Class 8 Science niketan Seba Board Chapter 13th শব্দ অধ্য়ায়-১৩




১৷ কম্পনে শব্দৰ সৃষ্টি কৰে এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা

উত্তৰ:- কম্পমান বস্তুৰদ্বাৰা শব্দৰ সৃষ্টি হয় তাৰ একমাত্ৰ উদাহৰণ হল সুৰ- শলাকা সুৰ-শলাকাৰ বাহুত আঘাত কৰি ৰাবাৰৰ বেণ্ড এডাল ধৰি কাণৰ ওচৰত ধৰিলে আমি শব্দ শুনা পাও

ইয়ে প্ৰমাণ কৰে যে কম্পনে শব্দৰ সৃষ্টি কৰে

অতিশব্দ আৰু অৱশ্ৰাব্য শব্দ কি কি?

উত্তৰ:- 20,000 হাৰ্টজতকৈ বেছি কম্পনাংকৰ শব্দক অতিশব্দ আৰু 20 হাৰ্টজতকৈ কম কম্পনাংকৰ শব্দক অবশব্দ বোলে

৩৷এক হাৰ্টজ কাক বোলে?

উত্তৰ:- এক ছেকেণ্ডত এবাৰ কঁপিলে কম্পনাংক এক হাৰ্টজ বুলি কোৱা হয়

৪৷মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা

উত্তৰ:- আমাৰ চাৰিওফালে হোৱা অত্যাধিক কোলাহলে নানা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে টোপনি নোহোৱা, উচ্চ ৰক্তচাপ, উৎকণ্ঠা আৰু বহুতো স্বাস্থ্য বিসংগতিৰ কাৰণ শব্দ প্ৰদূষণউচ্চ স্বৰত শব্দ অবিৰতভাৱে শুনি থাকিলে মানুহৰ স্হায়ী বা অস্হায়ীভাৱে শ্ৰৱণ বিসংগতি হ'ব পাৰে এনেবোৰ কাৰণতে মানুহৰ বাবে শব্দ প্ৰদূষণ অপকাৰী

৫৷বিজুলীৰ পোহৰ দেখাৰ অলপ পিছতহে ঢেৰকনিৰ শব্দ শুনা যায় কিয়?

উত্তৰ:- বায়ুত শব্দৰ তুলনাত পোহৰৰ বেগ বেছি হোৱাৰ বাবেই শব্দ কাণত আহি পোৱাৰ আগতেই উজ্জ্বল পোহৰ আমাৰ চকুত আহি পৰে সেয়ে বিজুলীৰ পোহৰ দেখাৰ অলপ পিছতহে ঢেৰকনিৰ শব্দ শুনা যায়

৬৷শব্দ ভালদৰে প্ৰতিফলিত কৰিব পৰা দুবিধ পদাৰ্থ  আৰু শব্দ ভালদৰে প্ৰতিফলিত নকৰা দুবিধ পদাৰ্থৰ নাম লিখা

উত্তৰ:- শব্দ ভালদৰে প্ৰতিফলিত কৰিব পৰা দুবিধ পদাৰ্থ হ'ল-ধাতুৰ পাট, কঠিন কাঠ আৰু শব্দ ভালদৰে প্ৰতিফলিত নকৰা দুবিধ পদাৰ্থ হ'ল- কাপোৰ, কৰ্ক

৭৷ডাঙৰ প্ৰেক্ষাগৃহত শব্দৰ প্ৰতিফলন হলে কি অসুবিধা হব?

উত্তৰ:- ডাঙৰ প্ৰেক্ষাগৃহত শব্দৰ প্ৰতিফলন প্ৰতিধ্বনিৰ সৃষ্টি হ'ব পাৰে দুটা শব্দৰ মাজত সময়ৰ ব্যৱধান ছেকেণ্ডতকৈ কম হ’লে শব্দ দুটা যে পৃথক মানুহৰ কাণে ধৰিব নোৱাৰিবযাৰ ফলত শ্ৰৱণত ব্যঘাত জন্মিব পাৰে

৮৷ডাঙৰ প্ৰেক্ষাগৃহত শব্দৰ প্ৰতিফলন দূৰ কৰিবলৈ কি ব্যাৱস্থা কৰা হয়?

