স্তন্যপায়ী প্ৰাণীৰ ৰেচন তন্ত্ৰ

(Excretory System in mammals)












ৰেচন দ্ৰব্য় আৰু ৰেচন ক্ৰিয়া-

দেহকোষত সংঘটিত বিপাকীয় কাৰ্যৰ ফলত নানান ধৰণৰ অলাগতিয়াল পদাৰ্থৰ সৃষ্টি হয়। দেহকোষত উপাদিত এনেবোৰ বিপাকীয় দ্ৰব্য়ক ৰেচন দ্ৰব্য় বা ৰেচন পদাৰ্থ বোলে। ৰেচন দ্ৰব্য়বোৰৰ পৰিমাণ দেহৰ ভিতৰত নিৰ্দিষ্ট সীমাৰ ওপৰত গলে দেহৰ আভ্য়ান্তৰীণ পৰিৱেশ বিষময় হৈ উঠে। গতিকে ৰেচন দ্ৰব্য়বোৰ শৰীৰৰ পৰা সময়ে সময়ে বৰ্জন কৰি থকাটো নিত্য়ান্তই প্ৰয়োজনীয়। যি প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰাণীদেহত উপাদিত ৰেচন পদাৰ্থবোৰক বৰ্জন কৰা হয় তাকে ৰেচন ক্ৰিয়া বোলে। ৰেচন কাৰ্যৰ বাবে বিভিন্ন ৰেচন অংগৰে গঠিত তন্ত্ৰটোক ৰেচন তন্ত্ৰ বোলে।



মূখ্য় ৰেচন দ্ৰব্য়-

জীৱদেহত অপচিতিমূলক বিপাকীয় কাৰ্য্য়ৰ ফলত উপন্ন হোৱা অপ্ৰয়োজনীয় তথা ক্ষতিকাৰক নাইট্ৰজেনযুক্ত অথবা নাইট্ৰজেনবিহীন বৰ্জ দ্ৰব্য়সমূহক ৰেচন দ্ৰব্য় বোলে। প্ৰাণীদেহত সৃষ্টি হোৱা ৰেচন পদাৰ্থসমূহ হল-

1) নাইট্ৰজেনযুক্ত যৌগ- প্ৰটিন অপচিতিৰ ফলত জীৱদেহত নাইট্ৰজেনযুক্ত যৌগবোৰৰ সৃষ্টি হয়। প্ৰধান নাইট্ৰজেনযুক্ত যৌগসমূহ হল- এম´নিয়া, ইউৰিয়া, ইউৰিক এছিড আৰু অতিৰিক্ত এমিন´ এছিড।

2) কাৰ্বন-ডাই-অক্সাইড(CO2)- কোষীয় শ্বসনৰ সময়ত গ্লুকজ দহন হৈ CO2ৰ সৃষ্টি হয়।

3) পানী (H2O)- জীৱদেহত সংঘটিত হোৱা বিভিন্ন ধৰণৰ জৈৱ ৰাষায়নিক বিক্ৰিয়া তথা কোষীয় শ্বসনৰ সময়ত অতিৰিক্ত বৰ্জনীয় পানীভাগৰ সৃষ্টি হয়।

4) আন আন বৰ্জিত পদাৰ্থসমূহ- প্ৰাণীদেহত বিভিন্ন বিপাকীয় ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা কিছুমান পদাৰ্থ যেনে- হিপুৰিক এছিড, অৰ্নিথিলিক এছিড, ক্ৰিয়েটিন, ক্ৰিয়েটিনিন, পিউৰিন, পাইৰিমাইডিন, এলেনটাইন, বিলিৰুবিন আৰু বিলিভাৰডিন, অতিৰিক্ত ভিটামিন, হৰমন-অজৈৱ লৱণ আদিয়েই প্ৰাণীৰ বৰ্জনীয় দ্ৰব্য়।

নাইট্ৰজেনজাতীয় ৰেচন দ্ৰব্য়ৰ উ-

প্ৰটিন অপচিতিৰ ফলত জীৱদেহত এমনিয়া,ইউৰিয়া, ইউৰিক এছিড, অতিৰিক্ত এমিন´ এছিড আদি বৰ্জনীয় নাইট্ৰজেনজাতীয় দ্ৰব্য়সমূহৰ সৃষ্টি হয়। প্ৰ´টিন অপচিতিৰ ফলত জীৱদেহত প্ৰথমে এমিন´ এছিডৰ সৃষ্টি হয়। যকৃতত এমিন´ এছিডৰ কিছু পৰিমাণ ডি-এমিনেছন প্ৰক্ৰিয়াৰ দ্বাৰা এম´নিয়াৰ সৃষ্টি হয়।







এম´নিয়া অতি বিষাক্ত পদাৰ্থ আৰু ই পানীত দ্ৰৱনীয়। সেয়েহে প্ৰাণীদেহত এম´নিয়া সৃষ্টি হোৱাৰ লগে লগে দেহে তাক অপসাৰণ কৰাটো নিত্য়ান্ত প্ৰয়োজনীয়। কিন্তু স্থলচৰ প্ৰাণীসমুহে দেহৰপৰা প্ৰচুৰ পৰিমাণে পানী ওলাই দিব নোৱাৰে সেয়েহে এই প্ৰাণীসমুহৰ দেহত এম´নিয়া সৃষ্টি হোৱাৰ লগে লগে কিছুমান ৰাষায়নিক বিক্ৰিয়াৰদ্বাৰা কম বিষাক্ত ইউৰিয়ালৈ ৰূপান্তৰ কৰে। যি চক্ৰৰ দ্বাৰা দেহত সৃষ্টি হোৱা এম´নিয়া ইউৰিয়ালৈ ৰূপান্তৰিত হয় তাক অৰ্নেথিল চক্ৰ বোলে।










কিছুমান স্থলচৰ প্ৰাণীয়ে একেবাৰে পানী বৰ্জন কৰিব নোৱাৰে। সেয়েহে এইবোৰ প্ৰাণীয়ে দেহত উপন্ন হোৱা নাইট্ৰজেনজাতীয় পদাৰ্থ (এম´নিয়া) ইউৰিক এছিডলৈ ৰূপান্তৰ কৰি দানা আকাৰে বাহিৰলৈ ওলাই দিয়ে। এই প্ৰাণীসমুহৰ দেহত উপন্ন হোৱা এম´নিয়া পটেছিয়ামৰ লগত যুক্ত হৈ KHO যৌগ গঠন কৰে। বিভিন্ন উসেচকৰ প্ৰভাৱত পিছত KHOৰ পৰা ইউৰিক এছিড গঠন হয়। এম´নিয়া বা ইউৰিয়াৰ তুলনাত ইউৰিক এছিড কম বিষাক্ত প্ৰাণীদেহে ইয়াক কিছুসময়লৈ ধাৰণ কৰিব পাৰে।


ৰেচন পদাৰ্থৰ মূখ্য় প্ৰকাৰ-

প্ৰাণীৰ বাসস্থান আৰু বিপাকীয় কাৰ্য্যৰ প্ৰকৃতি অনুযায়ী এমনিয়া, ইউৰিয়া আৰু ইউৰিক এছিড এই তিনিবিধ ৰেচন দ্ৰব্য়ৰ এবিধহে মূখ্য় বৰ্জিত দ্ৰব্য়ৰূপে উপস্থিত হয়। এই মূখ্য় বৰ্জিত পদাৰ্থৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক তলত দিয়া তিনিটা শ্ৰেণীত ভগাব পাৰি-

১) এমিন´টেলিক প্ৰাণীঃ- যিবোৰ প্ৰাণীয়ে দেহত সৃষ্টি হোৱা নাইট্ৰজেনজাতীয় বৰ্জিত পদাৰ্থ এমনিয়া হিচাপে বৰ্জন কৰে তেনেবোৰ প্ৰাণীক এমিন´টেলিক প্ৰাণী আৰু প্ৰক্ৰিয়াটোক এমিন´টেলিজম বোলে। দেহৰ পৰা এমনিয়া বহিস্কৰণৰ বাবে প্ৰচুৰ পৰিমাণৰ পানীৰ আৱশ্য়ক হয়। কাৰণ, এক গ্ৰাম এমনিয়া বৰ্জনৰ বাবে 300-500 ml পানীৰ আৱশ্য়ক হয়। সেয়েহে এমিনটেলিক প্ৰাণীবোৰ জলচৰ।

