Class 8 Science niketan Seba Board Chapter 6th দহন আৰু শিখা অধ্যায় ৬




১। দহন কাক বোলে? দাহ্য পৰ্দাথ এটা দাহিত কৰিবলৈ কি কি চৰ্তৰ প্ৰয়োজন? 

উত্তৰঃ-যি ৰাসায়নিক বিক্ৰিয়াত তাপ আৰু পোহৰ উৎপন্ন হয় তাকে দহন বোলে

তলত দিয়াবোৰৰ চৰ্ত পূৰণ কৰিব লাগিব

1.   দাহ্য পৰ্দাথবিধৰ ইন্ধন হব পৰা গুণ থাকিব লাগিব

2.  পৰিবেশত অক্সিজেন পৰ্যাপ্ত পৰিমাণৰ থাকিব লাগিব

3.  পদাৰ্থবিধৰ প্ৰজ্জলন উষ্ণতা যিমান সম্ভব কম হৱ লাগিব

4.  দহনত নিৰ্গত প্ৰদুষকৰ মাত্রা তুলনামূলকভাবে কম হব লাগিব

২। জ্বলি থকা মমবাতি এডাল কাচৰ গিলাচ এটাৰে ঢাকি ধৰিলে কি ঘটে? 

উত্তৰঃ-  জ্বলি থকা মমবাতি এডাল কাচৰ গিলাচ এটাৰে ঢাকি ধৰিলে গিলাচত বায়ুৰ অভাব ঘটে যাৰ বাবে অক্সিজেনৰ অভাবত মমবাতিডাল নুমাই যাব

৩। প্ৰজ্বলন উষ্ণতা কি? এই উষ্ণতাৰ লগত দহনৰ সম্বদ্ধ কি?

উত্তৰঃ- যি নিম্নতম উষ্ণতা লাভ কৰিলে দাহ্য পৰ্দাথ এটাৰ দহন হয়, সেই উষ্ণতাকে দাহ্য পৰ্দাথটোৰ প্ৰজ্বলন উষ্ণতা বোলেপ্ৰজ্বলন বিন্দুৰ তলৰ উষ্ণতাত দাহ্য পৰ্দাথৰ দহন নঘটে

৪। শিখা কি? ই কেনেদৰে সৃষ্টি হয়?

উত্তৰঃ- কোনো দাহ্য গেছ বা বায়ু জ্বলাৰ ফলত যি অঞ্চলত তাপ আৰু পোহৰৰ সৃষ্টি হয় তাক শিখা বোলে

গেছীয় অবস্হাত থকা পদাৰ্থৰ দহনৰ ফলত শিখাৰ সৃষ্টি হয়মমবাতিৰ দহনত উৎপন্ন হোৱা তাপে মমত থকা বিভিন্ন হাইড্ৰ'কাৰ্বন বাষ্পীভূত কৰেএই বাষ্প বায়ুৰ পৰিবেশত জ্বলি শিখা উৎপন্ন কৰে

৫। মমবাতি শিখাপৰা আমি কিয় পোহৰ পাওঁ?

উত্তৰঃ- শিখাত অদাহ্য অৱস্হাত কাৰ্বন থাকেকাৰ্বন পৰমাণু শিখাৰ উত্তাপত জ্বলি পোহৰ বিলায়সেয়ে মমবাতিৰ শিখাৰ পৰা উজ্জ্বল পোহৰ পাওঁ

৬. খালী ঠাই পূৰ কৰাঃ

(ক) জুই নিয়ন্ত্ৰণ কৰিবলৈ সাধাৰণতে                   ব্যৱহাৰ কৰা হয়।

উত্তৰঃ- পানীৰ

(খ) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলিয়ী ইন্ধন হ'ল                   ।

উত্তৰঃ- এল. পি. জি. ।

(গ)                বৰুষুণে শস্য বিল্ডিং আৰু মাটিৰ অনিষ্ট কৰে।

উত্তৰঃ- এচিড

(ঘ) দহন প্ৰক্ৰিয়াত                আৰু                সৃষ্টি হয়।  

উত্তৰঃ-তাপ, পোহৰ

৭. যান-বাহনত চি. এন. জিৰ ব্যৱহাৰে নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা।

