Class 8 Science niketan Seba Board Chapter 16th পোহৰ অধ্য়ায়-১৬




অনুশীলনী-১

১) যদি A ঘনতৰ মাধ্য়ম আৰু B লঘুতৰ মাধ্য়ম হয়, তেনেহ´লে, পোহৰৰ বেগ—

ক) দুয়োটা মাধ্যমত সমান।

খ) মাধ্যম Bতকৈ Aত বেছি।

গ) মাধ্য়ম Aতকৈ Bত বেছি।

উত্তৰঃ- গ) মাধ্য়ম Aতকৈ Bত বেছি।

২) এটা মাধ্য়মৰপৰা আন এটা মাধ্য়মত প্ৰৱেশ কৰিলে পোহৰ ৰশ্মিৰ দিশ সলনি হয়। এই পৰিঘটনাটোক কি বুলি কোৱা হয়?

উত্তৰঃ- প্ৰতিসৰণ ।

৩) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ-

ক) পোহৰ ৰশ্মি পানীৰপৰা বায়ুত প্ৰৱেশ কৰিলে,প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ—(কাষ চাপে, আঁতৰি যায়)

উত্তৰঃ- আঁতৰি যায় ।

খ) পোহৰ ৰশ্মি বায়ুৰপৰা কাঁচত প্ৰৱেশ কৰিলে প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ—(আঁতৰি যায়, কাষ চাপে)

উত্তৰঃ- কাষ চাপে

গ) বায়ুৰপৰা পোহৰ ৰশ্মি পানীত প্ৰৱেশ কৰিলে ইয়াৰ বেগ—(বাঢ়ে, কমে, একে থাকে)

উত্তৰঃ- কমে ।

৪) পৰিষ্কাৰ পানীত থকা মাছ এটা ওপৰৰপৰা চালে প্ৰকৃত গভীৰতাতকৈ ইয়াৰ কিছু ওপৰত থকা যেন লাগে। কিয় এনে হয় ৰশ্মি চিত্ৰ আঁকি বুজাই লিখা।

উত্তৰঃ- আমি জানো যে পোহৰ ঘন মাধ্য়মৰ পৰা লঘু মাধ্য়মলৈ গতি কৰিলে ইয়াৰ ৰশ্মিৰ দিশৰ সলনি হয়। অৰ্থা,পোহৰ ৰশ্মি দুই মাধ্যমৰ সন্ধিতলত প্ৰতিসৰণৰ পিছত অভিলম্বৰ পৰা আঁতৰি যায়।



ধৰোঁ, A পানীৰ তলৰ মাছৰ অৱস্থান, এতিয়া ব্য়াক্তি এজনে যেতিয়া বায়ু মাধ্য়মৰ পৰা পানী মাধ্য়মত থকা মাছটো দেখিবলৈ যতন কৰিব, তেতিয়া Aমাছৰ পৰা পোহৰ ৰশ্মি আহি ব্যাক্তিজনৰ চকুত পৰোতে দুই মাধ্য়মৰ সন্ধিতলত AB আৰু AC ৰশ্মিয়ে ক্ৰমাত B আৰুC বিন্দুত টনা অভিলম্বৰ পৰা আঁতৰি BE আৰু CF পথেৰে চকুলৈ অগ্ৰসৰ হ´ব। আৰু যাৰ ফলত ব্যাক্তিজনৰ চকুত প্ৰতিবিম্বটো এনেদৰে গঠন হব যেন ৰশ্মিটো A´ বিন্দুৰ পৰা আহিছে। যাৰ বাবে ব্য়াক্তিজনে A বিন্দুৰ পৰা কিছু ওপৰত A´ বিন্দুত মাছটো দেখা পাব। অৰ্থা মাছটো পানী পৃষ্ঠৰ পৰা প্ৰকৃততে MA গভীৰতাত আছে, ব্যাক্তিজনে ঘনমাধ্য়মৰ পৰা লঘুমাধ্য়মলৈ পোহৰৰ প্ৰতিসৰণৰ বাবে মাছটো আপাত গভীৰতা MA´ থকা বুলি ঠাৱৰ কৰিব। এইদৰে পৰিষ্কাৰ পানীত থকা মাছ এটা ওপৰৰপৰা চালে প্ৰকৃত গভীৰতাতকৈ ইয়াৰ কিছু ওপৰত থকা যেন লাগে।

৫) পোহৰৰ প্ৰতিসৰণ কাক বোলে?

