কৰ্ণ
কৰ্ণ মানুহৰ প্ৰধান
শ্ৰৱন ইন্দ্ৰীয়। কাণে শুনা কাৰ্য্যৰ ওপৰিও শৰীৰৰ অৱস্থা নিৰ্ণায়ক অংগ আৰু ভাৰসাম্য
নিৰূপক ইন্দ্ৰীয় হিচাপেও কাম কৰে। কাণ দুখন মস্তিস্কৰ দুয়োফালে অৱস্থিত। কাণৰ গঠন
জটিল, ইয়াক প্ৰধানকৈ তিনিটা অংশত বিভক্ত কৰিব পাৰি-
১) বহিঃকৰ্ণ
২) মধ্য়কৰ্ণ বা টিমপেনিক গহবৰ
৩)অন্তঃ কৰ্ণ
১)বহিঃকৰ্ণঃ-
বহিঃকৰ্ণ তিনিটা অংশৰে গঠিত-
⒜ কৰ্ণপল্লব
⒝ কৰ্ণকুহৰ
⒞
কৰ্ণপটহ
কৰ্ণপল্লবঃ-
কৰ্ণপল্লব মস্তিস্কৰ
দুয়োকাষে অৱস্থিত। কৰ্ণৰ একেবাৰে বাহিৰত থকা চেপেটা আৰু বহল উপাস্থিযুক্ত অংশই হ´ল
কৰ্ণপল্লব। মূৰৰ প্ৰত্যেকফালে একোটাকৈ কৰ্ণপল্লব থাকে। কৰ্ণপল্লব পাতল ছালখনে আৱৰি
থাকে। ছালখনত নোম, ডাঙৰ চিবাচিয়াছ গ্ৰন্থি (তৈল গ্ৰন্থি) আৰু সৰু সৰু ঘৰ্ম গ্ৰন্থি
থাকে। কাণখন ইলাষ্টিক কাৰ্টিলেছ এছটাৰ দ্বাৰা এক বিশেষ আকৃতি বিশিষ্ট হৈ থাকে। এই
উপাস্থিক আগুৰি ছালখন থাকে আৰু বিশেষ অনৈচ্ছিক পেশীৰদ্বাৰা ই লাওখোলাৰ সৈতে বান্ধ
খাই থাকে। কৰ্ণপল্লবত খাচ দেখা যায়। খাচবোৰৰ ভিতৰত একেবাৰে বাহিৰত থকা খাচটো
সুগভীৰ আৰু ইয়াক হেলিক্স বোলে। কৰ্ণপল্লবে শব্দ তৰংগবোৰ ধৰি মধ্য় কৰ্ণলৈ পঠিয়ায়।
কৰ্ণকুহৰঃ-
কৰ্ণপল্লবৰ পৰা আৰম্ভ
কৰি মূৰৰ ভিতৰলৈ সোমাই যোৱা ইষৎ বেকা সুৰংগটোক
কৰ্ণকুহৰ বোলে। এই সুৰংগটো কৰ্ণপটহত শেষ হৈছেগৈ। কৰ্ণকুহৰ উপাস্থি অংশ আৰু অস্থি
অংশত বিভক্ত। ইয়াৰ বাহিৰৰ কিছু অংশ উপাস্থিৰে গঠিত। ভিতৰৰ বাকী অংশ টেমপেৰেল
অস্থিৰে গঠিত। বাহিৰৰ উপাস্থি থকা অংশখিনি ডাঠ ছালেৰে আৱৰি থাকে। এই অংশত নোম, তৈল
গ্ৰন্থি আৰু ডাঙৰ ডাঙৰ চেৰুমেন গ্ৰন্থি থাকে। এই গ্ৰন্থিৰ পৰা ক্ষৰিত হোৱা
পদাৰ্থবোৰ মিশ্ৰিত হৈ এক ডাঠ মমজাতীয় পদাৰ্থৰ সৃ্ষ্টি কৰে, ইয়াক চেৰুমেন বোলে।
চেৰুমেনে বতাহৰ লগত যোৱা ধুলি বালিৰ লগতে পোক-পৰুৱা আদি বান্ধি পেলায় যাতে এইবোৰে
কৰ্ণপটহ আৱৰণখনৰ ক্ষতিসাধন কৰিব নোৱাৰে।
কৰ্ণপটহঃ-
কৰ্ণকুহৰ সুৰংগটোৰ শেষত কৰ্ণপটহ নামে এখন অতি নৰম আৰু এখন
