অধ্য়ায় ১৩ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া দশম শ্ৰেণীৰ বিজ্ঞান পাঠভিত্তিক প্ৰশ্নোত্তৰ || Class 10 science chapter 13 seba board || questions answer solution in assamese

 



1) তামৰ তাঁৰৰ মাজেৰে প্ৰবাহ চালিত কৰোতে দিক নিৰ্ণায়ক যন্ত্ৰ বিক্ষেপিত হৈছে-- ইয়াৰ অৰ্থ কি?

উত্তৰ-  ইয়াৰ অৰ্থ হৈছে- তামৰ তাঁৰৰ মাজেৰে যোৱা বৈদ্যুতিক প্ৰবাহে চুম্বকীয় ক্ৰিয়া সংঘটিত কৰিছে।

2) ঊনৈশ শতিকাত বিদ্য়ু চুম্বকৰ তাপৰ্য উদ্ধাৰত নিৰ্ণায়ক ভূমিকা লোৱা বিজ্ঞানীজন কোন আছিল?

উত্তৰ- বিজ্ঞানী হান্স খ্ৰিষ্টিয়ান অ’ৰষ্টেড ।

3) বিদ্য়ু আৰু চুম্বকত্বৰ মাজত সম্পৰ্ক বিৰাজমান”- এই সিদ্ধান্ত কাৰ পৰ্যবেক্ষণৰ পৰা লোৱা হৈছিল?

উত্তৰ- বিজ্ঞানী হান্স খ্ৰিষ্টিয়ান ৰষ্টেড

4) বিজ্ঞানী হান্স খ্ৰিষ্টিয়ান অ’ৰষ্টেডৰ সন্মানত ৰখা এককটোৰ নাম কি? এইটো কাৰ একক?

উত্তৰ- অ’ৰষ্টেড । এইটো চৌম্বক প্ৰাবল্যৰ একক ।

5) কেইটামান চুম্বকৰ নাম লিখা?

উত্তৰ-স্থায়ী চুম্বক, দণ্ড চুম্বক আৰু অশ্বখুড়া চুম্বক।

6) দিগদৰ্শন যন্ত্ৰডাল কেনেধৰণৰ চুম্বক?

উত্তৰ-এটুকুৰা সৰু দণ্ড চুম্বক

7) দিগদৰ্শন যন্ত্ৰডালক কিয় সৰু দণ্ড চুম্বক বুলি কোৱা হয়?

উত্তৰ- দিগদৰ্শন যন্ত্ৰডাল চুম্বকক্ষেত্ৰৰ প্ৰভাৱ নথকা অৱস্থাত সদায় উত্তৰ- দক্ষিণ মুৱাকৈ থাকে। সেয়ে দিগদৰ্শন যন্ত্ৰডালক সৰু দণ্ড চুম্বক বুলি কোৱা হয়।

8) দণ্ড চুম্বকৰ ধৰ্মবোৰ লিখা !

উত্তৰ- দণ্ড চুম্বকৰ ধৰ্মবোৰ তলত দিয়া হল-

                         i.  ইয়াৰ দুটা মেৰু আছে- উত্তৰ মেৰু আৰু দক্ষিণ মেৰু

                        ii.  ই লো আৰু কবাল্ট, নিকেলৰ দৰে ধাতুবোৰক আকৰ্ষণ কৰে।

                     iii.   চুম্বকৰ একেধৰণৰ মেৰুৰ মাজত বিকৰ্ষণ হয় আৰু বেলেগ ধৰণৰ মেৰুৰ
মাজত আকৰ্ষণ হয়।

                     iv.    ইহঁত স্থায়ী চুম্বক হয়- ইহঁতৰ চুম্বকত্ব কেতিয়াও হেৰাই নাযায়।

                       v.    যেতিয়া মুক্তভাৱে ওলোমাই ৰখা হয়, চুম্বকৰ উত্তৰ মেৰু ভূ-চুম্বকৰ দক্ষিণ
মেৰুৰ পিনে আকৰ্ষণ হয়।

9) চৌম্বিকক্ষেত্ৰ কি?

উত্তৰ- চুম্বক এডালৰ চাৰিওফালে যি অঞ্চলজুৰি চুম্বকডালৰ বল অনুভূত হয়, সেই অঞ্চলখিনিক চুম্বকটোৰ চৌম্বক ক্ষেত্ৰ বুলি কোৱা হয়।

10) চৌম্বিক বলৰেখা বুলিলে কি বুজা?

উত্তৰ- চুম্বক এডালৰ চাৰিওপিনে লোৰ গুৰি ছটিয়াই দিলে যিবিলাক ৰেখাৰে পংক্তিবদ্ধ হয় সেইবোৰক চৌম্বক বলৰেখা বোলে।

11) চৌম্বিকক্ষেত্ৰ কোন প্ৰকাৰৰ ভৌতিক ৰাশি?

উত্তৰ- যিহেতু চৌম্বিকক্ষেত্ৰৰ মান আৰু দিশ দুয়োটাই আছে গতিকে চৌম্বিক ক্ষেত্ৰখন ভেক্টৰ ৰাশি।

12)চৌম্বিক বলৰেখাৰ ধৰ্মবোৰ লিখা !

উত্তৰ- চৌম্বিক বলৰেখাৰ ধৰ্মবোৰ হল-

                         i.            চৌম্বিক বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলায় আৰু দক্ষিণ মেৰুত সোমায়।

                       ii.            চুম্বকৰ অন্তৰ্ভাগত বলৰেখাৰ দিশ ইয়াৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয়।

                     iii.             চৌম্বিক বলৰেখাসমূহে এটাই আনটোক ছেদ নকৰে।

                     iv.            মেৰুদ্বয়ৰ মাজৰ দূৰত্ব বাঢ়িলে চৌম্বিক বলৰেখাৰ ঘনত্ব কমে।

                       v.            চৌম্বিক বলৰেখাবিলাক বন্ধ বক্ৰৰ।

                     vi.            চৌম্বকীয় ক্ষেত্ৰৰ ৰেখাবিলাকৰ কোনো বাস্তব আস্তিত্ব নাই।

 

13) চৌম্বক ক্ষেত্ৰৰ প্ৰাবল্য় বলৰেখাই কেনেদৰে প্ৰদৰ্শিত কৰে?

উত্তৰ- চৌম্বক ক্ষেত্ৰৰ আপেক্ষিক প্ৰাবল্য় বলৰেখাবিলাক ওচৰা-ওচৰিকৈ থকা মাত্ৰাৰদ্বাৰা প্ৰদৰ্শিত হয়। যত চৌম্বিক বলৰেখাৰ ঠাঁহ খাই থাকে তাত চৌম্বক ক্ষেত্ৰখন অধিক শক্তিশালি, অৰ্থা তাত সংস্থাপিত চুম্বক এডালৰ মেৰুত প্ৰয়ুক্ত বলৰ মান অধিক ডাঙৰ।

14) দিকদৰ্শন যন্ত্ৰৰদ্বাৰা চুম্বক ক্ষেত্ৰৰ দিশ কেনেদৰে নিৰ্ণয় কৰা হয়?

উত্তৰ- চুম্বক ক্ষেত্ৰত দিকদৰ্শন যন্ত্ৰৰ কাটাৰ উত্তৰ মূৰটোৱে নিৰ্দেশ কৰা দিশটোৱেই চুম্বক ক্ষেত্ৰৰ দিশ বুলি গণ্য় কৰা হয়

15) যদি বিদ্য়ুত প্ৰবাহ উত্তৰৰ পৰা দক্ষিণলৈ হয় তেন্তে  চুম্বক শলাৰ উত্তৰ মেৰুৰ  বিক্ষেপন কোনপিনে হব?

উত্তৰ- চুম্বক শলাৰ উত্তৰ মেৰু পূবলৈ বিক্ষেপিত হব।

16) যদি বিদ্য়ুত প্ৰবাহ দক্ষিণৰ পৰা উত্তৰলৈ হয় তেন্তে পৰিবাহীডালৰ ওচৰত থকা  চুম্বক শলাৰ উত্তৰ মেৰুৰ  বিক্ষেপন কোনপিনে হব?

