Page No- 95

1)  মানুহকে ধৰি অন্য়ান্য় বহুকোষীয় জীৱৰ বাবে অলাগতীয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয়?
উত্তৰ- বহুকোষী জীৱৰ ক্ষেত্ৰত সকলোবোৰ কোষ প্ৰত্য়েক্ষভাৱে চাৰিওপাশৰ পৰিবেশৰ সৈতে সান্নিধ্য়ত নাথাকে সেয়েহে সিহঁতে নিজৰ চাৰিওপাশৰ পৰা সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে পৰ্যাপ্ত অক্সিজেন আহৰণ কৰি লব নোৱাৰে।

2)  আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম?
উত্তৰ- কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিবলৈ নিৰীক্ষণৰ প্ৰয়োজন থকা ভিত্তিসমুহ হ´ল-

i)    ই শ্বাস-প্ৰশ্বাসলৈ আছেনে?

ii)   ই কোনো ধৰণৰ বৃদ্ধি প্ৰদৰ্শন কৰিছেনে?

iii) ই খালী চকুৰে দৃষ্টি গোচৰ নোহোৱা শাৰীৰিক চলাচল প্ৰদৰ্শন কৰিছেনে?

iv) ই পৰিপুষ্টি, শ্বসন, পৰিবহন, ৰেচন আদি প্ৰক্ৰিয়াসমুহ প্ৰদৰ্শন কৰিছেনে?

3)  জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰা আহৰণ কৰি লয়?
উত্তৰ- জীৱই বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰা কেঁচাসামগ্ৰী বিলাক হৈছে- খাদ্য়, পানী, অক্সিজেন আৰু খনিজ লৱন।

4)  জীৱৰ জীৱন ৱৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য় কৰা?
উত্তৰ- জীৱৰ জীৱন ৱৰ্তি থাকিবলৈ প্ৰয়োজনীয় প্ৰক্ৰিয়াসমুহ হ´ল- পৰিপুষ্টি, শ্বসন, পৰিবহণ আৰু ৰেচন।

 

Page No- 101

1)  স্বপোষীত পুষ্টি আৰু পৰপোষীত পুষ্টিৰ মাজত পাৰ্থক্য কি কি?
উত্তৰ- স্বপোষীত পুষ্টি আৰু পৰপোষীত পুষ্টিৰ মাজত পাৰ্থক্যবোৰ হ´ল-

স্বপোষীত পুষ্টি

পৰপোষীত পুষ্টি

1)জীৱসমুহে সালোক সংশ্লেষণৰ দ্বাৰা নিজৰ খাদ্য় নিজে প্ৰস্তুত কৰি লয়।

1)জীৱসমুহে প্ৰত্য়েক্ষ বা পৰোক্ষভাৱে স্বপোষী জীৱসমুহৰ ওপৰত নিৰ্ভৰশীল।

2) পত্ৰহৰিৎ নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থৰ উপস্থিতি অপৰিহাৰ্য।

2) এনে কোনো ৰঞ্জক পদাৰ্থ নাই।

3) খাদ্যৰ উস হৈছে কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ দৰে সৰল অজৈৱিক পদাৰ্থসমুহ।

3) খাদ্যৰ উস হৈছে জটিল জৈৱ খাদ্য় পদাৰ্থসমুহ।

4) এই ধৰণৰ পুষ্টি সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়াৰ ক্ষেত্ৰত দেখা যায়।

4) এই ধৰণৰ পুষ্টি মানুহ, অন্যান্য প্ৰাণী আৰু ভেঁকুৰ আদিৰ ক্ষেত্ৰত দেখা যায়।

2)  সালোক সংশ্লেষণত অপ্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক´ত ক´ত পায়?
উত্তৰ- সালোক সংশ্লেষণৰ বাবে প্ৰয়োজন হোৱা কেঁচা সামগ্ৰীসমুহ হ´ল-