পাতল পৰ্দা থাকে। এই পৰ্দাখন প্ৰায় 0.1 মি.মি. ডাঠ আৰু তিনিধৰণৰ কলাৰ দ্বাৰা গঠিত-
বাহিৰৰ কলাখন স্তৰীভূত আচ্ছাদীয় কলাৰ দ্বাৰা গঠিত। মাজত
তন্তুময় পদাৰ্থৰ দ্বাৰা স্তৰটো গঠিত হয়। একেবাৰে ভিতৰফালে থকা স্তৰটো ঘনাকাৰ
আচ্ছাদীয় কলাৰ দ্বাৰা গঠিত। কৰ্ণকুহৰেদি অহা শব্দ তৰংগই কৰ্ণপটহত কম্পন সৃষ্টি
কৰে।
২)মধ্য়কৰ্ণঃ-
মধ্য়কৰ্ণ অংশ কৰ্ণকুহৰৰ ভিতৰলৈ আগবাঢ়ি যোৱা এটা চুটি
কিন্তু বহল সুৰংগ। এই সুৰংগ টেমপৰেল হাড়ৰ ভিতৰত অৱস্থিত। ইয়াৰ বাহিৰৰ সীমাত
কৰ্ণপটহখন থাকে। ভিতৰৰ সীমাত ওপৰ তলকৈ দুখন পৰ্দা থাকে। ওপৰৰ পৰ্দাখনক ওপবৃত্ত
বাতায়ন আৰু তলৰ পৰ্দাখনক বৃত্ত বাতায়ন বোলে। এই প্ৰকোষ্টত ইডালৰ মুৰত সিডাল লগাকৈ
তিনিডাল অতি সৰু হাড় বা অস্থিকা শিকলিৰ দৰে থাকে। বাহিৰৰ পৰা ভিতৰলৈ এই অস্থিকা
কেইডাল হ´ল ক্ৰমে- মেলিয়াছ, ইনকাছ, ষ্টেপছ´।
মেলিয়াছৰ এটা মুৰ কৰ্ণপটহত লাগি
থাকে। আনহতে ষ্টেপছ´ৰ এটা মুৰ উপবৃত্ত বাতয়নত লাগি থাকে। ইনকাছ অস্থিকা খন এমূৰে
মেলিয়াছ আৰু আনমূৰে ষ্টেপছ´ত লাগি থাকে। মেলিয়াছ অস্থিকাখন সুৰংগটোত পাৰ্শীয়ভাৱে
থাকে। এইডাল দেখাত হাতুৰী আকৃতিৰ। ই মূৰ, গ্ৰীবা আৰু নাল অংশত বিভক্ত। নাল অংশ
কৰ্ণপটহৰ ঠিক মধ্য়স্থানত যুক্ত হৈ থাকে, মূৰ অংশ ইনকাছৰ লগত যুক্ত। ইনকাছ
অস্থিকাটুকুৰা দেহখণ্ড আৰু দুডাল অসমান প্ৰৱৰ্ধকৰে গঠিত।দেহখণ্ডটো মেলিয়াছৰ লগত
আৰু দীঘল প্ৰৱৰ্ধকডাল ষ্টেপছ´ৰ লগত সংযুক্ত হৈ থাকে। সৰু প্ৰৱৰ্ধকডাল কিছুমান
লিগামেণ্টৰে সংযুক্ত পশ্চাৎ বেৰৰ লগত সংযুক্ত হয়। ষ্টেপছ হাড় টুকুৰা কৃত্ৰিম ভৰিৰ সংযোজকৰ দৰে। ই মূৰ,
গ্ৰীবা, দুটা বাহ আৰু ভিত্তি প্লেটেৰে গঠিত। ইয়াৰ মূৰ অংশটো ইনকাছৰ লগত আৰু ভিত্তি
প্লেটখন উপবৃত্তাকাৰ বাতায়নৰ লগত সংযুক্ত হৈ থাকে। শব্দ তৰংগই আঘাত কৰিলে কৰ্ণপটহত
যি কম্পন সৃষ্টি হয় সেই কম্পন মধ্য়কৰ্ণৰ অস্থিকা কেইটুকুৰাই বহন কৰি উপবৃত্তাকাৰ
বাতায়ন নামৰ পাতল পদাৰ্থখন কপাই তুলে। এই কম্পনৰ পৰাই অন্তকৰ্ণই শব্দ গ্ৰহণ কৰে।
ইউষ্টেচিয়ান নলীঃ-
ইউষ্টেচিয়ান নলী নামে এটা ক্ষীণ
