Class 7 general science chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ অধ্যায় ৫ সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠভিত্তিক প্ৰশ্নোত্তৰ || niketan seba board || questions answer solution in assamese



১) অম্ল আৰু ক্ষাৰকৰ মাজত পাৰ্থক্য় লিখা?

উত্তৰ-

অম্ল

ক্ষাৰক

১) অম্লবোৰৰ সোৱাদ টেঙা।

১) ক্ষাৰকৰ সোৱাদ তিতা।

২) অম্লই নীলা লিটমাছ কাগজক ৰঙালৈ পৰিৱৰ্তিত কৰে।

২) ক্ষাৰকে নীলা লিটমাছ কাগজৰ ৰঙ সলনি কৰিব নোৱাৰে।

৩) অম্লই ৰঙা লিটমাছ কাগজৰ ৰঙ সলনি কৰিব নোৱাৰে।

৩) ক্ষাৰকে ৰঙা লিটমাছ কাগজৰ ৰঙ নীলালৈ পৰিৱৰ্তিত কৰে।

৪)এছিডে হালধিৰ ৰঙ পৰিৱৰ্তন নকৰে

৫) ক্ষাৰকে হালধি ৰঙ ৰঙালৈ পৰিৱৰ্তন কৰে।

 

২)খিৰিকী পৰিষ্কাৰকৰ নিচিনা বহুতো ঘৰুৱা বস্তুত এলুমিনিয়াম থাকে। ই ৰঙা লিটমাছ নীলা কৰে। ই কি প্ৰকৃতিৰ?

উত্তৰ- ক্ষাৰকীয় প্ৰকৃতিৰ।

৩) লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম লিখা?

উত্তৰ- লিটমাছ দ্ৰৱক লিচেন বা ছত্ৰক শৈৱালৰ পৰা আঁহৰণ কৰা হয়।

ইয়াক দ্ৰৱ এটা এছিডিক নে ক্ষাৰীয় প্ৰজাতিৰ তাক পৰীক্ষা কৰিবলৈ সূচকৰূপে ব্য়াৱহাৰ কৰা হয়।

৪) পতিত পানী আম্লিক ক্ষাৰীয় নে প্ৰশম?তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা?

উত্তৰ- এয়া প্ৰসম প্ৰকৃতিৰ।

যদি আমি ৰঙা আৰু নীলা লিটমাছ কাগজ দুয়োটাত ইয়াক পৃথকে পৰীক্ষা কৰোঁ তেন্তে এটাৰ ক্ষেত্ৰতো ৰঙৰ পৰিৱৰ্তন নহয়।

৫) এটা উদাহৰণসহ প্ৰশমন প্ৰক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰ- অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াক প্ৰসমন বিক্ৰিয়া বোলে। এই বিক্ৰিয়াত পানী আৰু লৱণ উৎপন্ন হোৱাৰ লগতে তাপ উপন্ন হয়।

উদাহৰণস্বৰূপে- যেতিয়া ছ´ডিয়াম হাইড্ৰঅক্সাইডৰ লগত হাইড্ৰ´ক্লৰিক এছিড যোগ কৰা হয় তেতিয়া ছ´ডিয়াম ক্ল´ৰাইড আৰু পানী উপন্ন হয়।



 













উত্তৰ- ডেকাই পানী সমুহৰ কিছু টোপালৰ সোৱাদ লৈ পানী সমুহ বিতৰণ কৰিব পাৰে। যদি সোৱাদ টেঙা তেন্তে আম্লিক, তিতা তেন্তে ক্ষাৰীয় আৰু সোৱাদহীন হলে প্ৰশম হব। নতুবা পানীৰ দ্ৰৱখিনি লিটমাছ কাগজৰ সহায়ত পৰীক্ষা কৰিব পাৰে।

যদি নীলা লিটমাছ কাগজত পানীৰ টোপাল দিয়াত বৰণ ৰঙা হৈছে তেন্তে পানীখিনি আম্লিক। একেদৰে ৰঙা লিটমাছ কাগজত পানীৰ টোপাল দিয়াত বৰণ নীলা হৈছে তেন্তে পানীখিনি ক্ষাৰীয়। যদি দুয়োটা কাগজৰ বৰণ পৰিৱৰ্তন হোৱা নাই তেন্তে পানীখিনি প্ৰশম।