উত্তৰ- চুম্বক শলাৰ উত্তৰ মেৰু পশ্চিমলৈ বিক্ষেপিত হব।

17) পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত হলে চুম্বকশলাডালৰ বিক্ষেপনৰ চিত্ৰ অংকন কৰা।

উত্তৰ-








18)পৰিবাহী এটাৰ মাজেৰে পাৰ হৈ যোৱা প্ৰবাহৰ মান সলনি কৰিলে এটা প্ৰদত্ত বিন্দুত প্ৰতিস্থাপিত দিকদৰ্শন যন্ত্ৰৰ কাঁটাৰ বিক্ষেপন কোন দিশত হব? ইয়াৰ অৰ্থ কি?

উত্তৰ- পৰিবাহীৰ মাজেৰে পাৰ হোৱা প্ৰবাহৰ মান কমালে ইয়াৰ ক্ষেত্ৰত থকা দিকদৰ্শন যন্ত্ৰৰ কাঁটাৰ বিক্ষেপন কমে আৰু প্ৰবাহৰ মান বঢ়ালে কাঁটাৰ বিক্ষেপনৰ মান বাঢ়ে।

          ইয়াৰ অৰ্থ এয়ে যে তাঁৰৰ মাজেৰে যোৱা প্ৰবাহ বাঢ়িলে কোনো প্ৰদত্ত বিন্দুত সূষ্টি হোৱা চৌম্বক ক্ষেত্ৰৰ মান বাঢ়ি যায় আৰু প্ৰবাহ কমিলে চৌম্বক ক্ষেত্ৰৰ মান কমি যায়।



19) পৰিবাহী তাঁৰডালৰ প্ৰবাহৰ মান একে ৰাখি দিগদৰ্শন যন্ত্ৰটো তাঁৰডালৰপৰা আতৰাই নিলে ইয়াৰ বিক্ষেপন কেনেধৰণৰ হব?

উত্তৰ- এনে অৱস্থাত কাঁটাডালৰ বিক্ষেপনৰ মান ক্ৰমাত কমি যাব। কাৰণ দূৰত্ব বঢ়াৰ লগে লগে কোনো পৰিবাহীৰ প্ৰদত্ত প্ৰবাহে সূষ্টি কৰা চৌম্বক ক্ষেত্ৰৰ মান কমি যায়।

          পোন পৰিবাহীৰ চাৰিওফালৰ চৌম্বক ক্ষেত্ৰ নিৰ্দেশ কৰা ঐককেন্দ্ৰীক বৃত্তসমূহ দূৰত্বৰ বৃদ্ধিৰ লগে লগে ক্ৰমান্বয়ে ডাঙৰ হৈ যায় ।

20) পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চৌম্বক ক্ষেত্ৰ বা বলৰেখাৰ সৃষ্টি হয়- পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা।

উত্তৰ- 








প্ৰথমে 12
V ৰ বেটাৰী এটা, এটা পৰিবৰ্তনশীল ৰোধ, এটা এমিটাৰ, এটা প্লাগ চাবি আৰু এডাল শকত পোন তামৰ তাঁৰৰ লগত সংযোগ কৰা হল। এখন আয়তকাৰ কাৰ্ডবোড (ডাঠ কাগজৰ) লোৱা হল। ইয়াৰ কেন্দ্ৰৰ মাজেদি তামৰ পৰিবাহী তাঁৰডাল এনেদৰে সোঁমাই দিয়া হল যাতে ই স্থিৰ হৈ থাকে আৰু পিছলি নাযায়। বেটাৰীটো আৰু প্লাগ চাবি শ্ৰেণীবদ্ধভাবে সংযোগ কৰা হল। কিছুমান লোৰ গুৰি ডাঠ কাগজৰ ওপৰত সুষমভাবে ছটিয়াই দিয়া হল। ৰিঅষ্টেটটো স্থিৰ অৱস্থাত ৰাখি এমিটাৰৰ মাজেৰে প্ৰবাহ চালিত কৰা হল। ডাঠ কাগজটো কেবাবাৰ লাহে লাহে টুকুৰিয়াই দিয়াত লোৰ গুৰিখিনি কেবাটাও বিন্যাসত সজ্জিত হোৱা পৰিলক্ষিত হয়। ভালকৈ চালে দেখা যায় যে লোৰ গুৰিবোৰ কেবাটাও ঐককেন্দ্ৰীক বৃত্তৰ আৰ্হিৰে পংক্তিবদ্ধ হয়।

          এই ঐককেন্দ্ৰীক বৃত্তসমুহে চৌম্বক বলৰেখাক নিৰ্দেশ কৰে।

          ইয়াৰদ্বাৰা প্ৰমাণিত হয় যে পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চৌম্বক ক্ষেত্ৰ বা বলৰেখাৰ সৃষ্টি হয় ।

21) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতিটো লিখা ।

উত্তৰ- সোঁহাতৰ বুঢ়া আঙুলি এটাৰ প্ৰবাহৰ দিশত প্ৰবাহযুক্ত পোন পৰিবাহী এটা ৰাখিলে, তেনে অৱস্থাত বাকী আঙুলিকেইটাই চৌম্বকক্ষেত্ৰৰ বলৰেখাৰ দিশত পৰিবাহীডাল মেৰিয়াই ৰাখিব। ইয়াক সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি বুলি জনা যায়।








22) আনুভূমিক পৰিবাহী তাঁৰ এডালত প্ৰবাহ পূৱৰ পৰা পশ্চিমলৈ গৈছে। ইয়াৰ ঠিক তলৰ এটা বিন্দুত আৰু ঠিক ওপৰৰ এটা বিন্দুত চৌম্বকক্ষেত্ৰৰ দিশ কি হব?

উত্তৰ- প্ৰবাহ পূৱা- পশ্চিমাকৈ আছে। সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি মতে আমি পাও যে চৌম্বকক্ষেত্ৰৰ দিশ (তাঁৰডালৰ তলৰ আৰু ঠিক ওপৰৰ যিকোনো বিন্দুত) তাঁৰডালৰ লম্ব সমতল এখনত পূৱৰ পৰা চালে ঘড়ীৰ কাঁটাৰ দিশত হব, আৰু পশ্চিমৰ পৰা চালে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত হব।

23) প্ৰবাহযুক্ত পৰিবাহীৰ বাবে সৃষ্টি হোৱা চৌম্বকক্ষেত্ৰটো বৰ্ণনা কৰা।











উত্তৰ- প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীৰ প্ৰতিটো বিন্দুৰ চৌপাশে উৎপন্ন হোৱা চৌম্বকক্ষেত্ৰ বুজোৱা ঐককেন্দ্ৰীক বৃত্তবোৰ পৰিবাহীৰ পৰা আঁতৰি গৈ থাকিলে ক্ৰমান্বয়ে ডাঙৰ হৈ যায়। কিন্তু বৃত্তাকাৰ কুণ্ডলীৰ কেন্দ্ৰত উপনীত হলে এই ডাঙৰ বৃত্তবোৰৰ চাপবোৰ সৰল ৰেখা ৰূপত দেখা যাব আৰু ইয়াৰ এটাফাল উত্তৰ (N) আৰু আনটো ফাল দক্ষিণ (S) মেৰু হিচাপে কাম কৰে। উপন্ন হোৱা চৌম্বকক্ষেত্ৰৰ মান কুণ্ডলীত চালিত হোৱা প্ৰবাহৰ মানৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰবাহৰ মান বেছি হলে চৌম্বকক্ষেত্ৰৰ মান বেছি হয় অৰ্থাৎ, প্ৰবাহ চৌম্বক ক্ষেত্ৰৰ সমানুপাতিক।








24) পোন প্ৰবাহযুক্ত তাঁৰৰ বাবে চৌম্বকক্ষেত্ৰৰ মান কেনেধৰণৰ?

উত্তৰ- পোন প্ৰবাহযুক্ত তাঁৰৰ বাবে চৌম্বকক্ষেত্ৰৰ মান ইয়াৰ দুৰত্বৰ ব্যাস্তানুপাতিক।

25) প্ৰবাহযুক্ত পৰিবাহীৰ এডালৰ বাবে এটা বিন্দুত উৎপন্ন হোৱা চৌম্বকক্ষেত্ৰৰ মান কাৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ- প্ৰবাহযুক্ত পৰিবাহীৰ এডালৰ কোনো এটা বিন্দুত উৎপন্ন হোৱা চৌম্বকক্ষেত্ৰৰ মান প্ৰত্যক্ষভাবে ইয়াৰ মাজেৰে যোৱা প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰে।

26) n-সংখ্যক পাকযুক্ত বৃত্তাকাৰ কুণ্ডলী এটাৰ বাবে সৃষ্টি হোৱা চুম্বকক্ষেত্ৰৰ মান আৰু দিশ নিৰ্ণয় কৰা?

