Class 8 Science niketan Seba Board Chapter 17th চাপ আৰু প্লাবিতা অধ্য়ায়-১৭

 



 

A. চমু প্ৰশ্নঃ-

১) হেঁচা আৰু চাপৰ মাজত পাৰ্থক্য় কি?

উত্তৰঃ-

হেঁচা

চাপ

১) বস্তু এটাই মাধ্য়াকৰ্ষণিক বলৰ বাবে উলম্বভাৱে প্ৰয়োগ কৰা বল

১) কোনো পৃষ্ঠৰ একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক চাপ কয়।

২) বস্তুৰ হেঁচাৰ পৰিমাণ তাৰ ওজনৰ ওপৰত নিৰ্ভৰশীল।

২) সেই বস্তুটোৱে প্ৰতি একক ক্ষেত্ৰফলত প্ৰয়োগ কৰা বল বা হেঁচাৰ পৰিমাণৰ ওপৰত চাপ নিৰ্ভৰশীল।

 

২) চাপ কাক বোলে? ই বল আৰু ক্ষেত্ৰফলৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে?

উত্তৰঃ- কোনো পৃষ্ঠৰ প্ৰতি একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক চাপ বোলে।








কোনো বস্তুৰ চাপ বস্তুটোৰ ওজন বা হেঁচা বা বল আৰু প্ৰয়োগ কৰা ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰশীল।

৩) ছুৰী বা কটাৰী এখন কিয় ধাৰ দিয়া হয় আৰু গজাল এটাৰ এফালে কিয় জোঙা কৰা হয়?

উত্তৰঃ-আমি জানো যে,








অৰ্থা, চাপ বলৰ সমানুপাতিক আৰু

চাপ ক্ষেত্ৰফলৰ ব্য়াস্তানুপাতিক, যাৰ অৰ্থ এয়ে যে যদি বল বৃদ্ধি কৰা হয় তেন্তে চাপ সমান্তৰালভাৱে বৃদ্ধি হৈ গৈ থাকিব। একেদৰে যদি আমি বস্তুটোৰ ক্ষেত্ৰফল বঢ়াও তেন্তে চাপ কমিব আৰু ক্ষেত্ৰফল কমাই গৈ থাকিলে চাপ ক্ৰমাত বৃদ্ধি হৈ গৈ থাকিব। যাৰ বাবে ছুৰী বা কটাৰী এখন কিয় ধাৰ দি তাৰ আগটো জোঙা কৰা হয় যাতে ক্ষেত্ৰফল কমে আৰু চাপ বৃদ্ধি হয়। যাৰ ফলত ছুৰিটোৰে সহজতে বস্তু এটা কাটিব পৰা হয়। একেদৰে গজাল এটা জোঙা কৰি তাৰ ক্ষেত্ৰফল কমোৱাত চাপ বৃদ্ধি কৰাত সহায়ক হয় যাৰ ফলত কম বল প্ৰয়োগ কৰি গজালটো সুমুৱাই দিব পাৰি।

৪) নৈ বা সাগৰৰ পাৰ বান্ধিলে বান্ধটো ওপৰৰপৰা তললৈ কিয় ডাঠকৈ নিৰ্মান কৰা হয়?

উত্তৰঃ- আমি জানো যে জুলীয়া পদাৰ্থৰ পাৰ্শ্বচাপ তাৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে ওপৰৰ পৰা তললৈ যিমান গভীৰতাত বান্ধটো বান্ধিবলৈ যতন কৰা হয় সিমানে বান্ধটো ডাঠ কৰা হয়। যাতে বান্ধটোত গভীৰতাৰ বৃদ্ধিৰ লগে লগে নৈৰ পানীয়ে তাৰ ওপৰত প্ৰয়োগ হোৱা ক্ৰম বৰ্ধমান পানীৰ পাৰ্শ্বচাপক অনায়েশে সহ্য় কৰিব পাৰে। অন্য়থাই বান্ধটো ভাঙি যোৱাৰ সম্ভাৱনা থাকে।

৫) বায়ু মণ্ডলীয় চাপ কাক বোলে?