i)    কাৰ্বন-ডাই-অক্সাইড=বায়ুমণ্ডলৰ পৰা উদ্ভিদে পত্ৰৰন্ধ্ৰৰ মাজেৰে কাৰ্বন-ডাই-অক্সাইড আহৰণ কৰে।

ii)   পানী= উদ্ভিদে শিপাৰ দ্বাৰা মাটিৰ পৰা আহৰণ কৰে।

iii) সূৰ্য্যৰ পোহৰ= সূৰ্য্যৰ পৰা আহৰণ কৰে।

3)  আমাৰ পাকস্থলিত এছিডৰ ভূমিকা কি?
উত্তৰ- আমাৰ পাকস্থলিত এছিডৰ ভূমিকা হ´ল-

i)    ৎসেচকৰ ক্ৰিয়াৰ বাবে আম্লিক মাধ্য়মৰ সৃষ্টি কৰে।

ii)   খাদ্য়ৰ লগত থকা বেক্টেৰিয়াসমুহ ধ্বংস কৰে।

4)  পাচক উৎসেচকৰ কাম কি?
উত্তৰ- পাচক উ
ৎসেচকবোৰে খাদ্য়ৰ জটিল অণুসমুহ ভাঙি সৰল অণুলৈ ৰূপান্তৰ কৰে।

5)  শোষণ হব পৰাকৈ ক্ষুদ্ৰান্তটো কি ধৰণে নিৰ্মিত?
উত্তৰ- ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলিৰ সদৃশ প্ৰৱৰ্ধ থাকে, সেই প্ৰৱৰ্ধবোৰক ভিলাই বোলে। ভিলাইবোৰ ক্ষুদ্ৰান্তৰ অন্তঃআৱৰণীৰ পাচিত খাদ্য শোষণৰ বাবে পৃষ্টকালি বৃদ্ধি কৰে। ভিলাইসমুহ ৰক্তবাহী জালিকাৰে আবেষ্টিত হৈ থাকে। এই ৰক্তবাহী নলিকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিবহণ কৰে।





 









Page No-105

1)  শ্বাস-প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমুহৰ সুবিধা কি?
উত্তৰ-শ্বাস-প্ৰশ্বাসত অক্সিজেন আহৰণৰ ক্ষেত্ৰত জলচৰ জীৱতকৈ স্থলচৰ জীৱৰ সুবিধাসমুহ হ´ল স্থলচৰ জীৱসমুহ বায়ুমণ্ডলত থকা অক্সিজেন শ্বসনত পোনপোটীয়াকৈ গ্ৰহণ কৰিব পাৰে। কিন্তু জলচৰ প্ৰাণীসমুহে পানীত দ্ৰৱীভূত অক্সিজেনহে ব্য়াৱহাৰ কৰিব পাৰে। তদুপৰি পানীতকৈ বায়ুত থকা অক্সিজেনৰ গাঢ়তা অধিক সেয়েহে স্থলচৰ জীৱসমুহে অক্সিজেন আহৰণ কৰিবলৈ কম পৰিমাণৰ শক্তিৰ প্ৰয়োগ কৰিবলগীয়া হয়।

2)  কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুক´জ জাৰিত হৈ শক্তি উৎপন্ন হয়?
উত্তৰ- গ্লুক´জ জাৰিত হৈ শক্তি উ
ৎপন্ন হ´বলৈ প্ৰথমে 6টা কাৰ্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয়, আৰু এই প্ৰক্ৰিয়াটো কোষপ্ৰৰসত সংঘটিত হয়। তদুপৰি বিয়োজন তিনিধৰণে সংঘটিত হ´ব পাৰে-

i)    অবাত শ্বসন- এই প্ৰক্ৰিয়া অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়, যত তিনিটা কাৰ্বন অনুযুক্ত পাইৰুভেট অণু ভাঙি ইথানল আৰু কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হোৱাৰ লগতে শক্তিৰ উৎপন্ন হয়। এই প্ৰক্ৰিয়াটো ইষ্টৰ কিন্বনৰ সময়ত সংঘটিত হয়।