উত্তৰ- n-সংখ্যক পাকযুক্ত বৃত্তাকাৰ কুণ্ডলী এটাৰ বাবে সৃষ্টি হোৱা চুম্বকক্ষেত্ৰৰ মান এটা পাকযুক্ত বৃত্তাকাৰ কুণ্ডলী এটাৰ বাবে সৃষ্টি হোৱা চুম্বকক্ষেত্ৰৰ n-গুণ বেছি হয়। ইয়াৰ কাৰণ এয়ে যে, প্ৰতিটো পাকৰ বাবে  সৃষ্টি হোৱা চুম্বকক্ষেত্ৰৰ দিশ একে আৰু সেইবোৰৰ যোগফলেই লব্ধ চুম্বকক্ষেত্ৰৰ মান।

27) চলেনইড কাক বোলে?

উত্তৰ- চুঙা আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক চলেনইড বোলে।

28) চলেনইডৰ চিত্ৰ আঁকি বৰ্ণনা কৰা।

উত্তৰ-














প্ৰবাহযুক্ত চলেনইডৰ কেউকাষে সৃষ্টি হোৱা চৌম্বকক্ষেত্ৰ দণ্ডচুম্বক এডালৰ কেউকাষে সৃষ্টি হোৱা চৌম্বকক্ষেত্ৰৰ সৈতে তুলনা কৰিব পাৰি। ইয়াৰ কাৰণ চলেনইড এটাৰ এটা মূৰ চুম্বকৰ উত্তৰ মেৰু আৰু আনটো মূৰ চুম্বকৰ দক্ষিণ মেৰুৰ দৰে আচৰণ কৰে। চলেনইডৰ অন্তৰ্ভাগৰ বলৰেখাবিলাক সমান্তৰাল সৰলৰেখা। ইয়াৰ অৰ্থ এয়ে যে চলেনইডৰ অন্তৰ্ভাগৰ সকলো বিন্দুত চৌম্বকক্ষেত্র একে । অৰ্থাৎ, চলেনইডৰ ভিতৰত চৌম্বকক্ষেত্ৰৰ প্ৰকৃতি সুষম।

29) লো- ক চুম্বকলৈ ৰূপান্তৰিত কৰিব পাৰিনে?

উত্তৰ- কোমল লো-ৰ দৰে চৌম্বক পদাৰ্থৰ টুকুৰা এটা চলেনইডৰ অন্তৰ্ভাগত ৰাখি তাক চলেনইডৰ  অন্তৰ্ভাগৰ শক্তিশালী চৌম্বকক্ষেত্ৰৰ প্ৰভাৱত চুম্বকলৈ ৰূপান্তৰিত কৰিব পাৰি।

30) ফ্লেমিঙৰ বাওঁহাতীয়া নীতিটো লিখা।

উত্তৰ- ফ্লেমিঙৰ বাওঁহাতীয়া নীতি অনুসৰি, বাওহাতৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাবে মেলি দিলে যদি তৰ্জনী আঙুলিয়ে চৌম্বকক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ সূচাব।







31) প্ৰবাহযুক্ত পৰিবাহী এটা চুম্বকক্ষেত্ৰত ৰাখিলে ক্ষেত্ৰই পৰিবাহীৰ ওপৰত বল প্ৰয়োগ কৰে পৰীক্ষাৰদ্বাৰা বুজাই লিখা।

উত্তৰ- এডাল সৰু এলুমিনিয়ামৰ দণ্ড AB লোৱা হল, যাৰ দীঘ প্ৰায় 5 cm মান, দুডাল সংযোগী তাঁৰৰ সহায়ত ইয়াক আনুভুমিকভাবে এটা ষ্টেণ্ডৰ দ্বাৰা ওলোমাই ৰখা হল। এডাল শক্তিশালী অশ্বখুৰা চুম্বক এনেদৰে ৰখা হল যাতে চৌম্বকক্ষেত্ৰখন উৰ্ধ্বমূখী হয় আৰু দণ্ডডাল মেৰু দুটাৰ মাজভাগত থাকে। ইয়াৰ বাবে চিত্ৰত দেখুৱাৰ দৰে চৌম্বকডালৰ উত্তৰ মেৰুটো এলুমিনিয়ামৰ দণ্ডৰ উলম্বভাবে তলত আৰু দক্ষিণ মেৰুটো উলম্বভাবে ওপৰত প্ৰতিস্থাপন কৰা হল। এলুমিনিয়ামৰ দণ্ডডাল এটা চাবি, এটা ৰিঅষ্টেড আৰু এটা বেটাৰীৰ শ্ৰেণীবদ্ধভাবে সংযোগ কৰা হল। এতিয়া এলুমিনিয়ামৰ দণ্ডডাল B প্ৰান্তৰপৰা A লৈ প্ৰবাহ চালিত কৰা হল।









এতিয়া দণ্ডডালৰ সৰণ চকুত পৰিব। দণ্ডডাল বাঁওফালে স্থানান্তৰিত হয়। দণ্ডডালৰ প্ৰবাহৰ দিশটো ওলোটা কৰা হল আৰু ইয়াৰ সৰণৰ দিশলৈ চালে দেখা যায় যে এইবাৰ দণ্ডডাল সোফাললৈ স্থানান্তৰিত হৈছে।

ইয়ে প্ৰমান কৰে যে, চৌম্বকক্ষেত্ৰই প্ৰবাহযুক্ত পৰিবাহীত বল প্ৰয়োগ কৰে। এই বলৰ দিশ প্ৰবাহ আৰু চৌম্বকক্ষেত্ৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰবাহৰ দিশ চৌম্বকক্ষেত্ৰৰ দিশৰ লম্ব হলে দণ্ডডালৰ ওপৰত প্ৰয়োগ হোৱা বল সৰ্ব্বোচ্চ হয়। এনে ক্ষেত্ৰত বলৰ দিশ ফ্লেমিঙৰ বাওঁহাতীয়া নীতিৰ সহায়ত উলিয়াব পাৰি।

32) ক্ষেত্ৰ আৰু প্ৰবাহৰ ওপৰত বলৰ মান নিৰ্ভৰ কৰেনে?

উত্তৰ- কৰে, কাৰণ ক্ষেত্ৰ আৰু প্ৰবাহৰ দিশ পৰস্পৰ লম্ব হলে বলৰ মান সৰ্ব্বোচ্চ হয়।


33) চিত্ৰত দেখুৱাৰ দৰে এটা ইলেক্ট্ৰন এখন চৌম্বকক্ষেত্ৰত তাৰ লম্বভাবে সোমাইছে। ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হব-

        a)     সোঁফাললৈ

        b)     বাওঁফাললৈ

        c)    
পৃষ্ঠাৰ বাহিৰলৈ

        d)    
পৃষ্ঠাৰ ভিতৰলৈ








সমাধান- (d)পৃষ্ঠাৰ ভিতৰলৈ।

          ফ্লেমিঙৰ বাওঁহাতীয়া নীতি অনুসৰি,বলৰ দিশ চৌম্বকক্ষেত্ৰৰ দিশ আৰু প্ৰবাহৰ দিশ পৰস্পৰ লম্ব হলে প্ৰবাহৰ দিশ ইলেক্ট্ৰনৰ গতিৰ দিশৰ বিপৰীতে হয়। সেইবাবে বলৰ দিশ পৃষ্ঠাৰ ভিতৰলৈ হব।

34) MRI- ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ-Magnetic Resonance Imaging

35) মানৱ শৰীৰত চৌম্বকক্ষেত্ৰৰ সৃষ্টি হোৱা দুটা প্ৰধান অংগৰ নাম লিখা?

