অনুশীলনী

6) সমগণীয় শ্ৰেণী কাক বোলে ? উদাহৰণ দি বুজাই লিখা ?

উত্তৰ- জৈৱ ৰসায়নত একোটা আনৱিক সংকেতৰ দ্বাৰা প্ৰকাশ কৰিব পৰা একে ৰাষায়নিক ধৰ্ম বিশিষ্ট জৈৱ যৌগবোৰৰ শ্ৰেণীক সমগণীয় শ্ৰেণী বোলে। সমগণীয় শ্ৰেণীৰ যৌগবোৰক সমগণ বোলা হয়। যেনে- এলকেন, এলকিল, এলকাইন বা, যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটোক সমগণীয় শ্ৰেণী বোলে।

7) ভৌতিক আৰু ৰাষায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এছিডৰ পাৰ্থক্য লিখা।

উত্তৰ- ভৌতিক পাৰ্থক্য়-

১) ইথানলৰ গলনাংক 156 K আনহতে ইথানয়িক এছিডৰ গলনাংক 290 K

২) ইথানলৰ উতলাংক 351 K আনহতে ইথানয়িক এছিডৰ উতলাংক 319 K

ৰাষায়নিক পাৰ্থক্য়-

১) ইথানলে ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰজেনৰ কাৰ্বনেটৰ লগত বিক্ৰিয়া নকৰে আনহতে ইথানয়িক এছিডে ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰজেনৰ কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি লৱন, পানী আৰু CO2 গেছ উ পন্ন কৰে।

২) ইথানলে ক্ষাৰকীয় পটাছিয়াম/ KMnO4 ৰ লগত বিক্ৰিয়া কৰে আনহতে ইথানয়িক এছিডে KMnO4 ৰ লগত বিক্ৰিয়া নকৰে।

8) পানীত সাবোন দিলে কিয় ফেন উঠে। বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে ?

উত্তৰ- চাবোনৰ অণুবিলাকত দুটা মেৰু থাকে, এটা জলাকৰ্ষী আনটো জলবিকৰ্ষী মেৰু হাইড্ৰকাৰ্বনত দ্ৰৱণীয় জলপৃষ্টত থকা অৱস্থাত চাবোনৰ জলবিকৰ্ষী পুচ্ছ পানীত দ্ৰৱণীয় নহয় আৰু ধ্ৰুৱীয় মেৰুটো পানীৰ ফালে মূৰ কৰি অৰ্থা পুচ্ছ পানীত পেলাই সজ্জিত হয়। সেই বাবে সাবোন পানীত দিলে পানীত ফেন উঠে।

ইথানলত পানীৰ দৰে ফেন নুঠে কাৰণ চাবোনৰ অণুবোৰ ইথানলত সম্পূৰ্ণৰূপে দ্ৰৱীভূত।

9) প্ৰায় সকলো ক্ষেত্ৰতে কাৰ্বন আৰু ইয়াৰ যৌগ ইন্ধ্ৰন হিচাপে ব্য়াৱহাৰ হয় কি?

উত্তৰ- বেছি সংখ্য়ক কাৰ্বনৰ যৌগই বায়ুত দহন কৰিলে যথেষ্ট তাপ আৰু পোহৰ দিয়ে সংক্ষিপ্ত হাইড্ৰ´কাৰ্বন জ্বলালে পৰিস্কাৰ জুইৰ শিখা পোৱা যায়। যত কোনো অশুদ্ধি নাথাকে, কাৰ্বন যৌগবোৰ ইন্ধ্ৰন হিচাপে ব্যাৱহাৰ কৰা হয়। বিশেষকৈ ইহঁতৰ কেলৰিমান অতি বেছি বাবে আৰু সহজলভ্য় হোৱাৰ বাবে ই ভাল ইন্ধ্ৰন।

10) কঠিন পানীত সাবোন ব্যাৱহাৰ কৰিলে গেদ কিদৰে সৃষ্টি হয় ব্য়াক্ষ্য়া কৰা?

উত্তৰ- কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়াম লৱন থাকে। যেতিয়া কঠিন পানীত সাবোন দিয়া হয় তেতিয়া সাবোনৰ অণুৰ পৰা কেলছিয়াম আৰু মেগনেছিয়ামে ছডিয়াম বা পটেছিয়াম আয়নবোৰক অপসাৰণ কৰি এক দ্ৰৱণীয় দ্ৰৱৰ সৃষ্টি কৰে তাক গেদ বোলে।

11) নীলা আৰু ৰঙা লিটমাচ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা ?