উত্তৰঃ-পৃথিৱীৰ চাৰিওফালে প্ৰায় ১০০০ কি.মি. দূৰত্বলৈ আগুৰি থকা বাষ্পীয় আৱৰণটোক বায়ুমণ্ডল বোলা হয়। এই বায়ুৱে প্ৰয়োগ কৰা চাপকে বায়ুমণ্ডলীয় চাপ বোলে।

৬) উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলীয় চাপ কিয় কমি যায় কাৰণ দৰ্শাই বুজাই লিখা।

উত্তৰঃ- বায়ুমণ্ডলৰ বায়ুৰ চাপ আৰু ঘনত্ব পৃথিৱীপৃষ্ঠত আটাইতকৈ বেছি আৰু যিমানে ওপৰলৈ যোৱা যায় সিমানে বায়ুৰ ঘনত্ব কমি যায়, যিহেতু ঘনত্ব কমে সেয়ে ওজন ও কমিব আৰু হেঁচাৰ পৰিমাণ কম হব যাৰ বাবে চাপ ক্ৰমাত কমি যায়।

৭) ষ্ট্ৰ নলীকাৰে আমি কেনেদৰে চৰবত খাব পাৰোঁ।

উত্তৰঃ- এয়া সম্পূৰ্ণ বায়ু মণ্ডলীয় চাপৰ প্ৰভাৱত হয়। কাৰণ চৰবত খোৱাৰ সময়ত ষ্ট্ৰ নলীকাৰে সৈতে মুখৰ ভিতৰত থকা বায়ুৰ চাপ কমাই প্ৰায় নহোৱা কৰা হয়। ইফালে বায়ুমণ্ডলীয় চাপে পাত্ৰত থকা চৰবতৰ ওপৰত ক্ৰিয়া কৰে। ষ্ট্ৰ নলীকাত বায়ুৰ অনুপস্থিতিৰ বাবে চাপ কম হয় যাৰ বাবে চৰবতৰ ওপৰত ক্ৰিয়া কৰা তুলনামুলকভাৱে বৃহত্তৰ বায়ুমণ্ডলীয় চাপে চৰবতখিনিক ষ্ট্ৰ নলীকাৰ মাজেদি সোমাবলৈ হেঁচা দিয়ে। একেদৰে যিহেতু মুখৰ ভিতৰত ও বায়ুৰ চাপ প্ৰায় শূন্য় সেয়ে একেবিধ বায়ু মণ্ডলীয় চাপৰ প্ৰভাৱত ষ্ট্ৰ নলীকাৰ পৰা চৰবত মুখত প্ৰৱেশ কৰে, এনেদৰে আমি ষ্ট্ৰ নলীকাৰে চৰবত খাব পাৰোঁ।

৮) আৰ্কিমিডিছৰ সূত্ৰটো লিখা।

উত্তৰঃ- আৰ্কিমিডিছৰ সূত্ৰটো হ´ল- কোনো বস্তু তৰল পদাৰ্থত আংশিকভাৱে বা সম্পূৰ্ণৰূপে ডুবালে ইয়াৰ ওজন কমা যেন বা ই ওজন হেৰুওৱা যেন লাগে, এই কমা বা হেৰুওৱা ওজন বস্তুটোৱে অপসাৰিত কৰা তৰল পদাৰ্থৰ ওজনৰ সমান।

৯) বৰফ পানীত ওপঙে কিয়?

উত্তৰঃ- আমি জানো পানী গোট মাৰি বৰফ হয় সেয়ে পানীৰ তুলনাত বৰফত যথেষ্ট খালী ঠাই আছে বা পাতল। লগতে বৰফৰ ঘনত্ব পানীতকৈ কম সেয়ে বৰফ এটুকুৰাক পানীত নিমজ্জিত কৰিলে, ই অপসাৰণ কৰা পানীৰ ওজন, বৰফত কৈ বেছি হয়। যাৰ বাবে বৰফ টুকুৰাই ওজন হেৰুৱাই পানীত ওপঙে।

১০) ওপঙনৰ চৰ্তকেইটা লিখা।

উত্তৰঃ-

ওপঙনৰ চৰ্তঃ-

১. যদি W1< W2 , অৰ্থাৎ বস্তুটোৰ ওজন যদি বস্তুটোৱে সম্পূৰ্ণৰূপে নিমজ্জিত অৱস্থাত অপসাৰিত কৰা তৰল পদাৰ্থৰ ওজনতকৈ কম হয়, বস্তুটো আংশিকভাৱে নিমজ্জিত অৱস্থাত তৰল পদাৰ্থত ওপঙি থাকিব।

২. যদি W1= W2 , অৰ্থাৎ বস্তুটোৰ ওজন যদি বস্তুটোৱে সম্পূৰ্ণৰূপে নিমজ্জিত অৱস্থাত অপসাৰিত কৰা তৰল পদাৰ্থৰ ওজনৰ সমান হয়, বস্তুটো সম্পূৰ্ণৰূপে নিমজ্জিত অৱস্থাত পদাৰ্থটোৰ মাজত যিকোনো অৱস্থাত স্থিৰ হৈ  থাকিব।

৩. যদি W1> W2 , অৰ্থাৎ বস্তুটোৰ ওজন যদি বস্তুটোৱে সম্পূৰ্ণৰূপে নিমজ্জিত অৱস্থাত অপসাৰিত কৰা তৰল পদাৰ্থৰ ওজনতকৈ বেছি হয়, বস্তুটো তৰল পদাৰ্থত ডুব যাব।

B. কাৰণ দৰ্শোৱা-

ক) লো এডোখৰ পানীত ডুব যায় কিন্তু লোৰে নিৰ্মিত প্ৰকাণ্ড জাহাজ এখন পানীত উপঙি থাকে কিয়?

