Class 8 Science niketan Seba Board Chapter 14th বিদ্য়ুৎ প্ৰবাহৰ ৰাষায়নিক ক্ৰিয়া অধ্য়ায়-১৪



১ ) খালী ঠাই পূৰ কৰা -

 ক) বিদ্যুৎ পৰিবহণ কৰা বেছিভাগ জুলীয়া পদার্থই                                , ৰ দ্ৰৱ।

উত্তৰঃ ক্ষাৰক, এচিড ,লৱণ।

 খ) দ্ৰৱ এটাৰ মাজেৰে প্রবাহিত হোৱা বিদ্যুতে                    ক্ৰিয়াৰ সৃষ্টি হয়। 

উত্তৰঃ ৰাসায়নিক।

গ ) কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে বেটাৰীৰ                মেৰুৰ লগত সংযোগ কৰা পাটৰ ওপৰত তামৰ প্রলেপ পৰিব।

উত্তৰঃ ঋণাত্মক। 

ঘ) বিদ্যুতৰদ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কার্যক                   বোলে।

উত্তৰঃ বিদ্যুৎ।

 

 ২ ) যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায়। তুমি কাৰণটো ব্যাখ্যা কৰা।

উত্তৰঃ কিছুমান দ্ৰবত দ্ৰবীভূত কৰিলে পদাৰ্থৰ অণুবোৰ ভাগি দুটা ভাগত বিভক্ত হয়ইয়াৰে এটা ধনাত্মক আৰু আনটো ভাগ ঋণাত্মক আধানযুক্তএই ভাগ দুটাক ধন আয়ন আৰু ঋণ আয়ন বোলেএনে ধৰণৰ আয়ন থকা তৰল পদাৰ্থৰ মাজেদি অৱস্থা বিশেষে এই আয়নবোৰ বিশেষ দিশত গতি কৰেইয়াৰ ফলতে তৰলৰ মাজেদি বিদ্যুৎ প্রবাহিত হয়

 

৩।  তিনিবিধ জুলীয়া পদাৰ্থৰ নাম লিখা ,যিবোৰ  চিত্ৰত দেখুওৱা ধৰণে পৰীক্ষা কৰিলে চৌম্বিক শলাৰ বিক্ষেপণ ঘটিব পাৰে।


উত্তৰ:- তিনিবিধ জুলীয়া পদাৰ্থৰ নাম ক্ৰমে নেমুৰস, ভিনেগাৰ, গাখীৰ আদিৰে পৰীক্ষা কৰিলে চৌম্বিক শলাৰ বিক্ষেপণ ঘটিব পাৰে।

 


৪। চিত্ৰত দেখুওৱা ব্যৱস্থাত বাল্বটো জ্বলা নাই। সম্ভৱৰ কাৰণবোৰ লিখা। তোমাৰ উত্তৰ ব্যাখ্যা কৰিবা। 

উত্তৰঃ সম্ভৱৰ কাৰণবোৰ,

1)     কোনো পদাৰ্থই বিদ্যুৎ পৰিবহণ কৰিলেও ধাতুৰ দৰে সুপৰিবাহী নহবও পাৰে, অৰ্থাৎ ধাতুবিধৰ পৰিবহণ কৰিব পৰা গুণ থাকিব লাগিব

2)     বৰ্তনীৰ মাজেৰে প্রবাহিত বিদ্যুতৰ মান কম হ’লে, ফিলামেণ্টডাল যথেষ্ট পৰিমাণে উত্তপ্ত নহ'ব আৰু তেতিয়া নজ্বলিব

3)     বৰ্তনী সম্পূৰ্ণ হোৱাৰ পিছতো প্রবাহিত বিদ্যুতৰ মান কম হ'লে বাল্বটো নজ্বলিব

 

৫৷বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ কৰেনে? যদি নকৰে, তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ?