উত্তৰ:- ডাঙৰ হল বা প্ৰেক্ষাগৃহৰ বেৰ, চাল আদিত শোষণ কৰিব পৰা পদাৰ্থৰ আৱৰণ দিয়া থাকে এনে আৱৰণে বেৰ আৰু চালৰপৰা শব্দৰ প্ৰতিফলন হ্রাস কৰে



B. শুদ্ধ উত্তৰটো বাছি উলিওৱা:

) শব্দ সঞ্চাৰণ হব পৰা মাধ্যম হৈছে

(i) একমাত্ৰ গেছ (ii) গোটা পদাৰ্থ মাত্র (iii) একমাত্ৰ জুলীয়া পদাৰ্থ (iv) গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ

উত্তৰ:- (iv) গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ

) পানীত শব্দৰ বেগ

(i) 1200মি:/ছে: (ii) 1300মি:/ছে: (iii) 1400 মি:/ছে: (iv) 1450 মি:/ছে:

উত্তৰ:- (iii) 1400 মি:/ছে:

)মানুহৰ শ্ৰাব্য কম্পনাংকৰ পৰিসৰ

(i) 20-2000 হাৰ্টজ (ii)200-200,000 হাৰ্টজ  (iii)20-20,000 হাৰ্টজ  (iv)20-200,000 হাৰ্টজ

উত্তৰ:- (iii)20-20,000 হাৰ্টজ  

) কাৰ মাত কম কম্পনাংকৰ হ'ব

(i) কেঁচুৱা ছোৱালী (ii) কেঁচুৱা ল'ৰা (iii) পুৰুষ (iv) মহিলা

উত্তৰ:- (iii) পুৰুষ

C. শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা

() বাদুলীয়ে সৃষ্টি কৰা শব্দ মানুহে শুনে

উত্তৰ:- অশুদ্ধ

() চন্দ্ৰপৃষ্ঠতো দুজন মানুহে কথা পাতিব পাৰিব

উত্তৰ:- অশুদ্ধ

() সকলো বস্তুৱে কম বেছি পৰিমাণে শব্দ প্ৰতিফলিত কৰে

উত্তৰ:- শুদ্ধ

() বায়ুশূন্য স্হানত শব্দ সঞ্চাৰিত নোৱাৰে

উত্তৰ:- শুদ্ধ

()শব্দ প্ৰদূষণে শ্ৰবণ বিসংগতি সৃষ্টি কৰিব পাৰে

উত্তৰ:- শুদ্ধ

D.উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা

(i) কম্পনাংকৰ একক হৈছে___

উত্তৰ:- হাৰ্টজ

(ii) শব্দৰ বেগতকৈ ___ বেগ বেছি

উত্তৰ:- পোহৰৰ

(iii) বাদুলিয়ে উচ্চ ___ অতিশব্দ নিৰ্গত কৰে

উত্তৰ:- কম্পনাংকৰ

(iv) আমি ___ ৰে শব্দ শুনো

উত্তৰ:- কাণ

(V) গৰম বায়ুত শব্দৰ বেগ ___।

উত্তৰ:- বেছি

E.