উত্তৰঃ- লো এডোখৰ পানীত ডুব যায় কিন্তু লোৰে নিৰ্মিত প্ৰকাণ্ড জাহাজ এখন পানীত উপঙি থাকে, কাৰণ লোৰ টুকুৰা এটাৰ ওজনৰ তুলনাত টুকুৰাটোৱে অপসাৰণ কৰা পানীৰ ওজন কম, লগতে লোৰ টুকুৰা এটাৰ ঘনত্ব একে আয়তনৰ পানীতকৈ যথেষ্ট বেছি,সেয়ে লোৰ এডোখৰ পানীত ডুব যায়। কিন্তু লোৰে নিৰ্মিত জাহাজৰ ওজন জাহাজটোৱে অপসাৰিত কৰা পানীৰ ওজনতকৈ কম, একেদৰে জাহাজৰ মাজত খালী ঠাই থকাৰ বাবে জাহাজৰ ঘনত্ব একে আয়তনৰ পানীৰ তুলনাত কম,সেয়ে জাহাজ পানীত উপঙিব পাৰে।

খ) ডুবাৰু জাহাজ এখনে পানীত কেনেদৰে ওপঙি থাকিব পাৰে আৰু ডুব মাৰিবও পাৰে?

উত্তৰঃ- ডুবাৰু জাহাজ বা ছাৱমেৰিন এটাই যেতিয়া পানীৰ ওপৰত উপঙিব বিচাৰে তেতিয়া ইয়াৰ ব্লাষ্ট টেংকসমূহৰ পৰা পানী উলিয়াই দিয়ে এনে কৰাত জাহাজৰ ওজনৰ তুলনাত জাহাজটোৱে অপসাৰিত কৰা পানীৰ ওজন বেছি হয়, লগতে পানী উলিয়াই দিয়াত জাহাজৰ ঘনত্ব সমআয়তনৰ পানীৰ ঘনত্বতকৈ কম হয় সেয়ে ডুবাৰু জাহাজটো পানীত উপঙিব পাৰে। একেদৰে যেতিয়া ডুব মাৰিব লগা হয়, তেতিয়া ব্লাষ্ট টেংকবোৰত পানী ভৰাই জাহাজৰ ওজন বৃদ্ধি কৰা হয়। এনে কৰাত জাহাজৰ ওজনৰ তুলনাত জাহাজটোৱে অপসাৰিত কৰা পানীৰ ওজন কম হয়, লগতে পানী সোমোৱাই লোৱাত জাহাজৰ ঘনত্ব সমআয়তনৰ পানীৰ ঘনত্বতকৈ বেছি হয় সেয়ে ডুবাৰু জাহাজটো পানীত ডুবিব পাৰে।

গ) উডজান (Hydrogen) বাষ্প ভোৰোৱা বেলুন এটা কিয় ওপৰলৈ উৰি যায়?

উত্তৰঃ- উডজান (Hydrogen) বাষ্প হ´ল বায়ুমণ্ডলৰ বায়ুৰ তুলনাত পাতল সেয়ে বায়ুমণ্ডলৰ বায়ুৱে ইয়াৰ ওপৰত উৰ্দ্ধমূখী বল প্ৰয়োগ কৰে। যাৰ ফলত উডজান বাষ্প যুক্ত বেলুটোৰ ওপৰত বায়ুমণ্ডলে এক উৰ্দ্ধমূখী বল প্ৰয়োগ কৰে। যাৰ বাবে এই বলৰ প্ৰভাৱত বেলুনটো ওপৰলৈ উৰি যায়।