উত্তৰ- হৃদপিণ্ড আৰু মগজু।

36) কোনটো প্ৰযুক্তিৰ জৰিয়তে মানৱ শৰীৰৰ ভিতৰভাগৰ চৌম্বক ক্ষেত্ৰৰ আধাৰত শৰীৰৰ বিভিন্ন অংগৰ প্ৰতিবিম্ব গঠন কৰা হয়?

উত্তৰ- MRI বা চুম্বকীয় অনুনাদ প্ৰতিবিম্ব গঠন প্ৰযুক্তিৰ জৰিয়তে।

37) বৈদ্য়ুতিক মটৰ কি?

উত্তৰ- বৈদ্য়ুতিক মটৰ হৈছে বৈদ্য়ুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা এটা আৱৰ্ত সঁজুলি।

38) বৈদ্য়ুতিক মটৰ কত কত ব্য়াৱহাৰ কৰা হয়?

উত্তৰ- বৈদ্য়ুতিক পাংখা, ৰেফ্ৰিজাৰেটৰ, মিক্সাৰ, কাপোৰ ধোৱা মেচিন, কম্পিউটাৰ, এম. পি. থ্ৰি প্লেয়াৰ, আদিত এটা গুৰুত্বপূৰ্ণ উপাদান হিচাপে বৈদ্য়ুতিক মটৰ ব্য়াৱহাৰ কৰা হয়।

39) বৈদ্য়ুতিক মটৰৰ কাৰ্যনীতিটো বৰ্ণনা কৰা।

উত্তৰ-

স্তৰ-1 ধৰাহল ABCD কুণ্ডলীত প্ৰবাহ বেটাৰীৰ X পৰিবাহী ব্ৰাছেৰে সোমায় আৰু Y ব্ৰাছেৰে বেটাৰীলৈ উভতি আহে।

স্তৰ-2 AB আৰু CD চৌম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত ।
















স্তৰ-3 ফ্লেমিঙৰ বাওঁহাতীয়া নীতি অনুসৰি AB বাহুত ক্ৰিয়া কৰা বলে ইয়াক তললৈ ঠেলিব আৰু CD বাহুত ক্ৰিয়া কৰা বলে ইয়াক ওপৰলৈ ঠেলিব। ফলত ABCD আয়তটোৰ ঘূৰ্ণন হব অৰ্থাৎ অক্ষডণ্ডডাল আধাপাক ঘূৰিব।

স্তৰ-4 আধাপাক ঘূৰ্ণনৰ পিছত ফলা আঙঠি P আৰু Q য়ে ক্ৰমে Y আৰু X ব্ৰাছক স্পৰ্শ কৰিব, ফলত কুণ্ডলীটোৰ প্ৰবাহ বিপৰীতমুখী হৈ পৰিব আৰু DCBA দিশত প্ৰবাহিত হব।

স্তৰ-5  প্ৰবাহৰ দিশ বিপৰীতমুখী হোৱাৰ বাবে AB আৰু CD বাহুত প্ৰয়োগ হোৱা বলৰ দিশ বিপৰীতমুখী হব অৰ্থা CD বাহুক বলে তললৈ ঠেলিব আৰু AB বাহুক বলে ওপৰলৈ ঠেলিব।

স্তৰ-6 কুণ্ডলীঅক্ষদণ্ডডালে একে দিশতে বাকী থকা আধাপাক সম্পূৰ্ণ কৰিব। প্ৰতি আধাপাক ঘূৰ্ণনৰ এই প্ৰক্ৰিয়াটোৰ পুনৰাবৃত্তি হৈ থাকিব আৰু এইদৰে কুণ্ডলী আৰু অক্ষদণ্ডডাল একে দিশত অবিৰতভাবে ঘুৰি থাকিব।

40) বাণিজ্য়িক মটৰৰ ক্ষমতা বঢ়াবলৈ কি কি কৰা হয়?

উত্তৰ- বাণিজ্য়িক মটৰৰ ক্ষমতা বঢ়াবলৈ-

                         i.            স্থায়ী চুম্বকৰ সলনি বিদ্য়ুত চুম্বকৰ ব্য়াৱহাৰ কৰা হয়।

                        ii.            প্ৰবাহযুক্ত কুণ্ডলীত পৰিবাহী তাঁৰৰ বহুসংখ্য়ক পাক দিয়া হয়, আৰু

     iii.            কোমল লো-ৰ সজ্জা এটাত কুণ্ডলীটো পকাই ৰখা হয়।

41) আৰ্মেচাৰ কি?

উত্তৰ- বাণিজ্য়িক মটৰত কোমল লো-ৰ সজ্জা এটাত কুণ্ডলীটো পকাই ৰখা হয়। এই লো-ৰ সজ্জা আৰু কুণ্ডলীক একেলগে আৰ্মেচাৰ বুলি কোৱা হয়।

42) বৈদ্য়ুতিক মটৰত ফলা আঙঠিডালৰ ভূমিকা কি?

উত্তৰ- বৈদ্য়ুতিক মটৰত ফলা আঙঠিয়ে দিক পৰিবৰ্তক হিচাপে কাম কৰে। বাহুকেইটাৰ প্ৰতি আধাপাক ঘূৰ্ণনৰ ফলত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে, যাৰ ফলত কুণ্ডলীটো একে দিশত অবিৰতভাৱে ঘূৰি থাকে।

43) বিদ্য়ুত চুম্বকীয় আবেশ বুলিলে কি বুজা?

উত্তৰ- চুম্বক  বলৰেখাৰ পৰিবৰ্তন বা চৌম্বকক্ষেত্ৰৰ পৰিবৰ্তনে সংলগ্ন হৈ থকা আন এডাল পৰিবাহীত বা কুণ্ডলীত আবিষ্ট বিভৱভেদ উৎপন্ন কৰে ফলত বৰ্তনীত প্ৰবাহ চালিত হয়।

          এডাল পৰিবাহীত হোৱা চৌম্বক ক্ষেত্ৰৰ পৰিবৰ্তনে আন এডাল পৰিবাহীত প্ৰবাহ আবিষ্ট কৰা প্ৰক্ৰিয়াটোক বিদ্য়ুত চুম্বকীয় আবেশ বোলে।







44) চুম্বক বলৰেখাবোৰক অপৰিবৰ্তিতভাৱে থাকিলে বা চুম্বকক্ষেত্ৰৰ পৰিৱৰ্তন নহলে (সুস্থিৰ থাকিলে) আবিষ্ট প্ৰবাহ বৰ্তনীত সৃষ্টি হয়নে?

উত্তৰ- চুম্বক বলৰেখাবোৰক অপৰিবৰ্তিতভাৱে থাকিলে বা চুম্বকক্ষেত্ৰ স্থিৰে থাকিলে সংলগ্ন পৰিবাহীত বা কুণ্ডলীত কোনো বিভৱভেদ আবিষ্ট নহয়, অৰ্থা বিদ্য়ু প্ৰবাহ আবিষ্ট নহয়। সেয়ে বৰ্তনীত আবিষ্ট প্ৰবাহ সৃষ্টি নহব।

45) বিদ্য়ু চুম্বকীয় আবেশৰ চৰ্তসমুহ উল্লেখ কৰা।

উত্তৰ- বিদ্য়ু চুম্বকীয় আবেশৰ চৰ্তসমুহ হল-

                         i.            সংলগ্ন চৌম্বক বলৰেখাবোৰ পৰিৱৰ্তনশীল হব লাগিব, নাইবা কুণ্ডলী এটা
চৌম্বকক্ষেত্ৰত গতি কৰাব লাগিব।

                       ii.            সংলগ্ন কুণ্ডলীত বিদ্য়ু প্ৰবাহ চালিত কৰি বিদ্য়ু চুম্বক সৃষ্টি কৰিব লাগিব।

46) আবিষ্ট প্ৰবাহৰ মান কেতিয়া সৰ্বোচ্চ হয়?

উত্তৰ- কুণ্ডলীৰ গতিৰ দিশ চৌম্বকক্ষেত্ৰৰ লম্ব হলে, আবিষ্ট প্ৰবাহ সৰ্বোচ্চ হয়।

47) আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰিবলৈ কোনটো নীতি ব্য়াৱহাৰ কৰা হয়?

উত্তৰ- ফ্লেমিঙৰ সোঁহাতীয়া নীতি।

48) গেলভেনমিটাৰ কি? ইয়াৰদ্বাৰা প্ৰবাহৰ মান কেনেদৰে জুখিব পাৰি?

