Class 8 Science niketan Seba Board Chapter 3rd কৃত্ৰিম আঁহ আৰু প্লাষ্টিক অধ্য়ায় ৩



১) উত্তৰ দিয়াঃ-

ক) কৃত্ৰিম আঁহ বুলিলে কি বুজা ?

উত্তৰঃ-কিছুমান আঁহ ৰাষায়নিক পৰীক্ষাগাৰত কৃত্ৰিমভাৱে মানুহে প্ৰস্তুত কৰে। এনেধৰণৰ আঁহবোৰক সাংশ্লেষিক, কৃত্ৰিম বা মানৱসৃষ্ট আঁহ বোলে।

খ) প্লাষ্টিকৰ ভাগ কেইটা আৰু কি কি ?

উত্তৰঃ- প্লাষ্টিক দুই প্ৰকাৰৰ

1)থাৰ্ম´প্লাষ্টিক বা তাপনমনীয় প্লাষ্টিক

2) থাৰ্ম´ছেটিং প্লাষ্টিক বা তাপদৃঢ় প্লাষ্টিক

গ) কাঠ পচিবৰ বাবে কিমান সময়ৰ প্ৰয়োজন ?

উত্তৰঃ- ১০ ৰ পৰা ১৫ বছৰ।

ঘ) 4R নীতি কি ?

উত্তৰঃ- 4R নীতিটো হৈছে-

হ্ৰাস কৰা, পুনৰ ব্য়াৱহাৰ কৰা, পুনৰাৱৰ্তন কৰা আৰু পুনৰুদ্ধাৰ কৰা (Reduce, Reuse, Recycle and Recover)

২) তলত দিয়া সামগ্ৰীসমুহৰ পদাৰ্থবোৰক পুনৰাৱৰ্তন কৰিব পৰাআৰু পুনৰাৱৰ্তন কৰিৱ নোৱাৰাহিচাপে শ্ৰেণীভুক্ত কৰা

উত্তৰঃ- পুনৰাৱৰ্তন কৰিব পৰা -প্লাষ্টিকৰ খেলনা, প্লাষ্টিকৰ চকী, কেৰি-বেগ, প্লাষ্টিকৰ বাটি।

          পুনৰাৱৰ্তন কৰিব নোৱাৰা – কুকাৰৰ নল, বৈদ্য়ুতিক ছুইচ, বৈদ্য়ুতিক তাঁৰৰ প্লাষ্টিকৰ আৱৰণ।

৩) তলত দিয়াবোৰ কিয় তাপদৃঢ় প্লাষ্টিকৰে বনোৱা হয়। ব্যাখ্যা কৰা

ক) বিদ্যুৎৰ প্লাগ/ চুইচ/ প্লাগ ব´ৰ্ড

উত্তৰঃ- বিদ্যুৎৰ প্লাগ/ চুইচ/ প্লাগ ব´ৰ্ড আদি বেকেলাইটৰ পৰা প্ৰস্তুত কৰা হয় কাৰণ বেকেলাইট তাপ আৰু বিদ্য়ুৰ কু-পৰিবাহী।

খ) ছছপেনৰ নাল

উত্তৰঃ- ছছপেনৰ নাল মেলামাইনৰ পৰা প্ৰস্তুত কৰা হয় কাৰণ মেলামাইন অগ্নি প্ৰতিৰোধী আৰু আন প্লাষ্টিকতকৈ অধিক তাপ সহ্য কৰিব পাৰে।

গ) অগ্নিপ্ৰতিৰোধী কাপোৰ

উত্তৰঃ- অগ্নি প্ৰতিৰোধী কাপোৰ মেলামাইনৰ পৰা প্ৰস্তুত কৰা হয় কাৰণ মেলামাইন অগ্নি প্ৰতিৰোধী আৰু আন প্লাষ্টিকতকৈ অধিক তাপ সহ্য কৰিব পাৰে।

৪) তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য উল্লেখ কৰা

উত্তৰঃ-

থাৰ্ম´প্লাষ্টিক বা তাপনমনীয় প্লাষ্টিক

থাৰ্ম´ছেটিং প্লাষ্টিক বা তাপদৃঢ় প্লাষ্টিক

১) এই প্লাষ্টিকবোৰ তাপ পালে সহজে বিকৃত হয়।

১) এই প্লাষ্টিকবোৰ তাপ পালে সহজে বিকৃত হৈ নাযায়।

২) এই প্লাষ্টিকবোৰক তপতাই পুনৰাই নতুন আকৃতি দিব পাৰি

২) ইহঁতক তপতাই নতুন আকৃতি দিব নোৱাৰি।

৩) পলিথিন PVC আদি  থাৰ্ম´প্লাষ্টিক

৩) বেকেলাইট, মেলামাইন আদি  থাৰ্মছেটিং প্লাষ্টিড।

৪)এইবোৰক অগ্নি প্ৰতিৰোধী আৱৰণ হিচাপে ব্য়াৱহাৰ কৰিব নোৱাৰি।

৪) এইবোৰক অগ্নি প্ৰতিৰোধী বাচন-বৰ্তন নিৰ্মান আৰু বৈদ্যুতিক সঁজুলি নিৰ্মানত সচৰাচৰ ব্য়াৱহাৰ কৰা হয়

