্ৰান্ত কোমল এই অংশ নোমযুক্ত কোষেৰে গঠিত। নোমবোৰ
নাসাগহবৰত চেকনীৰ দৰে থাকে আৰু ই চেকনীৰ নিচিনা কাম কৰে। প্ৰশ্বাসৰ সময়ত বায়ুৰ লগত
অহা ধুলিকণা দেহ গহবৰত সোমোৱাত বাধা দিয়ে। ইয়াক ভেষ্টিবুলাৰ অংশ বোলে।
⒝ শ্বসন অংশ – ভেষ্টিবুলাৰ অংশৰ পিছৰ অংশত গ্ৰন্থি আৰু কৌশিক নলীকাযুক্ত
আচ্ছাদীয় কলাৰে গঠিত। পৰিৱেশৰ পৰা সোমোৱা বায়ুৱে এই অংশত প্ৰাণীদেহৰ উষ্ণতা লাভ
কৰে। প্ৰশ্বাসত দেহৰ ভিতৰলৈ সোমোৱা বায়ুৰ উষ্ণতাৰ লগতে শুকান বায়ুৱে আৰ্দ্ৰতা লাভ
কৰে যাতে এই বায়ুৱে হাওঁফাওঁৰ ক্ষতি সাধন কৰিব নোৱাৰে। লগতে বায়ুত থকা বীজাণু আদি
এই অংশত ধ্বংস প্ৰাপ্ত হয়। এই অংশক শ্বসন অংশ বোলে।
⒞ ঘ্ৰান অংশ – নাসাগহবৰৰ পশ্চাৎ অংশ সংবেদী
আচ্ছাদীয় কলাৰ দ্বাৰা গঠিত আৰু ঘ্ৰান লোৱাত সহায় কৰে বাবে এই অংশক ঘ্ৰান অংশ বোলে।
নাসাগহবৰৰ সামগ্ৰীক কাৰ্য তলত দিয়া ধৰণে বৰ্ণাব পাৰি-
1) প্ৰশ্বাস সময়ত বায়ুৰ লগত অহা ধুলিকণা ইত্য়াদি
দেহগহবৰত সোমোৱাত বাধা দিয়ে।
2) প্ৰশ্বাসত দেহৰ ভিতৰলৈ সোমোৱা বায়ুৰ উষ্ণতা
প্ৰাণীদেহৰ উষ্ণতাৰ সমান কৰে।
3) প্ৰশ্বাসত অহা শুকান বায়ু সিক্ত কৰি হাওঁফাওঁলৈ ক্ষতি
সাধন কৰিব নোৱাৰে।
4) বায়ুৰ লগত অহা বেক্টেৰিয়া আদি শ্লেষ্মা ৰসে ধ্বংস
কৰে।
5) ঘ্ৰান লোৱাত সহায় কৰে।
অন্তঃ নাসাৰন্ধ্ৰ - ফেৰিংছৰ অগ্ৰভাগত (নাসা ফেৰিংছ) ৰ পৃষ্ঠদিশত এযোৰ
ৰন্ধ্ৰৰ দ্বাৰা নাসাগহবৰ ফেৰিংছত মুকুলি হয়। ৰন্ধ্ৰযোৰক অন্তঃ নাসাৰন্ধ্ৰ বোলে।
বস্তু গিলাৰ সময়ত উভুলাৰ দ্বাৰা এই ৰন্ধ্ৰ
দুটা বন্ধ হৈ থাকে।
স্বৰ ফেৰিংছ – ফেৰিংছৰ পশ্চাৎ অংশ। এই অংশত গ্লটিছ ৰন্ধ্ৰ অৱস্থিত। গ্লটিছ স্বৰ
ফেৰিংছৰ অংকীয় দিশত অৱস্থান কৰে। গ্লটিছ ৰন্ধ্ৰৰে বায়ু শ্বাসনলীত প্ৰৱেশ কৰে।
গ্লটিছ ৰন্ধ্ৰ এপিগ্লটিছ নামৰ উপাস্থিৰ ভালভ এখনৰ দ্বাৰা সংৰক্ষিত। খাদ্য় গিলাৰ
সময়ত এপিগ্লটিছ ৰন্ধ্ৰ বন্ধ কৰি দিয়ে। যাতে খাদ্য় বস্তু শ্বাসনলীত প্ৰৱেশ কৰিব
নোৱাৰে।
স্বৰযন্ত্ৰ- স্বৰযন্ত্ৰ এডাল থাপল বা পমাছ এডামী বুলিও