৮) কাৰণ ব্য়াখ্য়া কৰা ।

ক) এছিডিটিত ভুগিলে তুমি অম্লনাশক টেবলেট খোৱা।

উত্তৰ-কাৰণ অম্লনাশক টেবলেটবোৰ ক্ষাৰীয় প্ৰকৃতিৰ হয়।

ইয়াত মেগনেছিয়া দুগ্ধ থাকে যিয়ে পেটত থকা অতিৰিক্ত অম্লক প্ৰশমিত কৰি তাৰ প্ৰভাৱ নাইকীয়া কৰে যাৰ ফলত আমি বদহজমৰ পৰা সকাহ পাও।

খ)পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰৱ ঘঁহা হয়।

উত্তৰ-পৰুৱাই যেতিয়া কামুৰে তেতিয়া ছালৰ ভিতৰত ফৰ্মিক এছিড নামৰ অম্লবিধ সুমুৱাই দিয়ে। কেলামাইনৰ দ্ৰৱত থকা জিংক কাৰ্বনেট ক্ষাৰীয় হোৱাৰ বাবে ই ছালৰ ভিতৰত থকা অতিৰিক্ত অম্লভাগ প্ৰশমিত কৰে আৰু ব্য়াক্তিজনক আৰগ্য় হোৱাত সহায় কৰে।

গ) কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয়।

উত্তৰ-প্ৰায়ভাগ কাৰখানাৰ আৱৰ্জনাত অম্ল থাকে, যিটো পানীত বসবাস কৰা জীৱসমুহৰ বাবে ক্ষতিকাৰক সেয়েহে কাৰখানাৰ আৱৰ্জনাবোৰক প্ৰথমে ক্ষাৰকীয় দ্ৰৱৰ লগত মিহলাই প্ৰশমিত কৰা হয় তাৰ পিছত জলাশয়ত পোলোৱা হয়।

৯) তোমাক তিনিটা জুলীয়া পদাৰ্থ দিয়া হৈছে। এটা হাইড্ৰ´ক্লৰিক এছিড, আনটো ছ´ডিয়াম হাইড্ৰ´ক্সাইড আৰু তৃতীয়টো চেনীৰ দ্ৰৱ। তুমি এইবোৰক কেনেদৰে চিনাক্ত কৰিবা?তোমাৰ কেৱল হালধীৰ সূচকহে আছে?

উত্তৰ-

তলত দিয়া স্তৰসমুহেৰে পৰীক্ষা কৰিব পাৰি-

 হলুদৰ সূচকত প্রদত্ত তৰলৰ এক টোপাল দিলে। যিটো দ্রবণৰ সূচকৰ বৰণ ৰঙা হবসেয়া হল ছ´ডিয়াম হাইড্র´ক্সাইডযিটো ক্ষাৰীয় প্রকৃতিৰ।

 

• এতিয়াদুটা মিশ্রণ তৈয়াৰ কৰিবলৈপৃথকভাবে বাকি দুটি তৰলত এটা টোপাল ছ´ডিয়াম হাইড্র´ক্সাইড যোগ কৰা হল।

• প্রতিটো সংমিশ্রণৰ টোপাল এটাৰ পিছত এটাকৈ হলুদৰ সূচকত দিয়া হল।

 

°যি মিশ্রণৰ সূচকটোৱে ৰঙা ৰঙলৈ পৰিবর্তন কৰিব তাতে চেনিৰ একপ্ৰকাৰৰ নিৰপেক্ষ দ্রবণ অন্তর্ভুক্ত থাকে।

° যেতিয়া মিশ্রণত হাইড্র´ক্লৰিক এছিড থাকে যাক ´ডিয়াম যোগ কৰি প্ৰশম কৰা হয় তাত সূচকৰ বৰণৰ কোনো পৰিবর্তন দেখা নাযায় ।

 

১০)এখন নীলা লিটমাছ কাগজ এটা দ্ৰৱণত ডুবাই দিয়া হ´ল। কাগজখন নীলা হৈয়ে থাকিল। দ্ৰৱটোৰ প্ৰকৃতি কেনেকুৱা ব্য়াখ্য়া কৰা।

উত্তৰ- প্ৰদত্ত দ্ৰৱটো ক্ষাৰীয় নাইবা প্ৰশম হব। কাৰণ এছিডে নীলা লিটমাছ কাগজক ৰঙা বৰণলৈ পৰিৱৰ্তিত কৰে। সেয়ে উক্ত লিটমাছ কাগজখন অপৰিৱৰ্তিত হৈ ৰ´ল।





 












downloading link


সূচীপত্ৰ