এমিবা, পেৰামিচিয়াম, স্পঞ্জ, হাইড্ৰা, মিছামাছ, তৰামাছ, উপাস্থিযুক্ত মৎস, ভেকুলীৰ লালুকী, পানীত বাস কৰা উভয়চৰ প্ৰাণী ইত্য়াদি এমিন´টেলিক প্ৰাণীৰ উদাহৰণ।

২) ইউৰিঅ´টেলিক প্ৰাণীঃ- যিবোৰ প্ৰাণীয়ে ইউৰিয়া বৰ্জিত পদাৰ্থ হিচাপে নিষ্কাসন কৰে তেনেবোৰ প্ৰাণীক ইউৰিঅ´টেলিক প্ৰাণী বোলে। ইউৰিয়া পানীত দ্ৰৱণীয় আৰু প্ৰতি গ্ৰাম ইউৰিয়া বহিষ্কৰণৰ বাবে মাত্ৰ 50 gm পানীৰ প্ৰয়োজন হয়। সেয়েহে ইউৰিঅ´টেলিক প্ৰাণীবোৰে দেহৰ পৰা কম পৰিমাণে পানী বৰ্জিত কৰিলেও বৰ্জনীয় নাইট্ৰজেনজাতীয় পদাৰ্থবোৰ সম্পূৰ্ণৰূপে বৰ্জিত হয়। এইবোৰ প্ৰাণীয়ে দেহৰ পৰা অধিক পানী বৰ্জিত কৰিব নোৱাৰা বাবে এমনিয়াক কম বিষাক্ত পদাৰ্থ ইউৰিয়ালৈ পৰিৱৰ্তিত কৰি লয়। মানুহ ইউৰিঅ´টেলিক প্ৰাণী। মানুহৰ ক্ষেত্ৰত নাইট্ৰজেনজাতীয় ৰেচন পদাৰ্থৰ শতকৰা 80-90 ভাগ ইউৰিয়া। উপাস্থিযুক্ত মৎস, উভয়চৰ, স্তন্য়পায়ী প্ৰাণীবোৰ ইউৰিঅ´টেলিক প্ৰাণী। ইউৰিয়া ৰেচন দ্ৰব্য় হিচাপে বৰ্জন কৰা প্ৰক্ৰিয়াক ইউৰিঅ´টেলিজম বোলা হয়।

৩) ইউৰিক´টেলিক প্ৰাণীঃ- যিবোৰ প্ৰাণীয়ে ইউৰিক এছিড মুখ্য় ৰেচন দ্ৰব্য় হিচাপে বৰ্জন কৰে, তেনেবোৰ প্ৰাণীক ইউৰিক´টেলিক প্ৰাণী বোলে। ইউৰিক এছিড পানীত অদ্ৰৱনীয় আৰু এমনিয়া বা ইউৰিয়াৰ তুলনাত কম বিষাক্ত। যিবোৰ প্ৰাণীয়ে দেহৰ পৰা সমান্য পৰিমাণৰ পানীও ৰেচন পদাৰ্থৰ লগত এৰিব নোৱাৰেআৰু দেহত পানীৰ সংৰক্ষণৰহে প্ৰয়োজন তেনেবোৰ প্ৰাণীৰ দেহৰ পৰা ইউৰিক এছিড মুখ্য় ৰেচন পদাৰ্থ হিচাপে বৰ্জিত হয়। ইউৰিক এছিড প্ৰাণীয়ে অৰ্ধগোটা হিচাপে দেহৰ পৰা বৰ্জন কৰিব পাৰে। প্ৰতি গ্ৰাম ইউৰিক এছিডৰ বৰ্জনৰ বাবে মাত্ৰ 10 ml পানীৰ প্ৰয়োজন হয়। যি প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰাণীয়ে ইউৰিক এছিডৰ পৰিত্য়াগ কৰে তাক ইউৰিক´টেলিজম বোলে। পতংগ, জেঠি, সাপ, খোলাধাৰী প্ৰাণী, চৰাই আদিয়ে ইউৰিক এছিডৰ বৰ্জন কৰে।

এমিন´টেলিক, ইউৰিঅ´টেলিক আৰু ইউৰিক´টেলিকৰ পাৰ্থক্য়ঃ-

এমিন´টেলিক প্ৰাণী

ইউৰিঅ´টেলিক প্ৰাণী

ইউৰিক´টেলিক প্ৰাণী

১) নাইট্ৰজেনযুক্ত বৰ্জিত পদাৰ্থ হৈছে এমনিয়া।

১) মুখ্য় নাইট্ৰজেনযুক্ত বৰ্জিত পদাৰ্থ হৈছে ইউৰিয়া।

১) মুখ্য় নাইট্ৰজেনযুক্ত বৰ্জিত পদাৰ্থ হৈছে ইউৰিক এছিড।

২) এমনিয়া পানীত দ্ৰৱণীয় আৰু অতি বেছি বিষাক্ত।

২) ইউৰিয়া পানীত দ্ৰৱণীয় যদিও এমনিয়াৰ তুলনাত কম বেছি বিষাক্ত।

২) ইউৰিক এছিড পানীত দ্ৰৱণীয় যদিও এমনিয়া আৰু ইউৰিয়াৰ তুলনাত কম বেছি বিষাক্ত।

৩) এক গ্ৰাম এম´নিয়া বৰ্জনৰ বাবে 300-500 ml  পানীৰ আৱশ্য়ক হয়। সেয়েহে এমিনটেলিক প্ৰাণীবোৰ সাধাৰণতে জলচৰ হয়।

৩) এক গ্ৰাম ইউৰিয়া বৰ্জনৰ বাবে 50 ml  পানীৰ আৱশ্য়ক হয়। সেয়েহে এইবোৰ প্ৰাণী স্থলচৰ হয় যদিও লাগতিয়াল পৰিমাণৰ পানী বৰ্জন কৰিব পাৰে।

৩) এক গ্ৰাম ইউৰিক এছিড বৰ্জনৰ বাবে 10 ml  পানীৰ আৱশ্য়ক হয়। সেয়েহে এইবোৰ প্ৰাণী স্থলচৰ হয় পানী বৰ্জন কৰিব নোৱাৰাবিধৰ হয়।

৪) এমনিয়া সৃষ্টি হোৱাৰ লগে লগে বৰ্জন কৰাটো প্ৰয়োজনীয়।

৪) দেহত কিছু সময়লৈকে ইউৰিয়া সংৰক্ষণ কৰিব পাৰি।

৪) দেহত ইউৰিক এছিড বহুসমলৈকে সংৰক্ষণ কৰিব পাৰি।

৫) এমিন´এছিডৰ পৰা ডিএমিনেছন প্ৰক্ৰিয়াৰ দ্বাৰা এমনিয়াৰ সৃষ্টি হয়।

৫) উৎসেচকৰ প্ৰভাৱত এমনিয়া কাৰ্বন-ডাই-অক্সাইডৰ লগত যুক্ত হয়।

৫) পটেছিয়াম ইউৰেট, কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ লগত যুক্ত হয়।

 

মেৰুদণ্ডী প্ৰাণীৰ ৰেচন অংগঃ-

মেৰুদণ্ডী প্ৰাণীৰ প্ৰধান ৰেচন অংগ হৈছে বৃক্ক। বৃক্কৰ ওপৰিও মেৰুদণ্ডী প্ৰাণীৰ দেহত আৰু কিছুামাণ অতিৰিক্ত ৰেচন অংগ থাকে- ছাল, হাওঁফাওঁ, যকৃৎ হৈছে মেৰুদণ্ডী প্ৰাণীৰ অতিৰিক্ত ৰেচন অংগ।

স্তন্য়পায়ী প্ৰাণী (মানুহ)ৰ ৰেচন তন্ত্ৰঃ-

স্তন্যপায়ী প্ৰাণীৰ ৰেচনতন্ত্ৰ তলত দিয়া অংগসমুহৰে গঠিত- এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্ৰথলী আৰু এটা মূত্ৰপথ।