নলী মধ্য়কৰ্ণৰ পৰা আহি খাদ্যনলীৰ ফেৰিংছ অংশত মুকুলি হয়। এই নলীৰ যোগেদি মধ্য়কৰ্ণৰ
ভিতৰৰ বায়ুৰ চাপ শৰীৰৰ বাহিৰৰ বায়ুৰ চাপৰ সমান হৈ থাকে। মধ্য়কৰ্ণৰ বায়ুৰ চাপ আৰু
বাহিৰৰ বায়ুৰ চাপৰ লগত সমতা কৰা ইউষ্টেচিয়ান নলীৰ কাম।
৩)অন্তঃকৰ্ণঃ-
অন্তঃকৰ্ণৰ গঠন জটিল অন্তঃকৰ্ণ
কোমল আৰু ৰসপূৰ্ণ কোঠালীযুক্ত। ইয়াত দুটা অংশ থাকে- 1) এটা শব্দ সংগ্ৰাহী অংশ যাক
ককলিয়া বোলে 2) এটা শৰীৰৰ ভাৰসাম্য অংশ যাক ভেষ্টিবুলাৰ বোলা হয়
এই দুয়োটা অংশ অন্তঃকৰ্ণৰ চেকুলাছ
নামৰ এটা সাধাৰণ কোঠালীৰ লগত সংযুক্ত হৈ থাকে। অন্তঃকৰ্ণৰ গোটেই অংশটো কোমল কলাৰ
চ্ছদাৰে গঠিত কাৰণে ইয়াক চ্ছদীয় লিবিৰিন্থ বোলে। ছদীয় লিবিৰিন্থ অস্থিযুক্ত
কোঠালীৰ মাজত আৱদ্ধ হৈ থাকে। এই অস্থিযুক্ত কোঠালীক অস্থিময় লিবিৰিন্থ বোলে। ছদীয়
লিবিৰিন্থ আৰু অস্থিময় লিবিৰিন্থৰ মাজত থকা খালী অংশটোক বহিঃলসিকা স্থান বোলে। এই
স্থান বহিঃলসিকা বা পেৰিলিম্ফৰে পৰিপূৰ্ণ হৈ থাকে।
শব্দ সংগ্ৰাহী অংশ বা ককলিয়া-
অন্তঃকৰ্ণৰ শব্দ সংগ্ৰাহী অংশটোৰ নাম হৈছে ককলিয়া। কাষে কাষে লাগি থকা তিনিটা নলসদৃশ কোঠালী একে লগে সৰ্পিল ভাবে তিনিটা পাক খাই ককলিয়া অংশৰ গঠন হয়। এই ছদীয় লেবিৰিন্থ (ককলিয়া) অস্থিময় লেবিৰিন্থৰ ভিতৰত পেৰালিম্ফৰ মাজত সুৰক্ষিত হৈ থাকে। অনুদৈৰ্ঘ্য ভাবে পকাই থকা নল তিনিটা ক্ৰমে- প্ৰকোষ্টীয় সুৰংগ বা ভেষ্টিবুলাৰ নলী (Posterior Canal) , মধ্যসুৰংগ বা মধ্যনলী (Lateral Canal) আৰু পটহ সুৰংগ বা টিম্পেনিক নলী (Anterior Canal)। প্ৰকোষ্টীয় সুৰংগ আৰু মধ্যসুৰংগৰ মাজত থকা ছদীয় বেৰখনক ৰিছনাৰৰ আৱৰণ বোলে। আনহতে মধ্য আৰু পটহ সুৰংগৰ মাজৰ চ্ছদাখনৰ নাম ভৌমচ্ছদা বা বেছিলাৰৰ আৱৰণ বোলে। এই আৱৰণ দুখনে নলী তিনিটাক পৃথক পৃথক কৰি ৰাখে। ককলিয়াৰ শিৰ্ষৰ ফালে প্ৰকোষ্টীয় সুৰংগ আৰু পটহ সুৰংগ দুয়োটাৰে আগ দুটা পৰস্পৰ সংযুক্ত হৈ থাকে। আকৌ ককলিয়াৰ ভূমিৰ ফালে প্ৰকোষ্টীয় সুৰংগৰ মূৰটো মধ্যকৰ্ণ আৰু অন্তকৰ্ণৰ মাজত থকা বেৰখনৰ উপবৃত্ত