বৃক্কীয় পিৰামিডবোৰৰ ফাকে ফাকে কৰ্টেক্সৰ কিছু অংশ মেডুলাৰ গভীৰ অঞ্চললৈ স্তম্ভাকাৰভাৱে সজ্জিত হৈ থাকে। এইবোৰক বৃক্কীয় স্তম্ভ বোলে। পিৰামিডবোৰ মূত্ৰনলীৰ পেলভিছ অংশৰ লঘু চুপহীৰ লগত সংযুক্ত হৈ থাকে। 2 বা 3 লঘু চুপহী লগ লাগি গুৰু চুপহী গঠন কৰে। গুৰু চুপহীবোৰ একলগ হৈ হিলামৰ ওচৰত থকা বৃক্কৰ অন্তৰভাগৰ বহল ফানেল আকৃতিৰ গহবৰ বৃক্কীয় ছাইনাছ বা ৰেনেল ছাইনাছ গঠন কৰে। বৃক্কীয় ছাইনাছৰ পৰা মূত্ৰনলী বা ইউৰেটৰৰ উ ৎপত্তি হয়। বৃক্কীয় ছাইনাছক প্ৰকৃত পক্ষে মূত্ৰনলীৰ স্ফীত উধাংশ বোলে। সেয়েহে ছাইনাছক ৰেনেল ছাইনাছ বোলে।