কোৱা হয়। এই অংশ চুটি, নলী সদৃশ আৰু ডিঙি অংশত অৱস্থিত ই চাৰিডাল উপাস্থিৰ দ্বাৰা গঠিত-
⒜ থাইৰয়েড উপাস্থি- এই উপাস্থিডালত পাখিসদৃশ দুটা প্ৰৱৰ্ধক থাকে।
স্বৰযন্ত্ৰৰ ই আটাইতকৈ ডাঙৰ উপাস্থি। পাখিসদৃশ প্ৰৱৰ্ধক দুটাক লেমেলি বোলে। এই
উপাস্থিৰে স্বৰযন্ত্ৰৰ পূৰ্বাংশ গঠন কৰে।
⒝ ত্ৰিকইড উপাস্থি- ছিগনেট আঙুঠি সদৃশ এই উপাস্থিডাল
থাইৰইড উপাস্থিৰ তলত অৱস্থান কৰে। আৰু গোটেই স্বৰযন্ত্ৰক আগুৰি ধৰি ইয়াৰ মধ্যাংশ
গঠন কৰে। এই উপাস্থিডালে ট্ৰেকিয়াৰ লগত স্বৰযন্ত্ৰক বান্ধি ৰাখে।
⒞ এৰিটিনইড উপাস্থি- এৰিটিনইড উপাস্থি দুডাল পিৰামিড সদৃশ
উপাস্থি খণ্ডৰে গঠিত। এই উপাস্থি দুডাল ত্ৰিকইডৰ ওপৰ অংশ আৰু স্বৰযন্ত্ৰৰ পশ্চাৎ অংশ গঠনকাৰী
উপাস্থি স্বৰযন্ত্ৰ অংশ স্তৰীভূত চিলিয়াযুক্ত আচ্ছাদীয় কোষেৰে গঠিত। আৰু এই
চিলিয়াবোৰে বায়ুৰ লগত অহা অলাগতিয়াল দ্ৰৱ্য়সমুহ শ্বাসনলীত প্ৰৱেশ কৰাত বাধা প্ৰদান
কৰে।
শ্বাসনলী- ই ডিঙি
অংশত থকা পাতল বেৰৰ 10-11 চে.মি. দীঘল নলী। ইয়াৰ বেৰ 10-20 টা ‘C’ আকৃতিৰ
হায়ালিন উপাস্থিযুক্ত আঙঠিৰ দ্বাৰা গঠিত। ই বক্ষগহবৰৰ পঞ্চম কামিহাড় বিস্তৃত হৈ থাকে।
শ্বাসনলীৰ বেৰ ছদ্ম স্তৰীভূত চিলিয়াযুক্ত আচ্ছাদীয় কোষৰ দ্বাৰা গঠিত। আৰু এই কোষৰ
মাজে মাজে শ্লেষ্মা ক্ষৰণকাৰী গবলেট কোষ থাকে।
ব্ৰংকাই – পঞ্চম
কোষেৰুকাৰ ওচৰত শ্বাসনলী বিভাজিত এযোৰ ব্ৰংকাই সৃষ্টি কৰে। ই পাতল বেৰৰ। ইয়াৰ
উপাস্থিযুক্ত আঙুঠি থাকে। সোঁ ব্ৰংকাছ বহল আৰু চুটি (2.5 চে.মি.) কিন্তু বাওঁ
ব্ৰংকাছ মিহি আৰু দীঘল (5 চে.মি.)।
প্ৰতিটো ব্ৰংকাছে নিজৰ ফালৰ হাওঁফাওঁৰ ভিতৰত প্ৰৱেশ কৰে। হাওঁফাওঁত সোমোৱাৰ পাছত
সোঁ ব্ৰংকাছ তিনিটা সৰু সৰু বাওঁব্ৰংকাছ দুটা গৌণ ব্ৰংকাছত বিভক্ত হয়। ইয়াৰ পিছত
সোঁ আৰু বাওঁ ব্ৰংকাছ দুটা টাৰছীয়াৰী প্ৰশাখাত বিভক্ত হয়। শ্বাসনলীৰ পৰা আৰম্ভ কৰি
এই প্ৰশাখাবোৰলৈ উপাস্থিযুক্ত আঙুঠি বিস্তৃত । প্ৰতিটো প্ৰশাখা
ইয়াৰ পিছত 1 মি.মি. ক্ষুদ্ৰ ক্ষুদ্ৰ ব্ৰংকিউল বোলা নলীকালৈ বিভক্ত হয়। ব্ৰংকিউলবোৰ