উত্তৰ- যিহেতু চাবোন ক্ষাৰকীয় গুণ বিশিষ্ট গতিকে নীলা লিটমাছ চাবোন পানীত দিলে নীলা হৈয়ে থাকিব আৰু ৰঙা লিটমাছ দিলে নীলালৈ পৰিৱৰ্তন হব।

12) হাইড্ৰজেনেচন মানে কি? ইয়াৰ উদ্যোগিক প্ৰয়োগ লিখা?

উত্তৰ- হাইড্ৰজেনেচন মানে হ´ল হাইড্ৰজেন যুক্তকৰণ। পেলডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ´কাৰ্বন (এলকিন বা এলকাইন)ৰ লগত হাইড্ৰজেন যুক্ত কৰি সংপৃক্ত হাইড্ৰকাৰ্বন উপন্ন কৰা হয়।

উদ্যোগিক প্ৰয়োগ- উদ্ভিদৰ তেলক বনস্পতি ঘিউলৈ পৰিৱৰ্তন কৰিবলৈ হাইড্ৰজেনচন বিক্ৰিয়া ব্য়াৱহাৰ কৰা হয়।

13) তলৰ কোনবিলাক হাইড্ৰ´কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায়-

C2H6, C3H8, C3H6, C2H2 আৰু CH4

উত্তৰ- C2H6, C3H8, CH4

আদি অসংপৃক্ত হাইড্ৰ´কাৰ্বনবোৰে যোগাত্মক বিক্ৰিয়া দেখুৱায় গতিকে C3H6 আৰু C2H2 য়ে যোগাত্মক বিক্ৰিয়া দেখুৱায়।

14) মাখন আৰু খোৱা তেলৰ মাজত পাৰ্থক্য দেখুৱাই এটা পৰীক্ষা বৰ্ণনা কৰা।

উত্তৰ- খোৱা তেল এটা সংপৃক্ত হাইড্ৰ´কাৰ্বন আনহতে মাখন এটা অসংপৃক্ত হাইড্ৰ´কাৰ্বন । অসংপৃক্ত হাইড্ৰ´কাৰ্বনৰ যৌগত ব্ৰ´মিন যোগ কৰিলে ব্ৰ´মিনৰ বৰণৰ মুগা বৰণ অদৃশ্য় হয়। সংপৃক্ত হাইড্ৰ´কাৰ্বন আৰু ব্ৰ´মিনৰ মাজত কোনো ধৰণৰ বিক্ৰিয়া নঘটে। একটোপাল ব্ৰ´মিন খোৱা তেলত যোগ কৰিলে ইয়াৰ ৰং অদৃশ্য় হয়, কিন্তু মাখনত ব্ৰ´মিন যোগ কৰিলে ইয়াৰ ৰং মুগা হৈ থাকে।

15) চাবোনৰ মলি আঁতৰোৱা প্ৰক্ৰিয়াটো ব্যাখ্য়া কৰা।

উত্তৰ- আমি জানো যে বেছিভাগ মলি তেলীয় গুণযুক্ত। চাবোনৰ অণুবোৰ হৈছে দীৰ্ঘ শৃংখলযুক্ত কাৰ্বক্সিল এছিডৰ ছডিয়াম বা পটেছিয়াম লৱণ। চাবোনৰ আয়নীয় মেৰু পানীত দ্ৰৱণীয়, আনহতে কাৰ্বন শৃংখল তেলত দ্ৰৱণীয়। এনেদৰে চাবোনৰ অণুবোৰে পানীত যি সমুচ্ছায় সৃষ্টি কৰে তাক মাইছেল বা কণাপুঞ্জ বোলে। ইয়াত অণুবোৰৰ অনাধ্ৰুৱীয় মেৰুটো তেলৰ টোপালৰ ফালে আৰু ধ্ৰুৱীয় মেৰুটো বাহিৰৰ ফালে থাকে। ইয়ে পানীত অৱদ্ৰৱ বা ইমালচন সৃষ্টি কৰে। চাবোনৰ ফেনে এই ধৰণে কাপোৰৰ মলি আঁতৰোৱা হয় পানীত দ্ৰৱীভূত হয়।

অতিৰিক্ত

1) হাইড্ৰ´কাৰ্বনবোৰ কি ? এইবোৰক কিদৰে শ্ৰেণীবিভাজন কৰা হয়?

