বংশগতি আৰু ক্ৰমবিকাশ অধ্য়ায় ৯ দশম শ্ৰেণীৰ বিজ্ঞান পাঠভিত্তিক প্ৰশ্নোত্তৰ || Class 10 science chapter 9 seba board || questions answer solution in assamese

 



1)   বংশগতি আৰু ক্ৰমবিকাশ বুলিলে কি বুজা?

উত্তৰ- যি প্ৰক্ৰিয়াৰ দ্বাৰা পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্টবোৰ অপৰিবৰ্তিতভাবে পৰৱৰ্তী জনুলৈ সঞ্চাৰিত হয় তাক বংশগতি বোলে।
    একে প্ৰজাতিৰ বংশধৰৰ মাজতেই বিশেষকৈ DNA প্ৰতিলিপিকৰণৰ বিশংগতি আৰু যৌন প্ৰজনৰ ফলত কিছুমান পাৰ্থক্য দেখা যায়। উদাহৰণ হিচাপে একে পিতৃ-মাতৃৰ সকলো সন্তান একে ৰূপৰ নহয় কিছুমান পাৰ্থক্য় দেখা যায়। এই পাৰ্থক্য় ধাৰাবাহিকভাবে চলি থাকে। ইয়াকেই ক্ৰমবিকাশ বোলে।

2)   কোষত থকা বংশগতি তথ্য়ৰ উৎস কি?
উত্তৰ- DNA ।

3)   DNA ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ
Deoxyribo Nuclic Acid 

4)   জিন বুলিলে কি বুজা?
উত্তৰ
- ক্ৰম´জমত থকা DNA খণ্ডৰে গঠিত বংশগতিৰ চৰিত্ৰৰ বাহক কাৰকবোৰক জিন বোলে।

 জিনক বংশগতিৰ বাহক বুলি জনা যায়।

5)   জিনৰ দুটা বৈশিষ্ট লিখা?
উত্তৰ
-

i)     জিন জৈৱিক প্ৰক্ৰিয়াৰ একক।

ii)   জিন বংশগতিৰ বাহক।

6)   মেণ্ডেলীয় চৰ্ত কোন চনত প্ৰকাশ পায়?
উত্তৰ
-1866 চনত প্ৰকাশ পায়।

7)   সংকৰণ পৰীক্ষা কি?
উত্তৰ
- একে প্ৰজাতিৰ বিপৰীত ধৰ্মী বৈশিষ্টসম্পন্ন অথচ বিশিষ্ট গুণ থকা দুটা প্ৰজাতিৰ মাজত কৰা সংগম পৰীক্ষাক সংকৰণ পৰীক্ষা বোলে।

Page No:- 143

1) যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যা “A” চাৰিত্ৰিক বৈশিষ্ট্য়ৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্য়াৰ মাজত “B” চাৰিত্ৰিক বৈশিষ্ট্য়ৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য় আগতিয়াকৈ উৎপত্তি হৈছিল?
উত্তৰ- যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা প্ৰজাতি এটাত A চাৰিত্ৰিক বৈশিষ্ট্য়ৰ 10% দেখা যায় আৰু B চাৰিত্ৰিক বৈশিষ্ট্য়ৰ 60% দেখা যায় তেন্তে আমি কব পাৰো যে B চাৰিত্ৰিক বৈশিষ্ট্য়বিধ আগতিয়াকৈ উপত্তি হৈছিল। কিয়োনো-

    a) B চাৰিত্ৰিক বৈশিষ্ট্য়বিধ অধিক হাৰত প্ৰজাতিটোত আছে।

    b) অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশবিস্তাৰ কৰা প্ৰজাতিৰ প্ৰকৰণৰ সম্ভাৱনা অতি কম। গতিকে 10% থকা চাৰিত্ৰিক বৈশিষ্ট্য়টো নিশ্চয়কৈ শেহতীয়াভাৱে বিকষিত।

2)এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্য়তাৰ চৰিত্ৰবিলাক কেনেকৈ বৰ্তাই ৰাখে?
উত্তৰ-প্ৰকৃতিত জীৱবিলাকৰ মাজত সৃষ্টি হোৱা এনে বৈশাদৃশ্য়সমুহৰ ওপৰত ভিত্তি কৰি জীৱবিলাকে বেলেগ বেলেগ ধৰণে সুবিধা লাভ কৰে।