বাতায়ন নামৰ পৰ্দাখনৰ লগত আৰু পটহ সুৰংগৰ মূৰটো বৃত্ত বাতায়নৰ লগত সংযুক্ত হৈ থাকে। আনহাতে মধ্য়সুৰংগৰ দুয়োটা মূৰেই বন্ধ ভূমিৰ ফালে থকা মূৰটো চেকুলাছ প্ৰকোষ্ঠত সংযুক্ত হৈ থাকে। প্ৰকোষ্ঠীয় আৰু পটহ সুৰংগ বহিলসিকা বা পেৰিলিমফ বোলা এক তৰলেৰে পূৰ্ণ হৈ থাকে। কিন্তু মধ্যসুৰংগ অন্তঃলসিকা বা এন্ডলিমফেৰে পূৰ্ণ হৈ থাকে। ভৌমচ্ছদা বা বেছিলাৰ আৱৰণখনত কৰ্ঠিৰ অংগ নামেৰে এলানি শব্দ সংগ্ৰাহী অংগ থাকে। এই ইন্দ্ৰীয় বেছিলাৰ আৱৰণখনৰ ভূমিৰ পৰা আৰম্ভ কৰি ককলিয়াৰ ২.৫ পাক লৈ বিস্তৃত। কৰ্ঠিৰ অংগ তলত দিয়া ধৰণৰ হয়-
এই অংগত
অন্তসুৰংগ নামে এক সুৰংগই কৰ্ঠিক দুটা ভাগত ভাগ কৰি ৰাখে।
সুৰংগটো ঠিলাৰ কোষ নামৰ এবিধ
বিশেষ ধৰণৰ কোষে নিৰ্মান কৰে। পিলাৰ কোষৰ
সংগঠনৰ কাৰণে সুৰংগটো কৰ্ঠিৰ অংগ গঠিত হয়।
ফেলেঞ্জিয় কোষ নামৰ এক বিশেষ ধৰণৰ কোষে কৰ্ঠিৰ অংগৰ
ভৌমচ্ছদাৰ ওপৰত সজ্জিত হৈ থাকে। এই কোষত দুটা প্ৰৱৰ্ধ থাকে, লাহি প্ৰৱৰ্ধডালে ছাতি সদৃশ ফেলেঞ্জিয় উপপ্ৰৱৰ্ধক ধাৰণ কৰে আৰু শকত প্ৰৱৰ্ধডালে সংবেদীকোষ ৰোমকোষবোৰক ধৰি ৰাখে। সেয়েহে ৰোমকোষবোৰ
ভৌমচ্ছদাৰ লগত সংযুক্ত নহয়। সংবেদী ৰোমকোষবোৰ অন্তসুৰংগৰ
ভিতফালে অৰ্থাৎ মগজুৰ ফালে এটা শাৰীত সজ্জিত হৈ থাকে। এই নলীকাৰ বাহিৰফালে ৰোমকোষৰ শাৰীৰ সংখ্যা হৈছে চাৰি। ৰোমকোষবোৰ দীঘলীয়া ইয়াৰ কোষকোন্দ্ৰ ৰোমকোষটোৰ তলফালে অৱস্থিত। আৰু এইফালটো ফেলেঞ্জিয় কোষৰ ভিতৰলৈ সোমাই যায়। ফেলেঞ্জিয় কোষৰ ভিতৰত ক্ষুদ্ৰ ক্ষুদ্ৰ শ্ৰুতি
শ্নায়ুসমুহে এই ৰোমকোষবোৰৰ লগত সংসৰ্গ স্থাপন কৰে। ৰোমকোষৰ বাহিৰ প্ৰান্তত কিছুমান সংবেদী ৰোমকোষ থাকে। বাহিৰৰ
চাৰি-শাৰী ৰোমকোষৰ বাহিৰফালে
সাত-আঠ শাৰী মান হেনছেন কোষ নামে বিশেষ
ধৰণৰ স্তম্ভকোষ কৰ্ঠিৰ অংগক সুৰক্ষা দিয়ে। কৰ্ঠিৰ অংগটোক আগুৰি টেক্টৰিয়েল আৱৰণ বোলা এক বিশেষ ধৰণৰ আৱৰণে আৱৰি থাকে। এই আৱৰণৰ ভিতৰলৈ সংবেদী ৰোমকোষসমূহ সোমাই থাকে। কৰ্ঠিৰ অংগৰ মধ্য়সুৰংগৰ এণ্ডলিমফত বুৰ গৈ
থাকে।
শ্ৰৱণ প্ৰক্ৰিয়াঃ-
বহিঃকৰ্ণ (কৰ্ণপল্লৱ)
