মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন অধ্যায়-5 দশম শ্ৰেণীৰ বিজ্ঞান পাঠভিত্তিক প্ৰশ্নোত্তৰ || Class 10 science chapter 5 seba board || questions answer solution in assamese

 



Page No- 81

1)   নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ডবাৰেইনাৰৰ ট্ৰায়াড আছিলনে?তুলনা কৰা আৰু বিচাৰি উলিওৱা।
উত্তৰ- নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ডবাৰেইনাৰৰ মাত্ৰ এটা ট্ৰায়াড আছিল। সেই ট্ৰায়াডটো হ´ল লিথিয়াম (
Li), ছডিয়াম (Na) আৰু পটেছিয়াম(K)।

2)   নিউলেণ্ডছৰ অষ্টকৰ সূত্ৰৰ সীমাবদ্ধতাসমুহ লিখা?
উত্তৰ- নিউলেণ্ডছৰ ´অষ্টকৰ সূত্ৰ´ৰ সীমাবদ্ধতাসমুহ হ´ল-

i)     অষ্টকৰ সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য় হোৱা পোৱা গৈছিল। কেলছিয়ামৰ পাছত অষ্টম মৌল এটাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একে ধৰণৰ নাছিল।

ii)   নিউলেণ্ডছে প্ৰকৃতিত কেৱল 56 টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্য়তেও আৰু অধিক মৌলৰ আৱিস্কাৰ নহৱ বুলিয়েই ধৰিছিল কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌলৰ আৱিস্কাৰ হোৱাত এই ধৰ্মবোৰ অষ্টকৰ সূত্ৰৰ সৈতে খাপ খোৱা নাছিল।

iii)  নিউলেণ্ডছে তেওঁৰ তালিকাখনৰ মৌলবোৰ সজাওতে কেৱল একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছে।

3)   ডবাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল?
উত্তৰ- ডবাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ হ´ল-

i)     তেওঁ অকল পাৰমাণবিক ভৰৰ আধাৰত শ্ৰেণীবিভাজন কৰিছিল, যিটো সঠিক পদ্ধতি নাছিল।

ii)   মাত্ৰ তিনিটা ট্ৰায়াডহে তেওঁ চিনাক্ত কৰিব পাৰিছিল। অৱশিষ্ট মৌলবোৰক সঠিক স্থান দিৱ পৰা নাছিল।

সেয়ে ট্ৰায়াড হিচাপে বিভাজনৰ এই পদ্ধতিটো ব্য়াৱহাৰৰ উপযোগী নাছিল।

Page No- 81

1)   মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্য়াৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা।
K, C, Al, Si, Ba
উত্তৰ-
 K2O, CO2, Al2O3, SiO2, CaO   

2)   গেলিয়ামৰ ওপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিস্কৃত হোৱাৰ পূৰ্বেই মেণ্ডলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল?(যিকোনো দুটা)
উত্তৰ- স্কেনডিয়াম আৰু জাৰ্মেনিয়াম এই দুটা মৌলৰ বাবে তালিকাত ঠাই ৰাখি থৈ গৈছিল।

3)   মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি আছিল?
উত্তৰ- মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ হ´ল-

i)     মৌলৰ পাৰমাণৱিক ভৰৰ সৈতে সিহঁতৰ ভৌতিক আৰু ৰাষায়নিক ধৰ্মৰ পৰীক্ষাকৰণ।

ii)   মৌলবোৰে গঠন কৰা অক্সাইড আৰু হাইড্ৰাইড যৌগবোৰৰ ওপৰত গুৰুত্ব প্ৰদান।

iii)  মৌলবোৰক পাৰমাণৱিক ভৰৰ উদ্ধক্ৰমত তালিকাত শ্ৰেণীবদ্ধ কৰা।

4)   সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে?
উত্তৰ- কাৰণ ইহঁতে কোনো ৰাষায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে। ইহঁত নিষ্ক্ৰীয় প্ৰকৃতিৰ আৰু ইহঁতৰ ধৰ্ম অদ্বিতীয়। সেয়ে সম্ভ্ৰান্ত গেছবোৰক সুকীয়া বৰ্গত স্থান দিয়া হৈছে।

Page No- 90

1)   আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসহোৱাবোৰ কিদৰে দূৰ কৰিছিল?(2020)
উত্তৰ-

i)     মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাই হাইড্ৰজেনৰ স্থান নিশ্চিত কৰিব পৰা নাছিল। কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাত হাইড্ৰজেনক বৰ্গৰ প্ৰথম পৰ্যায়ত স্থান দিছিল।

ii)   যিহেতু মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন পাৰমাণবিক ভৰৰ আধাৰত নিৰ্মিত সেয়ে সমস্থানিকবোৰৰ বিষয়ে ধাৰণা দিব পৰা নাছিল। কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাখন পাৰমাণৱিক সংখ্যাৰ আধাৰত নিৰ্মিত হোৱাৰ বাবে সমস্থানিকসমুহ একেটা স্থানতে স্থান পাইছিল।

iii)  মেণ্ডেলিভে মৌলবোৰক পাৰমানৱিক ভৰৰ উদ্ধক্ৰমত সজাইছিল যদিও, বেছি পাৰমাণৱিক ভৰৰ মৌল একোটাক তাতকৈ সামান্য় কম পাৰমাণৱিক সংখ্যাৰ আধাৰত সজোৱাৰ বাবে এইবোৰ আসোৱাহ সহজে আঁতৰ হৈছিল।

