১)জীৱই খাদ্য় কিয় গ্ৰহণ কৰা প্ৰয়োজন?

উত্তৰ-প্ৰতিটো জীৱৰে নিজৰ জীৱন ধাৰণৰ বাবে শক্তিৰ প্ৰয়োজন। উদ্ভিদে কাৰ্বন-ডাই- অক্সাইড ,পানী আৰু খনিজ পদাৰ্থৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয়, আনহাতে প্ৰাণীয়ে উদ্ভিদ বা আন জীৱ ভক্ষণ কৰি পুষ্টিদ্ৰব্য় আহৰণ কৰে। তদুপৰি পুষ্টিকাৰক দ্ৰৱসমুহে জীৱক দেহৰ গঠন, বৃদ্ধি, ভঙা অংগৰ পুনৰ গঠনত সহায় কৰে।

২) পাৰ্থক্য় লিখা- পৰজীৱী আৰু মৃতজীৱী।

উত্তৰ-

পৰজীৱী

মৃতজীৱী

১)ই পোষক উদ্ভিদ বা জীৱৰ পৰা পোষক দ্ৰব্য় আহৰণ কৰে।

১)মৃত জীৱ বা উদ্ভিদৰ পৰা পোষক দ্ৰব্য় আহৰণ কৰে।

২) ইহঁতে খাদ্য় পোষকৰ পৰা প্ৰত্য়েক্ষভাৱে শোষণ প্ৰক্ৰিয়াৰে আহৰণ কৰে।

২) ইহঁতে মৃতকৰ ওপৰত পাচক ৰস নিঃসৰণ কৰি তাক দ্ৰৱলৈ ৰূপান্তৰ কৰাৰ পিছত শোষণ কৰে

 

৩) পাতত শ্বেতসাৰৰ উপস্থিতি চাৱলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা?

উত্তৰ-

প্ৰথমে দুযোৰা টাবত ৰোৱা একে জাতীয় উদ্ভিদ লোৱা হল। ইয়াৰে এটাৰ ৭২ ঘণ্টাৰ বাবে এন্ধাৰত আনটোক সূৰ্যৰ পোহৰত ৰখা হল। তাৰ পিছত পৰীক্ষাটো আৰম্ভ কৰা হল।এতিয়া এন্ধাৰত ৰখা উদ্ভিদজোপা সূৰ্যৰ পোহৰত ৩ বা ৪ দিনৰ বাবে ৰখা হল আৰু তাৰ ওপৰত আয়ডিন পৰীক্ষাটো সম্পন্ন কৰা হল।

আয়ডিন পৰীক্ষা-

পাতৰ ওপৰত আয়ডিনৰ দ্ৰৱ দিয়া হল।

পৰ্যবেক্ষণ-

পাতত কলা-নীলা বৰণৰ উপস্থিতিয়ে সূৰ্যৰ পোহৰত ৰখা উদ্ভিদজোপাৰ পাতত শ্বেতসাৰৰ উপস্থিতি সূচাব।

পাতত কলা-নীলা বৰণৰ অনুপস্থিতিয়ে এন্ধাৰত ৰখা উদ্ভিদজোপাৰ পাতত শ্বেতসাৰৰ অনুপস্থিতি সূচাব।

৪)সেউজীয়া উদ্ভিদৰ খাদ্য় সংশ্লেষণৰ প্ৰক্ৰিয়াৰ এটা চমু বৰ্ণনা কৰা।

উত্তৰ-গোটেই প্ৰক্ৰিয়াটোক সালোকসংশ্লেষণ বোলে। স্তৰসমূহ তলত দিয়া হ´ল-

1)   উদ্ভিদৰ শিপাই পানী শোষণ কৰি পাতলৈ পঠায়।

2)   পত্ৰৰন্ধ্ৰৰে কাৰ্বন-ডাই-অক্সাইড পাতত সোমায় আৰু সমুহ কোষলৈ ক্লৰ´ফিল সহিত বিলিন হয়।

3)   সূৰ্যৰ পোহৰত পানীৰ অনু ভাগি হাইড্ৰজেন আৰু পানীলৈ ৰূপান্তৰিত হয়।

4)   এইদৰে কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰদ্বাৰা কাৰ্বহাইড্ৰেট উপন্ন হয়।

5)   তলত দিয়া সমীকৰণৰদ্বাৰা এই প্ৰক্ৰিয়াটোক প্ৰকাশ কৰিব পাৰি-


 







 

 

 

 

 

৬) খালী ঠাই পুৰণ কৰা-

ক) সেউজীয়া উদ্ভিদক ---- বোলা হয়, যিহেতুকে সিহঁতে  নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে।

উত্তৰ-স্বপোষী।

খ) উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্য়সমূহ--- হিচাপে সঞ্চিত হৈ থাকে।

উত্তৰ-শ্বেতসাৰ।

গ) সালোকসংশ্লেষণত সৌৰসক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক ---- বোলা হয়।

উত্তৰ-ক্লৰ´ফিল।

ঘ) সালোকসংশ্লেষণৰ সময়ত উদ্ভিদে --- লয় আৰু --- এৰি দিয়ে।

উত্তৰ-কাৰ্বন-ডাই-অক্সাইড , অক্সিজেন।

৭)তলত দিয়া সমূহৰ নাম লিখা-

ক) এবিধ পৰজীৱি উদ্ভিদ যাৰ কাণ্ড হালধীয়া, মিহি আৰু নলীকাসদূশ।

উত্তৰ-অমৰলতা( Cuscuta)।

খ) এবিধ উদ্ভিদ যি স্বপোষী আৰু পৰপোষী বা উভয় ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে।

উত্তৰ- কলচী উদ্ভিদ (Pitcher plant) ।

গ) পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে।

উত্তৰ- পত্ৰৰন্ধ্ৰ (Stomata)।

৮) শুদ্ধ উত্তৰত চিন দিয়া-

ক)অমৰলতা


                             I.        স্বপোষী

                            II.        পৰজীৱী

                          III.        মৃতজীৱী

                         IV.        পোষকৰ উদাহৰণ


উত্তৰ- পৰজীৱী ।

খ) এবিধ উদ্ভিদ যি পোক-পতংগক খাদ্য় হিচাপে গ্ৰহণ কৰে-


                             I.        অমৰলতা

                            II.        জৱাফুল

                          III.        কলচী উদ্ভিদ

                         IV.        গোলাপ


উত্তৰ-   কলচী উদ্ভিদ ।


 

 

 

 

 

 


১০) শুদ্ধ বাক্য়ত (শু) আৰু অশুদ্ধ বাক্য়ত (অ) লিখা।

             i.        সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন-ডাই-অক্সাইড নিৰ্গত হয়। (শু∕ অ)
    উত্তৰ-অ ।

            ii.        যিবোৰ উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰক মৃতজীৱী বোলা হয়। (শু∕ অ)
    উত্তৰ-অ ।

          iii.        সালোকসংশ্লেষণত প্ৰ´টিন উপন্ন নহয়।(শু∕ অ)
    উত্তৰ-শু ।

          iv.        সালোকসংশ্লেষণ প্ৰক্ৰিয়াত সৌৰশক্তি ৰাষায়নিক শক্তিলৈ পৰিৱৰ্তিত হয়। (শু∕ অ)
    উত্তৰ-শু ।

 

 













downloading link


সূচীপত্ৰ