উত্তৰঃ- পোহৰ এটা স্বচ্ছ মাধ্য়মৰ পৰা আহি আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰিলে দুয়োটা মাধ্য়মৰ সন্ধিতলত পোহৰৰ দিশ সামান্য় সলনি হয়। এই পৰিঘটনাকে পোহৰৰ প্ৰতিসৰণ বুলি কোৱা হয়।

৬) বায়ুৰপৰা কাচলৈ আৰু কাচৰপৰা বায়ুলৈ পোহৰ কেনেকৈ প্ৰতিসৰিত হয় চিত্ৰসহ ব্য়াখ্য়া কৰা।

উত্তৰঃ- ধৰোঁ ABপোহৰ A0 দিশত বায়ুৰ পৰা কাঁচলৈ অগ্ৰসৰ হৈছে । আমি জানো বায়ুতকৈ কাঁচ ঘন, যদি পোহৰ ৰশ্মি পাতল মাধ্য়মৰ পৰা আহি ঘন মাধ্য়মত প্ৰৱেশ কৰে, তেনেহ´লে প্ৰতিসৰণৰ পিছত পোহৰ ৰশ্মি 0B অভিলম্বৰ কাষ চাপে। অৰ্থা আপতন কোণ(i) তকৈ প্ৰতিসৰণ কোণ(r) সৰু হয়।



ধৰোঁ ABপোহৰ A0 দিশত কাচৰপৰা বায়ুলৈ অগ্ৰসৰ হৈছে । আমি জানো কাঁচতকৈ বায়ু পাতল, যদি পোহৰ ৰশ্মি ঘন মাধ্য়মৰ পৰা আহি পাতল মাধ্য়মত প্ৰৱেশ কৰে, তেনেহ´লে প্ৰতিসৰণৰ পিছত পোহৰ ৰশ্মি 0B অভিলম্বৰ পৰা আঁতৰি যায়। অৰ্থা আপতন কোণ(i) তকৈ প্ৰতিসৰণ কোণ(r) ডাঙৰ হয়।

অনুশীলনী-২

১) লেন্স কাক বোলে? প্ৰধান লেন্স দুবিধৰ নাম কি কি ?

উত্তৰঃ- দুখন গোলাকাৰ পৃষ্ঠসম্পন্ন কাচ বা তেনে কোনো স্বচ্ছ পদাৰ্থই হ´ল লেন্স।

প্ৰধান লেন্স দুবিধ হ´ল- উত্তল লেন্স আৰু অৱতল লেন্স।

২) লেন্সৰ আলোককেন্দ্ৰ কাক বোলে চিত্ৰ আঁকি দেখুওৱা।

উত্তৰঃ- পাতল উত্তল বা অৱতল লেন্সৰ মধ্য়াংশত আৰু মুখ্য় অক্ষৰ ওপৰত থকা বিন্দু (O) এটাৰ অভিমুখে অহা ৰশ্মি প্ৰতিসৰণৰ পিছত দিশ পৰিৱৰ্তন নকৰাকৈ লেন্সৰ মাজেৰে পাৰ হৈ যায়। এই O বিন্দুটোক লেন্সৰ আলোক কেন্দ্ৰ বোলে।



৩) উত্তল লেন্সক অভিসাৰী লেন্স আৰু অৱতল লেন্সক অপসাৰী লেন্স বুলি কিয় কোৱা হয় চিত্ৰ আঁকি দেখুওৱা।

উত্তৰঃ- উত্তল লেন্সে সমান্তৰাল পোহৰ ৰশ্মিক প্ৰতিসৰণৰ পিছত ফ´কাছত মিলিত কৰে বা মূখ্য়অক্ষৰ পিনে কেন্দ্ৰীভূত কৰে অৰ্থাঅভিসাৰী ৰশ্মিৰ গঠন কৰে। সেইবাবে উত্তল লেন্সক অভিসাৰী লেন্স বোলা হয়।

আনহাতে,অৱতল লেন্সে সমান্তৰাল পোহৰ ৰশ্মিক প্ৰতিসৰণৰ পিছত ফ´কাছৰ পৰা প্ৰতিসৰিত হৈ অহাকৈ মূখ্য়অক্ষৰ পৰা বাহিৰলৈ পঠিয়াই দিয়ে অৰ্থাঅপসাৰী ৰশ্মিৰ গঠন কৰে। সেইবাবে অৱতল লেন্সক অপসাৰী লেন্স বোলে।



৪) উত্তল অথবা অৱতল লেন্সৰ (ক) ভাঁজকেন্দ্ৰ, (খ) মুখ্য় অক্ষ, (গ) ফ´কাছ (ঘ) ফ´কাছ দৈৰ্ঘ্য কাক বোলে চিত্ৰ আঁকি বুজাই লিখা।

উত্তৰঃ-



ইয়াত,

(C1, C2) ভাঁজকেন্দ্ৰঃ- কোনো লেন্সৰ পৃষ্ঠ দুখন যি দুটা গোলকৰ অংশ সেই গোলক দুটাৰ কেন্দ্ৰ দুটাক লেন্সখনৰ ভাঁজকেন্দ্ৰ বুলি কোৱা হয়।