C. খালী ঠাই পূৰণ কৰাঃ-

ক) চাপ, বল আৰু ---- দুয়োটাৰে ওপৰত নিৰ্ভৰ কৰে।

উত্তৰঃ- ক্ষেত্ৰফল ।

খ) চাপৰ S.I. একক হ´ল ------।

উত্তৰঃ-´পাস্কেল´ ।

গ) চাপ ----- কৰিবৰ বাবে পকীঘৰৰ ভূমিভাগ বহল কৰা হয়।

উত্তৰঃ- কম ।

ঘ) হেঁচাৰ প্ৰভাৱকে ------ বোলে।

উত্তৰঃ- চাপ ।

ঙ) জুলীয়া পদাৰ্থৰ চাপক ------- ভাগত ভগাব পাৰি।

উত্তৰঃ- তিনি ।

D. উত্তৰ দিয়াঃ-

ক) হেঁচাৰ প্ৰভাৱক কি ভৌতিক ৰাশিৰদ্বাৰা প্ৰকাশ কৰা হয়।

উত্তৰঃ- হেঁচাৰ প্ৰভাৱক চাপ নামৰ ভৌতিক ৰাশিৰদ্বাৰা প্ৰকাশ কৰা হয়।

খ) চাপৰ এছ. আই. একক কি?

উত্তৰঃ- চাপৰ এছ. আই. একক হ´ল- ´পাস্কেল´ ।

গ) একক ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়া কৰা হেঁচাক কি বোলে?

উত্তৰঃ- একক ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়া কৰা হেঁচাক চাপ বোলে।

ঘ) জুলীয়া পদাৰ্থ আৰু বাষ্পীয় পদাৰ্থক একেলগে কি পদাৰ্থ বোলে।

উত্তৰঃ- জুলীয়া পদাৰ্থ আৰু বাষ্পীয় পদাৰ্থক একেলগে তৰল পদাৰ্থ বোলে।

ঙ) জুলীয়া পদাৰ্থৰ চাপক কি কি ভাগত ভগাব পাৰি?

উত্তৰঃ- জুলীয়া পদাৰ্থৰ চাপক পাশ্বচাপ, উৰ্দ্ধচাপ আৰু নিম্নচাপ নামেৰে তিনিটা ভাগত ভগাব পাৰি।

চ) তৰল পদাৰ্থৰ মাজেৰে চাপৰ সঞ্চালনৰ পাস্কেলৰ সূত্ৰটো লিখা।

উত্তৰঃ- পাস্কেলৰ সূত্ৰটো হ´ল- আবদ্ধ তৰল পদাৰ্থৰ কোনো অংশত চাপ প্ৰয়োগ কৰিলে সেই চাপ অপৰিৱৰ্তিতভাৱে তৰল পদাৰ্থটোৰ মাজেৰে সকলো দিশতে সঞ্চালিত হয় আৰু সেই চাপে ইয়াৰ আধাৰৰ সকলো পিনৰ বেৰৰ ওপৰত লম্বভাৱে ক্ৰিয়া কৰে।

E. দীঘল প্ৰশ্ন (Long Answer)-

ক) জুলীয়া পদাৰ্থৰ ভিতৰত যিকোনো দিশতে চাপ সকলো বিন্দুতে সমান – এটা পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰা।

উত্তৰঃ- ৰবৰৰ বল এটা লৈ চাৰিওফালে বেজীৰে ফুটা কৰি লোৱা ´ল। এতিয়া বলটোত পানী সুমুৱাই দিয়া হ´ল। বাহিৰৰ পৰা বেজীৰে বায়ু সোমাই দিয়াত বলটোৰ ভিতৰত চাপৰ সৃ্ষ্টি হব আৰু তাৰ পিছত সেই চাপৰ প্ৰভাৱত পানী চৌদিশে একে বেগতে প্ৰতিটো ফুটাৰে ওলাই যোৱা পৰিলক্ষিত হ´ব। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে জুলীয়া পদাৰ্থৰ ভিতৰত যিকোনো দিশতে চাপ সকলো বিন্দুতে সমান।

খ) ভূপৃষ্ঠৰ ওপৰত বায়ুমণ্ডলীয়  চাপ কাক বোলে? শোষক এটা মসৃণ পৃষ্ঠত হেঁচা মাৰি ধৰিলে পৃষ্ঠখনত লাগি ধৰে কিয়?