বৃক্কঃ-

মানুহ তথা আন সকলো মেৰুদণ্ডী প্ৰাণীৰ বৃক্ক হৈছে- প্ৰধান ৰেচন অংগ। বৃক্ক দুটা ৰঙা মটীয়া বৰণৰ আৰু উৰহী গুটি আকৃতিৰ অংগ। উদৰ গহবৰৰ অগ্ৰাংশত পৃষ্টীয়ভাগত ৰাজহাড়ৰ দুয়োকাষে এটাকৈ বৃক্ক অৱস্থিত। বৃক্ক দুটা পেৰিট´নিয়াম তৰপৰ দ্বাৰা পৃষ্টবেৰৰ লগত সংযুক্ত। সাধাৰণ অৱস্থাত মানুহৰ বৃক্কৰ আকাৰ 10cm দীঘল, 5cm বহল, 4cm ডাঠ। প্ৰতিটো বৃক্কৰ গড় ওজন মতা মানুহৰ ক্ষেত্ৰত 150gm আৰু মাইকী মানুহৰ ক্ষেত্ৰত প্ৰায় 135 gm। সোঁ বৃক্কটো বাওঁ বৃক্কতকৈ তলত অৱস্থান কৰে। বৃক্ক দুটাৰ ওপৰ অংশত এড্ৰিনেল গ্ৰন্থি থাকে। বৃক্কৰ এটা ফাল উত্তল আৰু আনটো ফাল অৱতল। বৃক্কৰ অৱতল অংশক বৃক্কীয় নাভি বা হিলাম বা হিলাছ বোলে। এই অংশৰ মাজেৰে ধমনী সিৰা আৰু মূত্ৰনলী বৃক্কলৈ সোমোৱা ওলোৱা কৰে। হিলামৰ অভ্য়ন্তৰভাগত বহল চুপিসদৃশ অংশক ৰেনেল পেলভিছ বোলে।

বৃক্কৰ আভ্য়ন্তৰীন গঠনঃ-

বৃক্ক এটাৰ অনুদৈৰ্ঘ্য় ছেদক দুটা অংশ স্পষ্টভাৱে দেখা যায়- 1) বাহিৰৰ পিনে অৱস্থিত গাঢ় ৰঙা অংশক কৰ্টেক্স আৰু 2) ভিতৰৰ পিনে অৱস্থিত পাতল ৰঙা ৰঙৰ অংশক মেডুলা বোলে।

মেডুলা অংশত অনুদৈৰ্ঘ্য়ভাৱে সজোৱা 6-15 টা পিৰামিড আকাৰৰ অঞ্চল দেখা যায়, এইবোৰক বৃক্কীয় পিৰামিড বোলে। পিৰামিডবোৰৰ ভূমি কৰ্টেক্সৰ পিনে আৰু আগ বা শীৰ্ষ কেন্দ্ৰৰ পিনে অৱস্থিত। বৃক্কীয় পিৰামিডবোৰৰ ফাকে ফাকে কৰ্টেক্সৰ কিছু অংশ মেডুলাৰ গভীৰ অঞ্চললৈ স্তম্ভাকাৰভাৱে সজ্জিত হৈ থাকে। এইবোৰক বৃক্কীয় স্তম্ভ বোলে। পিৰামিডবোৰ মূত্ৰনলীৰ পেলভিছ অংশৰ লঘু চুপহীৰ লগত সংযুক্ত হৈ থাকে। 2 বা 3 লঘু চুপহী লগ লাগি গুৰু চুপহী গঠন কৰে। গুৰু চুপহীবোৰ একলগ হৈ হিলামৰ ওচৰত থকা বৃক্কৰ অন্তৰভাগৰ বহল ফানেল আকৃতিৰ গহবৰ বৃক্কীয় ছাইনাছ বা ৰেনেল ছাইনাছ গঠন কৰে। বৃক্কীয় ছাইনাছৰ পৰা মূত্ৰনলী বা ইউৰেটৰৰ উ পত্তি হয়। বৃক্কীয় ছাইনাছক প্ৰকৃত পক্ষে মূত্ৰনলীৰ স্ফীত উধাংশ বোলে। সেয়েহে ছাইনাছক ৰেনেল ছাইনাছ বোলে।



বৃক্কৰ কলাস্থানিক গঠনঃ-

অনুবীক্ষন যন্ত্ৰৰ সহায়ত বৃক্কৰ লম্বচ্ছেদ পৰীক্ষা কৰিলে ইয়াত অতি সুক্ষ্ম চুলিৰ দৰে কুণ্ডলীকৃত অসংখ্য় নলীকা দেখা যায়। এইবোৰক নেফ্ৰন বোলে। বৃক্কত থকা মুঠ নেফ্ৰনৰ 85% কৰ্টেক্সৰ পৰিধিৰ ফালে থাকে এইবোৰক ছুপাৰফিচিয়েল নেফ্ৰন বোলে। বাকী 15% কৰ্টেক্সৰ ভিতৰফালে অৱস্থিত ইহঁতক জাক্সটামেডুলাৰী নেফ্ৰন বোলে।


















নেফ্ৰনৰ গঠনঃ-

বৃক্কত থকা অসংখ্য় অনুবীক্ষনিক স্ফীত সন্মুখপ্ৰান্তযুক্ত সূক্ষ্ম চুলিৰ দৰে কুণ্ডলীকৃত জটিল আৰু ৰক্তজালিকাৰে আৱৰি থকা নলীকাবোৰক নেফ্ৰন বোলে। প্ৰতিটো নেফ্ৰন এককভাবে ৰেচন পদাৰ্থ নিষ্কাসন তথা মূত্ৰ উ পাদনত সক্ৰিয় ভূমিকা পালন কৰে। এই নেফ্ৰনবোৰৰ সমষ্টিগত কাৰ্য্যই হৈছে- প্ৰকৃতপক্ষে বৃক্কৰ কাৰ্য্য। সেইকাৰণে নেফ্ৰনক বৃক্কৰ গঠনগত আৰু কাৰ্য্যগত একক বোলা হয়। নেফ্ৰন এটাৰ দৈৰ্ঘ্য 5.5cm আৰু ই তলত দিয়া অংশবোৰৰ দ্বাৰা গঠিত-

1) মালপিঘিয়ান বডি, 2) বৃক্কীয় নলিকা।

মালপিজিয়ান কণাঃ-

মালপিজিয়ান কণা দুটা অংশৰ দ্বাৰা গঠিত-

1) ব´মেনৰ কেপচুল আৰু 2) গ্ল´মেৰু´লাছ।


















1) ব´মেনৰ কেপচুলঃ- নেফ্ৰনৰ সন্মুখপ্ৰান্তত থকা দুই তৰপীয়া কাপ বা বাটি আকৃতিৰ অংশক ব´মেনছ কেপছুল বোলে। ই স্ফীত দেখাত নলীকাৰ অগ্ৰভাগত পিয়লা এটা থকাৰ দৰে দেখি। ব´মেনছ কেপচুলৰ আৱৰণ অতি পাতল আৰু দুই তৰপীয়া। ই পাতল স্কৱামাছ আচ্ছাদক কোষৰ মাজে মাজে পডচাইট নামৰ এবিধ বিশেষ কোষ থাকে। এই কোষবোৰত অতি ক্ষুদ্ৰ অসংখ্য় ছিদ্ৰ থাকে। এই ছিদ্ৰবোৰৰ মাজেদি গ্ল´মেৰু´লাছৰ পৰা কম আনবিক ভৰৰ কিছুমান দ্ৰব্য় সহজে নেফ্ৰনৰ নলীকালৈ ওলাই যায়।