ii)   সবাত শ্বসন- অক্সিজেনৰ অনুপস্থিতিত সংঘটিত এই প্ৰক্ৰিয়াত তিনিটা কাৰ্বনযুক্ত অণু ভাঙি তিনিটা কাৰ্বন-ডাই-অক্সাইডৰ অণুৰ লগতে পানী আৰু শক্তিৰ উৎপন্ন কৰে।

iii) কম পৰিমাণৰ অক্সিজেনৰ পৰিৱেশত সংঘটিত হোৱা শ্বসন- আমাৰ পেষীকোষসমুহত কম পৰিমাণৰ অক্সিজেনৰ পৰিবেশত পাইৰুভেট অণু ভাঙি তিনিটা কাৰ্বন অণুযুক্ত লেকটিক এছিড আৰু শক্তি উৎপন্ন কৰে।

3)  মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড কেনেকৈ পৰিবহণ হয়?
উত্তৰ- অক্সিজেনৰ পৰিবহণ- মানুহৰ তেজত লোহিত ৰক্তকণিকাত থকা হিম´গ্লবিনে হাওফাওৰ পৰা অক্সিজেন কঢ়িয়ায় কিয়োনো অক্সিজেনৰ প্ৰতি হিম´গ্লবিনৰ আসক্তি বেছি।

      কাৰ্বন-ডাই-অক্সাইডৰ পৰিবহণ- কাৰ্বন-ডাই-অক্সাইড অক্সিজেনতকৈ পানীত বেছিকৈ দ্ৰবীভূত হয়। সেয়েহে ই দ্ৰৱীভূত অৱস্থাত তেজত পৰিবাহীত হয়।

4)    প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?
উত্তৰ-গেছ বিনিময়ৰ বাবে মানুহৰ এযোৰ হাওঁফাওঁ থাকে। প্ৰতিটো হাওঁফাওঁ ক্লোমনলীত বিভক্ত হয়। এইবোৰ আকৌ ক্লোমনলীকাত বিভক্ত হয়।ক্লোমনলীকাসমুহৰ কোষত সৰু সৰু বেলুন সদৃশ বায়ুকোষ থাকে। এই বায়ুকোষসমুহত অসংখ্য় ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে যত গেছৰ বিনিময় ঘটে। উশাহ লোৱাৰ সময়ত হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰবেশ কৰোঁতে  গেছসমুহৰ বিনিময়ৰ বাবে সৰ্বাধিক  ঠাই যোগান ধৰিবলৈ বায়ুমোনাখন বিস্তাৰিত হৈ পৰে।

Page No-110

1)  মানুহৰ পৰিবহণ তন্ত্ৰৰ মূখ্য় ভাগ কেইটা কি কি?
উত্তৰ- মানুহৰ পৰিবহণ তন্ত্ৰৰ মূখ্য় ভাগ দুটা হ´ল-

i)    ৰক্ত পৰিবহণ তন্ত্ৰ,

ii)   লসিকা পৰিবহণ তন্ত্ৰ ।

কাৰ্যসমুহ হ´ল-

i)    ৰক্ত পৰিবহণ তন্ত্ৰ- তেজৰ প্লাজমাই দ্ৰৱীভূত খাদ্যবস্তু কাৰ্বন-ডাই-অক্সাইড আৰু নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থবোৰ পৰিবহণ কৰে। তেজত থকা লোহিত ৰক্ত কণিকাই অক্সিজেনৰ পৰিবহণ কৰে। তেজে লৱণৰ দৰে অন্য বহুতো পদাৰ্থ পৰিবহণ কৰে।

ii)   লসিকা পৰিবহণ তন্ত্ৰ- লসিকাই পাচিত আৰু শোষিত চৰ্বীসমুহ অন্ত্ৰৰ পৰা হস্তান্তৰ কৰে অতিৰিক্ত তৰল পদাৰ্থভাগ বহিঃকোষীয় স্থানৰ পৰা তেজলৈ উভতাই আনে।

