Class 8 Science niketan Seba Board Chapter 2nd অণুজীৱঃ শত্ৰু আৰু মিত্ৰ অধ্য়ায় ২

 


১) বসন্ত প্ৰতিষেধক ছিটা দিওঁতে কোনবিধ দ্ৰব্য় শৰীৰত সমুৱাই দিয়া হয় ?

উত্তৰঃ-সংক্ৰামক বসন্ত (গো বসন্ত) ৰোগৰ মৃত বা দুৰ্বল ভাইৰাছ শৰীৰত সমুৱাই দিয়া হয়

২) তলত দিয়া ৰোগবোৰ কি কি ধৰণৰ অণুজীৱৰ দ্বাৰা সৃষ্টি হয় এখন তালিকা প্ৰস্তুত কৰা

উত্তৰঃ- 

বসন্ত------- ভাইৰাছ

যক্ষ্মা------- বেক্টেৰিয়া

জলাতংক-- ভাইৰাছ

গ্ৰহণী------- প্ৰট’জ’ৱা

হাইজা------ বেক্টেৰিয়া

মেলেৰিয়া-- প্ৰট’জ’ৱা

৩) পোন প্ৰথমে কোনে প্ৰতিজৈৱিক আৱিস্কাৰ কৰে। দুটা প্ৰতিজৈৱিকৰ নাম লিখা

উত্তৰঃ-১৯২৯ চনত স্কটলেণ্ডৰ এজন ইংৰাজ চিকিৎসক আলেকজেণ্ডাৰ ফ্লেমিং

        দুটা প্ৰতিজৈৱিকৰ উদাহৰণ - পেনিচিলিন, এৰিট্ৰমাইচিন

৪) গাখীৰ পেষ্টুৰাইজ কৰা পদ্ধতিটো বৰ্ণনা কৰা

উত্তৰঃ- পেষ্টিউৰাইজড গাখীৰ বুলি ক´লে সাধাৰণতে গাখীৰৰ পেকেটবিলাকত অনুজীৱৰ বৃদ্ধিৰ ৰোধ কৰিৱলৈ গাখীৰ ৯০ ডিগ্ৰী ছেলছিয়াছ উষ্ণতাত ১৫ৰ পৰা ৩০ ছেকেণ্ড গৰম কৰি তৎক্ষণাত ভৰাই বন্ধ কৰি দিয়া হয়। এই পদ্ধতিটোক পেষ্টিউৰাইমেচন বোলে। এনে কৰিলে কৰিলে বহু সময়লৈ গাখীৰখিনি নষ্ট নোহোৱাকৈ থাকে। লুই পেষ্টৰে এই পদ্ধতিটো আৱিস্কাৰ কৰিছিল।

৫) ৰাইজবিয়াম নামৰ বেক্টেৰিয়া আৰু নষ্টক এনাবিনা নামৰ নীলহৰিৎ শেলাইয়ে মাটিত কিদৰে নাইট্ৰজেন সংস্থাপন কৰে ব্য়াখ্য়া কৰা

উত্তৰঃ-ৰাইজ´বিয়াম নামৰ বেক্টেৰিয়াবিধে মাহজাতীয় উদ্ভিদৰ শিপাত টেমুনাৰ সৃষ্টি কৰে। ই বায়ুমণ্ডলৰ পৰা নাইট্ৰ´জেন সংগ্ৰহ কৰি নিজে ব্য়াৱহাৰ কৰাৰ ওপৰিও মাহজাতীয় উদ্ভিদজোপাক নাইট্ৰ´জেন জাতীয় খাদ্য়ৰ যোগান ধৰে। এইদৰে দুয়ো সহজীৱী হিচাপে বাস কৰে। শস্য় চপোৱাৰ সময়ত মাটিমাহৰ শিপাৰ টেমুনাত থকা নাইট্ৰ´জেন যৌগ মাটিত মিহলি হোৱাত খেতিপথাৰত নাইট্ৰ´জেন জাতীয় সাৰৰ পৰিমাণ বৃদ্ধি হয়। আনহতে, নষ্টক আৰু এনাবিনা নামৰ নীল হৰিশেলাইও বায়ুৰ পৰা নাইট্ৰ´জেন শোষণ কৰি খেতিপথাৰত নাইট্ৰ´জেন জাতীয় সাৰৰ যোগান ধৰে।

