১) খালী ঠাই পূৰণ কৰা-

ক) একোবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক------ বোলে।

উত্তৰঃ-শস্য়।

খ) শস্য় সিঁচাৰ আগতে মাটিডৰা ------- হয়।

উত্তৰঃ- চহাই লোৱা।

গ) নষ্ট হোৱা বীজবোৰ পানীত ----- থাকে।

উত্তৰঃ- উপঙি ।

ঘ) শস্য় বৃদ্ধিৰ বাবে সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ------- আৰু ------ ৰ প্ৰয়োজন।

উত্তৰঃ- পানী, খনিজ লৱন ।

ঙ) খেতি পথাৰত গজা অনাৱশ্য়কীয় উদ্ভিদ সমূহক -------- বোলে।

উত্তৰঃ- অপতৃণ ।

চ) শস্য় চপোৱা আৰু মৰণা মৰা যন্ত্ৰটোক -------- বোলে।

উত্তৰঃ- কম্বাইন মেচিন।

২) ক অংশৰ লগত খ অংশ মিলোৱা

উত্তৰঃ-

ক অংশ                                                    খ অংশ

ক) ৰাষায়নিক সাৰ-- ইউৰিয়া, চুপাৰ ফচফেট

খ) জৈৱিক সাৰ------ উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্য়

গ) দলিমাৰি---------- চপৰা ভঙা সঁজুলি

ঘ) কাঁচি-------------- শস্য় চপোৱা সঁজুলি

ঙ) খাৰিফ শস্য়----- ধান আৰু খৱ

চ) ৰবি শস্য়--------- ঘেঁহু, বুট, মটৰ মাহ

৩) চমুকৈ বৰ্ণনা কৰাঃ-

ক) মাটি চহোৱা-

উত্তৰঃ- কৃষি কাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হল খেতি কৰিবলৈ ধৰা মাটিডৰা চহাই ঢিলা কৰা। ঢিলা মাটিত উদ্ভিদৰ শিপা সহজতে তললৈ যাব পাৰে। গছৰ শিপাই কোমল ঢিলা মাটিত তললৈ গলেও অতি সহজতে উষাহ লৱ পাৰে। তাৰোপৰি মাটিত বহুধৰণৰ পুষ্টিকৰ খনিজ দ্ৰৱ্য় অণুজীৱবোৰে পচোৱা পোষক দ্ৰৱ্য় আদি থাকে। নাঙলৰ দ্বাৰা হালবোৱা বা মাটি চহোৱা হয়। কেতিয়াবা মাটিডৰা চহোৱাৰ আগতেই সাৰ প্ৰয়োগ কৰা হয়। এনে কৰিলে মাটি চহোৱাৰ সময়ত সাৰখিনি সুন্দৰভাৱে মাটিৰ লগত মিলি যায়।

খ) বীজ সিঁচা-

উত্তৰঃ- মাটি, চহোৱাৰ পাছত প্ৰধান কাম হল বীজ সিঁচা। বীজ সিঁচাৰ আগতে উন্নত জাতৰ বীজ বাছি লৱ লাগে। উন্নত জাতৰ বীজ সাধাৰণতে পৰিস্কাৰ কৰি ৰখা তথা নিৰোগী ভাল সঁচৰ পৰা গোটোৱা হয়। খেতিয়কে সাধাৰণতে অধিক উৎপাদনক্ষম বীজকহে নিৰ্বাচন কৰিব বিচাৰে। আজিকালি ট্ৰক্টৰৰ সহায়ত বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচিলেহে খেতিয়কৰ শাৰিৰিক শ্ৰম আৰু সময় দুয়োটাই কম লাগে।

গ) বনবাত নিৰোৱা-

উত্তৰঃ- বনবাত নিৰোৱাৰ জৰিয়তে সাধাৰণতে ঘাঁহ-বন নিৰোৱাকে বুজায়। বনবাত নিৰোৱাৰ বাবে কোৰ নামৰ এবিধ আঁহিলাৰ উপয়োগ কৰা হয় আৰু যিয়ে মাটিডৰাক ঢিলা কৰে। কোৰৰ এডাল দীঘল কাঠৰ বা লোৰ মাৰি থাকে। মাৰিডালৰ এটা মূৰত বহল আৰু চেপেটা ভাঁজ কৰা লোৰ পাত লগোৱা থাকে, যিয়ে ঘাঁহ-বন আৰু মাটি খন্দাত সহায় কৰে। বনবাতবোৰে শস্য়ৰ সমানে পানী, পোষক দ্ৰব্য়, পোহৰ আদি যিবোৰ খেতিৰ বাবে অতি প্ৰয়োজনীয় তাক গ্ৰহণ কৰে লগত প্ৰয়োজনীয় ঠাই ও দখল কৰি থাকে। যাৰ বাবে শস্য়ৰ বৃদ্ধি ঋণাত্মকভাৱে প্ৰভাৱিত হয় বা হ্ৰাস পায়। ইয়াৰ ফলত খেতি চপোৱাৰ সময়ত বাধাৰ সৃষ্টি হয়। কিছু অপতৃণ প্ৰাণী আৰু মানুহ দুয়োৰে ক্ষেত্ৰত বিষাক্ত।

ঘ) মৰণা মৰা-

উত্তৰঃ- শস্য় চপোৱাৰ পাছত গা-গছৰ পৰা শস্য় বা বীজসমুহ পৃথক কৰা হয়। এই প্ৰক্ৰিয়াক মৰণা মৰা বোলে। মৰণা মৰা কম্বাইন মেচিনৰ দ্বাৰা কৰা হয়। যিয়ে শস্য় চপোৱা আৰু মৰণা মৰা দুয়োটা কামেই কৰে। ভাৰতবৰ্ষৰ প্ৰায় সকলো অঞ্চলতেই শস্য় চপোৱা আৰু মৰণা মৰা এই উৎসব পালন কৰা হয়।

ঙ) ৰবি শস্য়-

উত্তৰঃ- শীতকালত উৎপাদিত শস্য়ক ৰবি শস্য় বোলে। সাধাৰণতে ৰবি শস্য়ৰ সময় অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ থাকে । এনেবোৰ শস্য়ৰ পানীৰ প্ৰয়োজন কিছু কম। ৰবি শস্য়ৰ উদাহৰণ হল- ঘেঁহু, সৰিয়হ, মটৰ মাহ ইত্য়াদি।

চ) খাৰিফ শস্য়-

উত্তৰঃ- বাৰিষাকালত যি শস্য় সিঁচা হয় তাক খাৰিফ শস্য় বোলে। এনেধৰণৰ শস্য়ক যথেষ্ট পৰিমাণৰ পানীৰ আৱশ্য়ক। সাধাৰণতে বাৰিষাকালত জুনৰ পৰা চেপ্তেম্বৰ মাহলৈ থাকে। খাৰিফ শস্য়ৰ উদাহৰণ হল- ধান, কপাহ, মাকৈ, চয়াবিন আদি।







সূচীপত্ৰ