ই সংগ্ৰহ কৰা শব্দ তৰংগবোৰ কৰ্ণকুহৰেদি আহি কৰ্ণপটহ কপাই তুলে। মধ্য়কৰ্ণৰ অস্থিকা
তিনিখনেই সেই কম্পন অন্তকৰ্ণৰ ককলিয়াৰ উপবৃত্ত বাতায়নলৈ পৰিবাহিত কৰা ককলিয়াৰ
বাহিৰৰ নলী (ভেষ্টিবুলাৰ সুৰংগ)ত থকা পেৰিলিমফত চাপৰ তাৰতম্য় ঘটে। সেই তাৰতম্যই
মাজৰ নলীটো (মধ্য়নলীত) এণ্ডলিমফত একে ধৰণৰ তাৰতম্য়ৰ সৃষ্টি কৰে। মূল শব্দ তৰংগ
অনুসৰি হোৱা এই চাপৰ তাৰতম্যই কৰ্ঠিৰ অংগত থকা সংবেদী কোষবোৰত সংবেদনাৰ সৃষ্টি
কৰে। ভিন্ন তীব্ৰতাৰ কম্পনে কৰ্ঠিৰ অংগৰ কোষবোৰত ভিন্ন তীব্ৰতাৰ শ্নায়ুপ্ৰেৰণা
হিচাপে শ্ৰুতি শ্নায়ুৱেদি (4 নং কৰোটি শ্নায়ু) এই প্ৰেৰণা হিচাপে মস্তিস্কলৈ
প্ৰেৰিত হয়। মস্তিস্কৰ এই প্ৰেৰণাসমুহ বিভিন্ন কম্পনাংক আৰু তীব্ৰতাৰ শব্দ হিচাপে
অনুভূত হয় উল্লেখযোগ্য় যে মানুহৰ কৰ্ণৰ কৰ্ঠিৰ অংগবোৰে 20-20,000 হাৰ্জৰ কম্পনাংকৰ
শব্দ তৰংগ অন্তকৰ্ণৰে গ্ৰহণ কৰিব পাৰে।
ভাৰসাম্য় অংগ বা ভেষ্টিবুলাৰ শ্নায়ুঃ-
অৱস্থা নিৰ্ণায়ক বা
ভাৰসাম্য় ৰক্ষাকাৰী অংগক অন্তকৰ্ণৰ ভেষ্টিবুলাৰ বোলা হয়। ভেষ্টিবুলাৰ অংশ ক্ৰমে
চেকুলাছ, ইউট্ৰিকুলাছ আৰু তিনিটা অৰ্ধবৃত্তাকাৰ নলীৰে গঠিত। ককলিয়াৰে সৈতে এই
তিনিটা অংশক একেলগে ছদীয় লেবিৰিন্থ বোলে। চেকুলাছ আৰু ইউট্ৰিকুলাছ দুটা বন্ধ
কোঠালী। প্ৰথমটোৰ ওপৰত দ্বিতীয়টো অৱস্থিত আৰু দুয়োটাৰ গহবৰ এক সুক্ষ্ম নলীৰ দ্বাৰা
সংলগ্ন। চেকুলাছত ককলিয়াৰ মধ্যনলীটো সংযুক্ত হয়। ইউট্ৰিকুলাছৰ উপভাগৰ লগত তিনিটা
অৰ্ধবৃত্তাকাৰ নলী সংযুক্ত হৈ থাকে। প্ৰত্য়েকটো অৰ্ধবৃত্তাকাৰ নলীৰ দুয়োখন মূখ
ইউট্ৰিকুলাছৰ পৃথক ঠাইত যুক্ত হয়। প্ৰত্য়েকটো নলীৰ একোটা মুৰত একোটা স্ফিত অংশ
থাকে এই স্ফিত অংশক এম্পুলা বোলে। অৰ্ধবৃত্তাকাৰ নলী তিনিটা তিনিখন বিভিন্ন সমতলত
অৱস্থান কৰে। দুখন উলম্ব কিন্তু পৰস্পৰ প্ৰায় সমকোণ কৰি থাকে। তৃতীয় নলীটো
অনুভুমিক তলত বাকী দুটা নলীৰ লগত সমকোণ কৰি থাকে। এই তিনিখন তলে X, Y আৰু
Z অক্ষ
বিস্তাৰ সূচনা কৰে।
চেকুলাছ, ইউট্ৰিকুলাছ