পুনৰ 0.5 মি.মি. ব্য়াসৰ কিছুমান প্ৰান্তীয় ব্ৰংকিউলত বিভক্ত হয়। প্ৰান্তীয়
ব্ৰংকিউলৰ পৰা অসংখ্য় শ্বাস ব্ৰংকিউলৰ সৃষ্টি হয়। প্ৰতিটো শ্বাস ব্ৰংকিউলৰ পৰা
2-11 টা এলভিঅলাৰ নলী ওলাই আহি হাওঁফাওঁৰ এলভিঅলি মোনালৈ সোমায়। প্ৰতিটো এলভিঅলি
মোনা 6-8 টা সৰু সৰু প্ৰায় 0.1 মি.মি. ব্য়াসযুক্ত কোঠালীৰ দ্বাৰা গঠিত। এইবোৰক
এলভিঅলি বা বায়ুকোঠালি বোলে। এলভিঅলি বা বায়ুকোঠালিক আগুৰি ৰক্তকেশিকাযুক্ত জালিকা
এখন থাকে। এই এলভিঅলিবোৰত শ্বাস-ক্ৰিয়া সংঘটিত হয়।প্ৰাপ্তবয়স্ক মানুহৰ এডাল
হাওঁফাওঁত 750 নিযুত এলভিঅলি থাকে। এলভিঅলিবোৰ চেপেটা আৰু সুল্কাকাৰ আচ্ছাদীয়
কলাৰে গঠিত আৰু এইবোৰ তেজনলীকাৰে পৰিপূৰ্ণ। তেজনলীকাবোৰৰ ভিতৰত থকা তেজ আৰু
বায়ুকোষৰ বায়ুৰ মাজত এলভিঅলিবোৰৰ আচ্ছাদীয় কোষ তৰপ আৰু তেজ নলীকাবোৰৰ এণ্ডথেলিয়াম
বেৰ এই দুটা প্ৰতিবন্ধক থাকে। এই দুটা বেৰক একেলগে শ্বসনচ্ছদা বোলে। এই পাতল আৱৰণৰ
মাজেৰে অতি সহজে O2 আৰু CO2 গেছৰ বিনিময় হয়।
শ্বাস অংগ বা হাওঁফাওঁ-
মানুহৰ শ্বাস অংগ হাওঁফাওঁৰ দ্বাৰা শ্বসন কাৰ্য সম্পন্ন কৰে। মানুহৰ বক্ষগহবৰৰ ভিতৰত হৃদযন্ত্ৰৰ দুয়োফালে এটাকৈ- এযোৰ কোমল স্থিতিস্থাপক গুনসম্পন্ন হাওঁফাওঁ থাকে। প্ৰতিটো হাওঁফাওঁ এখন পাতল স্বচ্ছ দুইতৰপীয়া প্লিউৰা আৱৰণৰ দ্বাৰা আবৃত। তৰপ দুটা আৱৰি থকা গহবৰটোক প্লিউৰা গহবৰ বোলে।
এই গহবৰ পনীয়া
প্লিউৰেল ৰসেৰে পূৰ্ণ হৈ থাকে। দুই তৰপীয়া প্লিউৰা আৱৰণখনৰ ভিতৰফালে থাকে। তৰপটো
হাওঁফাওঁৰ গাত লিপিডখাই থাকে বাবে এই তৰপটোক ভিছাৰেল প্লিউৰা বোলে। আনহতে
বাহিৰফালে থকা তৰপটোক পেৰাইটেল প্লিউৰা তৰপ বোলে। প্লিউৰেল আৱৰনখনে হাওঁফাওঁক
বাহিৰা আঘাতৰ পৰা ৰক্ষা কৰে আৰু ইয়াৰ সহায়ত হাওঁফাওঁ ঘহঁনি নোখোৱাকৈ লৰচৰ কৰিব
পাৰে। মানুহৰ হাওঁফাওঁযোৰৰ প্ৰতিটো হাওঁফাওঁ ত্ৰিকোনাবৃত্ত। ইয়াৰ ওপৰৰ অংশটো জোঙা
আৰু তলৰ অংশ বহল। হাওঁফাওঁৰ বহিঃভাগ উত্তল আৰু তলৰ অংশ অৰ্ধচন্দ্ৰ আৰু অন্তঃভাগ