উত্তৰ- গেলভেনমিটাৰ হৈছে বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰিব পৰা এটা সঁজুলি।

          ইয়াৰ মাজেৰে যোৱা প্ৰবাহৰ মান শূন্য় হলে ইয়াৰ কাঁটাডাল শূন্য়ত থাকে (স্কেলডালৰ কেন্দ্ৰত) । প্ৰবাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰি ই শূন্য় চিনৰ বাঁওফালে বা সোঁফালে বিক্ষেপিত হব পাৰে।

49) ফ্লেমিঙৰ সোঁহাতীয়া নীতিটো লিখা?

উত্তৰ- 













বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্য়মা আঙুলি পৰস্পৰ লম্বভাবে মেলি ধৰিলে, তৰ্জনী আঙুলিয়ে চৌম্বকক্ষেত্ৰৰ দিশ, আৰু বুঢ়া আঙুলি পৰিবাহীডালৰ গতিৰ দিশ দিলে মধ্য়মা আঙুলিয়ে আবিষ্ট বিদ্য়ু প্ৰবাহৰ দিশ দেখুৱাব। এই সহজ নিয়মটোক ফ্লেমিঙৰ সোঁহাতীয়া নিয়ম বুলি কোৱা হয়।

50) গতিশীল চুম্বকৰ পৰা বিদ্য়ু প্ৰবাহ উপাদন হয়- এটা পৰীক্ষাৰ দ্বাৰা বুজাই দিয়া।

উত্তৰ- 











বহুসংখ্য়ক পাক থকা তাঁৰৰ কুণ্ডলী AB লোৱা হল। চিত্ৰত দেখুৱাৰ দৰে কুণ্ডলীটোৰ মূৰ দুটা এটা গেলভেনমিটাৰৰ লগত সংযোগ কৰা হল। এডাল শক্তিশালী দণ্ডচুম্বক লোৱা হল আৰু ইয়াৰ উত্তৰ মেৰুটো কুণ্ডলীৰ B মূৰৰ ফালে নিয়া হল। গেলভেনমিটাৰৰ কাঁটাডাল এক ক্ষণস্থায়ী বিক্ষেপন দেখা যাব, ধৰা হওক সেয়া সোঁফালে হৈছে। ই AB কুণ্ডলীত এক প্ৰবাহ থকাৰ ইংগিত বহন কৰে। চুম্বকডালৰ গতি বন্ধ কৰি দিয়াৰ লগে লগে বিক্ষেপন শূন্য় হয়। এতিয়া চুম্বকডালৰ উত্তৰ মেৰুটো কুণ্ডলীৰ পৰা আঁতৰাই নিয়া হল। গেলভেনমিটাৰটো এইবাৰ বাওঁফাললৈ বিক্ষেপিত হয়, ই প্ৰবাহ আগৰ দিশৰ ওলোটা হোৱাটো বুজায়। কুণ্ডলীৰ কাষৰ বিন্দু এটাত চুম্বকডাল স্থিতিশীল অৱস্থাত এনেকৈ ৰখা হল যাতে চুম্বকৰ উত্তৰ মেৰু কুণ্ডলীৰ B মূৰৰ ফালে থাকে। আমি দেখা পাও যে কুণ্ডলীটোক চুম্বকডালৰ উত্তৰ মেৰুৰ ফালে গতি প্ৰদান কৰিলে গেলভেনমিটাৰৰ কাঁটাডাল সোঁফাললৈ বিক্ষেপিত হয়। একেদৰে কাঁটাডাল বাওঁফাললৈ ঘূৰিব যদি কুণ্ডলীটো চুম্বকডালৰ পৰা আঁতৰাই অনা হয়। যেতিয়া চুম্বকডালৰ সাপেক্ষে কুণ্ডলীটো স্থিৰ অৱস্থাত থাকে, তেতিয়া গেলভেনমিটাৰৰ বিক্ষেপন শূন্য়লৈ হ্ৰাস পায়।

          এই কাৰ্যকলাপৰ পৰা ই স্পষ্ট যে কুণ্ডলী সাপেক্ষে চুম্বক এডাল গতিৰ ফলশ্ৰুতিত এক আৱিষ্ট বিভৱভেদ উপন্ন হয় যাৰ বাবে বৰ্তনীত আৱিষ্ট বৈদ্য়ুতিক প্ৰবাহ চালিত হয়।

51) বৈদ্য়ুতিক জেনেৰেটৰ কি?

উত্তৰ- বৈদ্য়ুতিক জেনেৰেটৰ হৈছে যান্ত্ৰিক শক্তিক বৈদ্য়ুতিক শক্তিলৈ ৰূপান্তৰ কৰা এবিধ সঁজুলি।

52) বৈদ্য়ুতিক জেনেৰেটৰত কিদৰে বৈদ্য়ুতিক শক্তি উপন্ন কৰা হয়?

উত্তৰ- বৈদ্য়ুতিক জেনেৰেটৰত চৌম্বকক্ষেত্ৰ এখনত যান্ত্ৰিক শক্তিৰ প্ৰয়োগেৰে পৰিবাহী এডাল ঘূৰাই বিদ্য়ু শক্তি উপাদন কৰা হয়।

53) এটা বৈদ্য়ুতিক জেনেৰেটৰ মূলনীতি লিখা।

উত্তৰ- বৈদ্য়ুতিক জেনেৰেটৰ বিদ্য়ু চুম্বকীয় আবেশ নীতিৰ আধাৰত নিৰ্মিত। এই নীতি অনুসৰি যেতিয়া চুম্বকক্ষেত্ৰৰ মাজেৰে এটা পৰিবাহী কুণ্ডলী ঘূৰে, তেতিয়া চুম্বকক্ষেত্ৰত হোৱা অবিৰত পৰিবৰ্তনৰ বাবে কুণ্ডলীত বিদ্য়ু প্ৰবাহ আৱিষ্ট হয়। এই আৱিষ্ট প্ৰবাহৰ দিশ ফ্লেমিঙৰ সোঁহাতীয়া নীতিৰ সহায়ত নিৰ্ণয় কৰিব পাৰি।

54) বৈদ্য়ুতিক জেনেৰেটৰৰ কাৰ্য প্ৰণালীটো লিখা।

উত্তৰ- 













জেনেৰেটৰৰ মূল অংশ হল এটা ঘূৰ্ণায়মান আয়তাকাৰ কুণ্ডলী ABCD যাক এডাল স্থায়ী চুম্বকৰ মেৰু দুটাৰ মাজত ৰখা হয়। এই কুণ্ডলীৰ দুয়োটা মূৰ দুটা R1 আৰু R2 আঙঠি দুটাৰ লগত সংযোগ কৰা হয়। দুডাল স্থিতিশীল পৰিবাহী ব্ৰাছ B1 আৰু B2 যথাক্ৰমে R1 আৰু R2 ৰ লগত পৃথকে পৃথকে হেঁচা দি ধৰা হয়। চৌম্বকক্ষেত্ৰত কুণ্ডলী ঘূৰাবলৈ অক্ষদণ্ডডাল বাহিৰৰ পৰা যান্ত্ৰিকভাবে ঘূৰোৱা হয়।

          চৌম্বকক্ষেত্ৰখনত ABCD কুণ্ডলীক এনেদৰে ঘূৰোৱা হয় যাতে R1  আৰু R2  আঙঠি দুটাও তাৰ সৈতে ঘূৰে। ইয়াৰ ফলত AB বাহুটো ওপৰলৈ উঠে আৰু CD বাহুটো তললৈ যায় অৰ্থা ঘড়ীৰ কাঁটাৰ বীপৰীত দিশত ঘূৰে। AB আৰু CD বাহুৰ এই সঞ্চালনে ফ্লেমিঙৰ সোঁহাতীয়া নীতি অনুসৰি বাহুবোৰত AB আৰু CD দিশত প্ৰবাহ আৱিষ্ট কৰে ফলত বহিঃবৰ্তনীত প্ৰবাহ B2 ৰ পৰা B1 লৈ চালিত হয়।

          আধাপাক ঘূৰ্ণনৰ পিছত CD বাহু ওপৰলৈ আৰু AB বাহু তললৈ যাব। ফলত বাহু দুটাত আৱিষ্ট প্ৰবাহৰ দিশ সলনি হৈ মুঠ আৱিষ্ট প্ৰবাহ DCBA দিশত চালিত হব। ফলত বহিঃবৰ্তনীত প্ৰবাহ B1 ৰ পৰা B2 লৈ যাব। এনেদৰে প্ৰতি আধাপাক ঘূৰ্ণনত বাহুদ্বয়ত প্ৰবাহৰ দিশ সলনি হয়। ফলত বহিঃবৰ্তনীত পৰবৰ্তী প্ৰবাহৰ উস লাভ কৰিৰলৈ সক্ষম হয়।

55) পৰবৰ্তী প্ৰবাহ কি?