(C1 C2) মুখ্য় অক্ষঃ- উত্তল বা অৱতল লেন্সৰ গোলকীয় তল দুখনৰ ভাঁজকেন্দ্ৰ দুটা সংযোগ কৰা ৰেখাডালক মুখ্য় অক্ষ বা প্ৰধান অক্ষ বোলে।

(F, F´) ফ´কাছঃ- মুখ্য় অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি প্ৰতিসৰণৰ পিছত উত্তল লেন্সৰ ক্ষেত্ৰত F বিন্দুৰ পৰা আৰু অৱতল লেন্সৰ ক্ষেত্ৰত বিন্দুৰ পৰা অহা যেন লাগে। উক্ত F আৰু বিন্দুদ্বয়ক ক্ৰমে উত্তল আৰু অৱতল লেন্সৰ ফ´কাছ বুলি কোৱা হয়।

(OF বা OF´) ফ´কাছ দৈৰ্ঘ্যঃ- আলোককেন্দ্ৰ(O) আৰু ফ´কাছ বিন্দু(F বা)ৰ মাজৰ দুৰত্বক ফ´কাছ দৈৰ্ঘ্য বোলে।

৫) এখন লেন্স উত্তল নে অৱতল কেনেকৈ চিনি উলিয়াবা।

উত্তৰঃ- যদি লেন্সটোৱে সমান্তৰাল ৰশ্মিক প্ৰতিসৰণৰ পিছত এটা বিন্দুত কেন্দ্ৰীভূত কৰিছে বা প্ৰতিসৰণৰ পিছত অভিকেন্দ্ৰী ৰশ্মি গঠন কৰিছে তেন্তে লেন্সটো উত্তল লেন্স। আৰু যদি ই সমান্তৰাল ৰশ্মিক চৌদিশে প্ৰতিসৰিত কৰিছে বা প্ৰতিসৰণৰ পিছত অপসাৰী ৰশ্মিৰ গঠন কৰিছে তেন্ত, লেন্সটো অৱতল লেন্স হ´ব।

৬) উত্তল লেন্স এখনৰ সন্মুখত লক্ষ্য়বস্তু এটা

(ক) অসীম দূৰত্ব আৰু ভাঁজকেন্দ্ৰৰ মাজত,

(খ) ভাঁজকেন্দ্ৰ আৰু ফ´কাছৰ মাজত,

(গ) ফ´কাছ বিন্দুত,

(ঘ) ফ´কাছ আৰু আলোককেন্দ্ৰৰ মাজত অৱস্থান কৰিলে, প্ৰতিবিম্বৰ অৱস্থান, প্ৰকৃতি আৰু আকাৰ কেনেকুৱা হ´ব ৰাশি চিত্ৰ আঁকি বুজাই লিখা।

উত্তৰঃ- ধৰো,  AB লক্ষ্য়বস্তুৰ অৱস্থান, C ভাঁজকেন্দ্ৰ, F ´কাছ বিন্দু, A´B´প্ৰতিবিম্বৰ অৱস্থান।

(ক) অসীম দূৰত্ব আৰু ভাঁজকেন্দ্ৰৰ মাজতঃ-



প্ৰতিবিম্বৰ অৱস্থানঃ- ফ´কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত

প্ৰকৃতিঃ- স, ওলোটা

আৰু আকাৰঃ- সংকুচিত

(খ) ভাঁজকেন্দ্ৰ আৰু ফ´কাছৰ মাজতঃ-



প্ৰতিবিম্বৰ অৱস্থানঃ- ভাঁজকেন্দ্ৰ আৰু অসীমৰ মাজত

প্ৰকৃতিঃ- স, ওলোটা

আৰু আকাৰঃ- পৰিবৰ্ধিত

(গ) ফ´কাছ বিন্দুতঃ-



প্ৰতিবিম্বৰ অৱস্থানঃ- অসীমত

প্ৰকৃতিঃ- স, ওলোটা

আৰু আকাৰঃ- লক্ষ্যবস্তুতকৈ বহুগুণে ডাঙৰ

(ঘ) ফ´কাছ আৰু আলোককেন্দ্ৰৰ মাজতঃ-



প্ৰতিবিম্বৰ অৱস্থানঃ- লক্ষ্য়বস্তুৰ পিছত

প্ৰকৃতিঃ- অস, থিয়

আৰু আকাৰঃ- পৰিবৰ্ধিত

৭) অৱতল লেন্স এখনৰ সন্মুখত থকা থিয় লক্ষ্য়বস্তু এটাৰ প্ৰতিবিম্বৰ অৱস্থান, প্ৰকৃতি আৰু আকাৰ কেনেকুৱা হ´ব চিত্ৰ আঁকি বুজাই লিখা।