 

 










৫) পৰাপক্ষত প্লাষ্টিক বৰ্জন কৰা উচিত”-- কাৰণ দৰ্শাই ব্যাখ্যা কৰা

উত্তৰঃ- পৰাপক্ষত প্লাষ্টিক বৰ্জন কৰা উচিত”—কাৰণ প্লাষ্টিক হ´ল জৈৱ অপচনশীল পদাৰ্থ। অৰ্থা যিবোৰ পদাৰ্থ প্ৰাকৃতিক ক্ৰিয়াৰ ফলত সহজে গলি মাটিৰ লগত মিহলি হৈ নাযায় বা বেক্টেৰিয়াৰ দ্বাৰা বিয়োজিত নহয় সেইবোৰক জৈৱ অপচনশীল পদাৰ্থ বোলা হয়। কাৰণ এই পদাৰ্থবোৰ অনিৰ্দিষ্ট কালৰ বাবে মাটিৰ তলত ৰৈ যায় যাৰ ফলত মাটিৰ তলত বসবাস কৰা জীৱ বা উদ্ভিদ আদিৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰে, আৰু যাৰ ফলত মাটি প্ৰদুষণ হয়।

তাৰওপৰিও যদি আমি প্লাষ্টিক পুৰিবলৈ লও ই নাইট্ৰ´জেন অক্সাইড, ছালফাৰ ডাই-অক্সাইড, বেঞ্জোপাইৰিন আৰু পলিএৰোমেট্ৰিক হাইড্ৰকাৰ্বনৰ দৰে এক বিষাক্ত ধোঁৱা এৰি দিয়ে। যিটো বায়ু প্ৰদুষণৰ বাবে যথেষ্ট অৰিহণা যোগাবলৈ সক্ষম। যাৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰে।

কেতিয়াবা প্লাষ্টিক সমুহ নদ-নদী, সাগৰ-মহাসাগৰত নিক্ষেপিত কৰা হয় ইয়াৰ ফলত জলীয় জীৱ সমুহ বিপৰ্যয়ৰ মুখত পৰে, কাছ আদিৰ গলত বা বিভিন্ন জলীয় জীৱৰ শৰীৰত লাগি ধৰি ইহঁতৰ শাৰিৰিক বৃদ্ধিত বাধা প্ৰদান বা বিকৃত কৰে। খাদ্য়ৰ সন্ধানত কিছু জীৱ প্লাষ্টিকৰ মাজত আৱদ্ধ হৈ বা খাদ্যৰ লগত গ্ৰহণ কৰি মৃত্য়ুবৰণ কৰিবলগীয়া হয়। কেতিয়াবা পানীৰ ওপৰিভাগত এক আৱৰণৰ সৃষ্টি কৰি পানীৰ তলত থকা গছ-গছনীৰ বাহিৰা পৰিৱেশৰ লগত থকা সংযোগ বিচ্ছিন্ন কৰে। যাৰ ফলত উদ্ভিদ সমুহৰ লগতে সেই ঠাইৰ পৰিস্থিতি তন্ত্ৰ যথেষ্ট পৰিমানে ঋণাত্মকভাৱে প্ৰভাৱিত হয়।

৬) কৃত্ৰিম আঁহৰ বিশেষত্বসমুহ কি কি?

উত্তৰঃ- এই আঁহৰ পৰা তৈয়াৰী পোছাকবোৰ ধুলে সোনকালে শুকায়, বহুদিন টিকে, সহজে পোৱা যায় আৰু সহজে ৰাখিব পাৰি।

৭) ৰান্ধনিশালত কাম কৰোঁতে কৃত্ৰিম আঁহৰ দ্বাৰা তৈয়াৰী পোচাক কিয় পৰিধান কৰিব নালাগে

উত্তৰঃ- ৰান্ধনিশালত ৰান্ধনিয়ে প্ৰায়ভাগ সময় জুইৰ ওচৰতে থাকিবলগীয়া হয়। কৃত্ৰিম আঁহ তপতালে গলি যায় সেয়ে এনে কাপোৰ ৰান্ধনিশালত পিন্ধাটো বিপদজনক হ´ব পাৰে। কাৰণ কাপোৰ গলি গৈ পিন্ধি থকা মানুহজনৰ শৰীৰত লাগি ধৰে।সেয়ে কৃত্ৰিম আঁহৰ দ্বাৰা তৈয়াৰী পোচাক পৰিধান কৰিব নালাগে

৮) প্লাষ্টিকৰ লগত পৰিৱেশৰ সম্পৰ্ক কি বুজাই লিখা

উত্তৰঃ- প্ৰতিটো জীৱ পৰিৱেশৰ লগত প্ৰত্য়েক্ষ সংযোগত থাকে, সেয়ে পৰিৱেশৰ ভাল-বেয়াৰ ওপৰত প্ৰতিটো প্ৰাণীৰ জীৱন শৈলী আৰু দৈহিক স্থিতি নিৰ্ভৰ কৰে।