অৱতল। সোঁ হাওঁফাওঁ বাওঁ হাওঁফাওঁতকৈ অলপ ডাঙৰ আৰু বহল। মানুহৰ প্ৰতিটো হাওঁফাওঁ
পিত্তযুক্ত। বাওঁ হাওঁফাওঁৰ দুটা পিত্ত- উগ্ৰপিত্ত আৰু পশ্চাৎ পিত্ত। সোঁ হাওঁফাওঁৰ তিনিটা পিত্ত- উগ্ৰপিত্ত,মধ্য়পিত্ত
আৰু পশ্চাৎ পিত্ত।
প্ৰাপ্তবয়স্ক মানুহৰ হাওঁফাওঁত 750 নিযুত এলভিঅলি থাকে,
এই এলভিঅলিবোৰত গেছৰ বিনিময় হয়।
সহযোগী শ্বাস অংগ-
যিবোৰ অংগ শ্বাসতন্ত্ৰৰ অংগ নহয় অথচ সিহঁতে পৰোক্ষভাৱে শ্বসন
কাৰ্যত বিশেষ ভূমিকা পালন কৰে তেনেবোৰ
অংগক সহযোগী শ্বাস অংগ বোলে। এইবোৰ হ´ল-
ⓐবক্ষপিঞ্জৰ আৰু কামিহাড়- হাওঁফাওঁ দুটা সোমাই থকা দেহৰ গহবৰটোক বক্ষপিঞ্জৰ
বোলা হয়। এই গহবৰটো পৃষ্ঠীয়ফালে থকা বক্ষীয় অঞ্চলৰ ৰাজহাড়ৰ পৰা ওলাই অংকীয়
ফালপৰ্যন্ত বিস্তৃত মুঠ 12 যোৰ কামিহাড়ৰে আবেষ্ঠিত। প্ৰথম 7 যোৰ কামিহাড় বক্ষপিঞ্জৰ
অংকীয়ফালে উলম্বভাৱে থকা ষ্টাৰ্নাম নামৰ হাড়ডালৰ লগত সংলগ্ন হৈ থাকে আৰু বাকী 5
যোৰ কামিহাড় ষ্টাৰ্নামৰ লগত সংযুক্ত নহৈ মুক্ত হৈ থাকে। ইহঁতৰ বাহিৰ ভিতৰ চলনৰ
দ্বাৰা বক্ষপিঞ্জৰৰ আয়তন কম ব বেছি হব পাৰে।
ⓑইণ্টাৰকষ্টেল পেশী- দুটা ওচৰা-ওচৰি থকা কামিহাড়ৰ মাজত থকা পেশীক
ইণ্টাৰকষ্টেল পেশী বোলে। ই দুই প্ৰকাৰৰ- অন্তঃ ইণ্টাৰকষ্টেল পেশী, বহিঃ
ইণ্টাৰকষ্টেল পেশী। প্ৰথমবিধ পেশীয়ে জোৰকৈ নিশ্বাসৰ সময়ত কামিহাড়বোৰক ভিতৰলৈ টানি
আনে। দ্বিতীয়বিধ পেশীয়ে প্ৰশ্বাসৰ সহায়ত কামিহাড়বোৰক বাহিৰলৈ ঠেলি দিয়ে আৰু
নিশ্বাসৰ সহায়ত এইবোৰক আগৰ স্থানলৈ আনে। ইয়াৰ ফলত বক্ষগহবৰৰ আয়তন প্ৰশ্বাসৰ সময়ত
বাঢ়ে আৰু নিশ্বাসৰ সময়ত কমে।
মধ্য়চ্ছদা- বক্ষপিঞ্জৰৰ তলিখন গঠন কৰে বক্ষগহবৰ আৰু উদৰ
গহবৰৰ মাজত পথালিকৈ থকা পেশীবহুল মধ্য়চ্ছদাখনে দেহ প্ৰাচীৰৰ কেউফালে লাগি থাকি
বক্ষগহবৰটো সম্পূৰ্ণৰূপে বায়ুৰুদ্ধ কৰি ৰাখে। সাধাৰণ অৱস্থাত মধ্যচ্ছদাখন ছাতি
এটাৰ দৰে ওপৰফালে উত্তল হৈ থাকে। ৰেডিয়েল পেশীৰে নিৰ্মিত মধ্য়চ্ছদাখন যেতিয়া তললৈ
নামে তেতিয়া বক্ষপিঞ্চৰৰ আয়তন বাঢ়ে। আৰু পুনৰ আগৰ অৱস্থালৈ ঘুৰি গ´লে