উত্তৰঃ- ধৰো,  AB লক্ষ্য়বস্তুৰ অৱস্থান, C ভাঁজকেন্দ্ৰ, F ´কাছ বিন্দু, A´B´প্ৰতিবিম্বৰ অৱস্থান।

লক্ষ্য়বস্তু ভাঁজকেন্দ্ৰত থাকিলে,



প্ৰতিবিম্বৰ অৱস্থানঃ- ফ´কাছ বিন্দু আৰু আলোককেন্দ্ৰৰ মাজত

প্ৰকৃতিঃ- অস, থিয়

আৰু আকাৰঃ- সংকুচিত

৮) খালী ঠাই পূৰণ কৰাঃ-

(ক) দুখন ----- তলেৰে আৱৰা ----- মাধ্য়মক ----- লেন্স বোলে।

উত্তৰঃ- উত্তল, প্ৰতিসাৰক, উত্তল ।

বা অৱতল, প্ৰতিসাৰক, অৱতল ।

(খ) উত্তল লেন্সক ---- লেন্স আৰু অৱতল লেন্সক ----- লেন্স বুলি কোৱা হয়।

উত্তৰঃ- অভিসাৰী, অপসাৰী ।

(গ) উত্তল লেন্সৰ মাজৰ ভাগ ---- আৰু অৱতল লেন্সৰ মাজৰ ভাগ ---- হয়।

উত্তৰঃ- ডাঠ, পাতল ।

(ঘ) প্ৰতিখন লেন্সৰ ---- নাভি থাকে।

উত্তৰঃ- দুটা ।

(ঙ) অৱতল লেন্সত সদায় ----- প্ৰতিবিম্ব গঠিত হয়।

উত্তৰঃ- অস

(চ) লেন্সৰ ---- মাজেৰে পাৰ হৈ যোৱা ৰশ্মিৰ দিশ সলনি নহয়।

উত্তৰঃ- আলোককেন্দ্ৰ।

৯) এটা শব্দত উত্তৰ দিয়া।

(ক) লেন্সত এনে এটা বিন্দু আছে যাৰ মাজেৰে পোহৰৰ দিশ পৰিৱৰ্তন নকৰাকৈ পাৰ হৈ যায়। সেই বিন্দুটোৰ নাম কি?

উত্তৰঃ- আলোককেন্দ্ৰ।

(খ) উত্তল লেন্সৰ ফ´কাছ বিন্দুত অৱস্থিত বস্তু এটাৰ প্ৰতিবিম্ব ক´ত গঠিত হয় ?

উত্তৰঃ- অসীমত ।

(গ) উত্তল লেন্সৰ ক্ষেত্ৰত, লক্ষ্য়বস্তুৰ সমান আকৃতিৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্য়বস্তুটো ক´ত ৰাখিব লাগিব ?

উত্তৰঃ- ভাঁজকেন্দ্ৰত ।

(ঘ) লক্ষ্য়বস্তুতকৈ আকাৰত ডাঙৰ প্ৰতিবিম্ব পাবলৈ উত্তল লেন্সৰ কোন অৱস্থানত বস্তুটো ৰাখিব লাগিব ?

উত্তৰঃ- ফ´কাছ বিন্দুত ।

(ঙ) লক্ষ্য়বস্তুতকৈ আকাৰত সৰু আৰু অস প্ৰতিবিম্ব পাবলৈ কি লেন্স ব্য়াৱহাৰ কৰিবা ?