2)  পক্ষী আৰু স্তন্য়পায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন?
উত্তৰ- পক্ষী আৰু স্তন্যপায়ী প্ৰাণীবোৰ উষ্ণৰক্তী, সেয়ে এইবোৰৰ অধিক শক্তিৰ প্ৰয়োজন। ইহঁতৰ দেহৰ উষ্ণতা পৰিবেশৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। সেয়ে ইহঁতৰ শক্তিৰ প্ৰয়োজন পূৰাৱলৈ প্ৰচুৰ পৰিমাণে অক্সিজেনৰ আৱশ্য়ক। সেইবাবে এই জীৱসমুহৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰখাৰ প্ৰয়োজন।

3)  উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমুহ কি কি?
উত্তৰ- উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমুহ হ´ল-

i)    জাইলেম আৰু

ii)   ফ্ল´ৱেম ।

কাৰ্যসমুহ-

        জাইলেম- ই পানী আৰু খনিজ লৱণ মাটিৰ পৰা আন আন অংশলৈ পৰিবহণ কৰে।

        ফ্ল´ৱেম- ই সালোক সংশ্লেষণ প্ৰক্ৰিয়াত পাতত উৎপাদিত দ্ৰৱ্যবিলাক পাতৰ পৰা উদ্ভিদৰ আন ঠাইলৈ সৰবৰাহ কৰে।

4)  উদ্ভিদৰ দেহত পানী আৰু খনিজ-লৱণ কেনেদৰে পৰিবহণ হয়?
উত্তৰ- সংবহন কলা ফ্ল´ৱেমৰ যোগেদি পাতৰ পৰা উদ্ভিদ দেহৰ বিভিন্ন অংশলৈ খাদ্যৰ সংক্ৰমণ ঘটে। এই কাৰ্য চালনী নলীকা আৰু সংগীকোষৰ দ্বাৰা সমাধা হয়। খাদ্য়সমুহৰ এই ধৰণৰ পৰিবহণ উৰ্দ্ধমূখী আৰু নিম্নমূখী দুয়োটা দিশতে হয়। এই প্ৰক্ৰিয়াটোত প্ৰয়োজন হোৱা শক্তিৰ যোগান ধৰে 
ATP য়ে। ইয়াৰ দ্বাৰা ফ্ল´ৱেমৰ আসৃতি চাপৰ বৃদ্ধি ঘটে ফলত পানী তাৰ ভিতৰলৈ গতি কৰে। এই চাপৰ সহায়তে পদাৰ্থবিলাকে কম চাপযুক্ত ফ্ল´ৱেম কলালৈ গতি কৰে। ইয়াৰ ফলত উদ্ভিদ দেহৰ আৱশ্য়কীয় অঞ্চললৈ ফ্ল´ৱেম কলাই খাদ্যই সংক্ৰমণ ঘটায়।

Page No-112

1)

সংগ্ৰাহক নলীকা





নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।





































উত্তৰ-
নেফ্ৰনৰ গঠন- নেফ্ৰন এটা কাপ সদৃশ ব´মেনৰ সম্পুটেৰে আৰম্ভ হৈ বৃক্কীয় নলীকাত বিস্তাৰিত হৈছে। বৃক্কীয় নলীডাল অতিশয় কুণ্ডলীকৃত অংশ ‘U’ 
আকৃতিৰ হেলনীৰ লুপ আৰু সংগ্ৰাহক নলীকাৰে গঠিত দীঘলীয়া নলীকা যি মূত্ৰনলীত সোমাইছেগৈ।

নেফ্ৰনৰ কাৰ্য- ব´মেনৰ সম্পুটসমুহে গ্ল´মেৰুলাছৰ পৰা পৰিশ্ৰাৱণ হোৱা মূত্ৰ লাভ কৰে। এইদৰে কুণ্ডলীকৃত নলীকাৰ মাজেৰে মূত্ৰ প্ৰবাহিত হওঁতে পানী, গ্লুক´জ, এমিন´ এছিড আৰু লৱণৰ দৰে অত্য়াৱশ্য়কীয় পদাৰ্থসমুহ পুনৰ শোষিত হয়। তাৰ পিছত সকলো সংগ্ৰাহক নলীকাবোৰ লগ হৈ গঠন কৰা এডাল শকত সংগ্ৰাহক নলীত মূত্ৰবোৰ প্ৰৱেশ কৰে যিয়ে মূত্ৰখিনি ক্ৰমাত মূত্ৰনলী আৰু মূত্ৰস্থলী লৈ কঢ়িয়াই নিয়ে।