বক্ষপিঞ্জৰৰ আয়তন কমে।
উশাহ-নিশাহ লোৱা কৌশল-
শৰীৰৰ বাহিৰৰ পৰা হাওঁফাওঁৰ বায়ুকোষলৈ বায়ু অহা যোৱা কৰা
প্ৰক্ৰিয়াটোক হাওঁফাওঁৰ বাতন বোলে। স্তন্য়পায়ী প্ৰাণীৰ শ্বাস- প্ৰক্ৰিয়াত এইটো
প্ৰাথমিক যান্ত্ৰিক প্ৰক্ৰিয়া। হাওঁফাওঁৰ বায়ুচলন দুটা প্ৰক্ৰিয়াৰ দ্বাৰা সম্পাদিত
হয়- প্ৰশ্বাস আৰু নিশ্বাস।
প্ৰশ্বাস- এই প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱেশৰ বায়ু হাওঁফাওঁত
প্ৰৱেশ কৰে। এই সময়ত বক্ষগহবৰৰ আয়তন বৃদ্ধি পায়। ফলত হাওঁফাওঁত বায়ুৰ চাপ কমি যায়
আৰু পৰিৱেশৰ বায়ু শ্বসন পথেদি হাওঁফাওঁলৈ প্ৰৱেশ কৰে। বক্ষগহবৰৰ আয়তন দুই
প্ৰক্ৰিয়াৰ দ্বাৰা বৃদ্ধি হয়- ⓐ
ছাতি এটাৰ দৰে বক্ষগহবৰলৈ সোঁমাই থকা ৰেডিয়েল পেশীযুক্ত মধ্য়চ্ছদাখনৰ সংকোচন হোৱাৰ
ফলত ই তললৈ নামি আহে, ফলত বক্ষগহবৰৰ আয়তন অগ্ৰপশ্চাৎ (অনুদৈৰ্ঘ্য়) দিশত বৃদ্ধি হয়। ⓑ কামিহাড়ডালৰ মাজত থকা ইণ্টাৰকষ্টেল পেশীৰ সংকোচনৰ ফলত তললৈ যোৰ খাই থকা
কামিহাড়বোৰ ওপৰলৈ উঠি আহে। বহিঃইণ্টাৰকষ্টেল পেশীৰ সংকোচনৰ ফলতহে এই কাৰ্য
সম্পন্ন হয়। ইয়াৰ ফলত বক্ষগহবৰৰ আয়তন পৃষ্ঠীয় অংকীয়ভাৱে (অনুপ্ৰস্থ) দিশত বৃদ্ধি
হয়। এই প্ৰসাৰণৰ ফলত বায়ুৰুদ্ধ গহবৰৰ বায়ুৰ চাপ কমি যায় একমাত্ৰ শ্বসন পথৰ
নাসাৰন্ধ্ৰৰে বায়ু বায়ুথলীত প্ৰৱেশ কৰে। ইয়াক প্ৰশ্বাস বোলে।
নিশ্বাস- হাওঁফাওঁৰ পৰা বায়ু পৰিৱেশলৈ ওলাই যোৱা
প্ৰক্ৰিয়াটোক নিশ্বাস বোলে। নিশ্বাসৰ সময়ত ইতিমধ্য়ে সংকুচিত হৈ থকা মধ্য়চ্ছদাখন
প্ৰসাৰিত হৈ ওপৰলৈ উঠি আগৰ ঠাইত অৱস্থান কৰে। ইয়াৰ লগে লগে বহিঃ ইণ্টাৰকষ্টেল পেশী
প্ৰসাৰিত হয়। ফলত কামিহাড়বোৰ তললৈ নামি আহে আৰু বক্ষগহবৰৰ আয়তন কমি যায়। ইয়াৰ ফলত
হাওঁফাওঁত থকা বায়ুৰ চাপ বৃদ্ধি পায়। ইয়াত থকা বায়ু শ্বসন পথেৰে ওলাই যায়। জোৰেৰে
নিশ্বাস লোৱাৰ সময়ত উল্লেখিত কাৰ্যৰ ওপৰিও অন্তঃ
ইণ্টাৰকষ্টেল পেশীবোৰৰ সংকোচনৰ ফলত বক্ষগহবৰৰ আয়তন যথেষ্ট পৰিমানে কমি যায়।