উত্তৰ- এক নিৰ্দিষ্ট সময়ৰ ব্য়াৱধানত দিশ সলনি কৰা প্ৰবাহক পৰবৰ্তী প্ৰবাহ বোলে।

56) পৰবৰ্তী প্ৰবাহৰ উসবোৰৰ নাম লিখা?

উত্তৰ- ঘৰত ব্য়াৱহৃত বিদ্য়ু, পৰবৰ্তী প্ৰবাহযুক্ত বৈদ্য়ুতিক জেনেৰেটৰ, পৰবৰ্তী প্ৰবাহযুক্ত বায়ুকল (AC WIND MILL) আদি।

57) ভাৰতত পৰবৰ্তী প্ৰবাহৰ দিশ প্ৰতিছেকেণ্ডত কিমান বাৰ সলনি হয়? ইয়াৰ কম্পনাংক কিমান?

উত্তৰ-ভাৰতত প্ৰতি  1/100 ছেকেণ্ডত পৰবৰ্তী প্ৰবাহৰ দিশ সলনি হয়।

             ইয়াৰ কম্পনাংক 50 হাৰ্টজ।

58) প্ৰত্য়ক্ষ প্ৰবাহ কি?

উত্তৰ- যি প্ৰবাহ এটা নিৰ্দিষ্ট দিশত চালিত হয় বা সময়ৰ লগত নিজৰ দিশ সলনি নকৰে তাক প্ৰত্য়ক্ষ প্ৰবাহ বোলে।

59) প্ৰত্য়ক্ষ প্ৰবাহৰ উসবোৰৰ নাম লিখা।

উত্তৰ- বেটাৰী, প্ৰত্য়ক্ষ বৈদ্য়ুতিক জেনেৰেটৰ, শুকান কোষ, ৰেডিঅ’ , টেলিভিচন।

60) DC ৰ তুলনাত AC ব্য়াৱহাৰৰ এটা সুবিধাজনক দিশ উল্লেখ কৰা।

উত্তৰ- ইয়াক শক্তিৰ অপচয় নোহোৱাকৈ বহু দূৰলৈ সঞ্চালিত কৰিব পাৰি।

61) বৈদ্য়ুতিক জেনেৰেটৰত ব্ৰাছদুডালৰ কাম কি?

উত্তৰ- বৈদ্য়ুতিক জেনেৰেটৰত ব্ৰাছ দুডালে বহিঃবৰ্তনীত প্ৰবাহৰ দিশ নিৰ্ণয় কৰাত সহায় কৰে।

62) ফিউজ তাঁৰ কোন নীতিৰ আধাৰত কাম কৰে?আৰু কেনেদৰে?

উত্তৰ- জুলৰ তাপীয় ক্ৰিয়া, ইয়াৰ ফলতে ই গলি বৈদ্য়ুতিক বৰ্তনীটোৰ বিদ্য়ুত সংযোগ বিচ্ছিন্ন কৰে।

63) বৈদ্য়ুতিক জেনেৰেটৰত AC ৰ সলনি DC প্ৰবাহ লাভ কৰিবলৈ কি কৰিব লাগিব?

উত্তৰ- প্ৰত্য়ক্ষ প্ৰবাহ পাবৰ বাবে এটা ফলা আঙঠিৰ দৰে দিক পৰিবৰ্তক ব্য়াৱহাৰ কৰিব লাগিব। এই ব্যাৱস্থাত এডাল ব্ৰাচ ক্ষেত্ৰখনত ওপৰলৈ উঠা বাহুৰ লগত সকলো সময়তে সংযোগত ৰখা হয় আৰু আনডাল ব্ৰাচ তললৈ গতি কৰা বাহুৰ লগত সংযোগত ৰখা হয়। এইদৰে বহিঃবৰ্তনী এটা একমুখী প্ৰবাহৰ সৃষ্টি হয়।

64) প্ৰত্য়ক্ষ আৰু পৰবৰ্তী প্ৰবাহৰ মাজৰ পাৰ্থক্য কি?

উত্তৰ-

প্ৰত্য়ক্ষ প্ৰবাহ

পৰবৰ্তী প্ৰবাহ

১) প্ৰত্য়ক্ষ প্ৰবাহ সদায় এটা দিশত চালিত হয়।

১) পৰবৰ্তী প্ৰবাহে ইয়াৰ দিশ পৰ্যাবৃত্তভাবে সলনি হয়।

২) ইয়াক দূৰলৈ সঞ্চালিত কৰিলে শক্তিৰ অপচয় হয়।

২) ইয়াক বিশেষ অপচয় নোহোৱাকৈ দূৰলৈ সঞ্চালিত কৰিব পাৰি।

৩) বিদ্য়ুপাদন কেন্দ্ৰই আমাক এই প্ৰবাহ যোগান নধৰে।

৩) বিদ্য়ুপাদন কেন্দ্ৰই আমাক ঘৰুৱা ব্য়াৱহাৰৰ বাবে এই প্ৰবাহ যোগান ধৰে।

৪) ৰেডিঅ আৰু টেলিভিচনৰ ক্ষেত্ৰত এইবিধ প্ৰবাহ উপযোগী হয়।

৪) এইবিধ প্ৰবাহক ৰেডিঅ আৰু টেলিভিচনে প্ৰত্য়ক্ষ প্ৰবাহলৈ পৰিবৰ্তন কৰিহে ব্য়াৱহাৰ কৰে।

 

65) সজীৱ তাঁৰ কি?

উত্তৰ- বিদ্য়ুযোগানৰ ব্যাৱস্থাত সাধাৰণতে  ৰঙা ৰঙৰ অন্তৰিত আচ্ছাদনে ঢকা পৰিবাহীডালক সজীৱ বা ধনাত্মক তাঁৰ বোলা হয়।

66) উদাসীন তাঁৰ কি?

উত্তৰ- বিদ্য়ু যোগানৰ ব্য়াৱস্থাত কলা আচ্ছাদনৰ দ্বাৰা ঢকা পৰিবাহীডালক উদাসীন তাঁৰ বোলা হয়।

67) AC জেনেৰেটৰ আৰু DC জেনেৰেটৰৰ মাজত পাৰ্থক্য় কি?

উত্তৰ-

AC- জেনেৰেটৰ

DC- জেনেৰেটৰ

১)AC- জেনেৰেটৰে পৰবৰ্তী প্ৰবাহ উপন্ন কৰে।

১) DC- জেনেৰেটৰে প্ৰত্য়ক্ষ প্ৰবাহ উপন্ন কৰে।

২) AC- জেনেৰেটৰত দুটা সম্পূৰ্ণ আঙঠিৰ ব্য়াৱহাৰ কৰা হয়।

২) DC- জেনেৰেটৰত এটা ফলা আঙঠি ব্য়াৱহাৰ কৰা হয়।

 

 

68) মূখ্য় যোগান তাঁৰ বুলিলে কি বুজা?

উত্তৰ- বৈদ্য়ুতিক খুটাৰ সহায়ত  মূৰৰ ওপৰেদি তাঁৰ টানি বা মাটিৰ তলেৰে তাঁৰ নি আমাৰ ঘৰবোৰত বৈদ্য়ুতিক শক্তিৰ যোগান ধৰা তাঁৰবোৰক মূখ্য় যোগান তাঁৰ বোলা হয়।

69) ভাৰতবৰ্ষত মূখ্য়যোগান তাঁৰৰ মাজত বিভৱভেদ কিমান?