Page No:- 147

1) মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী তাক কেনেকৈ নিৰ্ণয় কৰিছিল?
উত্তৰ- মেণ্ডেলে তাৰ মটৰমাহ পৰীক্ষাত ওখ আৰু চাপৰ গছ লৈছিল। সেই পৰীক্ষাত দেখা গৈছিল যে এটা বিশুদ্ধ মটৰমাহ গছৰ (TT) সৈতে এটা বিশুদ্ধ (tt) চাপৰ মটৰমাহ গছৰ সংকৰণ হ´লে আপত্য়জনু (F2)ত ওখ আৰু চাপৰ দুয়োবিধ মটৰমাহ গছ পাইছিল।
    প্ৰথম আপত্য়জনুত ওখ আৰু চাপৰ চৰিত্ৰৰ বৈশিষ্ট্য থাকিলেহে দ্বিতীয় আপত্য়জনুত ওখ আৰু চাপৰ চৰিত্ৰৰ মটৰমাহৰ গছ দেখা পোৱা যায় ব সম্ভৱ। ইয়াৰ পৰা জনা যায় যে প্ৰথম আপত্য়জনুত ওখ চৰিত্ৰৰ বৈশিষ্ট্য়টো প্ৰভাৱী আৰু চাপৰ চৰিত্ৰৰ বৈশিষ্ট্য়টো অপ্ৰভাৱী।

2) মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাবে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল?
উত্তৰ- মেণ্ডেলৰ দ্বি-সংকৰণ (দুটা বিপৰীতধৰ্মী লক্ষণ) পৰীক্ষাত দেখা যায় যে F1 জনুৰ স্ব-নিষেচনৰ ফলত F2 জনুত এনে কিছুমান লক্ষণে দেখা যায় যিবোৰ তাৰ পিতৃ-মাতৃ (F1) প্ৰকাশ পোৱা নাছিল। আনকি কেতবোৰ নতুন সংমিশ্ৰিত বৈশিষ্ট্য় হে প্ৰকাশ পাইছিল। ইয়ে প্ৰমাণ কৰে যে বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাবে প্ৰবাহিত হয়।

3) “A” গ্ৰুপৰ তেজৰ এজন মানুহে “O” গ্ৰুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছোৱালীৰ তেজৰ গ্ৰুপ হল “O”। এই তথ্য়ৰ পৰা তোমালোকে “A” আৰু “O” তেজৰ গ্ৰুপটোৰ কোনটো প্ৰভাৱী তাক ঠাৱৰ কৰিব পাৰিবানে? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা?
উত্তৰ“A” নে “O” কোনটো প্ৰভাৱী সেই কথা নিৰ্ণয় কৰিবৰ বাবে ওপৰোক্তো তথ্য় যথেষ্ট নহয়। কিয়োনো একে পৰিয়ালৰে আন কোনো সন্তানৰ তেজৰ গ্ৰুপ জীয়েকৰ সৈতে একে নহৱও পাৰে। এই তথ্য় আধৰুৱা; কিয়োনো আমি জীয়েকৰ ভাই-ককায়েক, ককা-ভায়েকৰ তেজৰ গ্ৰুপৰ নমুনা নাজানো। পিতৃ-মাতৃৰ তেজৰ গ্ৰুপ জিনীয়ভাৱে ´OO´AO´বা ´AA´ হব পাৰে।

4) মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়?

উত্তৰ- মানুহৰ ল´ৰা ছোৱালীৰ লিংগ নিৰ্ধাৰণৰ বাবে  প্ৰকৃততে পিতৃৰ ফালৰ পৰা কোনবিধ লিংগ নিৰ্ণায়ক ক্ৰ´ম´জম প্ৰবাহিত হয় তাৰ ওপৰতহে নিৰ্ভৰ কৰি সন্তানৰ লিংগ নিৰ্ণয় কৰা হয়। ছোৱালী সন্তানৰ ক্ষেত্ৰত এডাল “X” ক্ৰ´ম´জম তাইৰ পিতৃৰ ফালৰ পৰা প্ৰবাহিত হয় অৰু আনডাল “X” ক্ৰ´ম´জম তাইৰ মাতৃৰ ফালৰ পৰা প্ৰবাহিত হোৱা দেখা যায়। ল´ৰাৰ ক্ষেত্ৰত এডাল “X” ক্ৰ´ম´জম তাৰ মাতৃৰ ফালৰ পৰা প্ৰবাহিত হয় অৰু আনডাল “Y” ক্ৰ´ম´জম তাৰ পিতৃৰ ফালৰ পৰা প্ৰবাহিত হয় , যাৰ ফলত ল´ৰা সন্তানৰ জন্ম হয়।


