অধ্য়ায়-২ প্ৰাণীৰ পৰিপুষ্টি সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠভিত্তিক প্ৰশ্নোত্তৰ || Class 7 science chapter 2 seba board || questions answer solution in assamese



১) খালী ঠাই পূৰণ কৰা-

ক) মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ´ল----,---,--- ,----আৰু ---

উত্তৰ-অন্তঃগ্ৰহণ,পাচন,শোষণ,পৰিমিশ্ৰণ,মলত্য়াগ।

খ) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ´ল----

উত্তৰ-যকূত।

গ) পাকস্থলিয়ে হাইড্ৰক্লৰিক এছিড আৰু --- ৰস উলিয়ায় যিয়ে খাদ্য়ৰ ওপৰত ক্ৰিয়া কৰে।

উত্তৰ-পাচক।

ঘ) ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰৱৰ্ধ থাকে যাক -- বোলে।

উত্তৰ-ভিলাই।

ঙ) এমিবাৰ খাদ্য় --- ত হজম হয়।

উত্তৰ-খাদ্য় ৰিত্তিকা।

৫) ভিলাই কি? সেইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি?

উত্তৰ- ক্ষুদ্ৰান্তৰ বেৰত হাজাৰ হাজাৰ আঙুলি সদৃশ বাহিৰলৈ ওলোৱা অংশ থাকে এইবোৰক ভিলাই বোলে।ভিলইয়ে পাচন হোৱা খাদ্য়ৰ শোষণৰ বাবে পৃষ্ঠৰ পৃষ্ঠকালি বৃদ্ধি কৰে।

৬) পিত্তৰস ক´ত উৎপন্ন হয়?খাদ্য়ৰ কোনটো উপাদানক ই হজম কৰায়?

উত্তৰ- পিত্তৰস যকৃতত উৎপন্ন হয়

ই চৰ্বী বা শ্নেহ পদাৰ্থক ভাঙি সিহঁতক সৰল উপাদানলৈ ৰূপান্তৰ কৰাৰ জৰিয়তে খাদ্য়ৰ হজমত সহায় কৰে।

৭) ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে সহজে হজম কৰিব নোৱাৰা কাৰ্ব´হাইড্ৰেটটোৰ নাম কি?

উত্তৰ- ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে সহজে হজম কৰিব নোৱাৰা কাৰ্ব´হাইড্ৰেটটোৰ নাম হ´ল- ছেলুল´জ। কাৰণ মানুহৰ পাচনতন্ত্ৰত ছেলুল´জ হজম কৰিৰ পৰা বেক্টেৰিয়াবিধ নাথাকে।

৮) আমি কিয় গ্লুক´জৰ পৰা  ততালিকে শক্তি পাওঁ?

উত্তৰ- গ্লুক´জৰ পৰা আমি সোনকালে শক্তি পাওঁ কাৰণ ই সাধাৰণ শ্বেতসাৰ সেয়ে সহজতে ভাঙি গৈ তেজত মিলি যায়। সেই তুলনাত কাৰ্ব´হাইড্ৰেট প্ৰথমে গ্লুকজত ভাঙে তাৰ পিছত তেজত মিহলি হৈ শক্তি প্ৰদান কৰে।

১০) এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য় আৰু পাৰ্থক্য় লিখা।

উত্তৰ-

সাদৃশ্য়- এমিবা আৰু মানুহ দুয়োৰে পৰিপুষ্টিৰ প্ৰকাৰ একে অৰ্থা হলোজইক পুষ্টি বা পৰভোজী।

পাৰ্থক্য়- মানুহে মুখগহ্বৰৰদ্বাৰা পুষ্টিগ্ৰহণ কৰে আনহাতে এমিবাই কূটপদ বা অস্থায়ী চলনাংগৰদ্বাৰা পুষ্টিগ্ৰহণ কৰে।




১৩) আমি কেৱল কেঁচা, পাত জাতীয় শাক-পাচলি∕ঘাঁহ খাই জীয়াই থাকিব পাৰিমনে? আলোচনা কৰা।

উত্তৰ- নোৱাৰিম।

কাৰণ কেঁচা, পাত জাতীয় শাক-পাচলি∕ঘাঁহ আদিত ছেলুল´জ থাকে আৰু মানুহৰ পাচনতন্ত্ৰত ছেলুল´জ হজম কৰিৰ পৰা বেক্টেৰিয়াবিধ নাথাকে।





downloading link


সূচীপত্ৰ