2)  উদ্ভিদে কি কি উপায়েৰে বৰ্জিত পদাৰ্থসমুহ ত্যাগ কৰে?
উত্তৰ- উদ্ভিদে বৰ্জিত পদাৰ্থসমুহ ত্য়াগ কৰিবলৈ বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰে, যেনে- 

    a)   বাষ্পমোচন- উদ্ভিদে বাষ্পমোচনৰ মাধ্য়মেৰে পত্ৰৰন্ধ্ৰৰে শিপাৰ পৰা শোষণ কৰি লোৱা অতিৰিক্ত পানীভাগ এৰি দিয়ে।

    b)  ব্যাপন- ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা পত্ৰৰন্ধ্ৰৰে সালোক সংশ্লেষণৰ পৰা পোৱা অক্সিজেন আৰু শ্বসনৰ পৰা পোৱা কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে।

    c)   কোষৰ ৰসধানীসমুহ- কোষৰ ৰসধানীসমুহৰ ভিতৰত বহুতো বৰ্জিত পদাৰ্থ সঞ্চিত কৰি ৰাখে বা ৰেজিন আৰু অঠা হিচাপও বিশেষকৈ পূৰঠ জাইলেম কলাত সঞ্চিত কৰি ৰাখে।

    d)  মাটিত বৰ্জিত পদাৰ্থ ত্যাগ- উদ্ভিদে সিহঁতৰ চাৰিওপাশে থকা শিপাৰে কিছুমান বৰ্জিত পদাৰ্থ এৰি দিয়ে।

    e)  অন্যান্য কৌশল- কিছুমান বৰ্জিত পদাৰ্থ বাকলি, পাত আদিতো সঞ্চিত কৰি ৰাখে যিবোৰ অকামিলা হলে সৰি পৰে।

3)  কেনেকৈ মূত্ৰ উৎপাদনৰ পৰিমাণ নিয়ন্ত্ৰন কৰিব পাৰি?
উত্তৰ- মূত্ৰ উ
ৎপাদনৰ পৰিমাণ নিয়ন্ত্ৰণত বৃক্কই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মূত্ৰ উৎপাদনৰ পৰিমাণ নিৰ্ভৰ কৰে-

    a)   শোষিত পানী- পৰিশ্ৰুত পদাৰ্থসমুহৰ পৰা পানী পুনৰ শোষণ কৰিবলৈ বৃক্কৰ এক বিশেষ ব্যাৱস্থা আছে। যেতিয়া দেহত অত্য়াধিক পানী থাকে, তৰল মূত্ৰৰ বৃহৎ পৰিমাণ বাহিৰলৈ নিৰ্গত হয়।

    b)  দ্ৰৱীভূত বৰ্জিত পদাৰ্থৰ পৰিমাণ- যেতিয়া ইউৰিয়া, ইউৰিক এছিড আদিৰ দৰে নাইট্ৰজেন জাতীয় দ্ৰৱীভূত বৰ্জিত পদাৰ্থৰ পৰিমাণ দেহত অধিক থাকে তেতিয়া পানী এৰি দিয়াৰ প্ৰয়োজন অধিক হয়। সেয়েহে অপসাৰিত মূত্ৰৰ পৰিমাণ বৃদ্ধি হয়।