 

 

 

 

 


Page No-150

1) কি কি প্ৰকাৰে কোন কোন জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্য়াত ক্ৰমাগতভাবে বাঢ়ি যায়?
উত্তৰ- কোনো এটা জীৱৰ নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট এটা তাৰ জনসংখ্য়াত বা প্ৰজাতিত বাঢ়ি যোৱাৰ বিভিন্ন উপায়সমুহ হ´ল-

          i.    প্ৰকৃতিক নিৰ্বাচন- যেতিয়া এটা প্ৰকাৰণ বা বিশেষ বৈশিষ্ট্যই প্ৰজাতি এটা বাচি থকাত সহায় কৰে।

     ii.  জিনীয় পথচ্য়ুতি- যেতিয়া কোনো এটা জিন এটা বিশেষ প্ৰজাতিত প্ৰকট হয়।

        iii.    অন্য়ান্য় কাৰক- পৰিবেশ সংক্ৰান্তিয় অন্য়ান্য় কাৰক যিয়ে ব্য়াক্তিৰ জীৱন কালত অৰ্জন কৰা চৰিত্ৰ নিৰ্ধাৰণ কৰে।

2) জীৱৰ জীৱনকালত অৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে?
উত্তৰ- কাৰণ জনন কোষত DNAলৈ অৰ্জিত চৰিত্ৰবিলাক সঞ্চাৰিত নহয়।

3) বংশগতি বিজ্ঞানৰ দিশৰ জীৱিত বাঘৰ সংখ্য়া ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাৱা ?
উত্তৰ-

                                 i.    কমসংখ্য়ক জনসংখ্য়া মানে কম সংখ্য়ক প্ৰকৰণ কমসংখ্য়ক প্ৰকৰণ মানে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰজাতিটো বৰ্ত্তি থকাৰ সম্ভাৱনা ও কম।

                                ii.    প্ৰজাতিটো বিলুপ্ত হৈ যোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

                              iii.    প্ৰজাতিটোৰ ক্ৰমবিকাশ নহয়।

Page No-156

1) দুটা প্ৰজাতিৰ মাজত বিৱৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ ব্য়াৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য়ৰ এটা উদাহৰণ দিয়া।
উত্তৰ- উদাহৰণ--- মানুহ আৰু বান্দৰৰ চাৰিত্ৰিক বৈশিষ্ট্য়ৰ অধ্য়ায়ন। সিহঁতৰ মাজত বহুত সাদৃশ্য় প্ৰদৰ্শন কৰে। মানুহ আৰু বান্দৰ পৃথকভাৱে একে পূৰ্বপুৰুষৰ পৰা বিৱৰ্তনৰ মাজেৰে বৰ্তমান অৱস্থা পাইছে। একেদৰে মানুহ আৰু চৰাইৰ কথা যদি বিবেচনা কৰো তেন্তে দেখা যাব যে দুয়োবিধৰে সমসংস্থ। যেনে-  বাহু আৰু ডেউকা আছে যাৰ বিৱৰ্তনৰ দিশৰ পৰা মিল নাথাকিলেও দূৰসম্পৰ্ক আছে।

2) পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা সমসংস্থ অংগ বুলি কব পাৰোনে? কিয় পাৰি ব কিয় নোৱাৰি?
উত্তৰ- বাদুলিৰ ডেউকা দীঘল আঙুলিক সংযোগ ৰখা ছালৰ পৰিৱৰ্তন কিন্তু পখিলাৰ ডেউকা পাখিৰে আবৃত । এই ডেউকাকেইখনৰ গঠন আৰু উপাংগসমুহ দেখোতে বেলেগ বেলেগ কিন্তু দুয়োবিধ ডেউকা একেধৰণৰ কাৰ্য, উৰণৰ ব্য়াৱহাৰ কৰিবলগীয়া হোৱা কাৰণে দেখিৱলৈ একে হয় । কিন্তু দুয়োৰে উৎপত্তি ভিন্ন ভিন্ন এনেধৰণৰ চাৰিত্ৰিক বৈশিষ্ট্য়বোৰক সমসংস্থৰ পৰিৱৰ্তে সমবৃত্তিক চাৰিত্ৰিক বৈশিষ্ট্য় বোলে।

3) জীৱাশ্মসমুহ কি? বিৱৰ্তন সম্পৰ্কে জীৱাশ্মসমুহে আমাক কি কয়?
উত্তৰ- ভূ-পৃষ্ঠৰ গভীৰতাত শিলাস্তৰৰ মাজত কেতিয়াবা জীৱদেহ বা জীৱদেহৰ পোৱা দেহৰ ছাপ বা সাচক জীবাশ্ম বুলি কোৱা হয়। অৰ্থাৎ দেহখিনি সহজে পচি নাযায়, লাভাখিনি কঠিন হৈ যায় আৰু তাত জীৱদেহৰ ছাপ ৰৈ যায়।
    জীৱাশ্মই বিৱৰ্তনৰ সাক্ষ বহন কৰে। জীৱাশ্ম অধ্য়ায়নৰ ফলত বৰ্তমানৰ প্ৰজাতিৰ সৈতে তেনে জীৱাশ্মৰ তুলনা কৰি বিৱৰ্তনৰ কথা জানিব পাৰি। তদুপৰি প্ৰজাতি এটা পূৰ্বপুৰুষৰ সম্ভেদ তথা তাৰ মূল্য়ায়ন জীবাশ্মৰ জৰিয়তে পাব পাৰি।

Page No-158

1) বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অৱয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তৰ্ভূক্ত কিয়?
উত্তৰ- প্ৰজাতি হৈছে এনে এটা জীৱগোষ্টী যি নিজৰ মাজত প্ৰজনন ঘটাই বিৱৰ্তনৰ প্ৰক্ৰিয়া অব্য়াহত ৰাখিব পাৰে। সেইবাবে বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অৱয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তৰ্ভূক্ত।

2) বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পান্জীৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিৱৰ্তনৰ দিশত অতি উচ্চস্তৰৰ? কিয় উচ্চস্তৰৰ?
উত্তৰ- কোনো প্ৰজাতিৰ জীৱদেহৰ গঠন উচ্চস্তৰৰ বুলি তুলনা কৰিব নোৱাৰি। কাৰণ- ইয়াৰ প্ৰতিটোৱে বৰ্তমান জটিল ৰূপ পাবৰ কাৰণে বিৱৰ্তনৰ মাজেদি পাৰ হৈ আহিছে। তদুপৰি জটিল দৈহিক গঠন, কিয়োনো সৰল দৈহিক গঠনৰ বেক্টেৰিয়াই যিকোনো ধৰণৰ পৰিবেশ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই লৱ পাৰে।

অনুশীলনী

1)মেণ্ডেলৰ পৰীক্ষা মতে মটৰমাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হল যদিও আধা সংখ্যক মটৰমাহৰ গছ চাপৰ হ'ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰমাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুতি বৰ্ণনা কৰিব পৰা হব? 