উত্তৰঃ   বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ  নকৰে

ইয়াক পৰিবাহী কৰিবলৈ আমি ইয়াত  নিমখ মিহলাই লৈ ইয়াৰ মাজেৰে বিদ্যুতৰ পৰিবহণ কৰিব পাৰোঁ

৬. অগ্নিকাণ্ডত অগ্নি নির্বাপকসকলে পানীৰ নল খোলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে । ইয়াৰ কাৰণ কি বুলি ভাবা। 

উত্তৰঃ অগ্নিকাণ্ডত অগ্নি নির্বাপকসকলে পানীৰ নল খোলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে । ইয়াৰ কাৰণ নলৰ পানী বিদ্যুতৰ সুপৰিবাহী ,সেয়ে ইয়াৰ মাজেদি বিদ্যুত প্ৰবাহিত হৈ যিকোনো প্ৰকাৰে ক্ষতিসাধন কৰিব পাৰে

 

৭. উপকূলীয় অঞ্চলত থকা এটি শিশুৱে তেওঁৰ টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে। তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হৈছে। কাৰণটো ব্যাখ্যা কৰা।

উত্তৰঃ সাগৰৰ পানীত নিমখৰ মাত্রা সাধাৰণ পানীৰ তুলনাত যথেষ্ট বেছি সেয়ে আয়ন যথেষ্ট বেছি পৰিমাণৰ সৃষ্টি হয়যাৰ বাবে সাগৰৰ পানীত বিদ্যুতৰ পৰিবহণ তুলনামূলকভাবে বেছি হবসেয়ে তেওঁ   সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ দেখা পাব

 

৮. ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্রি এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে? কাৰণ দশোৱা ।

 উত্তৰঃ নিৰাপদ নহয়

কাৰণ বৰষুণৰ পানীত অতি নিম্ন মাত্রাত হলেও এছিড মিশ্ৰিত হৈ থাকেএছিড বিদ্যুতৰ সুপৰিবাহী হোৱাৰ বাবেই বৰষুণৰ পানী বিদ্যুতৰ সুপৰিবাহীসেয়েহে ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্রি এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নহয়, এনে কাৰ্য্যই মানুহজনৰ অনিষ্ট সাধন কৰিব পাৰে


৯) তোমাৰ চাৰিওফালে বিদ্যুৎলেপন বিশিষ্ট বস্তুবোৰৰ নাম লিখা?

বিদ্যুৎলেপন

সামগ্রীসমুহৰ নাম

১) ক্ৰমিয়ামৰ লেপন

১) গাড়ীৰ যন্ত্ৰাংশ, বাথৰুমৰ নল, পাকঘৰ গেছ বাৰ্ণাৰ, চাইকেলৰ হেণ্ডেল, চকাৰ ৰিং।

২) সোণৰ আৰু ৰূপৰ লেপন

২) অলংকাৰ গঢ়োঁতাসকলে কমদামী ধাতুৰ ওপৰত দিয়ে।

ঘড়ী, কলম, গহনা আদিত ও দিয়ে।

৩) দস্তাৰ লেপন

৩) লোৰ পাত্ৰ, দলং, মটৰ গাড়ী।

উত্তৰ-



১০. পানীত কপাৰ ছালফেট মিহলালে কিয় বিদ্যুৎ পৰিবাহী হয়? 

উত্তৰঃ পানীত কপাৰ ছালফেট মিহলালে কপাৰ আৰু ছালফেট অণু ভাগি কপাৰ ধনাত্মকভাবে আৰু ছালফেট ঋণাত্মকভাবে আহিত হৈ মুক্তভাবে বিচৰণ কৰিব ধৰেযাৰ বাবে তৰলটো বিদ্যুৎৰ পৰিবাহী হৈ পৰে

১১. এটা বর্তনীৰ চিত্ৰ আঁকি কপাৰ ছালফেটৰ দ্ৰৱৰ মাজেৰে চালিত আয়নৰ দিশ দেখুওৱা।

উত্তৰঃ পানীত কপাৰ ছালফেট




















মিহলালে কপাৰ আৰু ছালফেট অণু ভাগি কপাৰ ধনাত্মকভাবে আৰু ছালফেট ঋণাত্মকভাবে আহিত হৈ মুক্তভাবে বিচৰণ কৰিব ধৰে। দুডাল পৰিবাহীদণ্ড আংশিকভাবে তৰলত ডুবাই দণ্ড দুডালৰ মূৰ দুটা বিদ্যুত কোষৰ এটা ধনাত্মক মেৰু আনটো ঋণাত্মক মেৰুৰ লগত সংযোগ কৰা হল