উত্তৰঃ- সাধাৰণতে যান-বাহনত জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰা হয় যত প্ৰচুৰ পৰিমানৰ কাৰ্বন থাকেসেয়ে প্ৰায়ভাগ ইন্ধনৰ দহন প্ৰক্ৰিয়াত কাৰ্বন মন অক্সাইড নিৰ্গত হোৱাত প্ৰদূষণৰ লগতে গোলকীয় উষ্ণতাৰ বৃদ্ধি হয়সেয়ে আজিকালি জীৱাশ্ম ইন্ধনৰ সলনি CNG ব্যৱহাৰ কৰা হয়কাৰণ  CNG প্ৰচুৰ পৰিমানৰ মিথেন থাকেজীৱাশ্ম ইন্ধনৰ তুলনাত মিথেন বেছি দাহ্য সেয়ে ইয়াৰ দহনত (20-30)% কম মাত্ৰাৰ সেউজ গৃহ গেছ(প্ৰদূষক) নিৰ্গত হোৱাত আৰু পেট্ৰলিয়াম তুলনাত 95% কম প্ৰদুষক নিৰ্গত হোৱাত প্ৰদূষণ কমোৱাত যথেষ্ট অৰিহণা যোগাইছে

৮. মমবাতি শিখা এটা চিত্ৰ আঁকি চিহ্নিত কৰা।



উত্তৰ:-


৯. ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটোৰ নাম কি?

উত্তৰঃ- ইন্ধনৰ কেলৰিমান প্ৰকাশ কৰা এককটোৰ নাম কিল'জুল প্ৰতি কেজি বা কিলগ্ৰাম (kl/kg)।

 

১০. কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰে?

উত্তৰঃ- কাৰ্বন ডাই অক্সাইড বায়ুতকৈ গধুৰ হোৱা বাবে জুইকুৰা কম্বলৰ দৰে ঢাকি ধৰি ইন্ধন আৰু বায়ুমণ্ডলৰ অক্সিজেনৰ সংযোগ বিচ্ছিন্ন কৰেফলত জুই নিয়ন্ত্ৰণ হয়

 

১১. সোণ আৰু ৰূপ গলাবলৈ সোণাৰিয়ে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে?

উত্তৰঃ- দিপ্তিহীন মণ্ডলৰ শিখা

১২. মামৰে ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰিনে? ব্যাখ্যা কৰা।

উত্তৰঃ- নোৱাৰি, কাৰণ দহনত কাৰ্বনৰ লগত অক্সিজেন যুক্ত হৈ কাৰ্বন ডাই অক্সাইড তাপ আৰু পোহৰৰ সৃষ্টি হয়আনহতে, লো বা ধাতুবোৰত বায়ুমণ্ডলৰ মুক্ত অক্সিজেন, জলীয় বাষ্প, এছিড আদিৰ সংস্পৰ্শত আহিলে ধাতুৰ জাৰণ ঘটি ইয়াৰ ওপৰত বিভিন্ন বৰণৰ চমনি পৰা দেখা যায়, ইয়াকেই ক্ষয়ীভবন বা মামৰে ধৰা বুলি কোৱা হয়গতিকে দুয়োটা সম্পূৰ্ণৰূপে পৃথক পৰিঘটনাক বুজায়

১৩. কাৰণ দৰ্শোৱাঃ

(ক) বৈদ্যুতিক আহিলা জড়িত জুই নিয়ন্ত্রণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়।

উত্তৰঃ- বৈদ্যুতিক আহিলাত লগা বস্তুত পানী ঢালিলে, পানীয়ে বিদ্যুৎ পৰিবহণ কৰি জুইত পানী ঢালিবলৈ চেষ্টা কৰোঁতাজনৰ অপকাৰহে কৰিব পাৰেসেয়ে বৈদ্যুতিক আহিলা জড়িত জুই নিয়ন্ত্রণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়।

(খ) ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল পি জি অধিক ভাল।

উত্তৰঃ- কাৰণ কাঠৰ তুলনাত এল পি জি প্ৰজ্জলন উষ্ণতা যথেষ্ট কমকাঠে এল পি জি তুলনাত যথেষ্ট বেছি প্ৰদূষণৰ সৃষ্টি কৰে, এনেবোৰ কাৰণতে  ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল পি জি অধিক ভাল।

 ১৪. অগ্নি নির্বাপক যন্ত্র এটাৰ আৰ্হি বনােৱা। বেকিং ছ’ডা পূর্ণ সৰু থাল এখনত এডাল চুটি মমবাতি আৰু এডাল সামান্য ওখ মমবাতি থিয়কৈ ৰাখা। এটা ডাঙৰ বাটিৰ তলত থালখন ৰাখা। দুয়ােডাল মম জ্বলােৱা। এতিয়া বেকিংছডা থকা থালখনত ভিনেগাৰ ঢালা । সাৱধান হবা যাতে মমবাতিৰ ওপৰত ভিনেগাৰ নালাগে। ফেন উঠা বিক্রিয়াটো পর্যবেক্ষণ কৰা । মমবাতি দুডালৰ কি ঘটিল। কিয়? কি ক্ৰমত?