উত্তৰঃ- পৃথিৱীৰ চাৰিওফালে প্ৰায় ১০০০ কি.মি. দূৰত্বলৈ আগুৰি থকা বাষ্পীয় আৱৰণটোক বায়ুমণ্ডল বোলা হয়। এই বায়ুৱে ভূ-পৃষ্ঠত প্ৰয়োগ কৰা চাপকে ভূ-পৃষ্ঠৰ ওপৰৰ বায়ুমণ্ডলীয় চাপ বোলে।

শোষক এটা হেঁচি ধৰিলে, ইয়াৰ বাটি আৰু পৃষ্ঠৰ মাজৰ অধিকাংশ বায়ু ওলাই যায় আৰু বায়ুৰ ঘনত্ব কমি যোৱাত, শোষকৰ ভিতৰত বায়ুৰ চাপ বাহিৰৰ বায়ুমণ্ডলীয় চাপতকৈ বহু পৰিমাণে কম হয়। তেতিয়া শোষকটোৰ পৃষ্ঠ লিপিড খাই ধৰে,কাৰণ ইয়াৰ বহিঃপৃষ্ঠত ক্ৰিয়া কৰা বায়ুমণ্ডলীয় চাপ বহুগুণে বেছি আৰু ডাঙৰ হয়।

গ) আৰ্কিমিডিছৰ সূত্ৰটো লিখি এটা পৰীক্ষাৰদ্বাৰা প্ৰমাণ কৰা।

উত্তৰঃ- আৰ্কিমিডিছৰ সূত্ৰটো হ´ল- কোনো বস্তু তৰল পদাৰ্থত আংশিকভাৱে বা সম্পূৰ্ণৰূপে ডুবালে ইয়াৰ ওজন কমা যেন বা ই ওজন হেৰুওৱা যেন লাগে, এই কমা বা হেৰুওৱা ওজন বস্তুটোৱে অপসাৰিত কৰা তৰল পদাৰ্থৰ ওজনৰ সমান।

এটা শিল বা কাঠৰ টুকুৰা এটা, এখন স্প্ৰিং তুলা, এটা নিৰ্গমন নলী, এটা মিলিমিটাৰৰ দাগ কটা বিকাৰ লোৱা হ´ল। প্ৰথমে স্প্ৰিং তুলাৰে শিলটোৰ ওজন জুখি লিখি লোৱা হ´ল। ধৰা হ´ল এই ওজন W1 নিৰ্গমন নলীযুক্ত পাএটো পানীৰে পূৰ্ণ কৰি নিৰ্গমন নলীৰ সীমালৈকে পূৰ কৰা ´ল। এতিয়া স্প্ৰিং তুলা ওলোমাই ৰখা অৱস্থাতে শিলটো সম্পূৰ্ণৰূপে পানীত ডুবাই দিয়া হ´ল।শিলটোৱে কিছু পানী নিৰ্গমন নলীকাৰে অপসাৰণ কৰিব আৰু এই পানী বিকাৰত জমা হ´ব। এতিয়া শিলটো পানীত ডুবি থকা অৱস্থাতে ওজনটো টুকি লোৱা হ´ল। ধৰা হ´ল এই ওজন W2। গতিকে শিলটোৱে হেৰুওৱা ওজন হ´ব W1- W2।আকৌ ধৰা´ল বিকাৰত জমা হোৱা পানীৰ ওজন W3। বিকাৰত দাগ চাই আমি জমা হোৱা পানীৰ আয়তন উলিয়াব পাৰোঁ। সেই আয়তনৰ পৰা পানীৰ ওজন উলিয়াব পাৰোঁ। দেখা যাব W1- W2= W3 ,ইয়েই আৰ্কিমিডিছৰ সূত্ৰ।

ঘ) গভীৰতা বঢ়াৰ লগে লগে তৰল পদাৰ্থৰ পাৰ্শ্বচাপ বাঢ়ে, এটা পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰা।

উত্তৰঃ- প্ৰথমে এটা প্লাষ্টিকৰ বটল লোৱা হ´ল। বটলটোত ওপৰৰ পৰা তললৈ উলম্ব দিশতে তিনিটা ভিন্ন গভীৰতাত A,B,C বিন্দুত ফুটা কৰা হ´ল। ফুটাবোৰ এতিয়া চেলোটেপেৰে বন্ধ কৰি বটলৰ মুখলৈ পানী ভৰোৱা হ´ল। বটলৰ সোপাটো খুলি ৰখা হ´ল। এতিয়া বটলটো মেজৰ ওপৰত ৰাখি চেলটেপডাল আঁতৰাই ফুটাবিলাক মুকলাই দিয়া হ´ল। প্ৰথমটো ফুটা A ৰে পানী সমীপত পৰা দেখা যাব। তুলনামূলকভাৱে B ৰে পানী অলপ দূৰৈত পৰিব। আৰু C ৰে একেবাৰে আঁতৰত পৰা পৰিলক্ষিত হ´ব। ইয়াৰ পৰা আমি কব পাৰি যে,গভীৰতা বৃদ্ধি হোৱাৰ লগে লগে পাত্ৰৰ বেৰত চাপ অৰ্থা পাৰ্শ্বচাপ বাঢ়ে।





সূচীপত্ৰ