2) গ্ল´মেৰু´লাছঃ- ব´মেনৰ কেপচুলত অসংখ্য় অন্তবাহী আৰু বহিঃবাহী ধমনী কেশিকা আকাৰে এখন জালিকা গঠন কৰি কেপচুল আকাৰে আৱৰি থাকে। ধমনীকেশিকাৰ এই জালিকাখনক গ্ল´মেৰু´লাছ বোলে। গ্ল´মেৰু´লাছৰ অন্তবাহী ধমনী ক্ষুদ্ৰ পৰিধি আৰু ইয়াৰ ভেদ্য়তা আন আৱৰণতকৈ অধিক। গ্ল´মেৰু´লাছক 50µ ব্য়াসযুক্ত 50 টা ক্ষুদ্ৰ ক্ষুদ্ৰ লুপ আকৃতিৰ অন্তবাহী ধমনী থাকে। আৰু 25µ ব্যাসযুক্ত অন্তবাহী ধমনীৰ সমসংখ্য়ক বহীবাহী ধমনী গ্ল´মেৰু´লাছত থাকে। সেয়েহে অন্তবাহী ধমনীৰ পৰিধি বহিবাহী ধমনীতকৈ বেছি হোৱাৰ বাবে আৰু বহিবাহী ধমনী দীঘল আৰু প্ৰসস্থ হোৱাৰ বাবে গ্ল´মেৰু´লাছত ৰক্তচাপ অন্য়ান্য় অংশতকৈ বেছি হয়। ইয়াৰ ওপৰিও এই ৰক্তজালিকাবোৰৰ বেৰ অতি পাতল আৰু ব´মেনৰ কেপচুলৰ ভিতৰৰ পাতল বেৰত অসংখ্য় পডচাইট কোষ থকা হেতুকে গ্ল´মেৰু´লাছৰ তেজৰ পৰা কম আনবিক ভৰৰ দ্ৰব্য়বোৰ ব´মেনৰ কেপচুলৰ আৱৰণ পাৰ হৈ বৃক্কীয় নলীকাত প্ৰৱেশ কৰে। ইয়াকে পৰিশ্ৰাৱন প্ৰক্ৰিয়া বোলে।

 ´মেনৰ কেপচুল আৰু গ্ল´মেৰু´লাছক একেলগে ৰেনেল কেপচুল বা মালপিজিয়ান কণা বোলে।

বৃক্ক নলীকাঃ-

´মেনৰ কেপচুলৰ পশ্চা অংশৰ পৰা বৃক্ক নলীকা আৰম্ভ হয়।

বৃক্ক নলীকা চাৰিটা প্ৰধান অংশত বিভক্ত-

1) সমীপবৰ্তী কুণ্ডলীকৃত নলীকা

2) হেলনীৰ লুপ

3) দূৰবৰ্তী কুণ্ডলীকৃত নলীকা

4) সংগ্ৰাহক নলীকা

ইয়াৰ দৈৰ্ঘ্য় 4 cm আৰু ব্য়াস প্ৰায় 20-60 µ।













সমীপবৰ্তী কুণ্ডলীকৃত নলীকাঃ-

´মেনৰ কেপচুলৰ ঠিক তলতে বৃক্ক নলীকাৰ সংকুচিত গ্ৰীক অংশত অৱস্থিত। এই অঞ্চলৰ পৰা বৃক্কীয় নলীকা উ পত্তি লাভ কৰে। সমীপবৰ্তী কুণ্ডলীকৃত নলীকা বৃক্কীয় নলীকাৰ প্ৰথম অংশ। ইয়াৰ দৈৰ্ঘ্য 15 mm আৰু ব্য়াস 60-70 µসমীপবৰ্তী কুণ্ডলীকৃত নলীকা বৰণযুক্ত ঘনাকাকাৰ আচ্ছাদক কলাৰে গঠিত। এই নলীকাৰ শেষ প্ৰান্তই বৃক্কৰ মেডুলা অংশত প্ৰবেশ কৰে আৰু পিছত ঘুৰি আহি পুনৰ কৰ্টেক্সত প্ৰৱেশ কৰে।

হেলনীৰ লুপঃ-

সমীপবৰ্তী কুণ্ডলীকৃত নলীকাৰ পিছৰ অংশক হেলনীৰ লুপ বোলে। আকৃতিত ইংৰাজী U আখৰৰ দৰে। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 20 mm হেলনীৰ লুপ নিম্নগামী আৰু উৰ্ধগামী বাহুৰ সহায়ত গঠিত। এই অংশ ঘনাকাৰ আচ্ছাদক কোষৰ দ্বাৰা গঠিত। নিম্নগামী বাহুৰ বেৰ আপেক্ষিকভাৱে পাতল আৰু ই পানীৰ বাবে সম্পূৰ্ণ ভেদ্য়। আনহতে উৰ্ধগামী বাহুৰ বেৰ তুলনামূলকভাৱে ডাঠ।

দূৰবৰ্তী কুণ্ডলীকৃত নলীকাঃ-

হেলনীৰ লুপৰ পৰৱৰ্তী অংশক দুৰৱৰ্তী কুণ্ডলীকৃত নলীকা বোলে। ইয়াৰ দৈৰ্ঘ্য় প্ৰায় 5mm। ইয়াৰ বেৰ এক স্তৰ বিশিষ্ট ঘনাকাৰ আচ্ছাদক কোষেৰে গঠিত। ই আপেক্ষিকভাৱে চুটি আৰু অধিক পাকখোৱা। পশ্চা দিশত সংগ্ৰাহক নলীকাৰ দ্বাৰা সংযুক্ত। দূৰবৰ্তী কুণ্ডলীকৃত নলীকা বৃক্কৰ কৰ্টেক্স ভাগত অৱস্থিত। উদৰীয় ধমনীৰ পৰা ৰেনেল ধমনী ওলায় হিলাছ অংশৰে বৃক্কত প্ৰৱেশ কৰে আৰু বিভাজিত হৈ সুক্ষ্ম সুক্ষ্ম অন্তৰ্বাহী ধমনীৰ সৃ্ষ্টি কৰে আৰু ´মেনৰ কেপচুলৰ ভিতৰত অন্তবাহী আৰু বহিবাহী ৰক্তজালিকাৰ সৃষ্টি কৰে। যাক গ্ল´মেৰু´লাছ বোলে। গ্ল´মেৰু´লাছৰ পৰা বহিবাহী নলীকাৰে তেজ ওলাই আহে। এই বহিঃবাহী নলীকা গ্ল´মেৰু´লাছৰ পৰা ওলাই সমীপবৰ্তী কুণ্ডলীকৃত নলীকা, হেলনীৰ নলীকা আৰু দূৰবৰ্তী কুণ্ডলীকৃত নলীকাৰ চাৰিওফালে তাৰ ৰক্তজালিকাত পৰিণত হয়। ইয়াক ভাছা ৰেকটা বোলে।



এই নলীকাবোৰৰ পৰা তেজ সুক্ষ্ম সুক্ষ্ম সীৰাবোৰে গ্ৰহণ কৰে। এই সীৰাবোৰ লগ হৈ ৰেনেল সিৰাৰ সৃষ্টি কৰি বৃক্কৰ হিলাছ অংশৰে ওলাই আহে।

সংগ্ৰাহক নলীকাঃ-

দূৰবৰ্তী কুণ্ডলীকৃত নলীকাবোৰৰ পশ্চা দিশত যি শকত নলীকাৰ লগত সংযুক্ত হয় তাক সংগ্ৰাহক নলীকা বোলে। সংগ্ৰাহক নলীকাৰ বেৰ সৰল ঘনাকাৰ আচ্ছাদক কলাৰদ্বাৰা গঠিত। বিভিন্ন নেফ্ৰনৰ সংগ্ৰাহক নলীকা (7-10টা) একত্ৰিত হৈ ডাঙৰ সংগ্ৰাহক নলীৰ সৃষ্টি কৰে। সংগ্ৰাহী নলীবোৰ পৰস্পৰ যুক্ত হৈ পিছফালে যি ডাঙৰ নলীকাৰ সৃষ্টি কৰে তাকে বেলনীৰ নলী বোলে। প্ৰতিটো বেলনীৰ নলী পিছলৈ বৃক্ক নলীকাৰ পিৰামিডকৰ মাজেৰে আহি লঘু চুপহীত সোমায়। লঘু চুপহী কিছুমান লগ হৈ গুৰু চুপহীৰ গঠন কৰে আৰু গুৰু চুপহীবোৰত লগ হৈ বৃক্কৰ ছাইনাছ গঠন কৰে। বৃক্কৰ ছাইনাছ বা বৃক্কৰ শ্ৰোণী বা বৃক্কীয় পেলভিছ অংশ বৃক্কৰ পৰা ওলাই আহি মূত্ৰবাহী নলী হিচাপে মূত্ৰথলীত প্ৰবেশ কৰে। মুত্ৰাশয়ৰ পৰা মুত্ৰ জনন নলী বা ইউৰেথ্ৰাৰে বাহিৰ হৈ যায়।