হাওঁফাওঁত বায়ুৰ আয়তন আৰু ধাৰণ ক্ষমতা-
স্পাইৰ´মিটাৰ যন্ত্ৰৰ
সহায়ত হাওঁফাওঁত বায়ুৰ পৰিমাণ নিৰ্ণয় কৰা হয়।
হাওঁফাওঁত বায়ুৰ আয়তন তলত দিয়া ধৰণৰ হয়-
⒜ জোৱাৰ আয়তন– স্বাভাৱিক শ্বাস-গ্ৰহণ (প্ৰশ্বাস) আৰু শ্বাসত্য়াগ(নিশ্বাস)ত
যি পৰিমাণৰ বায়ু গ্ৰহণ বা ত্য়াগ কৰা হয় তাক জোৱাৰ আয়তন বোলে। এজন প্ৰাপ্তবয়স্ক
লোকৰ জোৱাৰ আয়তন- 500মি.লি. ।
⒝ সংৰক্ষিত প্ৰশ্বাস আয়তন- স্বাভাৱিক জোৱাৰ আয়তন(প্ৰশ্বাস)ৰ ওপৰিও
অতিৰিক্তভাৱে যি পৰিমাণৰ বায়ু বলপূৰ্বকভাৱে গ্ৰহণ কৰা হয় তাক সংৰক্ষিত প্ৰশ্বাস
আয়তন বোলে। এই বায়ুৰ পৰিমাণ 2000-3000 মি.লি.।
⒞ সংৰক্ষিত নিশ্বাস আয়তন- স্বাভাৱিক জোৱাৰ আয়তন(নিশ্বাস)ৰ ওপৰিও যি পৰিমাণৰ
অতিৰিক্ত বায়ু বলপূৰ্বকভাৱে ত্যাগ কৰা হয় তাক সংৰক্ষিত নিশ্বাস আয়তন বোলে। এই
বায়ুৰ পৰিমাণ 1000-1500 মি.লি.(গড় 1100 মি.লি.)।
অৱশিষ্ট আয়তন- বলপূৰ্বক নিশ্বাস ত্য়াগৰ ওপৰিও যি পৰিমাণৰ
বায়ু হাওঁফাওঁত ৰৈ যায় তাক অৱশিষ্ট আয়তন বোলে। এই বায়ুৰ পৰিমাণ 1500 মি.লি.। এই
বায়ু কোনো কাৰণত হাওঁফাওঁৰ পৰা ওলাই নাযায়।
কাৰ্যকৰী অৱশিষ্ট আয়তন- স্বাভাৱিক নিশ্বাসৰ পিছত হাওঁফাওঁত
ৰৈ যোৱা বায়ুৰ পৰিমাণক কাৰ্যকৰী অৱশিষ্ট আয়তন বোলা হয়। ই সংৰক্ষিত নিশ্বাস আৰু
অৱশিষ্ট আয়তনৰ যোগফলৰ সমান। ইয়াৰ পৰিমাণ প্ৰায় 2500-3000 মি.লি.।
প্ৰশ্বাস ক্ষমতা- জোৱাৰ আয়তন আৰু সংৰক্ষিত প্ৰশ্বাস আয়তনৰ
সমষ্টিক প্ৰশ্বাস ক্ষমতা বোলা হয়। অৰ্থাৎ
এজন মানুহে প্ৰশ্বাসত সৰ্বোচ্চ যি পৰিমাণৰ বায়ু ধাৰন কৰিব পাৰে তাৰে প্ৰশ্বাস
ক্ষমতা বোলা হয়। ইয়াৰ পৰিমাণ প্ৰায় 2500-3500 মি.লি.।
জৈৱিক ধাৰণ ক্ষমতা- বলপূৰ্বক বায়ু গ্ৰহণৰ পাছত যি
সৰ্বোচ্চ পৰিমাণৰ বায়ু বলপূৰ্বক নিশ্বাসৰ জৰিয়তে হাওঁফাওঁৰ পৰা উলিয়াই দিয়া হয় তাক
জৈৱিক ধাৰণ ক্ষমতা বুলি কোৱা হয়। ই সংৰক্ষিত প্ৰশ্বাস আয়তন, সংৰক্ষিত নিশ্বাস আয়তন
আৰু জোৱাৰ আয়তনৰ সমষ্টি।
হাওঁফাওঁৰ জৈৱিক ধাৰণ ক্ষমতা=
500+1100+3000=4600 মি.লি.