ৰাসায়নিক ক্ৰিয়াৰ ফলত ধনাত্মকভাবে আহিত তামৰ

আয়নবোৰ ঋণাত্মকভাৱে আহিত দণ্ডডালৰদ্বাৰা আকৰ্ষিত হব আৰু এই দিশত জমা হবআনহতে ঋণাত্মকভাবে আহিত ছালফেটৰ আয়নবোৰ ধনাত্মকভাবে আহিত দণ্ডডালৰ দিশত গতি কৰিবএনেদৰে তৰলৰ মাজেদি বিদ্যুৎ প্রবাহৰ সৃষ্টি হব

 ১২. তড়িৎলেপন কি?

উত্তৰঃ তৰলৰ মাজেদি বিদ্যুত প্ৰবাহ চালিত কৰি কোনো ধাতুৰ পাটত অন্য পদাৰ্থৰ প্ৰলেপ দিয়া পদ্ধতিটোক তড়িৎলেপন (Electroplating) বোলে

 

১৩. এখন লোৰ চামুচত তামৰ প্রলেপ দিব লাগে। এই প্রলেপ কেনেকৈ দিব পাৰি বর্তনী চিত্রেৰে দেখুওৱা।

উত্তৰঃ  এডাল কপাৰৰ পৰিবাহীদণ্ড আংশিকভাবে তৰলত ডুবাই বিদ্যুত কোষৰ এটা ধনাত্মক মেৰু আনটোত লোৰ চামুচত ঋণাত্মক মেৰুৰ লগত সংযোগ কৰা হল

ৰাসায়নিক ক্ৰিয়াৰ ফলত ঋণাত্মকভাবে আহিত ছালফেটৰ আয়নবোৰ ধনাত্মকভাবে আহিত দণ্ডডালৰ দিশত গতি কৰিবআনহতে ধনাত্মকভাবে আহিত তামৰ আয়নবোৰ ঋণাত্মকভাৱে আহিত লোৰ চামুচৰ পিনে আকৰ্ষিত হব আৰু চামুচৰ ওপৰত জমা হবঅৰ্থাৎ লোৰ চামুচত তামৰ প্রলেপ পৰিব



 

 ১৪. বিদ্যুত বিশ্লেষ্য তৰল কাক বোলে? এনে তৰলৰ মাজেদি বিদ্যুৎ প্রবাহ কেনেদৰে চালিত হয়? 

উত্তৰঃ কপাৰ ছালফেটৰ দৰে যিবোৰ তৰলৰ মাজেদি বিদ্যুত প্ৰবাহ চালিত হয় সেইবোৰক বিদ্যুত বিশ্লেষ্য বোলা হয়।এনে তৰলত সদায় ধনাত্মক আৰু ঋণাত্মক ভাৱে আহিত আয়ন থাকে।  

১৫. বিদ্যুতলেপন কাক বোলে? এই পদ্ধতিৰে ধাতুৰ পাট এখনৰ ওপৰত ৰূপৰ প্রলেপ কেনেদৰে দিব পাৰি ব্যাখ্যা কৰা।

উত্তৰঃ লোৰ পাতৰ ওপতৰ তামৰ প্ৰলেপ দিয়াৰ দৰে একে পদ্ধতিৰে বিভিন্ন পদাৰ্থৰ ওপৰত নানা ধাতুৰ প্ৰলেপ দিব পাৰিএনেদৰে বিদ্যুত প্ৰবাহ চালিত কৰি ধাতুৰ প্ৰলেপ দিয়া ক্ৰিয়াক বিদ্যুতলেপন বোলা হয়।  

 

 

 

 

 

 

 