নেফ্ৰনৰ বিভিন্ন অংশৰ কাৰ্য্যসমুহঃ-

মালপিঘিয়ান বডিৰ কাৰ্য্য়সমূহঃ-

গ্ল´মেৰু´লাছ আৰু ব´মেনৰ কেপচুললৈ মালপিঘিয়ান বডিৰ সৃষ্টি হয়। এই বডিয়ে পৰিশ্ৰাৱন কাৰ্য্য কৰে। তেজে কঢ়িয়াই আনা নানা ধৰণৰ দুষিত তেজ দ্ৰৱ্য় গ্ল´মেৰু´লাছ অংশৰ পৰা পৰিশ্ৰাৱণ আৰু অতি পৰিশ্ৰাৱণ প্ৰক্ৰিয়াৰে পৰিশ্ৰুতখিনি ওলাই আহি ব´মেনৰ কেপচুলত প্ৰৱেশ কৰে। আৰু পিছত বৃক্কীয় নলীকাৰে ওলাই যায়। গ্ল´মেৰু´লাছৰ এণ্ডথেলিয়াম আৰু ব´মেনৰ কেপচুলৰ ভিছাৰেল স্তৰ উভয়ে পৰিশ্ৰাৱণ প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰে। এই পৰিশ্ৰাৱণৰ বাবে প্ৰয়োজনীয় চাপ প্ৰধানতঃ গ্ল´মেৰু´লাছৰ অভ্য়ান্তৰৰ পৰা আহে। গ্ল´মেৰু´লাছৰ অন্তবাহী ধমনীৰ ব্য়াস (50µ) বহিঃবাহী ধমনীৰ ব্য়াস (25µ) বেছি হোৱাৰ বাবে গ্ল´মেৰু´লাছত ৰক্তচাপ অন্য়ান্য় অংশতকৈ বেছি হয়। ফলত বিপাকীয় বৰ্জ্য় দ্ৰৱ্য় বা পদাৰ্থসমুহ অন্তবাহী মাধ্য়মত গ্ল´মেৰু´লাছত প্ৰবেশ কৰে। আৰু গ্ল´মেৰু´লাছৰ অভ্য়ান্তৰত উচ্চ ৰক্তচাপৰ সৃষ্টি কৰে। ফলত গ্ল´মেৰু´লাছত থকা তেজৰ প্ৰ´টিনহীন অংশ পৰিশ্ৰুতহৈ ব´মেনৰ কেপচুলৰ গহবৰত প্ৰৱেশ কৰে। পূৰ্ণবয়স্ক মানুহৰ বৃ্ক্ক দুটাৰ গ্ল´মেৰু´লাছত পৰিশ্ৰাৱণৰ হাৰৰ গড় প্ৰতি মিনিটত 125 মিলি, প্ৰতি ঘণ্টাত প্ৰায় 7.5 লি আৰু প্ৰতি দিনত প্ৰায় 180 লি। আনহতে স্বাভাৱিক অৱস্থাত প্ৰতিদিনে মূত্ৰ উৎপাদনৰ গড় পৰিমাণ প্ৰায় ১ লি মাত্ৰ। গতিকে 99% পৰিশ্ৰুত তৰল পদাৰ্থ বৃক্ক নলীকাত পুনৰ শোষিত হয়।

গ্ল´মেৰু´লাছৰ জালিকাৰ মাজেৰে হোৱা পৰিশ্ৰাৱনৰ হাৰ তলত লিখা কাৰকৰ ওপৰত নিৰ্ভৰশীল-

EFP= GCP- [GOP+CHP]

EFP=´মেনৰ সম্পুটৰ কাৰ্যকৰী পৰিশ্ৰাৱন চাপ

GCP=গ্ল´মেৰু´লাছৰ কেপিলাৰী চাপ=70 mm of Hg

GOP=গ্ল´মেৰু´লাছৰ অছমেটিক চাপ=25 mm of Hg

CHP=কেপচুলাৰ হাইড্ৰষ্টেটিক চাপ=15 mm of Hg

EFP= 70-(25+17) =70 mm of Hg

এই চাপৰ ফলতে গ্ল´মেৰু´লাছৰ পৰিশ্ৰাৱন হয়।

সমীপৱৰ্তী কুণ্ডলীকৃত নলীকাৰ কাৰ্য্য়সমূহঃ-

প্ৰতিদিনে প্ৰায় ১৮০ লি পৰিশ্ৰুত তেজৰ পৰা নেফ্ৰনৰ নলীকালৈ ওলাই আহে। কিন্তু স্বাভাৱিক অৱস্থাত প্ৰতিদিনে মূত্ৰ উ পাদনৰ গড় পৰিমান ১ লি মাত্ৰ। গতিকে প্ৰায় ৯৯ শতাংশ পৰিশ্ৰুত তৰল পদাৰ্থ বৃক্ক নলীকাত পুনৰ শোষণ হয়। এই পুনৰ শোষণকাৰ্য্যত ভাগ লয় সমীপৱৰ্তী কুণ্ডলীকৃত নলীকা, হেনলীৰ লুপ আৰু দুৰৱৰ্তী কুণ্ডলীকৃত নলীকাই। ব´মেনৰ কেপচুলৰ পৰা পৰিশ্ৰুত তৰল পদাৰ্থ সমীপৱৰ্তী কুণ্ডলীকৃত নলীকত প্ৰৱেশ কৰিলে তাত কিছুমান প্ৰয়োজনীয় পদাৰ্থ পুনৰাই শোষিত হয় এইবোৰ পদাৰ্থৰ ভিতৰত গ্লু´ক´জ, এ´মিন এছিড, Na+, K+, Cl-, ফছফেট, ছালফেট, ইউৰিক এছিড, বিউটাৰিক এছিড, ক্ৰিয়োটিন, ভিটামিন ইত্য়াদি প্ৰথমে নিষ্ক্ৰিয় প্ৰক্ৰিয়াৰ দ্বাৰা আৰু তাৰ পিছত সক্ৰিয় প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ শোষিত হয়। পুনৰ শোষণসাধাৰণতে ব্য়াপন নাইবা আসৃতিৰ ফলত হয়। ব্য়াপন প্ৰক্ৰিয়াত পদাৰ্থ অধিক ঘনত্বৰ পৰা কম ঘনত্বৰ ফালে গুচি আহে ব্যাপন হোৱা পদাৰ্থসমুহ পৰিশ্ৰুতত বেছি ঘনত্বত থাকি যায়। সেয়েহে এই পদাৰ্থ সমুহ মুত্ৰনলীত থকা ৰক্তজালিকা বা ভাছাৰেকটালৈ অতি সহজে ব্যাপিত হয়। সেইদৰে পানী আদি তৰল পদাৰ্থ আসৃতিৰ ফলত তেজলৈ গুচি আহে।

সক্ৰিয় প্ৰক্ৰিয়াৰে পুনৰ শোষণকৰা পদাৰ্থসমুহৰ ক্ষেত্ৰত দেহ শক্তি ক্ষয় কৰিবলগীয়া হয়। এই পদ্ধতিত কম ঘনত্বৰ পৰাও পদাৰ্থ বেছি ঘনত্বলৈ গুচি আহিব পাৰে। এই প্ৰক্ৰিয়াত শক্তিৰ ওপৰিও এক প্ৰ´টিন বাহকৰ প্ৰয়োজন হয়। পুনৰ শোষণৰ পিছত মানুহৰ মুত্ৰত গ্লু´´, এ´মিন এছিড,ছডিয়াম, ফছফেট, ভিটামিন ইত্যাদি পদাৰ্থ নাথাকে। কিন্তু গ্লু´´ৰ পৰিমান মুত্ৰত প্ৰতি ১০০ মিলি ত ১৮০ মিগ্ৰা বা তাতকৈ বেছি হলে গ্লু´´ মুত্ৰৰ লগত নিৰ্গত হয়। মুত্ৰত গ্লু´´জৰ উপস্থিতিক গ্লুক´ছুৰিয়া বোলে।