(ব্যাৱহাৰিক)

 

 

 

 

অতিৰিক্ত প্ৰশ্নোত্তৰ

১. খালী ঠাই পূৰ কৰাঃ

) কাঠ আৰু কয়লাৰ দহনে বায়ুৰ ___ ঘটায়

উত্তৰঃ- প্ৰদূষণ  ।

) দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ ___ ___ লৈ নিশ্চয়কৈ তপতাব লাগে

উত্তৰঃ- জ্বলন উষ্ণতা (প্ৰজ্বলন উষ্ণতা) ।

) তেলৰদ্বাৰা উৎপন্ন হোৱা জুইক ___ দ্বাৰা নিয়ন্ত্রণ কৰিব নোৱাৰি

উত্তৰঃ- পানী

) কাগজ এখনত সহজে জুই লাগে, আনহতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে জুই নালাগে

উত্তৰ:- কাগজৰ প্ৰজ্বলন উষ্ণতা যথেষ্ট কম বাবে কাগজ এখনত সহজে জুই লাগে

এলুমিনিয়ামৰ পাইপ তাপৰ সুপৰিবাহী হোৱাৰ বাবে এলুমিনিয়ামৰ পাইপত মেৰিওৱা কাগজে আহৰণ কৰা

তাপ পাইপখনে শোষণ কৰি লয় যাৰ  ফলত কাগজখন প্ৰজ্বলন উষ্ণতা লাভ কৰোতে যথেষ্ট পলম হয় আৰু এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে জুই নালাগে

) কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগেব্যাখ্যা কৰা

উত্তৰঃ- কেঁচা পাতত  পানীৰ উপস্থিতিৰ বাবে কেঁচা পাতৰ জ্বলন উষ্ণতা বেছি, যাৰ বাবেই পুৰিবলৈ সময় লাগেআনহতে শুকান পাতত  পানীৰ উপস্থিতি নোহোৱাৰ বাবে শুকান পাতৰ জ্বলন উষ্ণতা কম, যাৰ বাবে শুকান পাতত সহজে জুই লাগে

) কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ . কেজি পৰিমাণক সম্পূৰ্ণভাৱে পোৰা উৎপন্ন হোৱা তাপৰ পৰিমাণ ১৮০,০০০ কিলজুল পোৱা গ’লইন্ধনটোৰ কেলৰি মান গণনা কৰা

উত্তৰঃ- ইয়াত,

ইন্ধন= . কেজি

উৎপন্ন হোৱা তাপৰ পৰিমাণ= ১৮০,০০০ কিলজুল

ইন্ধনটোৰ কেলৰি মান=উৎপন্ন হোৱা তাপ/ ইন্ধনৰ পৰিমাণ 

=১,৮০,০০০/৪.৫ কিলজুল/কেজি

=৪০,০০০ kj/kg

 

) আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে বিকাৰৰ পানী তপতাব লাগেআবিদাই মমবাতিৰ শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলেৰমেশে শিখাটোৰ বাহিৰতম অংশত বিকাৰটো ৰাখিলে কাৰ পানীখিনি সোনকালে গৰম হব?

উত্তৰঃ- যিহেতু মমবাতিৰ শিখাৰ হালধীয়া অংশৰ তুলনাত বাহিৰতম অংশৰ শিখাৰ উত্তাপ বেছি গতিকে বাহিৰতম অংশত তপতোৱা বিকৰটো সোনকালে গৰম হৱগতিকে ৰমেশৰ বিকাৰ টোৰ পানীভাগ সহজেই গৰম হব

)ইন্ধন হিচাপে এল. পি. জি. আৰু কাঠ তুলনা কৰা

উত্তৰঃ-

এল. পি.

কাঠ

1)দহনৰ ফলত প্ৰদূষণ নহয়

1)দহনৰ ফলত প্ৰদূষণ হয়

2)দহনৰ ফলত স্ম'গ উৎপন্ন নহয়

2)দহনৰ ফলত স্ম'গ উৎপন্ন হয়

3)বেছি কেলৰিমান যুক্ত

 3)কম কেলৰিমান যুক্ত

4) সহজে পৰিবহণ কৰিব পাৰি

4) সহজে পৰিবহণ কৰিব নোৱাৰি

 

downloading link





সূচীপত্ৰ