উত্তৰঃ- অৱতল লেন্স ।

১০) সত্য় নে অসত্য় কোৱাঃ-

(ক) উত্তল লেন্সে অস প্ৰতিবিম্ব গঠন কৰিব পাৰে।

উত্তৰঃ- সত্য় ।

(খ) অৱতল লেন্সে স প্ৰতিবিম্ব গঠন কৰিব পাৰে।

উত্তৰঃ- অসত্য় ।

(গ) অসীম দূৰত্বত অৱস্থিত লক্ষ্য়বস্তুৰ প্ৰতিবিম্ব নাভিত গঠিত  হয়।

উত্তৰঃ- সত্য় ।

(ঘ) উত্তল লেন্সক অপসাৰী লেন্স বোলা হয়।

উত্তৰঃ- অসত্য় ।

(ঙ) প্ৰতিখন লেন্সৰ দুয়োফালে দুটা ফ´কাছ বিন্দু থাকে।

উত্তৰঃ- সত্য় ।

অনুশীলনী-৩

১) খালী ঠাই পূৰণ কৰাঃ

ক) হালধীয়া বস্তুৱে...... ৰঙৰ পোহৰ প্ৰতিফলিত কৰে।

উত্তৰঃ- হালধীয়া ।

খ) ক´লা বস্তুৱে তাৰ ওপৰত পৰা সকলো ৰঙৰ পোহৰ..... কৰে।

উত্তৰঃ- শোষণ ।

গ) বগা বস্তুৱে তাৰ ওপৰত পৰা সকলো ৰঙৰ পোহৰ...... কৰে।

উত্তৰঃ- প্ৰতিফলিত ।

ঘ) প্ৰিজমৰদ্বাৰা সূৰ্যৰ বগা পোহৰক..... ৰঙলৈ বিশ্লেষণ কৰাকে...... বোলা হয়।

উত্তৰঃ- সাতটা, পোহৰৰ বিচ্ছুৰণ বা বিক্ষেপণ ।

ঙ) নীলা ৰঙৰ কাচ এখনে ইয়াৰ মাজেৰে কেৱল..... ৰঙৰ ৰশ্মিহে যাবলৈ দিয়ে।

উত্তৰঃ- নীলা ।

২) হালধীয়া ফুল এপাহ সূৰ্যৰ পোহৰত কিয় হালধীয়া দেখি বুজাই লিখা।

উত্তৰঃ- সূৰ্যৰ পৰা অহা সাতটা পোহৰৰ ৰশ্মি হালধীয়া ফুলপাহত পৰিলে পোহৰৰ বৰ্ণালীটোৰ হালধীয়া ৰঙৰ বাহিৰে বাকী ছটা ৰঙৰ পোহৰ ৰশ্মি ফুলপাহে শোষিত কৰে। বাকী হালধীয়া ৰঙটো প্ৰতিফলিত কৰে। প্ৰতিফলিত কৰা পোহৰ ৰশ্মি আহি আমাৰ চকুৰ ৰেটিনাত হালধীয়া বৰণৰ প্ৰতিবিম্বৰ গঠন কৰে বাবে সূৰ্যৰ পোহৰত হালধীয়া ফুলপাহ হালধীয়া ৰঙৰ দেখা যায়।

৩) তুমি পিন্ধি থকা বগা চোলাটো সূৰ্যৰ পোহৰত কিয় বগা দেখি বুজাই লিখা।

উত্তৰঃ- সূৰ্যৰ পৰা অহা পোহৰ ৰশ্মি যেতিয়া বগা চোলাৰ ওপৰত পৰে তেতিয়া, পোহৰ বৰ্ণালীটোৰ গোটেই কেইটা ৰশ্মিক চোলাটোৱে প্ৰতিফলিত কৰে আৰু এই প্ৰতিফলিত পোহৰ ৰশ্মিয়ে আমাৰ ৰেটিনাত বগা বৰণৰ প্ৰতিবিম্বৰ গঠন কৰে বাবে চোলাটো আমি বগা দেখি।

৪) জাৰকালি ক´লা কাপোৰ পৰিধান কৰা ভাল। ইয়াৰ কাৰণ কি ?

উত্তৰঃ- সূৰ্যৰ পোহৰ ক´লা ৰঙৰ কাপোৰত পৰিলে ক´লা বৰণৰ কাপোৰে সূৰ্যৰ পোহৰ বৰ্ণালীৰ আটাইবোৰ পোহৰ ৰশ্মিক শোষণ কৰে বা পোহৰৰ কোনো অংশক প্ৰতিফলিত নকৰে। যাৰ বাবে কাপোৰখনত উষ্ণতাৰ অনুভূতি হয়, অৰ্থা এই ক´লা বৰণে উষ্ণতা ধৰি ৰখাত সহায় কৰে। যাৰ বাবে জাৰকালি ক´লা কাপোৰ পৰিধান কৰা ভাল।

৫)গ্ৰীষ্মৰ দিনত বগা পোছাক পৰিধান কৰা ভাল। ইয়াৰ কাৰণ কি ?

উত্তৰঃ- সূৰ্যৰ পোহৰ বগা ৰঙৰ কাপোৰত পৰিলে বগা বৰণৰ কাপোৰে সূৰ্যৰ পোহৰ বৰ্ণালীৰ আটাইবোৰ পোহৰ ৰশ্মিক প্ৰতিফলিত কৰে বা পোহৰৰ ৰশ্মিৰ কোনো অংশক শোষণ নকৰে। যাৰ বাবে কাপোৰখনত উষ্ণতাৰ অনুভূতি নহয়, অৰ্থা এই বগা বৰণে সূৰ্যৰ তাপ ধৰি নৰখাত গৰম কমকৈ অনুভৱ হয়। যাৰ বাবে গ্ৰীষ্মৰ দিনত বগা কাপোৰ পৰিধান কৰা ভাল।

৬)গছৰ সেউজীয়া পাত এখিলা ৰঙা ৰঙৰ কাচ এখনৰ মাজেৰে চালে ক´লা দেখা যায় ইয়াৰ কাৰণ কি বুজাই লিখা।