a. TT WW

b. TT ww

c. TtWW

d. TtWw

উত্তৰ- (c) TtWW ।

2) সমসংস্থ অংগৰ এটা উদাহৰণ হল-

a. আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং।

b. আমাৰ দাঁত আৰু হাতীৰ দাঁত।

c. আলু আৰু ঘাঁহৰ শিপা ।

d. ওপৰৰ আটাইকেইটা ।

উত্তৰ- (d) ওপৰৰ আটাইকেইটা ।

3)বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত--

a. এজন চীনা স্কুলীয়া ছাত্ৰ।

b. এটা চিম্পাজী।

c. এটা মকৰা।

d. এটা বেক্টেৰিয়া।

উত্তৰ- (a) এজন চীনা স্কুলীয়া ছাত্ৰ।

4) এটা অধ্য়ায়নৰ পৰা দেখা গ´ল যে পাতল বৰণৰ চকুৰ ল´ৰা-ছোৱালীৰ মাক-দেওতাকৰ চকুৰ বৰণও পাতল ৰঙৰ হয়। ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰৰ সেই বিষয়ে মতামত দিৱ পাৰিমনে?যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয়?
    চকুৰ পাতল ৰঙটো প্ৰভাবী নে অপ্ৰভাৱী, কাৰণ পাতল হলেও প্ৰভাৱী বা অপ্ৰভাৱী চৰিত্ৰৰ ভিতৰত ধৰিব নোৱাৰি। পাতল বৰণৰ চকুৰ ল´ৰা-ছোৱালীৰ  জিনৰ ৰূপ LL  বা Lℓ হব যদি পাতল বৰণৰ চকু এটা প্ৰভাৱী চৰিত্ৰৰ হয় বা পাতল বৰণৰ চকু এটা অপ্ৰভাৱী চৰিত্ৰৰ হয়। পাতল বৰণৰ শিশুৰ জিনৰ প্ৰৰূপ LL হব যদিহে পিতৃ-মাতৃৰ জিনৰ প্ৰৰূপ LL হয়।























একেদৰে পাতল বৰণৰ শিশুৰ জিনৰ প্ৰৰূপ Lℓ বা ℓL হব যদিহে পিতৃ-মাতৃৰ জিনৰ প্ৰৰূপ Lℓ বা ℓL হয় । সেয়ে চকুৰ পাতল বৰণ প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ হিচাপে নিৰ্ণয় কৰিব নোৱাৰি।

5) বিৱৰ্তন আৰু শ্ৰেণীবিভাজন অধ্য়ায়ন কেনেকৈ অধ্য়ায়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে?
উত্তৰ-বিৱৰ্তন হৈছে প্ৰাণীৰ প্ৰাকৃতিক নিৰ্বাচন, পাৰিপাৰ্শ্বিকৰ পৰিৱৰ্তন আদিৰ ফলত বহুকেইটা প্ৰজন্মৰ মাজেদি চাৰিত্ৰিক পৰিৱৰ্তন। আনহাতে, শ্ৰেণীবিভাজন হৈছে জীৱৰ মৌলিক চাৰিত্ৰিক বৈশিষ্ট্য়ৰ ওপৰত ভিত্তি কৰি বিভিন্ন ভাগত ভোগোৱা যিবিলাক জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য় প্ৰায় একে ধৰণৰ তেনেবোৰ জীৱ নিকটভাৱে সম্পৰ্কিত বুলি কোৱা হয়।
    একে বৈশিষ্টপূৰ্ণ এটা প্ৰজাতিৰ পূৰ্বপুৰুষ একে বুলি ঠাৱৰ কৰিৱ পাৰি। এনেদৰে জীৱৰ শ্ৰেণীবিভাজনে বিভিন্ন প্ৰজাতিৰ মাজত থকা বিৱৰ্তনৰ মূল যোগ সূত্ৰ স্থাপন কৰাত সহায় কৰে।

6) উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্য়াখ্যা কৰা।
উত্তৰ- সমসংস্থ অংগ হ’ল এনে অংগ যিবোৰৰ গাঁথনিগত সংগঠন একে কিন্তু কাৰ্য্যকৰী গুণ বেলেগ।  ইহঁতৰ এক উমৈহতীয়া পূৰ্বপুৰুষৰ উৎপত্তি আছে।  এই অংগবোৰ শাৰীৰিকভাৱে একে। উদাহৰণস্বৰূপে চৰাইৰ ডেউকা আৰু মানুহৰ হাত দুয়োটাৰে উৎপত্তিস্থল একে, গঠন একে (হাড়ৰ); কিন্তু  ব্য়াৱহাৰিক দিশ ভিন্ন। এটা উৰণত, আনটোৰ ব্য়াৱহাৰ বস্তু এটা ধৰাত কৰে। সমসংস্থ অংগসমূহ এটা সাধাৰণ পূৰ্বপুৰুষৰ জৰিয়তে বিকশিত হোৱাৰ বাবে বিচ্ছিন্ন বিৱৰ্তনৰ ফল বুলি কব পাৰি।