আৰু অৰ্ধবৃত্তাকাৰ নলী তিনিটা অন্তলসীকাৰে পূৰ্ণ হৈ থাকে। ইউট্ৰিকুলাছ আৰু চেকুলাছ
কোঠালীৰ দুয়োৰে ভিতৰফালে বেৰত দুই বৰ্গমিটাৰতকৈ সামান্য় ডাঙৰ একোটাকৈ সংবেদী এলেকা
থাকে। এই সংবেদী এলেকাবোৰক মেকুলা বোলে। এম্পুলাবোৰৰ ভিতৰত ক্ৰিষ্টা নামে সংবেদী
এলেকা থাকে। মেকুলা সংবেদী এলেকাবোৰত দুই ধৰণৰ কোষ দেখা যায়- ১) সংবেদী ৰোমীয় কোষ
আৰু ২) ধাৰক কোষ ।
ধাৰককোষবোৰে সংবেদী
কোষবোৰক ধাৰণ কৰি থাকে কাৰণে সংবেদী কোষবোৰেও ভিত্তি আৱৰণ ঢুকি নাপায়। সংবেদী
ৰোমীয় কোষবোৰ ফ্লাক্স আকৃতিৰ হয়। ইয়াৰ তলভাগ ধাৰক কোষত সোমাই থাকে আৰু শ্ৰুতি
স্নায়ুৰ ক্ষুদ্ৰ ক্ষুদ্ৰ শাখাৰ লগত সংযোগ স্থাপন কৰে। ৰোমীয় কোষৰ মুক্ত উপৰ অংশত
এটা টান ৰোম থাকে। গোটেই মেকুলাটোক ঢাকি অঠলিথ নামৰ এক জিলেটিনৰ এক আৱৰণ থাকে। এই
জিলেটিনৰ আৱৰণিৰ ভিতৰত ৰোমীয়কোষৰ ৰোমবোৰ সোমাই থাকে। গোটেই মেকুলাবোৰ এণ্ডলিমফত
বুৰ গৈ থাকে। ইউট্ৰিকুলাছত মেকুলা অনুভূমিক তলত আৰু চেকুলাছত ই উলম্ব তলখনত থাকে।
অনুভূমিক তলত থকা মেকুলাই মাধ্য়াকৰ্ষণৰ ক্ৰিয়াৰ দিশৰ তুলনাত ব্য়াক্তিৰ মূৰ কোন
অৱস্থানত আছে সেইটো সংবেদনা আৰু তৰানিৎ গতিৰ সংবেদনা গ্ৰহণ কৰে। আনহাতে চেকুলাছৰ উলম্ব দিশত থকা
মেকুলাই ব্যাক্তিৰ মূৰ উলম্ব দিশত নথকা অৱস্থাত উলম্ব দিশৰ তুলনাত কিমান কোণ কৰি
আছে তাৰ সংবেদনা গ্ৰহণ কৰে। এম্বুলাত থকা ক্ৰিষ্টাবোৰ দুই ধৰণৰ কোষৰ দ্বাৰা গঠিত- ১) ধাৰক কোষ বা
চাছচেণ্টিকুলাৰ কোষ, ২) ৰোমীয় কোষ।
ৰোমীয় কোষবোৰ ফ্লাক্স আকৃতিৰ হয়। এই কোষবোৰৰ মুক্ত অংশত কিছুমান ক্ষুদ্ৰ
ক্ষুদ্ৰ ৰোমৰ লগত এডাল চুলি সদৃশ দীঘল ৰোম থাকে। ক্ৰিষ্টাক আৱৰি থকা জিলেটিনৰ
আৱৰণীখনক কিউপুলা বোলে। সংবেদী কোষবোৰ কিউপুলাৰ ভিতৰত সোমাই থাকে। এম্পুলাত থকা
ক্ৰিষ্টাবোৰে মূৰৰ ঘূৰ্ণীয়মান গতিৰ সংবেদনা দিয়ে। মূৰটো কিমান ডিগ্ৰিত ঘুৰিছে সেই
কথা অৰ্ধবৃত্তাকাৰ নলীত এম্পুলাৰ ক্ৰিষ্টাসমুহে দিয়ে। এম্পুলাৰ অৰ্ধবৃত্তাকাৰ নলীৰ
এণ্ডলিমফত ডুব গৈ থাকে কাৰণে ক্ৰিষ্টাসমুহে এই সংবেদনা দিব পাৰে।