উত্তৰঃ- গছৰ সেউজীয়া পাতত যেতিয়া সূৰ্যৰ পোহৰ আহি পৰে তেতিয়া ই সূৰ্যৰ পোহৰ বৰ্ণালীৰ আটাইবোৰ পোহৰ ৰশ্মি শুহি লৈ কেৱল সেউজীয়া ৰঙটোহে প্ৰতিফলিত কৰে।

আনহাতে,যেতিয়া পোহৰ ৰশ্মি ৰঙা ৰঙৰ কাঁচৰ মাজেৰে আহে তেতিয়া ই সকলোবোৰ পোহৰ ৰশ্মিক শুহি কেৱল ৰঙা ৰঙৰ ৰশ্মিক হে পাৰ হ´ব দিয়ে যাৰ বাবে ৰেটিনাত গঠিত হোৱা  প্ৰতিবিম্ব ৰঙা দেখি।

এতিয়া,গছৰ পাতৰ পৰা যেতিয়া সেউজীয়া ৰঙৰ পোহৰ আহি ৰঙা কাঁচত পৰিব তেতিয়া ই সেউজীয়া বৰণৰ পোহৰক শোষণ কৰিব, আৰু প্ৰতিফলিত পোহৰত ৰঙা ৰঙৰ অনুপস্থিতিৰ বাবে ৰেটিনাত গঠিত হোৱা প্ৰতিবিম্বত কোনো ধৰণৰ ৰঙ দেখা পোৱা নাযায় বাবে পাতখিলা ক´লা বৰণৰ দেখা যাব।

অনুশীলনী-৪

১) অণুবীক্ষণ যন্ত্ৰ কাক বোলে ? যৌগিক অণুবীক্ষণৰ ৰশ্মি চিত্ৰ আঁকি কাৰ্যপ্ৰণালী বৰ্ণনা কৰা।

উত্তৰঃ- ওচৰৰে সৰু বা ক্ষুদ্ৰ বস্তু এটাক ডাঙৰকৈ চাব পৰা আলোক যন্ত্ৰক অণুবীক্ষণ যন্ত্ৰ বোলে।

যৌগিক অণুবীক্ষণ যন্ত্ৰ এটাৰ কাৰ্যপ্ৰণালী তলত দিয়া হ´ল—



কাৰ্যপ্ৰণালীঃ-

দুই বা ততোধিক লেন্স ব্য়াৱহাৰ কৰি যৌগিক অণুৱীক্ষণ যন্ত্ৰ নিৰ্মাণ কৰা হয়। ইয়াত লেন্স এখনে বৰ্ধিত কৰা প্ৰতিবিম্বক আন এখন লেন্সে পুনৰ বৰ্ধিত কৰে। প্ৰথম লেন্সখনে উৎপন্ন কৰা প্ৰতিবিম্বটো দ্বিতীয় লেন্সখনৰ বাবে লক্ষ্য়বস্তু হয়।

চিত্ৰত L1 আৰু L2 দুখন উত্তল লেন্স। L1 লেন্সক অভিলক্ষ্য় বোলে। L2 লেন্সক অভিনেত্ৰ বোলে, এই লেন্সৰ ফ´কাছ দূৰত্ব অভিলক্ষ্য়ৰ ফ´কাছ দূৰত্বতকৈ বেছি। লক্ষ্য়বস্তু (PQ)L2 লেন্সৰ ফ´কাছৰ বাহিৰত ৰখা হয়।

লক্ষ্য়বস্তু(PQ) , L1 লেন্সৰ ´কাছৰ বাহিৰত ৰখা হয়, আৰু তেতিয়া PQ ৰ এটা স আৰু ওলোটা প্ৰতিবিম্ব Q1P1 লেন্সৰ পিছফালে গঠিত হয়। ই L2 লেন্সৰ বাবে এটা লক্ষ্য়বস্তুৰূপে আচৰণ কৰিব। যিহেতু L2 লেন্সখনৰ ফ´কাছ দূৰত্ব বেছি, গতিকে প্ৰতিবিম্বটো ফ´কাছ দূৰত্বৰ ভিতৰত থাকিব। গতিকে Q1P1 ৰ প্ৰতিবিম্ব L2 লেন্সখনৰ আগফালে গঠিত হ´ব। এই প্ৰতিবিম্ব P2Q2 অস আৰু আকাৰত লক্ষ্য়বস্তুতকৈ বহুগুণে ডাঙৰ হ´ব। এইদৰে ক্ষুদ্ৰবস্তু PQৰ এটা ডাঙৰ অস প্ৰতিবিম্ব P2Q2 পোৱা যায়।

২) দূৰবীণ কাক বোলে ? দূৰবীণ গঠন প্ৰণালী চিত্ৰৰ সহায়েৰে বুজাই লিখা।

উত্তৰঃ- দূৰৈৰ বস্তু এটাক ওচৰতে চাব পৰা আলোক যন্ত্ৰক দূৰবীণ বা দূৰবীক্ষণ যন্ত্ৰ বোলে।



