আমাৰ স্নায়ুতন্ত্ৰ || Nervous System || in assamese medium language

                                  

স্নায়ুতন্ত্ৰ

(Nervous System)

যি তন্ত্ৰৰ প্ৰাণীয়ে শৰীৰৰ বিভিন্ন অংগসমুহৰ অথবা তন্ত্ৰসমুহৰ মাজত সমন্বয় সাধন কৰি দেহৰ জৈবিক কাৰ্য্য় সমুহৰ সূচাৰুৰূপে নিয়ন্ত্ৰন কৰে আৰু বাহ্য়িক আৰু আভ্য়ন্তৰীণ উদ্দিপনাৰ প্ৰতি সহাৰি জনাই পৰিৱেশৰ লগত সম্পৰ্ক ৰক্ষা কৰে তাক স্নায়ুতন্ত্ৰ বোলে।

স্নায়ুতন্ত্ৰৰ কাৰ্য্য়সমুহঃ-

1) জ্ঞানেন্দ্ৰীয়ৰ মাধ্য়মত বহিপৰিৱেশৰ পৰা উদ্দিপনা গ্ৰহণ কৰা আৰু গৃহীত অনুভূতি স্নায়ুপ্ৰেৰণা ৰূপে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ, বিশ্লেষন আৰু নিৰ্দিষ্ট অংগত প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি কৰাৰ বাবে নিৰ্দেশ আদি প্ৰেৰণ কৰা স্নায়ুতন্ত্ৰৰ অন্য়তম কাৰ্য্য়।

2) প্ৰাণীদেহৰ বিভিন্ন অংগ প্ৰতংগ আৰু তন্ত্ৰবোৰৰ কাৰ্য্যৰ মাজত সংযোগ সাধন আৰু সমন্বয় কৰাত স্নায়ুতন্ত্ৰই উল্লেখযোগ্য় ভূমিকা পালন কৰে। স্নায়ুতন্ত্ৰই হৰমনৰ সহযোগীতাত বিভিন্ন তন্ত্ৰসমুহৰ কাৰ্য্য নিয়ন্ত্ৰন কৰে।

3) স্নায়ুতন্ত্ৰই পেশী সংকোচন গ্ৰন্থিবোৰৰ ক্ষৰন নাইবা বিভিন্ন বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰন কৰে।

4) স্নায়ুতন্ত্ৰৰ লগত জড়িত সংবেদী অংগসমুহৰ জৰিয়তে দৃষ্টি, প্ৰবল, স্বাদগ্ৰহণ আদি কাৰ্য্য সম্পন্ন কৰে।

5) স্নায়ুতন্ত্ৰই আগতে হৈ যোৱা কাৰ্য্যৰ স্মৃতি ৰাখি থব পাৰে।

6) বিভিন্ন অংগ প্ৰতংগৰ সমন্বয়ৰ দ্বাৰা প্ৰাণীদেহৰ নিয়ত অৱস্থা বজাই ৰাখে।

স্নায়ুতন্ত্ৰৰ গঠনগত উপাদানসমূহঃ-

স্নায়ুতন্ত্ৰ তলত দিয়া চাৰিটা মুখ্য় উপাদান-

১) নিউৰন বা শ্লায়ুকোষ

২) ধাৰক কোষ বা নিউৰগ্লিয়া কোষ

৩) স্নায়ুতন্তু

৪) স্নায়ুগ্ৰন্থি

নিউৰন বা স্নায়ুকোযঃ-

নিউৰন বা স্নায়ুকোষ হল স্নায়ুতন্ত্ৰৰ মুখ্য় গঠনকাৰী আৰু কাৰ্য্যকৰী একক। স্নায়ুকলাৰ এইবোৰ সংবেদী কোষ। স্নায়ুকোষ দুটা প্ৰধান অংগৰ দ্বাৰা গঠিত-

কোষদেহ

 স্নায়ুপ্ৰৱৰ্দ্ধ

কোষদেহঃ-

নিউৰনৰ কোষদেহৰ আকৃতি বিভিন্ন ধৰণৰ হব পাৰে আৰু কোষদেহৰ ব্য়াস 4µ ৰ পৰা আৰম্ভ কৰি 135µ লৈ হয়। কোষৰ কোষস্থ অংসক দেহকোষ বোলে। দেহকোষৰ ভিতৰত থকা দানাযুক্ত কোষ প্ৰৰসখিনিক নিউৰ´প্লাজম বোলে। কোষকেন্দ্ৰত এটা ডাঙৰ ঘুৰনীয়া কোষকোন্দ্ৰ থাকে। নিউৰ´প্লাজমত অসংখ্য সূতাৰ দৰে সুক্ষ্ম তন্তু বা নিউৰফাইব্ৰেল প্ৰসাৰিত হৈ থাকে। ৰাইব´জমযুক্ত তন্তু প্ৰৰসীয় জালিকাৰ পৰা সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান বেছ´ফিলিক দানা নিউৰ´প্লাজমত দেখা যায়। এইবোৰক নিছিল দানা বোলে।

স্নায়ুপ্ৰৱৰ্দ্ধঃ-

স্নায়ুপ্ৰৱৰ্দ্ধ দুই ধৰণৰ-

এক্সন

 ডেনড্ৰাইড