উত্তৰ- কাৰ্বন আৰু হাইড্ৰজেন থকা যৌগ এটাক হাইড্ৰ´কাৰ্বন বুলি কোৱা হয়। কাৰ্বন-কাৰ্বন বান্ধনিৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি এইবোৰক শ্ৰেণী বিভাগ কৰা হৈছে।

সংক্ষিপ্ত হাইড্ৰ´কাৰ্বন

অসংক্ষিপ্ত হাইড্ৰ´কাৰ্বন

2) সংক্ষিপ্ত আৰু অসংক্ষিপ্ত হাইড্ৰ´কাৰ্বন কাক বোলে ?

উত্তৰ- যিবোৰ হাইড্ৰ´কাৰ্বন কাৰ্বন আৰু পৰমাণুবোৰে পৰস্পৰ এক বান্ধনিৰ দ্বাৰা যোজিত হৈ থাকে তাকে সংক্ষিপ্ত হাইড্ৰ´কাৰ্বন বোলে। যেনে- মিথেন, ইথেন, প্ৰ´পেন ইত্যাদি।

যিবোৰ হাইড্ৰ´কাৰ্বনত ওচৰা-ওচৰি দুটা কাৰ্বন পৰমাণুৰ মাজত দ্বি-বান্ধনি বা ত্ৰি-বান্ধনি থাকে তাক অসংক্ষিপ্ত হাইড্ৰ´কাৰ্বন বোলে যেনে- ইথিন, ইথাইন ইত্যাদি।

3) সংক্ষিপ্ত হাইড্ৰ´কাৰ্বনৰ আনটো নাম কি ?

উত্তৰ- এলকেন।

4) এলকিল আৰু এলকাইল কাক বোলে ?

উত্তৰ- যিবোৰ অসংক্ষিপ্ত হাইড্ৰ´কাৰ্বনত এডাল কাৰ্বন-কাৰ্বন দ্বি-বান্ধনি থাকে তাক এলকিল বোলে।

          যিবোৰ অসংক্ষিপ্ত হাইড্ৰ´কাৰ্বনত কাৰ্বন-কাৰ্বন ত্ৰি-বান্ধনি থাকে তাক এলকাইল বোলে।

5) পৃথিৱীৰ খোলাত বায়ুমণ্ডলত কি কি হিচাপে আৰু কিমান শতাংশলৈকে কাৰ্বন আছে ?

উত্তৰ- পৃথিৱীৰ খোলাটোত খনিজ পদাৰ্থ হিচাপে (যেনে-কাৰ্বনেট, হাইড্ৰ´জেন কাৰ্বনেট, কয়লা, পেট্ৰলিয়াম) মাত্ৰ 0.02% কাৰ্বন আছে আৰু বায়ুমণ্ডলত 0.03% কাৰ্বন-ডাই-অক্সাইড আছে।

6) পৰ্যাবৃত্ত তালিকাত কাৰ্বনৰ স্থান ক´ত ?

উত্তৰ- কাৰ্বনৰ পাৰমাণবিক সংখ্য়া 6

কাৰ্বনৰ ইলেকট্ৰনিয় বিন্য়াস 2.4

কাৰ্বন পৰ্যাবৃত্ত তালিকাৰ ২ নং পৰ্যায়ৰ 14নং বৰ্গত আছে।

7) কেনেকৈ সিৰ্দ্ধান্ত কৰিবা যে কাৰ্বন যৌগৰ অণুবোৰৰ বান্ধনি গঠনৰ সময়ত কোনো আয়নৰ সৃষ্টি নকৰে।

উত্তৰ- যিহেতু কাৰ্বন যৌগবোৰ মূখ্য়তঃ বিদ্যুৰ কুপৰিবাহী। গতিকে আমি সিৰ্দ্ধান্ত লব পাৰি যে কাৰ্বন যৌগৰ অণুবোৰ বান্ধনি গঠনৰ সময়ত কোনো আয়নৰ সৃষ্টি নকৰে।

8) মৌলবোৰৰ যোজন ক্ষমতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ- যোজক কক্ষৰ ইলেকট্ৰনৰ সংখ্য়াৰ ওপৰত নিৰ্ভৰ কৰে।

9) কোনো মৌলৰ সক্ৰিয়তা কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ- কোনো মৌলৰ সক্ৰিয়তা সিহঁতৰ বহিঃকক্ষত থকা ইলেকট্ৰনৰ সজ্জা সম্পন্ন কৰাৰ ওপৰত নিৰ্ভৰ কৰে।