(i)  জুলীয়া পদাৰ্থৰ মাজেদি শব্দ সঞ্চাৰণ হোৱাৰ এটা পৰীক্ষা বৰ্ণনা কৰা



উত্তৰ:- পৰীক্ষাটোৰ বাবে, এটা বাল্টি লোৱা হ'ল পৰিষ্কাৰ পানীৰে পূৰ কৰি এখন হাতত সৰু টিলিঙা ঘণ্টা এটা লৈ পানীৰ মাজত জোকাৰি দিয়া হল টিলিঙাটো বাল্টিৰ গাত নলগাকৈ ৰাখি পানীৰ পৃষ্ঠৰ ওপৰত অতি সাবধানৰে কাণত পানী নোসোমাকৈ ৰাখিলে পানীৰ মাজেৰে শব্দ আহি কাণত পৰেহি ইয়াৰদ্বাৰা কব পাৰি জুলীয়া পদাৰ্থৰ মাজেদি শব্দ সঞ্চাৰণ হয়

 

 (ii) মাধ্যাম নহলে শব্দ সঞ্চাৰিত হ’ব নোৱাৰে তাকে প্ৰতিপন্ন কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা

উত্তৰ:- পৰীক্ষাটোৰ বাবে, এটা টেবুলঘড়ী কাঁচৰ পাত্রৰ ভিতৰত ৰখা ঘড়ীটো বাজি থাকিলে বাহিৰৰপৰা শব্দ শুনা যাবএতিয়া পাত্রৰ ভিতৰৰ পৰা বায়ু পাম্পৰদ্বাৰা বাহিৰ কৰি দিয়া পাত্রৰ ভিতৰত বায়ুশূন্য অৱস্হাৰ সৃষ্টি কৰাৰ ফলত বাহিৰত কোনো ধৰণৰ শব্দ শুনা নগলইয়াৰদ্বাৰা কব পাৰি যে শব্দ সঞ্চাৰণৰ বাবে মাধ্যমৰ প্ৰয়োজন


(iii) সাগৰত ভাহি থকা জাহাজ এখনৰপৰা পানীৰ তললৈ পঠিওৱা এটা শব্দ ২ছেকেণ্ড পিছত জাহাজলৈ প্ৰতিফলিত হৈ আহিলসেই ঠাইত সাগৰৰ গভীৰতা কিমান?

উত্তৰ:- আমি জানো যে,

পানীত শব্দৰ বেগ = 1400 মি:/ছে:

সময় = 2 ছেকেণ্ড (দিয়া আছে)



আমি জানো,

শব্দই অতিক্রম কৰা দূৰত্ব = জাহাজৰ পৰা সাগৰৰ তলিৰ দূৰত্ব +সাগৰৰ তলিৰ পৰা জাহাজৰ দূৰত্ব

=> শব্দৰ বেগ× সময় =2× জাহাজৰ পৰা সাগৰৰ তলিৰ দূৰত্ব

=> 1400 ×2 ছেকেণ্ড= জাহাজৰ পৰা সাগৰৰ তলিৰ দূৰত্ব

=> জাহাজৰ পৰা সাগৰৰ তলিৰ দূৰত্ব =

=> জাহাজৰ পৰা সাগৰৰ তলিৰ দূৰত্ব = 1400 মিটাৰ

 

(iv) ছেকেণ্ড ব্যৱধানত দুটা শব্দ কাণত পৰিলেহে মানুহে শব্দ দুটাৰ পাৰ্থক্য ধৰিব পাৰে প্ৰতিধ্বনি শুনিবলৈ এজন মানুহ আৰু এখন পাহাৰৰ মাজত সৰ্বনিম্ন দূৰত্ব কিমান হ'ব লাগিব?

উত্তৰ:-

আমি জানো যে,

বায়ুত শব্দৰ বেগ =330মি:/ছে:

যিহেতু ছে: সময়ৰ ব্যৱধানত দুটা শব্দ পৰিলেহে প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়,

গতিকে,

প্ৰতিধ্বনি শুনিবলৈ এজন মানুহে এখন পাহাৰৰ

 পৰা থকা দূৰত্ব = 300 মি:/ছে ছে:

  = মিটাৰ

  =22 মিটাৰ

অৰ্থাৎ প্ৰতিধ্বনি শুনিবলৈ এজন মানুহ আৰু এখন পাহাৰৰ মাজত থকা

সৰ্বনিম্ন দূৰত্ব =22মিটাৰ


সূচীপত্ৰ