হেনলীৰ লুপৰ কাৰ্য্যঃ-

হেনলীৰ লুপ নিকটৱৰ্তী কুণ্ডলীকৃত নলীকাৰ পিছত অৱস্থিত। এই ‘U’ আকৃতিৰ নলীকাটো নিম্নগামী আৰু উৰ্ধগামী বাহুৰ দ্বাৰা গঠিত। নিম্নগামী বাহুৰ বেৰ আপেক্ষিকভাৱে পাতল আৰু পানীৰ বাবে সম্পূৰ্ণ ভেদ্য। পানী আসৃতি প্ৰক্ৰিয়াৰে পৰিশ্ৰুত তৰলৰ পৰা তেজত প্ৰৱেশ কৰে নিম্নগামী বাহুৰ মাধ্য়মেৰে। উৰ্ধগামী বাহুৰ বেৰ নিম্নগামী বাহুৰ তুলনাত ডাঠ আৰু ই পানী আৰু ছডিয়ামৰ বাবে অভেদ্য।সেয়েহে হেনলীৰ লুপৰ নিম্নগামী বাহুৰে নিষ্ক্ৰয় প্ৰক্ৰিয়াৰে পানীৰ পুনৰ শোষণকৰে আৰু উৰ্ধগামী বাহুৱে সক্ৰিয় প্ৰক্ৰিয়াৰে ছডিয়াম আয়নৰ অৱশোষণ হয়।

দূৰৱৰ্তী কুণ্ডলীকৃত নলীকাঃ-

পিটুইটেৰী গ্ৰন্থি নিঃসৰিত এণ্টিডিউৰেটিক হৰমন (ADH)ৰ প্ৰভাৱত এই অংশই মূত্ৰত থকা পানীভাগ শোষণ কৰে। ফলত মূত্ৰ গাঢ় হয়। শৰীৰৰ অপ্ৰয়োজনীয় আটাইবোৰ ৰেচন দ্ৰৱ্য বৃক্কীয় নলীকাত থকা গ্ল´মেৰু´লাছৰ পৰিশ্ৰুতত ওলাই যায়। তেজত ৰৈ যোৱা কিছুমান বৰ্জনীয় পদাৰ্থ- ইউৰিক এছিড, ক্ৰিয়েটিন, K+,NH3 ইত্য়াদি নেফ্ৰনৰ কুণ্ডলীকৃত নলীকাবোৰ আৱৰনীত থকা গ্ৰন্থি গহবৰে সক্ৰিয় পৰিবহণ প্ৰক্ৰিয়াৰ দ্বাৰা নেফ্ৰনৰ চাৰিওফালে আগুৰি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ তেজৰ নলীকাবোৰৰ পৰা শোষণ কৰি পুনৰ নেফ্ৰনৰ পৰিশ্ৰুত দ্ৰৱত যোগ কৰে। এই প্ৰক্ৰিয়াক বৃক্কীয় নলিকাক্ষৰণ বোলে। K+ ক্ষৰণ কৰি এই গ্ৰন্থিবোৰে Na+ পুনৰ শোষণ কৰে। ইয়াৰ পিছত পৰিশ্ৰুত খিনিয়ে যি অৱস্থা লাভ কৰে তাক মুত্ৰ বোলা হয়।

ADH হৰমনৰ অভাৱ হলে এই নলীকাই পানী পুনৰ শোষণ কৰিব নোৱাৰা হয়। ফলত ৰোগীজনে বাৰে বাৰে প্ৰেচাৰ কৰিবলগীয়া হয়। কিন্তু প্ৰেচাবত গ্লু´´ নাথাকে। ইয়াক ডায়াবেটিছ ইনচিপিডাছ বোলে।

সংগ্ৰাহক নলীকাৰ কাৰ্য্যসমুহঃ-

নেফ্ৰনৰ বিভিন্ন অংশ পৰিশ্ৰাৱন আৰু পুনৰ শোষনৰ পাছত বিভিন্ন ৰেচন আৰু ক্ষৰণ সমন্নিত তৰল পদাৰ্থ মূত্ৰৰূপে সংগ্ৰাহক নলীকালৈ প্ৰবাহিত হয়। সংগ্ৰীহিত মূত্ৰ সংগ্ৰাহক নলীকাৰ পৰা বেলনীৰ নলীৰ মাধ্যমত পৰ্যায়ক্ৰমে মূত্ৰথলীলৈ প্ৰবাহিত হয়।

মুত্ৰৰ পৰিমাণৰ ওপৰত ADH হৰমনৰ প্ৰভাৱঃ-

পিটুইটেৰী গ্ৰন্থিৰ পশ্চাৎ পিণ্ডৰ ADH হৰমন ক্ষৰণ হয়। এই হৰমণে বৃক্কই অধিক পানী উলিয়াই দিব নে শৰীৰত পানী সংৰক্ষণ কৰিব সেইটো নিয়ন্ত্ৰন কৰে। শৰীৰত পানীৰ পৰিমাণ কমি গলে অৰ্থা দেহৰস (তেজ) স্বভাৱিকতকৈ অধিক ঘন হ´লে পিটুইটেৰী গ্ৰন্থিয়ে অধিক পৰিমাণৰ ADH হৰমন তেজলৈ প্ৰৱাহিত কৰে ADH ৰ প্ৰভাৱত বৃক্কই অধিক পানী অৱশোষিত কৰে আৰু তাৰ ফলত পৰিশ্ৰাৱণৰ পৰিমান কম হয়। অৰ্থা প্ৰস্ৰাৱ অধিক গাঢ় আৰু ৰঙচুৱা হয়। ADH হৰমনে দূৰৱৰ্তী কুণ্ডলীকৃত নলীকাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। এই হৰমনৰ প্ৰভাৱত বৃক্ক নলীকাৰ এই অংশত পৰিশ্ৰুতৰ পৰা পানীভাগ শোষণ হয়। কোনো কাৰণবশত পিটুইটেৰীয়ে গ্ৰন্থিয়ে ADH হৰমন ক্ষৰণ কৰিব নোৱাৰা হ´লে মূত্ৰবাহী নলীকাৰ দূৰৱৰ্তী কুণ্ডলীকৃত অংশই পানী অৱশোষণ কৰিব নোৱাৰা হয়। ইয়াৰ ফলত প্ৰচাৱৰ পৰিমাণ ৩-১০ গুণ পৰ্যন্ত বৃদ্ধি পাব পাৰে। এনে অসুস্থতাক ডায়াবেটিছ ইনচিপিডাছ বোলে।

মুত্ৰ উপাদন পদ্ধতিঃ-

বৃক্কৰ প্ৰধান কাম হৈছে-নেফ্ৰনৰ সহায়ত দেহৰ অপ্ৰয়োজনীয় পানী, বিপাক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ ক্ষতিকাৰক নাইট্ৰজেনযুক্ত তথা নাইট্ৰজেন বিহীন বৰ্জ্য পদাৰ্থ আৰু অন্য়ান্য অপ্ৰয়োজনীয় অজৈৱ আৰু জৈৱ দ্ৰৱ্য তেজৰ শ্ৰোতৰ পৰা পৃথক কৰি মূত্ৰ উপাদন কৰা হয় আৰু দেহৰ বাহিৰত নিষ্কাশন কৰা হয়। মানৱদেহত মূত্ৰ উপাদন পদ্ধতি সম্পৰ্কে লাডউইক, ব´মেন, ষ্টাৰলিং আদি বিজ্ঞানী সকলে মত প্ৰকাশ কৰে। বিজ্ঞানী কুশ্বনীয়ে মূত্ৰ উপাদন সম্পৰ্কে যি আধুনিক মত পোষন কৰিছিল সেই মত সকলোৰে গ্ৰহণযোগ্য় হয়। এই মতবাদ তিনিটা স্তৰৰ ওপৰত প্ৰতিষ্ঠিত-