উত্তৰ- 220 ভল্ট।

70) মূখ্য় যোগান তাঁৰডাল ঘৰৰ সংযোগী তাঁৰৰ লগত কিদৰে সংলগ্ন কৰা হয়?

উত্তৰ- ঘৰৰ মিটাৰ-বৰ্ডত মূখ্য়যোগানৰ দুডাল  তাঁৰ মূখ্য় ফিউজ তাঁৰ এডালৰ মাজেৰে বৈদ্য়ুতিক মিটাৰলৈ যায়। এটা মূখ্য় চাবিৰ মাৰফ সিহঁতক ঘৰৰ সংযোগী তাঁৰৰ লগত সংলগ্ন কৰা হয়।

71) 15 A প্ৰবাহ ক্ষমতাযুক্ত সঁজুলিবোৰৰ নাম লিখা।

উত্তৰ- গীজাৰ, বায়ু-শীতলীকৰণ যন্ত্ৰ আদি।

72) 5 A প্ৰবাহ ক্ষমতাযুক্ত সঁজুলিবোৰৰ নাম লিখা।

উত্তৰ- বাল্ব, ফেন আদি।

73) সেউজীয়া ৰঙৰ তাঁৰডালৰ বিশেষত্ব  কি? ইয়াক কিদৰে সংযোগ কৰা হয়?

উত্তৰ- ভূমি সংযোগী তাঁৰডাল সাধাৰণতে  সেউজীয়া ৰঙৰ আচ্ছাদনতে অন্তৰিত হৈ থাকে।

          ইয়াক ঘৰৰ কাষত মাটিৰ যথেষ্ট তলত ধাতুৰ পাত এখনৰ লগত সংযোগ কৰা হয়।

74) সজুলিৰ ধাতুৰ শৰীৰ ভূমি সংযোগী তাঁৰৰ  লগত সংলগ্ন কৰাৰ কাৰণ কি?

উত্তৰ- সজুলিৰ ধাতুৰ শৰীৰ ভূমি সংযোগী তাঁৰৰ লগত সংলগ্ন কৰা হয় কাৰণ ই প্ৰবাহক ভূমিলৈ কম ৰোধৰ পৰিবাহী পথ এটাৰ যোগান ধৰে। সজুলিৰ ধাতুৰ শৰীৰলৈ এই প্ৰবাহ নিঃসৰিত হলে এই ব্য়াৱস্থা ধাতুৰ শৰীৰৰ বিভৱ ভূমিৰ সৈতে একে কৰি ৰাখে, ফলত ব্য়াৱহাৰকাৰীয়ে অনুভৱ কৰা বৈদ্য়ুতিক আঘাত সিমান প্ৰচণ্ড হব নোৱাৰে।

75) প্ৰতিটো সজুলিত সমান বিভৱভেদ নিশ্চিত কৰিবলৈ সেইবোৰক কেনেকৈ সংযোগ কৰা হয়?

উত্তৰ- সিহঁতক পৰস্পৰ সমান্তৰালভাবে সংযাগ কৰা হয়।

76)বৰ্তনীৰ বোজা অধিক হলে কোনে বৰ্তনীটোক নষ্ট হৈ যোৱাৰ পৰা ৰক্ষা কৰে?

উত্তৰ- ফিউজ তাঁৰে সজুলিবোৰ আৰু বৰ্তনীটোক নষ্ট হৈ যোৱাৰ পৰা ৰক্ষা কৰে

77)হ্ৰস্ববৰ্তনী (SHORT CIRCUTE) কাক বোলে?

উত্তৰ- সজীব আৰু উদাসীন তাঁৰৰ অবাঞ্চিত সংযোগ ঘটিলে বোজা অত্য়াধিক হয়। এনে অৱস্থাত বৰ্তনীৰ প্ৰবাহ হঠাতে বহুত বাঢ়ি যায়। ইয়াকে হ্ৰস্ববৰ্তনী (SHORT CIRCUTE) বোলে।

78) হ্ৰস্ববৰ্তনী (SHORT CIRCUTE) ৰ কাৰণসমূহ কি?

উত্তৰ- হ্ৰস্ববৰ্তনী (SHORT CIRCUTE) ৰ কাৰণসমূহ-

                         i.            যোগান ধৰা বিভৱৰ আকস্মিক বৃদ্ধি।

                       ii.            একেটা খাঁজ (SOCKET) ৰ পৰা অত্য়াধিক সজুলিৰ সংযোগ।

 

প্ৰশ্নাৱলী

Page No:-224

1) দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাঁটাডাল কিয় বিক্ষেপিত হয়?

উত্তৰ- চুম্বকশলাৰ কাঁটাডাল আচলতে এডাল সৰু দণ্ডচুম্বক। আমি জানো যে চুম্বকৰ একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত আকৰ্ষণ হয়। যেতিয়া দণ্ড চুম্বকৰ ওচৰলৈ চুম্বকশলাডাল অনা হয় তেতিয়া একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত আকৰ্ষণ বলে ক্ৰিয়া কৰে, ফলত কাঁটাডাল বিক্ষেপিত হয়।

Page No:-228

1) এডাল দণ্ডচুম্বকৰ কেউকাষে চুম্বক বলৰেখাবোৰ অংকন কৰা ।

উত্তৰ-








2) চুম্বক বলৰেখাৰ ধৰ্মসমুহ তালিকাভুক্ত কৰা।

উত্তৰ- - চৌম্বিক বলৰেখাৰ ধৰ্মবোৰ হল-

                         i.            চৌম্বিক বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলায় আৰু দক্ষিণ মেৰুত সোমায়।

                       ii.            চুম্বকৰ অন্তৰ্ভাগত বলৰেখাৰ দিশ ইয়াৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয়।

                     iii.             চৌম্বিক বলৰেখাসমূহে এটাই আনটোক ছেদ নকৰে।

                     iv.            মেৰুদ্বয়ৰ মাজৰ দূৰত্ব বাঢ়িলে চৌম্বিক বলৰেখাৰ ঘনত্ব কমে।

                       v.            চৌম্বিক বলৰেখাবিলাক বন্ধ বক্ৰৰ।

                     vi.            চৌম্বকীয় ক্ষেত্ৰৰ ৰেখাবিলাকৰ কোনো বাস্তব আস্তিত্ব নাই।

 

 

3) দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পক কঁটাকটি কৰিব নোৱাৰে?

উত্তৰ- দুডাল চৌম্বক বলৰেখাই কেতিয়াও কঁটাকটি নকৰে। যদি কৰিলেহেঁতেন তেন্তে তাৰ অৰ্থ হল যে কঁটাকটি কৰা বিন্দুত দিগদৰ্শন যন্ত্ৰৰ কঁটাই দুটা দিশ নিৰ্দেশ কৰিব, যিটো সম্ভৱ নহয়।

Page No:-229

1) এখন টেবুলৰ সমতলত তাঁৰৰ  বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা। ধৰাহওক, ঘড়ীৰ কাঁটাৰ দিশত ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে। কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্ৰয়োগ কৰা।

উত্তৰ- 









যিহেতু টেবুলৰ সমতলত ৰখা কুণ্ডলীটোৰ মাজেৰে প্ৰবাহ ঘড়ীৰ কাটাৰ দিশত হয়। সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়ম মতে কুণ্ডলীৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ দিশ টেবুলৰ সমতলৰ লম্ব দিশত ওপৰৰ পৰা টেবুলৰ পৃষ্ঠখনৰ তললৈ হব, যত কুণ্ডলীটোৰ মুক্তপৃষ্ঠটো দক্ষিণ মেৰু আৰু টেবুলৰ পৃষ্ঠৰ লগত লাগি থকা তলৰ অংশটোৱে উত্তৰ মেৰু সূচাব। কুণ্ডলীৰ বাহিৰফালে চুম্বকক্ষেত্ৰৰ দিশ ওপৰৰ পিনে হব।

2) এটা প্ৰদত্ত অঞ্চলত চৌম্বকক্ষেত্ৰৰ প্ৰকৃতি সুষম। ইয়াক প্ৰদৰ্শন কৰি চিত্ৰ অংকন কৰা।