৬) আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাৰ বিষয়ে চমুকৈ লিখা

উত্তৰঃ- আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাৰ বিষয়ে তলত কেইটামান বিন্দু আকাৰত দিয়া হ´ল-

1) অতি পুৰণি কালৰ পৰা মানুহৰ অজ্ঞাতে অনুজীৱৰ দ্বাৰা সুৰা, নান পানীয়,  মাখন, দৈ আদি প্ৰস্তুত কৰা হৈ আহিছে।

2) পাউৰুটি, কেক আদি প্ৰস্তুতকৰণত অণুজীৱ ব্য়াৱহাৰ কৰা হয়।

3) অনুজীৱই জৈৱিক আৱৰ্জনা পঁচাই পৰিৱেশ পৰিস্কাৰ কৰে।

4) ঔষধ প্ৰস্তুতকৰণত অনুজীৱৰ ব্য়াৱহাৰ কৰা হয়।

5) মাটি সাৰুৱাকৰণত অনুজীৱৰ ভূমিকা গুৰুত্বপূৰ্ণ।

6) নান ধৰণৰ খাদ্য়বস্তু প্ৰস্তুত কৰোঁতে ইয়াৰ ব্য়াৱহাৰ কৰা হয়।

৭) অনুজীৱ বুলিলে কি বুজা? অনুজীৱসমুহক কেইটা ভাগত ভাগ কৰা হৈছে আৰু ভাগকেইটা কি কি?

উত্তৰঃ- আমাৰ পৰিৱেশত বা চৌপাসে থকা পশু-পক্ষী, কীট-পতংগ, গছ-গছনীৰ ওপৰিও খালী চকুৰে মনিব নোৱাৰা কিছু ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ বায়ু, পানী আৰু মাটিত উপস্থিত থাকে। এই জীৱসমুহক বিৱৰ্ধক গ্লাছৰ সহায়ত আৰু কিছুমানক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে চাৱ পাৰি। এইবোৰ জীৱক অনুজীৱ বুলি কোৱা হয়।

অনুজীৱৰ ভাগ চাৰিটা-

যেনে- বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট´´ৱা আৰু শেলাই।

৮) শুদ্ধ উত্তৰ বাছি উলিওৱাঃ-

ক) চেনী/ সুৰা/ হাইড্ৰ´ক্লৰিক এছিড/ অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যাৱহাৰ কৰা হয়।

খ) আলেকজেণ্ডাৰ ফ্লেমিং/ এডৱাৰ্ড জেনাৰ/ লুই পেষ্টিউৰে পেনিচিলিন প্ৰস্তুত কৰিছিল।

গ) মাইকী এন´ফিলিচ মহ/ পঁইতাচোৰা/ মাখি/ পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট´´ৱাৰ বাহক।

ঘ) তাপ/ গুড়ি কৰা/ ইষ্টকোষৰ বৃদ্ধিৰ বাবে পাউৰুটীৰ লদা ফুলি উঠে।

উত্তৰঃ-

ক) সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্য়াৱহাৰ কৰা হয়

খ) আলেকজেণ্ডাৰ ফ্লেমিং পেনিচিলিন প্ৰস্তুত কৰিছিল

গ) মাইকী এনফিলিচ মহ মেলেৰিয়া ৰোগৰ সৃষ্টি কৰা প্ৰট’জ’ৱাৰ বাহক

ঘ) ইষ্টকোষৰ বৃদ্ধিৰ বাবে পাউৰুটি লদা ফুলি উঠে






সূচীপত্ৰ