    বাদুলিৰ ডেউকা দুডাল দীঘল আঙুলিক সংযোগ কৰি ৰখা ছালৰ পৰিৱৰ্তন কিন্তু চৰাইৰ ডেউকা পাখিৰে আৱৰা। এই ডেউকা কেই খনৰ গঠন আৰু উপাংগসমুহ দেখোতে বেলেগ বেলেগ কিন্তু দুয়োবিধ ডেউকা উৰণ কাৰ্যত ব্যাবহৃত হয়। সেয়ে দুয়োবিধ দেখিৱলৈ একে কিন্তু দুয়োৰে উৎপত্তিস্থল ভিন্ন। এনেবোৰ চাৰিত্ৰিক বৈশিষ্টবোৰক সমসংস্থৰ পৰিৱৰ্তে সমবৃত্তিক বুলি কোৱা হয়।

7)কুকুৰৰ ৰঙবিলাকৰ প্ৰভাবী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য় ৰাখি এটা প্ৰকল্প পৰিকল্পনা কৰা।


উত্তৰ- কুকুৰবিলাকৰ প্ৰভাবী চৰিত্ৰ বিচাৰি এটা প্ৰকল্প প্ৰস্তুত কৰা
হ´ল।
                                                                              








সমযুগ্মজাতক কলা মতা কুকুৰ (BB) আৰু সমজুগ্মজাতক বগা মাইকী কুকুৰ (bb) ধৰাহ´ল। দুয়োটা কুকুৰৰ মাজত প্ৰজনন কৰা হ´ল। পোৱালীবোৰ অধ্য়ায়ন কৰা হ´ল। যদিহে সকলো আপত্য়জনু (F1কলা হয়, তেন্তে আমি কব পাৰি, কুকুৰবোৰত বগা ৰঙৰ সাপেক্ষে কলা বৰণ প্ৰভাৱী চৰিত্ৰৰ হয়।গুৰুত্ব

8) বিৱৰ্তন প্ৰক্ৰিয়াত জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্য়াখ্য়া কৰা।

উত্তৰ- 1929 চনত জে.বি.এচ হেলডান নামৰ ব্ৰিটিচ বিজ্ঞানী এগৰাকীয়ে উনুকিয়াই দিছিল যে পৃথিৱীখন সৃষ্টি হোৱাৰ পাছতে তাত বিৰাজ কৰি থকা কিছুমান সৰল অজৈৱ পদাৰ্থৰ পৰাই জীৱৰ আৱিৰ্ভাৱ ঘটিছিল। তেখেত কিছুমান অনুমানৰ ভিত্তিত ব্য়াখ্য়া কৰিছিল যে বৰ্তমান কালৰ পৃথিৱীখনৰ বাতাৱৰণতকৈ ইয়াৰ উৎপত্তিকালত বিৰাজমান হৈ থকা বাতাবৰণৰ মাজত বহুত ক্ষেত্ৰত তাৰতম্য আছিল যাৰ বাবেই জীৱনৰ বাবে প্ৰয়োজনীয় জটিল জৈৱ অনুবিলাকৰ সৃষ্টি হোৱাটো সম্ভৱপৰ হৈছিল। সেই ৰাষায়নিক পদাৰ্থবিলাকৰ মাজতে পুনৰ সংশ্লেষণ ঘটিয়াই পোন প্ৰথমে আদিম জীৱটোৰ আবিৰ্ভাৱ হৈছিল।

9) কি স্বাক্ষৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱৰ উৎপত্তি হৈছে বুলি ভাবিব পাৰি ?

10) অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা?ই বিৱৰ্তনত কেনেদৰে প্ৰভাৱ পেলায়?
উত্তৰ- অযৌন প্ৰজননতকৈ যৌন প্ৰজননত বেছি বিকাশসহ ভিন্নতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বেছি। কিয়োনো এনে প্ৰজননত দুটা জীৱৰ প্ৰয়োজন হয়। যিয়ে আপত্যৰ অৰিহনা যোগায়। এই আপত্যই পিতৃ-মাতৃ দুয়োৰে পৰা চাৰিত্ৰিক বৈশিষ্ট্য লাভ কৰে। আনহতে অযৌন প্ৰজননত মাত্ৰ এটা জীৱহে অংশ গ্ৰহণ কৰে আৰু যি ভিন্নতাৰ সৃষ্টি হয় সেয়া DNA য়ে প্ৰতিলিপিকৰণৰ ত্ৰুটিৰ ফলত হয়। সেয়ে এনে প্ৰকাৰণ ত্ৰিষ্টি থাকিব নোৱাৰিবও পাৰে। যৌন প্ৰজনন পদ্ধতিৰে বংশ বিস্তাৰ কৰা জীৱৰ ক্ষেত্ৰত প্ৰকাৰণে জীৱৰ বিৱৰ্তনত প্ৰভাৱ বিস্তাৰ কৰে। কিয়োনো ই --

a.    পৰিৱৰ্তিত পৰিবেশৰ সৈতে খাপ খাৱ পৰাকৈ জীৱবিধক অভিযোজন কৰাত সহায় কৰে।

b.    প্ৰজাতিবিধক বিলুপ্ত হোৱাৰ পৰা বচাই ৰাখে।

c.     প্ৰজাতিবিধৰ বাচি থকাৰ সম্ভাৱনা থাকে।

11) কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষ সমান জিনীয় অৱদান আপত্য়জনুলৈ হস্তান্তৰ কৰে।
উত্তৰ- যৌন প্ৰজননত আপত্য় জীৱত পিতৃ- মাতৃয়ে জিনীয় গুণ সঞ্চাৰণ কৰাত সমভাৱে অৰিহণা যোগায় জিনবিলাক ক্ৰ´ম´জ´ম হিচাপে সতন্ত্ৰ হিচাপে থাকে। প্ৰতিজনৰ মানৱ দেহতে 23 যোৰাকৈ ক্ৰ´ম´জ´ম থাকে। ইয়াৰে 22 যোৰা ক্ৰ´ম´জ´মে আপত্য়ৰ চাৰিত্ৰিক বৈশিষ্ট্য় নিৰ্ধাৰণ কৰে বাকী থকা 1 যোৰাই আপত্য়ৰ লিংগ নিৰ্ধাৰণ কৰে। প্ৰত্য়েকটো আপত্য়কোষে অৰ্থাৎ পুংজনন কোষ আৰু স্ত্ৰী-জনন কোষৰ 23 ডালকৈ ক্ৰ´ম´জ´ম নিৰ্ধাৰিত হয় আৰু প্ৰজাতিবিধৰ DNA ৰ সুস্থিৰতা নিৰ্ধাৰিত হয়। ইয়ে আপত্য়লৈ চাৰিত্ৰিক বৈশিষ্ট্যৰ  সমান অৱদান সঞ্চাৰণ কৰিব পাৰে।

12) ´কোনো প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিৱৰ বাবে সুবিধা প্ৰদান কৰি তুলে।´ এই উক্তিৰ সৈতে একমতনে? যদি হয় কিয় আৰু যদি নহয় কিয়?
    উত্তৰ- এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিৱৰ বাবে সুবিধা প্ৰদান কৰি তুলে; কিয়োনো ই প্ৰাকৃতিক নিৰ্বাচন। এনে প্ৰকাৰণে প্ৰজাতিটোক পৰিবেশৰ সৈতে খাপ খুৱাই ৰখাত সহায় কৰে। এই প্ৰকাৰণে ক্ৰমান্বয়ে আপত্য় জনুলৈ সঞ্চাৰণ হয়।
    ৰঙা গবৰুৱাৰ পৰা সেউজীয়া গবৰুৱা উদ্ভৱ হোৱাৰ কথা উল্লেখ কৰিব পাৰি। এই ৰংটোৱে চিকাৰী কাউৰীৰ দৃষ্টিগোচৰ নোহোৱাকৈ ৰাখিব পাৰে। অৱশ্য়ে প্ৰকৰণে সকলো সময়তে জীয়াই থকাত সহায় নকৰিবও পাৰে। এনে প্ৰকৰণ আকস্মিকভাৱে বা ভৌগলিকভাৱে  পৃথকীকৰণৰ ফলত সম্পূৰ্ণ হ´ব পাৰে।