১) গ্ল´মেৰু´লাছৰ দ্বাৰা পৰিশ্ৰাৱন।

২) বৃক্কনলীকাৰ দ্বাৰা পুনৰ শোষন।

৩) বৃক্কীয় নলীকাৰ ক্ষৰণ

গ্ল´মেৰু´লাছৰ দ্বাৰা পৰিশ্ৰাৱনঃ-

বিপাকীয় ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা বৰ্জ্য় পদাৰ্থসমুহ তেজৰ লগত মিহলি হৈ অন্তবাহী ধমনীৰ মাধ্যমত গ্ল´মেৰু´লাছলৈ আহে। গ্ল´মেৰু´লাছ পৰিশ্ৰাৱক হিচাপে কাম কৰে। গ্ল´মেৰু´লাছৰ অন্তবাহী ধমনীৰ আৱৰণ পাতল ইয়াৰ ব্যাস 50µ। কিন্তু বহিবাহী ধমনীৰ ব্যাস 25µ হে হয়। এই প্ৰভেদৰ কাৰণে গ্ল´মেৰু´লাছত ৰক্তচাপ অন্য়ান্য় অংশৰ তুলনাত বেছি হয়। আকৌ ব´মেনৰ কেপচুলৰ অন্ত আৱৰণখন স্কৱামাছ আচ্ছাদীয় কোষৰ দ্বাৰা গঠিত আৰু এই কোষবোৰৰ মাজে মাজে পডচাইট কিছুমান বিশেষ কোষ দেখা যায়। এই বিশেষ কোষবোৰ অসংখ্য ছিদ্ৰযুক্ত হয় সেয়েহে গ্ল´মেৰু´লাছৰ অভ্যান্তৰত উচ্চ চাপৰ সৃষ্টি হোৱা বাবে গ্ল´মেৰু´লাছৰ আৱৰণী আৰু ব´মেনৰ কেপচুলৰ অন্তআৱৰণীৰ মাজেৰে পৰিশ্ৰাৱিত তেজৰ পৰা অধিক পানী আৰু লগতে কম আনৱিক ভৰৰ বহুত পদাৰ্থৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ অণুবোৰ ব´মেনৰ কেপচুলৰ গহবৰলে ফিলটাৰ হৈ ওলাই যায়। এই পৰিশ্ৰাৱণ প্ৰক্ৰিয়াক অতি পৰিশ্ৰাৱণ প্ৰক্ৰিয়া বোলে। এই পৰিশ্ৰাৱণ কাৰ্যকৰী পৰিশ্ৰাৱণ চাপৰ ফলত হয়। কাৰ্যকৰী পৰিশ্ৰাৱণ চাপৰ পৰিমাণ তলত দিয়া ধৰণৰ হয়-

EFP= GCP – (GOP + CHP)

= 70 – ( 25 + 15 )

=30 mm of Hg

এই কাৰ্যকৰী পৰিশ্ৰাৱন চাপৰ প্ৰভাৱত তাত থকা স্থুল অণু অৰ্থাৎ প্লাজমা প্র´টিন অংশ লিপিড নাইবা ৰক্ত কণিকাৰ বাহিৰে বাকী উপাদানসমূহ পৰিশ্ৰুত হৈ ব´মেনৰ কেপচুলৰ গহবৰত প্ৰৱেশ কৰে

কেপচুলৰ গহবৰত প্ৰৱেশ কৰা পৰিশ্ৰুতত পানীৰ উপৰিও গ্লু´´জ, এমিন´ এছিড , Ca, K+, Cl-, কাৰ্বনেট, ফছফেট, এমনিয়া, ইউৰিয়া, ইউৰিক এছিড, বিউটাৰিক এছিড, ক্ৰিয়েটিন, ভিটামিন, এছিটিক এছিড, হিপুৰিক এছিড আদি বৰ্জ্য দ্ৰব্য থাকে।

পূৰ্ণ বয়স্ক তথা স্বাভৱিক মানুহৰ বৃক্ক দুটাৰ গ্ল´মেৰু´লাছৰ পৰিশ্ৰাৱণৰ গড় হ´ল প্ৰতি মিনিটত ১২৫ লি এই পৰিশ্ৰুতখিনিৰ ৯৯% পৰিশ্ৰুত তৰল পদাৰ্থ বৃক্ক নলীকাত পুনৰ শোষিত হয়।গতিকে স্বাভাৱিক অৱস্থাত প্ৰতি দিনে মূত্ৰ উপাদনৰ গড় পৰিমাণ ১লি হয়।

বৃক্কনলীকাৰ দ্বাৰা পুনৰ শোষনঃ-

গ্ল´মেৰু´লাছৰ দ্বাৰা পৰিশ্ৰুত তৰল পদাৰ্থসমূহ বৃক্ক নলীকাৰ মাজেৰে প্ৰৱাহিত হেৱাৰ সময়ত দেহৰ প্ৰয়োজনীয় দ্ৰৱ্য়সমূহ নলীকাৰ বিভিন্ন অংশৰ দ্বাৰা পুনৰ শোষণ হয়। দুটা প্ৰক্ৰিয়াৰ দ্বাৰা নলীকাই পদাৰ্থসমূহৰ পুনৰ শোষণ কৰে-

১) সক্ৰিয় শোষণ

২) নিষ্ক্ৰিয় শোষণ

দেহৰ বাবে অতিপ্ৰয়োজনীয় দ্ৰৱসমূহ যেনে- গ্লু´´জ, এমিন´ এছিড , Ca, K+, Na+ আদি দ্ৰৱ্যৰ প্ৰথমতে নিষ্ক্ৰিয় ব্য়াপন প্ৰক্ৰিয়াৰদ্বাৰা নলীকালৈ শোষণ হয়। পৰিশ্ৰুত দ্ৰৱত এনে পদাৰ্থৰ গাঢ়তা কম হ´লে এই পদাৰ্থসমূহৰ সক্ৰিয় প্ৰক্ৰিয়াৰে পুনৰ শোষণ হয়। নিষ্ক্ৰিয় প্ৰক্ৰিয়া ব্যাপন নাইবা আসৃতিৰ ফলত হয়। পৰিশ্ৰুত দ্ৰৱত উল্লেখিত পদাৰ্থৰ গাঢ়তা বেছি হ´লে ব্যাপন নাইবা আসৃতিৰ ফলত পদাৰ্থসমূহ পুনৰ তেজলৈ ঘুৰি আহে। বৃক্কনলীকাৰ সমীপৱৰ্তী কুণ্ডলীকৃত নলীকা অংশত গ্লু´´, এমিন´ এছিড, ভিটামিন-6, Ca, K+, Cl-, Na+ আদি এনেদৰে শোষিত হয়। পৰিশ্ৰুত দ্ৰৱত থকা ৭৫% পানী এই অংশত নিষ্ক্ৰিয়ভাৱে শোষিত হয়, তাৰ ওপৰিও ফছফেট ছালফেট, সামান্য় পৰিমাণে ইউৰিক এছিড, বিউটাৰিক এছিড, ক্ৰিয়েটিন ইত্যাদি এই অংশত শোষিত হয়। পুনৰ শোষিত হোৱা পদাৰ্থবোৰৰ ভিতৰত গ্লু´´, এমিন´ এছিড , K+, Cl-, Na, ফছফেট, ছালফেট, ভিটামিন আদি সক্ৰিয় প্ৰক্ৰিয়াৰ দ্বাৰা ও পুনৰ শোষণ হয়। সাধাৰণতে পানী, Cl- আদি নিষ্ক্ৰিয় প্ৰক্ৰিয়াৰে শোষণ হয়। বৃক্কীয় নলীকাৰ হেলনীৰ লুপৰ নিম্নগামী অংশত K+, Cl-, Na+ পুনৰ শোষণ হয়। বৃক্কীয় নলীকাৰ দূৰৱৰ্তী কুণ্ডলীকৃত নলীকাত Na+ পুনৰ শোষণ কৰে আৰু K+ আয়ন মূত্ৰত এৰি দিয়ে। এই অংশই পিটুইটেৰী গ্ৰন্থিৰ নিসৃত ADH হৰমনৰ প্ৰভাৱত মূত্ৰত বেছিভাগ পানী শোষণ কৰে।