ওপৰৰ চিত্ৰ অনুসৰি, L1 আৰু L2 দুখন উত্তল লেন্স। L1 অভিলক্ষ্য় আৰু L2 অভিনেত্ৰ। L1 লেন্সৰ ফ´কাছ দূৰত্ব L2 লেন্সতকৈ বেছি। দূৰৰ লক্ষ্যবস্তুৰ পৰা পোহৰ ৰশ্মি সমান্তৰালভাৱে আহি L1 লেন্সত পৰিছে আৰু ইয়াৰ ফ´কাছৰ ওচৰত এটা স, ক্ষুদ্ৰ প্ৰতিবিম্ব Q1P1 গঠন কৰিছে। Q1P1 ৰ অৱস্থা L2 লেন্সৰ ফ´কাছ দূৰত্বৰ ভিতৰত থাকে। ফলত L2 ৰ দ্বাৰা এই অস বৰ্ধিত প্ৰতিবিম্ব Q2P2 গঠিত হয়। অভিনেত্ৰইদি চালে দূৰত লক্ষ্য়বস্তুটোৰ এটা অস বৰ্ধিত প্ৰতিবিম্ব Q2P2 দেখা যায়।

৩) মানুহৰ চকুৰ পৰিষ্কাৰ চিত্ৰ অংকন কৰি ইয়াৰ বিভিন্ন অংগসমূহ চিহ্নিত কৰা।

উত্তৰঃ-



৪) খালী ঠাই পূৰণ কৰাঃ-

ক) অণুবীক্ষণৰ সহায়ত ..... বস্তু এটাক .... চাব পৰা যায়।

উত্তৰঃ- সৰু, ডঙৰকৈ ।

খ) দূৰবীণৰ সহায়ত .... বস্তু এটাক .... চাব পৰা যায়।

উত্তৰঃ- দূৰৈৰ, ওচৰতে ।

গ) অণুবীক্ষণৰ কিম্বা দূৰবীক্ষণৰ যন্ত্ৰত লক্ষ্য় বস্তুৰ পিনে থকা লেন্সখনক .... আৰু চকুৰ পিনে থকা লেন্সখনক .... বোলে।

উত্তৰঃ- অভিলক্ষ্য়, অভিনেত্ৰ ।

ঘ) আমাৰ চকুৰ লেন্সখন .... প্ৰকৃতিৰ আৰু ই .... তৈয়াৰী।

উত্তৰঃ- উত্তল, প্ৰ´টিনেৰে ।

ঙ) চকুৰ পৰ্দাখনৰ নাম.... ।

উত্তৰঃ- ৰেটিনা ।

চ) .... হ´ল চকুৰ সমুখভাগত থকা স্বচ্ছ আৱৰণ।

উত্তৰঃ- কৰ্ণিয়া ।

ছ) চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ .... নিয়ন্ত্ৰণ কৰে।

উত্তৰঃ- আইৰিছে ।

জ) নিকট দৃষ্টিসম্পন্ন মানুহে .... বস্তু ভালকৈ দেখা পায়, কিন্তু .... বস্তু মনিব নোৱাৰে।

উত্তৰঃ- ওচৰৰ, দূৰৰ ।

ঝ) সুদূৰ দৃষ্টিসম্পন্ন মানুহে .... বস্তু ভালদৰে দেখা পায়, কিন্তু .... বস্তু ভালদৰে মনিব নোৱাৰে।

উত্তৰঃ- দূৰৰ, ওচৰৰ ।

ঞ) নিকট দৃষ্টি বিকাৰ .... লেন্সৰ চছমাৰ সহায়েৰে আৰু সুদূৰ দৃষ্টিৰ বিকাৰ .... লেন্স চছমাৰ সহায়েৰে নোহোৱা কৰিব পাৰি।

উত্তৰঃ- অৱতল, উত্তল ।

ট) আমাৰ চকুৰ .... নাম ৰেটিনা।

উত্তৰঃ- পৰ্দাখনৰ ।

৫) চমু উত্তৰ দিয়াঃ-

ক) আমাৰ চকুত থকা লেন্সখন কি প্ৰকৃতিৰ ?

উত্তৰঃ- উত্তল ।

খ) আমি চকুৰে দেখা বস্তুৰ প্ৰতিবিম্ব ক´ত গঠিত হয় ?

উত্তৰঃ- ৰেটিনাত ।

গ) চকুৰ সমুখ ভাগত থকা স্বচ্ছ আৱৰণখনৰ নাম কি ?

উত্তৰঃ- কৰ্ণিয়া ।

ঘ) লেন্স আৰু ৰেটিনাৰ মাজৰ ঠাইখিনিত থকা জেলী সদৃশ পদাৰ্থবিধৰ নাম কি ?