আমি কেতিয়াবা প্লাষ্টিক সমুহ মাটিত পেলাই দিও, এসময়ত এইবোৰ মাটিৰ তললৈ গুচি যায়। যাৰ ফলত গছৰ শিপা আদি লাগি ধৰে আৰু গভীৰতাত শিপাসমুহ প্ৰৱেশত বাধা প্ৰদান কৰে যিয়ে গছৰ বৃদ্ধি আৰু পুষ্টি দ্ৰৱ্য় আহৰণত অসুবিধা হয় ফলত গছজোপাৰ মৃত্য়ু ঘটে। বহুঠাইত গছ-গছনী নগজেই।

একেদৰে পানীত আমি প্লাষ্টিকসমুহ নিক্ষেপ কৰো যাৰ ফলত প্লাষ্টিকে পানীৰ ওপৰত আৱৰণৰ সৃষ্টি কৰে আৰু পানীৰ তলত থকা উদ্ভিদসমুহৰ বাবে এক প্ৰত্য়াহ্বানৰ সৃষ্টি কৰে।একেদৰে মাছ আদি জলজ জীৱৰ ক্ষেত্ৰত কেতিয়াবা খাদ্য় হিচাপে প্লাষ্টিক গ্ৰহণ কৰে নাইবা প্লাষ্টিকৰ মাজত আৱদ্ধ হৈ পৰে নাইবা দেহত লাগি ধৰি দৈহিক গঠন বিকৃত কৰে যাৰ বাবে প্ৰাণীটো মৃত্যুৰ মুখত পৰে।

একেদৰে যদি পুৰোৱা হয় তেন্তে নাইট্ৰ´জেন অক্সাইড, ছালফাৰ ডাই-অক্সাইড, বেঞ্জোপাইৰিন আৰু পলিএৰোমেট্ৰিক হাইড্ৰকাৰ্বনৰ দৰে এক বিষাক্ত ধোঁৱা এৰি দিয়ে। যিটো বায়ু প্ৰদুষণৰ বাবে যথেষ্ট অৰিহণা যোগাবলৈ সক্ষম। যাৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰে।

সেয়ে আমি দোকানৰ পৰা সামগ্ৰী কিনিবলৈ যাওতে মৰাপাঠ বা কাপোৰৰ মোনা লগত লৈ যোৱা উচিত।এইটো জৈৱ পচনশীল হোৱাৰ বাবে মাটিত পেলোৱাৰ পিছত এয়া বিয়োজিত হৈ যাব আৰু পৰিবেশত কোনোধৰণৰ ঋণাত্মক প্ৰভাব নেপেলাব। যিবোৰ প্লাষ্টিক জাতীয় আৱৰ্জনা সেইবোৰক জৈৱ পচনশীল আৰু অপচনশীল হিচাপে পৃথকে পৃথকে সংগ্ৰহ কৰি ৰাখিব লাগে আৰু পুনৰাৱৰ্তনৰ ব্য়াবস্থা কৰিব লাগে। 

৯) শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ-

কৃত্ৰিম আঁহ সমুহৰ পৰা ৰেয়ন বেলেগ, কিয়নো?

(ক)প্ৰাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আঁহবোৰ বব পাৰি।

(খ) ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়।

(গ) ইয়াৰ এটা ৰেচম সদৃশ ৰূপ আছে।

উত্তৰঃ-কৃত্ৰিম আঁহ সমুহৰ পৰা ৰেয়ন বেলেগ, কিয়োনো- ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়। (প্ৰাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আঁহবোৰ বব পাৰি)।

১০) স্তম্ভত দিয়া শব্দবোৰক স্তম্ভৰ খণ্ড বাক্য লগত শুদ্ধকৈ মিলোৱা

´´

´´

পলিয়েষ্টাৰ

কাঠৰ মণ্ড ব্য়াৱহাৰ কৰি প্ৰস্তুত কৰা হয়

টেফ্ল´

মোজা আৰু পেৰাছুট বনাবলৈ ব্য়াৱহাৰ কৰা হয়।

ৰেয়ন

আঁট খাই অথবা লাগি নধৰা ৰন্ধন সৰঞ্জাম বনাবলৈ ব্য়াৱহাৰ কৰা হয়।

নাইলন

সহজে সোঁটৰা নপৰা কাপোৰ।

 

উত্তৰঃ-

´´

´´

পলিয়েষ্টাৰ

সহজে সোঁটৰা নপৰা কাপোৰ।

টেফ্ল´

আঁট খাই অথবা লাগি নধৰা ৰন্ধন সৰঞ্জাম বনাবলৈ ব্য়াৱহাৰ কৰা হয়।

ৰেয়ন

কাঠৰ মণ্ড ব্য়াৱহাৰ কৰি প্ৰস্তুত কৰা হয়।

নাইলন

মোজা আৰু পেৰাছুট বনাবলৈ ব্য়াৱহাৰ কৰা হয়।

 






সূচীপত্ৰ