2)   মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভৱা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাচনিৰ ভিত্তি কি?
উত্তৰ-মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুওৱা দুটা মৌল হ´ল- কেছিয়াম, ইষ্টনিয়াম কাৰণ কেছিয়াম, ইষ্টনিয়াম আৰু মেগনেছিয়াম এই তিনিটাৰ যোজক ইলেকট্ৰনৰ সংখ্য়া 2। যোজক ইলেকট্ৰনৰ সংখ্য়া একে বাবে ইহঁতৰ যোজ্যতাও একে হব আৰু একে ধৰণৰ ৰাসায়নিক ধৰ্ম প্ৰদৰ্শন কৰিব।

3)   নাম লিখা

    a)   বাহিৰতম কক্ষত এটাকৈ ইলেকট্ৰন থকা তিনিটা মৌলৰ।
উত্তৰ- লিথিয়াম (
Li), ছডিয়াম(Na) আৰু পটেছিায়াম(K)।

    b)   বাহিৰতম কক্ষত দুটাকৈ ইলেকট্ৰন থকা দুটা মৌলৰ।
উত্তৰ- বেৰেলিয়াম (
Be) আৰু মেগনেছিয়াম (Mg)।

    c)    পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌলৰ।
উত্তৰ- হিলিয়াম (
He), নিয়ন (Ne) আৰু আৰ্গন (Ar)।

4)   উত্তৰ দিয়া

    a)   লিথিয়াম, ছডিয়াম, পটেছিয়াম- এই আটাইকেইটা ধাতু। ইহঁতে পানীৰে সৈতে বিক্ৰিয়া কৰি হাইড্ৰ´জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য় আছেনে?
উত্তৰ- লিথিয়াম, ছডিয়াম, পটেছিয়াম- এই মৌলকেইটাৰ পৰমাণুৰ সাদৃশ্য় আছে। সাদৃশ্য়টো হ´ল- ইহঁতৰ প্ৰত্য়েকৰে বহিঃতম কক্ষত এটাকৈ ইলেকট্ৰন থাকে।

    b)   হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু নিয়নো এটা প্ৰায় নিষ্ক্ৰিয় গেছ। ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায়?
উত্তৰ- হিলিয়াম আৰু নিয়ন দুয়োটা নিষ্ক্ৰিয় গেছ সিহঁতৰ পৰমাণুবোৰৰ যোজক কক্ষৰ অষ্টকটো পূৰ্ণ হৈ থাকে অৰ্থা
 দুয়োটা মৌলৰ যোজ্য়তা শূণ্য়।

5)   আধুনিক পৰ্যাবৃত্ত তালিকাৰ প্ৰথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?
উত্তৰ- লিথিয়াম (
Li) আৰু বেৰেলিয়াম (Be) এই দুটা মৌল ধাতু।

6)   পৰ্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ´ব বুলি অনুমান কৰিবা?
Ga, Ge, As, Se, Be
উত্তৰ- মৌলকেইটাৰ ভিতৰত পৰ্যাবৃত্ত তালিকাত পৰ্যায় এটাত একেবাৰে বাওঁফালে থকা মৌলটো হ´ল Be । গতিকে Be আটাইতকৈ বেছি ধাতৱধৰ্মী।

Page No- 91

অনুশীলনী

1)   পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমুহৰ কোনটো উক্তি শুদ্ধ নহয়?

    a)   মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে।

    b)   যোজক ইলেকট্ৰনৰ সংখ্য়া বাঢ়ে।

    c)    পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হৰুৱায়।

    d)   অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।

উত্তৰ- পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হৰুৱায়।




    


    a)   পৰ্যাবৃত্ত তালিকাত ব´ৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?
উত্তৰ- পৰ্যাবৃত্ত তালিকাত ব´ৰণৰ সৈতে একেটা স্তম্ভত থকা মৌলবোৰৰ প্ৰতিটোৰে যোজক কক্ষত তিনিটাকৈ ইলেকট্ৰন আছে। প্ৰতিটো মৌলৰে যোজ্য়তা 3 আৰু প্ৰতিটো মৌলই একে ধৰণৰ ৰাষায়নিক বিক্ৰিয়া দেখুৱায়।

    b)   পৰ্যাবৃত্ত তালিকাত ফ্লোৰিণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?