অতিৰিক্ত প্ৰশ্নোত্তৰ

1) ‘A’আৰু ‘B’ বুলি চিহ্নিত দুটা জুলীয়া পদাৰ্থৰ পৰিবাহিতা পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে দেখা গ'ল যে জুলীয়া পদাৰ্থ‘A' ক্ষেত্ৰত বাল্বটো উজ্জ্বলকৈ জ্বলিছে , আনহাতে, ‘B' ক্ষেত্ৰত নিষ্প্ৰভতুমি সিদ্ধান্ত বা যে-

)জুলীয়া পদাৰ্থ ‘B' তকৈ জুলীয়া পদাৰ্থ ‘A' উন্নত পৰিবাহী

) জুলীয়া পদাৰ্থ ‘A' তকৈ জুলীয়া পদাৰ্থ ‘B' উন্নত পৰিবাহী

) দুয়োটা জুলীয়া পদাৰ্থ সমভাৱে পৰিবাহী

) জুলীয়া পদাৰ্থৰ পৰিবাহী গুণ এনেদৰে তুলনা কৰিব নোৱাৰি

উত্তৰঃ- )জুলীয়া পদাৰ্থ ‘B' তকৈ জুলীয়া পদাৰ্থ ‘A' উন্নত পৰিবাহী

2) প্ৰহেলিকাই শুনিছিল যে বৰষুণৰ পানী পতিত পানীৰ নিচিনাই ভাল গতিকে পৰিষ্কাৰ গিলাচ এটাত অলপ বৰষুণৰ পানী সংগ্ৰহ কৰিলে আৰু টেষ্টাৰেৰে ইয়াক পৰীক্ষা কৰিলেতাই কম্পাছ শলাৰ বিক্ষেপণ দেখি বিস্ময় মানিলে কাৰণ কি কি পাৰে?

উত্তৰ:- যিহেতু বৰষুণৰ পানীত নিমখ আৰু এছিড থাকে আৰু তাৰ বাবেই বিদ্যুতৰ পৰিবহণ হয় সেয়ে প্ৰহেলিকাই কম্পাছ শলাৰ বিক্ষেপণ দেখি বিস্ময় মানিলে

3)ক্ৰিয়াকলাপত তুমি দেখা প্ৰক্ৰিয়াটোৰে তাম শুদ্ধ কৰা হয় বিশুদ্ধ তামৰ মিহি পাত এখন আৰু অশোধিত তামৰ শকত দণ্ড এডাল তড়িতদ্বাৰৰূপে লোৱা হ্য় অশুদ্ধ দণ্ডৰপৰা বিশুদ্ধ তামৰ মিহি পাতখনলৈ তাম স্থানান্তৰ কৰিব খোজা হৈছে বেটাৰিৰ ধনাত্মক মেৰুত কোনডাল তড়িৎদ্বাৰ সংযোগ কৰাটো উচিত আৰু কিয় ?

উত্তৰঃ- নিশ্চিতভাবে , বেটাৰিৰ ধনাত্মক মেৰুত অশুদ্ধ তামৰ দণ্ডডালক সংযোগ কৰিব লাগিব

যিহেতু কপাৰ ছালফেটৰ দ্ৰৱৰ মাজৰে প্ৰবাহ চালিত কৰিলে ধনাত্মক আধানযুক্ত কপাৰ আৰু ছালফেট আয়নলৈ বিভাজিত হৈ যায়সেয়ে কপাৰ আয়ন ঋণাত্মক মেৰুৰ পিনে আকৰ্ষিত হব এতিয়া ঋণাত্মক মেৰুত বিশুদ্ধ তামৰ পাত সংযোগ কৰিলে কপাৰ আয়নবোৰ ঋণাত্মক মেৰুৰ পিনে আকৰ্ষিত হব আৰু অশুদ্ধ দণ্ডৰপৰা কপাৰ বিদ্যুত বিশ্লেষ্যলৈ আৰু তাৰ পৰা বিশুদ্ধ তামৰ মিহি পাতখনলৈ তাম স্থানান্তৰ হব


সূচীপত্ৰ