উত্তৰঃ- ভিট্ৰিয়াছ হিউমাৰ (নেত্ৰমেদ) ।

ঙ) লেন্সৰ সমুখত থকা পনীয়া পদাৰ্থবিধৰ নাম কি ?

উত্তৰঃ- একুয়াছ হিউমাৰ (নেত্ৰৰস) ।

চ) চকুৰ মণিটো ক´লা দেখা যায় কিয় ?

উত্তৰঃ- চকুৰ মণিত পৰা সকলো পোহৰ চকুত ভিতৰলৈ সোমাই যায়, ইয়াৰ কোনো অংশ প্ৰতিফলিত নহয়। সেইবাবে চকুৰ মণিটো ক´লা দেখা যায়।

ছ) চকুৰ ৰেটিনাত থকা দুবিধ স্নায়ুকোষৰ নাম লিখা ?

উত্তৰঃ- চকুৰ ৰেটিনাত থকা দুবিধ স্নায়ুকোষৰ নাম হ´ল- ৰ´ড আৰু ক´ন কোষ।

জ) আইৰিছ (Iris) ৰ মাজত ক´লা ৰঙৰ ছিদ্ৰ এটা আছে। ইয়াৰ নাম কি ?

উত্তৰঃ- ইয়াক চকুৰ মণি বোলে ।

৬) দৃষ্টিদোষ কাক বোলে ? দুবিধ প্ৰধান দৃষ্টিদোষৰ নাম লিখা ?

উত্তৰঃ- স্বাভাৱিক চকুৰ মানুহে ২৫ চেন্টিমিটাৰতকৈ বেছি দূৰৰ যিকোনো বস্তু স্পষ্টকৈ দেখা পায়। অৰ্থা এই দূৰত্বত থকা যিকোনো বস্তুৰ প্ৰতিচ্ছবি চকুৰ ৰেটিনাত স্পষ্টভাৱে পৰে। কিন্তু বয়সৰ কাৰণে বা স্বাস্থ্য়জনিত বিভিন্ন কাৰণত চকুৰ ওচৰত বা আঁতৰত থকা বস্তুৰ স্পষ্ট আৰু অবিকৃত প্ৰতিবিম্ব ৰেটিনাত সৃষ্টি নহ´বও পাৰে। এনে সমস্য়াক দৃষ্টি-দোষ বুলি কোৱা হয়।

৭) নিকট দৃষ্টি কাক বোলে ? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্ৰ আঁকি বুজাই লিখা।

উত্তৰঃ- যিবোৰ ব্য়াক্তিয়ে দৃষ্টি-দোষৰ কাৰণে ওচৰৰ বস্তুবিলাক ভালকৈ দেখা পায়, কিন্তু দূৰৰ বস্তু মনিব নোৱাৰে তেনে ব্য়াক্তিৰ দৃষ্টি-দোষক নিকট দৃষ্টি বুলি কোৱা হয়।



যিহেতু প্ৰতিবিম্ব ৰেটিনাৰ আগত গঠিত হয় সেয়ে, উপযুক্ত যোজন ক্ষমতাযুক্ত অবতল লেন্স বিকাৰগ্ৰস্থক প্ৰদান কৰি সমান্তৰাল ৰশ্মিৰ অপসাৰণ ঘটালে সেই ৰশ্মিয়ে প্ৰতিবিম্বখিনি চিত্ৰত দেখুৱাৰ দৰে ৰেটিনাত গঠন কৰিব আৰু ব্য়াক্তিজনৰ দৃষ্টি-দোষ আঁতৰ হ´ব

৮) সুদূৰ দৃষ্টি কাক বোলে ? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্ৰসহ বৰ্ণনা কৰা।

উত্তৰঃ- যিবোৰ ব্য়াক্তিয়ে দৃষ্টি-দোষৰ কাৰণে দূৰৰ বস্তুবিলাক ভালকৈ দেখা পায়, কিন্তু ওচৰৰ বস্তু মনিব নোৱাৰে তেনে ব্য়াক্তিৰ দৃষ্টি-দোষক নিকট দৃষ্টি বুলি কোৱা হয়।



যিহেতু প্ৰতিবিম্ব ৰেটিনাৰ পিছত গঠিত হয় সেয়ে, উপযুক্ত যোজন ক্ষমতাযুক্ত উত্তল লেন্স বিকাৰগ্ৰস্থক প্ৰদান কৰি সমান্তৰাল ৰশ্মিৰ অভিসাৰণ ঘটালে সেই ৰশ্মিয়ে প্ৰতিবিম্বখিনি চিত্ৰত দেখুৱাৰ দৰে ৰেটিনাত গঠন কৰিব আৰু ব্য়াক্তিজনৰ দৃষ্টি-দোষ আঁতৰ হ´ব।











সূচীপত্ৰ