Page No-113

অনুশীলনী

1)  মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ-


    a)   পৰিপুষ্টি

    b)  শ্বসন

    c)   ৰেচন

    d)  পৰিবহণ


    উত্তৰ- ৰেচন ।

2)  উদ্ভিদ দেহত জাইলেমৰ কাম হ´ল-


    a)   পানীৰ পৰিবহণ

    b)  খাদ্য়ৰ পৰিবহণ

    c)   এমিন´ এছিডৰ পৰিবহণ

    d)  অক্সিজেনৰ পৰিবহণ


উত্তৰ- পানীৰ পৰিবহণ ।

3)  স্বপোষীত পৰিপুষ্টি প্ৰয়োজন হয়


    a)   কাৰ্বন-ডাই-অক্সাইড আৰু পানী

    b)  পত্ৰহৰি

    c)   সূৰ্যৰ পোহৰ

    d)  ওপৰৰ আটাইকেইটা


উত্তৰ- ওপৰৰ আটাইকেইটা ।

4)  পাইৰুভেট অণু ভাঙি কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়।


    a)   চাইট´প্লাজমত

    b)  মাইট´কণ্ড্ৰিয়াত

    c)   ক্ল´ৰপ্লাষ্টত

    d)  কোষকেন্দ্ৰত


উত্তৰ- মাইট´কণ্ড্ৰিয়াত 

5)  আমাৰ দেহত কেনেকৈ চৰ্বীসমুহ পাচন হয়?এই প্ৰক্ৰিয়াটো ক´ত সংঘটিত হয়?
উত্তৰ- চৰ্বীসমুহ ক্ষুদ্ৰান্তত বৃহ
 খণ্ডযুক্ত আকাৰত থাকে। যকৃতে নিঃসৰণ কৰা পিত্তৰসত থকা পিত্তলৱণে এইবোৰক সৰু সৰু খণ্ডলৈ ৰূপান্তৰিত কৰাৰ পিছত এইবোৰৰ ওপৰত অগ্নাশয় ৰসত থকা লাইপেজ ক্ৰিয়া কৰে। অৱশেষত ক্ষুদ্ৰান্ত ৰসত থকা উৎসেচকে চৰ্বীসমুহ ফেটি এছিড আৰু গ্লিছাৰল লৈ ৰূপান্তৰ কৰে। চৰ্বীসমুহৰ পাচন প্ৰক্ৰিয়াটো ক্ষুদ্ৰান্তত সংঘটিত হয়।

6)  পাচনত লালটিৰ ভূমিকা কি?
উত্তৰ- লালটিত থকা উ
ৎসেচকবিধৰ নাম হ´ল লালটি এমাইলেজ। ইয়াৰ সহায়ত মুখগহ্বৰত খাদ্য়ৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনীলৈ পৰিৱৰ্তিত হয়।

7)  স্বপোষীত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি?
উত্তৰ- স্বপোষীত পুষ্টিৰ কাৰণে প্ৰয়োজনীয় কাৰকসমুহ হ´ল- সূৰ্যৰ পোহৰ, পত্ৰহৰি
, কাৰ্বন-ডাই-অক্সাইড আৰু পানী। ইয়াৰ উপজাত পদাৰ্থবোৰ হৈছে গ্লুক´জ, অক্সিজেন আৰু পানী।

8)  সবাত শ্বসন আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্যসমুহ কি কি? সবাত আৰু অবাত শ্বসন সম্পাদনা কৰা প্ৰাণীৰ নাম লিখা?
উত্তৰ- সবাত শ্বসন আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্যসমুহ হ´ল-

সবাত শ্বসন

অবাত শ্বসন

1) অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়।

1) অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়।

2)মুক্ত অক্সিজেন সেৱন কৰা জীৱৰ ক্ষেত্ৰত পোৱা যায়।

2) মুক্ত অক্সিজেন সেৱন নকৰা জীৱৰ ক্ষেত্ৰত পোৱা যায়।

3)গ্লুক´জ অণু সম্পুৰ্ণভাৱে জাৰিত হৈ শক্তিৰ লগতে কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ অণুৰ উৎপন্ন হয়।

3)গ্লুক´জ অণু সম্পুৰ্ণভাৱে জাৰিত হৈ শক্তিৰ ওপৰিও ইথাইল এলকহল, কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন হয়।