পাহাৰত কামকৰা নাইবা খেলা-ধুলা কৰা মানুহবোৰৰ জৈৱিক ধাৰণ
ক্ষমতা বেছি। ধুমপান কৰিলে জৈৱিক ধাৰণ ক্ষমতা কমি যায়।
পূৰ্ণ হাওঁফাওঁ ক্ষমতা- পূৰ্ণ প্ৰয়াসেৰে প্ৰশ্বাস লওঁতে
যি পৰিমাণৰ বায়ু হাওঁফাওঁত প্ৰবেশ কৰে তাক পূৰ্ণ হাওঁফাওঁ ক্ষমতা বোলে। ই হাওঁফাওঁৰ
জৈৱিক ধাৰণ ক্ষমতা আৰু অৱশিষ্ট আয়তনৰ যোগফলৰ সমান।
পূৰ্ণ হাওঁফাওঁ ক্ষমতা=4600+1500=6100
মি.লি. (মানুহৰ গড় 5800 মি.লি.)।
নিষ্ক্ৰিয় বায়ু- প্ৰশ্বাসৰ সময়ত কিছু পৰিমাণৰ বায়ু
শ্বসনপথত ৰৈ যায়। এই বায়ুত কোনো ধৰণৰ গেছৰ
বিনিময় নহয়। ফলত ইয়াৰ ৰাষায়নিক গুণ একে থাকে। এইখিনি বায়ুক নিষ্ক্ৰিয় বায়ু বোলে।
ইয়াৰ পৰিমাণ প্ৰায় 140-150 মি.লি.।
হাওঁফাওঁৰ এলভিঅলিত থকা বায়ু আৰু কৈশিক নলিকাৰ মাজত থকা
তেজৰ মাজত গেছ বিনিময় প্ৰক্ৰিয়া-
হাওঁফাওঁৰ এলভিঅলিবোৰ একতৰপীয়া চেপেটা আচ্ছাদীয় কোষেৰে
গঠিত। এইদৰে প্ৰত্য়েক বায়ুকোষৰ বাহিৰফালে থকা ৰক্তজালিকাবোৰৰ কৈশিকনলীকাবোৰৰ
বেৰখনো একতৰপীয়া অধিচ্ছদীয় কোষেৰে গঠিত(এণ্ডথেলিয়েল কোষ)। এই বেৰদুখন একেলগে
ঘনিষ্টভাৱে লগ লাগি থাকে। লগা লগিকৈ থকা বেৰখনক একেলগে একেলগে শ্বসনচ্ছদা বোলে। এই
বেৰদুখন অতি পাতল হোৱাৰ বাবে ইয়াৰ মাজেৰে সহজে গেছৰ বিনিময় হয়। গেছৰ বিনিময় ব্য়াপন
প্ৰক্ৰিয়াৰে উচ্চ আংশিক চাপবিশিষ্ট অঞ্চললৈ হয়। বায়ুকোষত অক্সিজেনৰ আংশিক চাপ (
আনহতে যি সময়ত বায়ুকোষৰ পৰা O2 ৰক্তজালিকাৰ তেজলৈ ব্য়াপন হয় সেই একে সময়ত
তেজত থকা CO2 শ্বসনচ্ছদাৰ মাজেদি বায়ুকোষলৈ
ব্যাপন হয়। উল্লেখযোগ্য যে অক্সিজেনৰ ব্যাপন যি হাৰত হয় CO2ৰ ব্যাপনৰ হাৰ দুগুণ খৰকৈ হয়। হাওঁফাওঁত বায়ুকোষবোৰৰ কেশিকাত থকা দুষিত
তেজত CO2 ৰ আংশিক চাপ (
গেছৰ পৰিবহন-
তেজে হাওঁফাওঁৰ পৰা কলাসমুহলৈ O2 আৰু কলাসমুহত খাদ্য়ৰ শোষণৰ
ফলত সৃষ্টি হোৱা CO2 হাওঁফাওঁলৈ কঢ়িয়াই আনে। এই
পৰিবহন তলত দিয়া ধৰণৰ-
ⓐ অক্সিজেন (O2)ৰ পৰিবহণ –
তেজে দুই ধৰণে O2 পৰিবহণ কৰে- প্লাজমাত
দ্ৰৱীভূত ৰূপে, অক্সিহিমগ্লবিন ৰূপে
⒜ প্লাজমাত দ্ৰৱীভূত ৰূপে- প্লাজমাৰ জৰিয়তে লৱণৰূপে তেজৰ প্লাজমাত দ্ৰৱীভূত হৈ 1-3% O2 শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়।
ⓑ কাৰ্বন-ডাই-অক্সাইড
(CO2)ৰ পৰিবহণ –
কোষীয় শ্বসনৰ ফলত