উত্তৰ- চলেনইডৰ অন্তৰ্ভাগৰ বলৰেখাবিলাক সমান্তৰাল সৰলৰেখা। ইয়াৰ অৰ্থ এয়ে যে চলেনইডৰ অন্তৰ্ভাগৰ সকলোবিন্দুত চৌম্বকক্ষেত্ৰ একে। অৰ্থা চলেনইডৰ ভিতৰত চৌম্বকক্ষেত্ৰৰ প্ৰকৃতি সুষম।









3) শুদ্ধ উত্তৰ বাছি উলিওৱা।

        a)       শূন্য।

        b)      ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায়।

        c)       ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায়।

        d)      সকলো বিন্দুতে একে থাকে।

    উত্তৰ- d) সকলো বিন্দুতে একে থাকে।

Page No:-231

1) চৌম্বকক্ষেত্ৰত মুক্তভাবে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হব পাৰে?( ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব ৰ পাৰে)


        a)       ভৰ

        b)      দ্ৰুতি

        c)       বেগ

        d)      ভৰবেগ


    উত্তৰ- c)বেগ আৰু d)ভৰবেগ।

2) কাৰ্যকলাপ 13.7 ত AB দণ্ডৰ সৰণ কেনেদৰে প্ৰভাবিত হব যদি

                             I.            AB দণ্ডত প্ৰবাহ বৃদ্ধি কৰা হয়,

                           II.            পূৰ্বতকৈ অধিক শক্তিশালী অশ্বখুড়া চুম্বক ব্যাৱহাৰ কৰা হয়, আৰু

                         III.            AB দণ্ডৰ দৈৰ্ঘ্য় বৃদ্ধি কৰা হয়।

        উত্তৰ- আমি জানো যে পৰিবাহীৰ ওপৰত ক্ৰিয়া কৰা বল,






         I.            যেতিয়া  AB দণ্ডডালত প্ৰবাহ (I) ৰ মান বঢ়োৱা হয়, বল (F) বাঢ়িব।

       II.            যেতিয়া পূৰ্বতকৈ অধিক শক্তিশালী অশ্বখুড়া চুম্বক ব্য়াৱহাৰ কৰা হব চুম্বকক্ষেত্ৰ (B) ৰ মান বাঢ়িব যাৰ ফলত বল (F) বাঢ়িব।

   III.            যেতিয়া AB দণ্ডৰ দৈৰ্ঘ্য় (L) বৃদ্ধি কৰা হব বল (F) বাঢ়িব।

3) পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা (আলফা-কণা) চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্য়ুত হল। চুম্বক ক্ষেত্ৰৰ দিশ হব-














            a)      দক্ষিণ মুৱা

            b)      পূৱ মুৱা

            c)     নিম্নমুখী

            d)উৰ্দ্ধমুখী

উত্তৰ- d) উৰ্দ্ধমুখী


Page No:-233

1) ফ্লেমিঙৰ বাঁওহাতীয়া নিয়মটো লিখা।

উত্তৰ-

2) বৈদ্য়ুতিক মটৰৰ মূলনীতিটো কি?

উত্তৰ- বৈদ্য়ুতিক মটৰ এনে এবিধ আহিলা যত বিদ্য়ুপ্ৰবাহী পৰিবাহীৰ ওপৰত চুম্বকক্ষেত্ৰই ক্ৰিয়া কৰা বল প্ৰয়োগ কৰি বিদ্য়ু শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰা হয়। ইয়াৰ মূলনীতিটো হল প্ৰবাহী পৰিবাহীৰ ওপৰত চুম্বকক্ষেত্ৰই ক্ৰিয়া কৰা বল। ফ্লেমিঙৰ বাঁওহাতীয়া নীতিৰ ওপৰত ভিত্তি কৰি বৈদ্য়ুতিক মটৰ তৈয়াৰ কৰা হয়।

3) বৈদ্যুতিক মটৰত ফলা আঙঠিৰ ভূমিকা কি?

উত্তৰ-

Page No:-236

1) কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰাৰ বিভিন্ন উপায়বোৰ ব্য়াখ্য়া কৰা।

উত্তৰ-








বহুসংখ্য়ক পাক থকা ( ধৰাহওক, যথাক্ৰমে 50 আৰু 100 পাক ) দুটা পৃথক কুণ্ডলী লোৱা হল। চিত্ৰত দেখুৱাৰ দৰে এডাল অপৰিবাহী চুঙা আকৃতিৰ দণ্ডৰ ওপৰেদি কুণ্ডলী দুটা সমুৱাই দিয়া হল। বেচি পাক থকা ১-নং কুণ্ডলীটো বেটাৰী আৰু প্লাগচাবিৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হল। চাবিটো বন্ধ কৰা হল। গেলভেনমিটাৰটোলৈ মন কৰিলে কাঁটাডালৰ বিক্ষেপন দেখা যাব। কাঁটাডাল হঠাতে এটা দিশত জাপ মাৰিব আৰু একেই তপৰতাৰে শূন্য়লৈ উভতি আহিব, ই 2-নং কুণ্ডলীত ক্ষণস্থায়ী প্ৰবাহ এটাৰ উপস্থিতি সূচায়। বেটাৰীটোৰ পৰা ১-নং কুণ্ডলীটোৰ সংযোগ বিচ্ছিন্ন কৰা হল। দেখিলো যে কাঁটাডাল মুহুৰ্তৰ বাবে বিপৰীত দিশত বিক্ষেপিত হয়। অৰ্থা, এইবাৰ ২-নং কুণ্ডলীত প্ৰবাহ বিপৰীত দিশত চালিত হৈছে। এনে ধৰণেৰে কুণডলীত প্ৰবাহ আৱিষ্ট কৰা হয়।

Page No:-237

1) বৈদ্য়ুতিক জেনেৰেটৰৰ মূলনীতি লিখা।

উত্তৰ- বৈদ্য়ুতিক জেনেৰেটৰ বিদ্য়ু চুম্বকীয় আবেশ নীতিৰ আধাৰত নিৰ্মিত। এই নীতি অনুসৰি যেতিয়া চুম্বকক্ষেত্ৰৰ মাজেৰে এটা পৰিবাহী কুণ্ডলী ঘূৰে, তেতিয়া চুম্বকক্ষেত্ৰত হোৱা অবিৰত পৰিবৰ্তনৰ বাবে কুণ্ডলীত বিদ্য়ু প্ৰবাহ আৱিষ্ট হয়। এই আৱিষ্ট প্ৰবাহৰ দিশ ফ্লেমিঙৰ সোঁহাতীয়া নীতিৰ সহায়ত নিৰ্ণয় কৰিব পাৰি।

 

2) প্ৰত্য়ক্ষ প্ৰবাহৰ উস কেইটামানৰ নাম লিখা।

উত্তৰ- শুকান কোষ, বেটাৰী, প্ৰত্য়ক্ষ জেনেৰেটৰ আদি।

3) পৰবৰ্তী প্ৰবাহ কোনবিলাক উসই উপাদন কৰে?

উত্তৰ- পৰবৰ্তী বৈদ্য়ুতিক জেনেৰেটৰ, পৰবৰ্তী বায়ুকল আদি।

4) শুদ্ধটো বাছি উলিওৱা-

          তামৰ তাঁৰৰ আয়তকাৰ কুণ্ডলী এটা চুম্বকক্ষেত্ৰ এখনত ঘুৰোৱা হৈছে। আবিষ্ট প্ৰবাহৰ দিশ প্ৰতি-


        a)       দুপাকত সলনি হব

        b)      এপাকত সলনি হব

        c)       আধা পাকত সলনি হব

        d)      এপাকৰ চাৰিভাগৰ এভাগত সলনি হব।


উত্তৰ- (c) আধা পাকত সলনি হব।

Page No:-238

1) বৈদ্য়ুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্য়াৱহাৰ হোৱা দুটা নিৰাপত্তা ব্য়াৱস্থাৰ নাম লিখা?

উত্তৰ- ভূমি সংযোগী তাঁৰ আৰু আনটো হল ফিউজ।

2) এটা বৈদ্য়ুতিক ওভেনৰ ক্ষমতা ২KW আৰু ইয়াক ৫A প্ৰবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ (২২০V ৰ) লগত সংযোগ কৰা হৈছে। কি ফলাফল তুমি আশা কৰিবা? আলোচনা কৰা।

উত্তৰ-