4) উৎপন্ন হোৱা শক্তিৰ পৰিমাণ বেছি।

4) উৎপন্ন হোৱা শক্তিৰ পৰিমাণ কম।

5) ই মাইট´কণ্ড্ৰিয়াত সংঘটিত হয়।

5) ই কোষপ্ৰৰসত সংঘটিত হয়।

সবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম- মানুহ, গৰু ইত্যাদি।

অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম- ইষ্ট আৰু কিছুমান বেক্টেৰিয়া।

9)  প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ  বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?
উত্তৰ- বায়ুকোষবোৰ হ´ল হাওঁফাওঁত থকা বেলুন সদৃশ কিছুমান সৰু সৰু অংগ। বায়ুকোষীয় বায়ু আৰু তেজৰ মাজত গেছসমুহৰ প্ৰচুৰ বিনিময় সুবিধা কৰিবলৈ বায়ুকোষৰ বেৰসমুহ ৰক্তকেশিকাৰ এক বিস্তৃত জালিকা আছে। প্ৰতিটো হাওঁফাওঁত নিযুত নিযুত বায়ুকোষ থাকে। তদুপৰি যেতিয়া শ্বাস লোৱাৰ সময়ত হাওঁফাওঁত বায়ু প্ৰৱেশ কৰে, গেছসমুহৰ বিনিময়ৰ বাবে অধিক পৃষ্টভাগ যোগান ধৰিবলৈ বা বায়ুমোনাখন বিস্তাৰিত হৈ পৰে।

10)      আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ´লে কি হ´ব?
উত্তৰ- আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ´লে হ´ব পৰা পৰিণিতিসমুহ হ´ল-

    a)   আমাৰ দেহত শক্তিৰ অভাৱে দেখা দিব।

    b)  আমাৰ দেহত প্ৰতিৰোধ ক্ষমতাৰ স্তৰ হ্ৰাস হ´ব অৰ্থা দূৰ্বলতা, বিৱৰ্ণতা, ভাগৰ আদিৰ দৰে লক্ষণসমুহে দেখা দিব।

11)      মানুহৰ দেহত সংঘটিত দ্বৈত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা ইয়াৰ প্ৰয়োজন কি?
উত্তৰ- মানুহৰ দেহত তেজৰ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হওঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পৰিবাহিত হয়। ইয়াকে তেজৰ দ্বৈত পৰিবহণ বোলে। মানুহৰ দেহৰ বিভিন্ন অংশসমুহৰ পৰা অক্সিজেনবিহীন তেজ হৃদযন্ত্ৰৰ সোঁ অলিন্দত প্ৰৱেশ কৰে, য´ৰ পৰা ই সোঁ নিলয়ত প্ৰৱেশ কৰে আৰু তাৰ পিছত সোঁ নিলয়টো সংকুচিত হৈ তেজ হাওঁফাওঁ লৈ যায়। ইয়াত তেজসমুহ অক্সিজেনযুক্ত হয়। এই অক্সিজেনযক্ত তেজসমুহ তাৰ পিছত বাওঁ অলিন্দত আহে আৰু ইয়াৰ সংকোচন হোৱাত বাওঁ নিলয়লৈ প্ৰৱেশ কৰে বাওঁ নিলয়ৰ সংকোচনত ই গতি লাভ কৰি দেহৰ সকলো অংশলৈ পৰিবাহিত হয়। এই সম্পুৰ্ণ চক্ৰটোত তেজসমুহ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰকৈ পৰিবাহিত হয়।
দ্বৈত পৰিবহণৰ প্ৰয়োজন আছে কাৰণ-

i)    অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ সম্পুৰ্ণ পৃথকীকৰণ সুনিশ্চিত কৰে যিটো দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ উদ্দেশ্য়ে নিৰ্দিষ্ট পৰিমাণৰ শক্তি উৎপন্ন কৰাৰ বাবে প্ৰয়োজনীয়।

ii)   দেহৰ কোষসমুহলৈ সঠিক পৰিমাণৰ অক্সিজেনৰ যোগান সুনিশ্চিত কৰা যিয়ে মানুহৰ দেহৰ অক্সিজেনৰ নৈপুন্য় বৃদ্ধি কৰে।