বৃক্ক নলীকাৰ ক্ষৰণঃ-

শৰীৰত অপ্ৰয়োজনীয় আটাইবোৰ ৰেচন দ্ৰব্য বৃক্ক নলীকাত থকা গ্ল´মেৰু´লাৰ পৰিশ্ৰুতত ওলাই নাযায়। তেজত ৰৈ যোৱা কিছুমান বৰ্জনীয় পদাৰ্থ যেনে ইউৰিক এছিড, ক্ৰিয়েটিন, হিপুৰিক এছিড, পটাছিয়াম, NH3 আদি নেফ্ৰনৰ দুৰৱৰ্তী কুণ্ডলীকৃত নলীকাৰ আৱৰণত থকা গ্ৰন্থি কোষবোৰে সক্ৰিয় পৰিবহণ প্ৰক্ৰিয়াৰ দ্বাৰা নেফ্ৰনৰ চাৰিওফালে আগুৰি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ তেজৰ নলীকাবোৰৰ পৰা ক্ষৰণ কৰে আৰু পুনৰ নেফ্ৰনৰ পৰিশ্ৰুত দ্ৰৱ্যত যোগ দিয়ে। এই প্ৰক্ৰিয়াক বৃক্ক নলীকাৰ ক্ষৰণ বোলে। ইয়াৰ পাছত পৰিশ্ৰুতখিনিয়ে যি অৱস্থা লাভ কৰে তাকেই মূত্ৰ বোলে।

মূত্ৰৰ স্বভাৱিক উপাদানঃ-

মূত্ৰৰ স্বাভাৱিক উপাদানৰ বেছিৰভাগেই পানী। পানীৰ বাহিৰে মূত্ৰত পোৱা জৈৱ আৰু অজৈৱ পদাৰ্থসমূহ তলত দিয়া ধৰণৰ হয়-

১) পানী- ৯৫-৯০%

২) ৰেচন দ্ৰব্য়

ইউৰিয়া- ২%

আন ৰেচন দ্ৰব্য়- ইউৰিক এছিড, হিপুৰিক এছিড, K+, ফছফেট, অক্সালেট- ২-৩%

জৈৱ পদাৰ্থ- ইউৰিয়া, ইউৰিক এছিড, ক্ৰয়েটিনিন, হিপুৰিক এছিড, অক্সালিক এছিড, এমাইন এছিড ইত্য়াদি।

অজৈৱ পদাৰ্থ- ফছফেট, ছালফেট, Na+, K+, Ca++ ,Mg+, KCl, NaCl আদিয়েই প্ৰধান।

ৰেচন প্ৰক্ৰিয়াত ছালৰ ভূমিকাঃ-

কিছুমান জলচৰ প্ৰাণীৰ ক্ষেত্ৰত দেহত বিপাকীয় ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা NH3 জাতীয় বৰ্জ্য পদাৰ্থ ছালৰ সহায়ত ব্য়াপন প্ৰক্ৰিয়াৰে দেহৰ পৰা বাহিৰ হৈ যায়। এইবোৰ প্ৰাণীক এমিন´টেলিক প্ৰাণী বোলে। এই প্ৰক্ৰিয়াক এমিন´টেলিজম বোলে। এ´মিবা, পেৰামেচিয়াম, স্পজ্ঞ, হাইড্ৰা, মিছামাছ, তৰামাছ, মস্তিস্কযুক্ত মস, ভেকুলীৰ লালুকী আদিয়ে এই প্ৰক্ৰিয়াৰে ৰেচন কাৰ্য্য সম্পন্ন কৰে।

১ গ্ৰাম NH3 বহিস্কৰণৰ বাবে ৩০০-৫০০ মিলি পানীৰ প্ৰয়োজন হয়। উচ্চ স্তৰৰ জলচৰ প্ৰাণীবোৰৰ ক্ষেত্ৰত দেহত্বক ডাঠ সেয়েহে চৰ্মৰ মাজেৰে বাষ্পীকৰণ নহয়। তথাপি এইবোৰ প্ৰাণীৰ বিপাক ক্ৰিয়াত উ পন্ন হোৱা বিভিন্ন বৰ্জিত পদাৰ্থ ৰেচনত ছালৰ ভূমিকা অসীম। স্তন্য়পায়ী প্ৰাণীৰ চৰ্ম গ্ৰন্থিযুক্ত আৰু ইয়াত দুই ধৰণৰ গ্ৰন্থি থাকে- 1) ঘৰ্ম গ্ৰন্থি আৰু 2) তৈল গ্ৰন্থি।

ঘৰ্ম গ্ৰন্থিৰ দ্বাৰা ৰেচন ক্ৰিয়াঃ-

মানুহৰ ছালত প্ৰায় ২০ৰ পৰা ৩০ লাখ ঘৰ্ম গ্ৰন্থি আছে। ঘৰ্ম গ্ৰন্থিবোৰ ছালত থকা সৰল, পাকখোৱা, নলীযুক্ত গ্ৰন্থি এইবোৰত যথেষ্ট পৰিমাণে তেজৰ নলী থাকে। এইবোৰে  তেজৰ পৰা বৰ্জিত পদাৰ্থ শোষণ কৰি ঘাম আকাৰে দেহৰ বাহিৰত ওলাই দিয়ে।

ঘামত-

১) ৯৯.২২- ৯৯.৭৪% পানী

২) ০.২৬-০.৭৮ কঠিন পদাৰ্থ থাকে।

কঠিন পদাৰ্থসমূহে অজৈৱ আৰু জৈৱ দুয়োধৰণৰ পদাৰ্থৰ সংমিশ্ৰণত সংগঠিত হয়। কঠিন পদাৰ্থত অজৈৱ পদাৰ্থসমূহে ০.১১৪- ০.৫৬৬ % হয়। অজৈৱ পদাৰ্থসমূহ হ´ল- ছালফেট, K, Cl, NaCl ইত্য়াদি। ঘামৰ কঠিন পদাৰ্থত জৈৱ পদাৰ্থসমূহ ০.০৩-০.২৯% হয়। এইবোৰ হ´ল- ইউৰিয়া, লেকটিক এছিড, শৰ্কৰা ইত্য়াদি। ঘৰ্মগ্ৰন্থি য়ে ৰেচন ক্ৰিয়াৰ দ্বাৰা অতিৰিক্ত পানী আৰু লৱনৰ সমতা বজাই ৰাখে। আৰু দেহৰ অভ্যান্তৰ শীতল কৰি ৰাখে।

তৈল গ্ৰন্থিৰ দ্বাৰা ৰেচন ক্ৰিয়াঃ-

ছালত থকা তৈল গ্ৰন্থিসমূহ ছিবাম ক্ষৰণ কৰে আৰু নলীৰ দ্বাৰা ছালত থকা লোমৰ গুৰিত মুকুলি হয়। ছিবাম তৈল এছিড, এলকহল, কলেষ্টৰেল, হাইড্ৰ´কাৰ্বন আদি উপাদানৰ দ্বাৰা গঠিত আৰু ই দেহত্বকৰ ওপৰত নিৰ্মোচন হোৱাৰ বাবে দেহত্বক তৈলাক্ত আৰু মসৃন হয়। বহিকৰ্ণৰ ত্বকত এক বিশেষ ধৰণৰ তৈল গ্ৰন্থি থাকে, এই বিশেষ ধৰণৰ তৈলগ্ৰন্থিক মমগ্ৰন্থি বোলে। মমগ্ৰন্থিয়ে চেৰুমেনজাতীয় পদাৰ্থ ক্ষৰণ কৰি নিষ্কাশন কৰে।

নিম্নখাপৰ প্ৰাণীয়ে দেহত্বকৰ মাধ্য়মেৰে CO2 নিৰ্মোচন কৰে।