5)   এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্য়াস হ´ল 2.8.7

a)   মৌলটোৰ পাৰমাণবিক সংখ্য়া কি?

b)   তলৰ মৌলবোৰ কোনটোৰে সৈতে ইয়াৰ ৰাষায়নিক সাদৃশ্য় থাকিব? (বান্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্য়াবোৰ দিয়া হৈছে)
উত্তৰ-
ৰ ইলেকট্ৰনীয় বিন্য়াস=2.5
ৰ ইলেকট্ৰনীয় বিন্য়াস=2.7
P ৰ ইলেকট্ৰনীয় বিন্য়াস=2.8.5
Ar ৰ ইলেকট্ৰনীয় বিন্য়াস=2.8.8
যিহেতু F ৰ যোজক কক্ষৰ ইলেকট্ৰনৰ সংখ্য়া প্ৰদত্ত পৰমাণুটোৰ সৈতে একে, সেয়ে ইহঁত একেটা বৰ্গৰ মৌল আৰু ইহঁত দুটাৰ মাজত ৰাষায়নিক সাদৃশ্য় থাকিব।

6)   পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল A,B আৰু C ৰ স্থান সমুহ তলত দেখুওৱা হৈছে।
-------                                -------
-------                                A
-------                                -------
B                                         C

    a)   মৌল A ধাতু নে অধাতু?

    b)   C মৌলটো A তকৈ বেছি সক্ৰিয় নে কম সক্ৰিয়?

    c)    C মৌলটো আকাৰত B তকৈ ডাঙৰ নে সৰু?

    d)   মৌল A য়ে কেনেধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?

7)   নাইট্ৰ´জেনৰ (পাৰমানৱিক সংখ্য়া 7) আৰু ফছফ´ৰাছৰ (পাৰমানৱিক সংখ্য়া 15) পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15ত থাকে। এই মৌল দুটাৰ ইলেকট্ৰনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্য়ুৎ ঋণাত্মক হ´ব আৰু কিয়?
 N ৰ ইলেকট্ৰনীয় বিন্য়াস=2.5
              ফছফৰাছৰ পাৰমাণৱিক সংখ্যা=15
  P ৰ ইলেকট্ৰনীয় বিন্যাস = 2.8.5

বৰ্গ এটাত মৌলবোৰৰ বিদ্য়ুৎ ঋণাত্মক গুণ ওপৰৰ পৰা তললৈ ক্ৰমে কমি আহে। গতিকে N ৰ বিদ্য়ু ঋণাত্মক গুণ P তকৈ বেছি।

8)   পৰমাণু এটাৰ ইলেকট্ৰনীয় বিন্য়াস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে ?

9)   আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়াম ( পাৰমাণৱিক সংখ্য়া 20) 12,19,21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে। এই কেইটা কাৰ কাৰ ভৌতিক আৰু ৰাষায়নিক ধৰ্মসমুহ কেলছিয়ামৰ সৈতে মিলে?
কেলছিয়ামৰ ইলেকট্ৰনীয় বিন্য়াস=2.8.8.2 ।
12 পাৰমাণৱিক সংখ্য়াৰ মৌলৰ ইলেকট্ৰনীয় বিন্য়াস=2.8.2
19 পাৰমাণৱিক সংখ্য়াৰ মৌলৰ ইলেকট্ৰনীয় বিন্য়াস=2.8.8.1
21 পাৰমাণৱিক সংখ্য়াৰ মৌলৰ ইলেকট্ৰনীয় বিন্য়াস=2.8.8.3
38 পাৰমাণৱিক সংখ্য়াৰ মৌলৰ ইলেকট্ৰনীয় বিন্য়াস=2.8.8.18.2
     যিহেতু 12 আৰু 38 পাৰমাণৱিক সংখ্য়াৰ মৌলৰ যোজক কক্ষত কেলছিয়ামৰ দৰে দুটাকৈ ইলেকট্ৰন থাকে অৰ্থাৎ এই মৌল দুটা কেলছিয়ামৰ সৈতে একেটা বৰ্গত থাকিব সেয়ে এই মৌল দুটাৰ ভৌতিক আৰু ৰাষায়নিক ধৰ্মসমুহ কেলছিয়ামৰ সৈতে মিলিব।

10)        মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজনৰ তুলনা কৰা।

মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা

আধুনিক পৰ্যাবৃত্ত তালিকা

1) ইয়াত ৮ টা বৰ্গ আৰু 6 টা পৰ্যায় আছে।

1) ইয়াত ১৮ টা বৰ্গ আৰু ৯ টা পৰ্যায় আছে।

2) মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি সজোৱা হৈছে।

2) মৌলবোৰক সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি সজোৱা হৈছে।

3) ইয়াত হাইড্ৰ´জেনক নিশ্চিতভাৱে কোনো স্থান দিব পৰা নাছিল।

3) ইয়াত হাইড্ৰ´জেনক নিশ্চিতভাৱে প্ৰথম পৰ্যায়ৰ প্ৰথম বৰ্গত স্থান দিছে।

4) ইয়াত কোনো সম্ভ্ৰান্ত গেছ নাই।

4) ইয়াত সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে।




সূচীপত্ৰ