12)      জাইলেম আৰু ফ্ল´ৱেম দ্ৰব্য়ৰ পৰিবহণৰ পাৰ্থক্য়বোৰ কি কি?
উত্তৰ- জাইলেম আৰু ফ্ল´ৱেম দ্ৰব্য়ৰ পৰিবহণৰ পাৰ্থক্য়বোৰ হ´ল-

জাইলেম দ্ৰব্য়ৰ পৰিবহণ

ফ্ল´ৱেম দ্ৰব্য়ৰ পৰিবহণ

1) পানী আৰু খনিজ লৱণ পৰিবহণ কৰে।

1) দ্ৰৱীভূত খাদ্য়দ্ৰব্য, এমিন´ এছিড আদি পৰিবহণ কৰে।

2) উৰ্দ্ধমূখী দিশত পৰিবহণ হয়।

2) উৰ্দ্ধমূখী আৰু নিম্নমূখী দুয়োটা দিশতে পৰিবহণ হয়।

3) শক্তিৰ প্ৰয়োজন নহয়।

3) শক্তিৰ প্ৰয়োজন হয়।

4) নিষ্ক্ৰিয় পৰিবহণ যিহেতু শক্তিৰ প্ৰয়োজন নহয়।

4) সষ্ক্ৰিয় পৰিবহণ হয়।

5) নলীকা আৰু ট্ৰেকাইড নামৰ কলাৰ যোগেদি কাৰ্য সমাধা কৰে।

5) চালনী নলীকা আৰু সংগীকোষসমুহৰ সহায়ত কাৰ্য সমাধা কৰে।

 

13)      হাওঁফাওঁৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলন কৰা ।
উত্তৰ- কাৰ্যৰ ভিত্তিত পাৰ্থক্য়

বায়ুকোষ

নেফ্ৰন

1) এইবোৰে তেজ আৰু উষাহত গ্ৰহণ কৰা বায়ুৰ মাজত কাৰ্বন-ডাই-অক্সাইড আৰু অক্সিজেনৰ বিনিময় সহজসাধ্য় কৰি গেছসমুহৰ ব্য়াপনৰ বাবে পৃষ্টভাগ বৃদ্ধি কৰে।

1) এইবোৰে পৰিশোধিত মূত্ৰ সংগ্ৰহ কৰে, অলাগতিয়াল পদাৰ্থসমুহৰ পুনৰ শোধনৰ বাবে পৃষ্টভাগ বৃদ্ধি কৰে আৰু মূত্ৰথলীলৈ মূত্ৰ কঢ়িয়াই নিয়ে।

2) ব্য়াপনৰ মাধ্য়মেৰে গেছসমুহৰ বিনিময় সংঘটিত হয়।

2) চাপৰ পাৰ্থক্য়ৰ বাবে পদাৰ্থসমুহৰ বিনিময় সংঘটিত হয়।

 

গঠনৰ ভিত্তিত দুয়োৰে পাৰ্থক্য-

বায়ুকোষ

নেফ্ৰন

1) বায়ুকোষসমুহ আকৃতিত বায়ুমোনাৰ দৰে।

1) নেফ্ৰনসমুহ চুঙা আকৃতিৰ।

2) এইবোৰ হাওঁফাওঁত থাকে।

2) এইবোৰ বৃক্কত থাকে।

3) বায়ুকোষৰ বেৰসমুহ ডাঠ।

3) নেফ্ৰনৰ বেৰসমুহ পাতল।

4) এইবোৰৰ বেৰত ৰক্তজালিকা বিস্তৃত হৈ থাকে।

4) নেফ্ৰনৰ কাপসদৃশ শেষাংশৰ লগত ৰক্তজালিকাৰ এক সংযোগ স্থাপন হয়।

 



সূচীপত্ৰ


শ্বাস তন্ত্ৰ

ৰেচন তন্ত্ৰ