দেহকলাত সৃষ্টি হোৱা CO2 কলাৰসৰ মাজেৰে ব্য়াপন প্ৰক্ৰিয়াৰে তেজত প্ৰৱেশ কৰে। তেজে তিনি ধৰণে CO2 ৰ পৰিবহণ কৰে- কাৰ্বনিক এছিডৰূপে, কাৰ্বামিন যৌগ
হিচাপে আৰু বাইকাৰ্বনেট আয়ন হিচাপে।
⒜ কাৰ্বনিক এছিডৰূপে- কলাৰ কোষবোৰৰ পৰা ওলোৱা CO2 য়ে উ ৎসেচক কাৰ্বনিক এনহাইড্ৰেডৰ উপস্থিতিত প্লাজমাত থকা পানীৰ
অণুৰ লগত বিক্ৰিয়া কৰি কাৰ্বানিক এছিড (H2CO3)
গঠন কৰে। ইয়াক হাওঁফাওঁলৈ তেজে কঢ়িয়াই আনে। কোষৰ পৰা ওলোৱা 7-9%
কাৰ্বনিক এছিড হিচাপে হাওঁফাওঁলৈ আহে। কাৰ্বনিক এছিডৰ ঘনত্ব ইয়াতকৈ বাঢ়ি গ´লে
কাৰ্বনিক এছিড H+ আৰু
বাইকাৰ্বনেটলৈ বিয়োজিত হয়।
⒝ কাৰ্বামিন যৌগ হিচাপে- কলা কোষবোৰৰ পৰা প্ৰায় 23% CO2 তেজৰ লোহিত ৰক্ত কণিকাত থকা হিমগ্লবিনৰ লগত যুক্ত হৈ কাৰ্বামিন যৌগ গঠন কৰে। এই যৌগ হিচাপে পৰিবাহিত হৈ হাওঁফাওঁলৈ আহে। কলাত সৃষ্টি হোৱা কিছু পৰিমাণৰ CO2 লোহিত ৰক্ত কণিকাত সোমায় আৰু তাত থকা হিমগ্লবিনৰ গ্লবিন প্ৰটিন অংশ মুক্ত NH2 গ্ৰুপৰ সৈতে বিক্ৰিয়া ঘটি কাৰ্বামিন হিমগ্লবিন নামৰ যৌগ তৈয়াৰ কৰে। এই ৰূপে তেজৰ লগত হাওঁফাওঁলৈ আহে।
⒞ বাইকাৰ্বনেট আয়ন
হিচাপে- দেহকলাৰ পৰা ওলোৱা CO2 য়ে তেজৰ প্লাজমাত থকা কাৰ্বানিক এছিড গঠন কৰি
হাওঁফাওঁলৈ গতি কৰে। কিন্তু CO2 ৰ প্ৰায় 70-90%।
তেজৰ লোহিত ৰক্ত কণিকাৰ ভিতৰত প্ৰৱেশ কৰে। কাৰ্বনিক এনহাইড্ৰেজ নামৰ উৎসেচকৰ উপস্থিতিত ই পানীৰ লগত বিক্ৰিয়া কৰি অতি উচ্চ হাৰত
কাৰ্বনিক এছিড যৌগ উৎপন্ন কৰে।
কাৰ্বনিক এছিডৰ
ঘনত্ব বাঢ়ি যোৱাৰ লগে লগে লোহিত ৰক্ত কণিকাৰ ভিতৰতে কাৰ্বনিক এছিড H+ আৰু HCO3- লৈ বিয়োজিত হয়।
লোহিত ৰক্ত কণিকাৰ কোষাবৰণ কেৱল ঋণাত্মক আয়নৰ কাৰণে ভেদ্য আনহাতে H2CO3ৰ ঘনত্ব লোহিত ৰক্ত কণিকাত বাঢ়ি যোৱাৰ বাবে এই আয়ন HCO3- লোহিত ৰক্ত কণিকাৰ পৰা প্লাজমালৈ ওলাই আহে। ইয়াৰ পিছত লোহিত ৰক্ত কণিকাৰ তৰিত নিশপ্ৰভাৱতা ৰক্ষা কৰিবৰ বাবে তেজৰ প্লাজমাত থকা NaCl ৰ পৰা ওলোৱা Cl- বাইকাৰ্বনেট আয়নৰ স্থান পূৰাবলৈ ৰক্তকণিকাৰ ভিতৰত ধাবিত হয়। এই পৰিঘটনাক ক্লৰাইড হস্তান্তৰ বা হামবাৰ্গাৰৰ পদ্ধতি বোলে। লোহিত ৰক্ত কণিকাৰ পৰা ওলোৱা HCO3- প্লাজমাত ৰৈ যোৱা Na+ ৰ লগত বিক্ৰিয়া কৰি ছডিয়াম বাইকাৰ্বনেট যৌগৰ গঠন কৰে। এই যৌগ তেজৰ লগত হাওঁফাওঁলৈ আহে আৰু তেজত উৎপন্ন হোৱা 70-90% CO2 এনেদৰে প্ৰবাহিত হয়।
লোহিত ৰক্ত কণিকাত
সংঘটিত হোৱা বিক্ৰিয়াবোৰ হ´ল-